ভাল খবৰঃ উত্তৰ-পূর্বাঞ্চলৰ পাঁচটা টাই ভাষাত ডিজিটেল ভইচ ডিক্সনাৰীৰ ৰূপ দিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ উত্তৰ-পূর্বাঞ্চলৰ পাঁচটা টাই ভাষাত ডিজিটেল ভইচ ডিক্সনাৰীৰ ৰূপ দিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে

ভাল খবৰঃ উত্তৰ-পূর্বাঞ্চলৰ পাঁচটা টাই ভাষাত ডিজিটেল ভইচ ডিক্সনাৰীৰ ৰূপ দিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে

Share This

উত্তৰ-পূর্বাঞ্চলৰ পাঁচটা টাই ভাষাত ডিজিটেল ভইচ ডিক্সনাৰীৰ ৰূপ দিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে

ত্তৰ-পূর্বাঞ্চলৰ পাঁচটা টাই ভাষাত ডিজিটেল ভইচ ডিক্সনাৰীৰ ৰূপ দিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে, অসম, অসমীয়া, টাই ভাষা, tai LANGUAGE VOICE DICTIONARY

টাই আহোম, টাই খামতি, টাই ফাকে, টাই খাময়াং আৰু টাই আইটন-এই ৫ টা উত্তৰ-পূর্বাঞ্চলৰ টাই ভাষাক ডিজিটেল ভইচ ডিক্সনাৰীৰ মাধ্যমত বিশ্ব দৰবাৰলৈ নিয়াৰ এক অভিনৱ প্ৰয়াস কৰিছে দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্রতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ে। ডেভলপিং নেচাৰেল লেংগুৱেজ প্র’চেছিং টেকনলজী টুলছ ফৰ দ্য টাই লেংগুৱেজছ অফ নর্থইষ্ট ইণ্ডিয়া শীর্ষক এক অভিনৱ প্ৰকল্পৰ যোগেদি এই কাম সম্পন্ন কৰিব বিশ্ববিদ্যালয়খনে। 

ত্তৰ-পূর্বাঞ্চলৰ পাঁচটা টাই ভাষাত ডিজিটেল ভইচ ডিক্সনাৰীৰ ৰূপ দিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে, অসম, অসমীয়া, টাই ভাষা, tai LANGUAGE VOICE DICTIONARY

এই উদ্দেশ্যে বিশ্ববিদ্যালয়খনৰ উপাচার্য কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ চুকাফা আসন আৰু চেণ্টাৰ ফৰ কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেচনৰ মাজত কালি এক চুক্তি সম্পাদিত হয়। এই চুক্তি অনুসৰি চুকাফা আসনে নেতৃত্ব দিয়া টাই ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰৰ ভাষিক আন্দোলনক প্রযুক্তিগত ৰূপ প্ৰদান কৰিব চেণ্টাৰ ফৰ কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেচনে। ৫ খনকৈ ডিজিটেল ভইচ ডিক্সনেৰীৰ উপৰি এই প্রকল্পৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ টাই ভাষাসমূহৰ ভাষা আৰু সাহিত্যৰ তথ্য সহজলভ্য হোৱাকৈ এক ডিজিটেল কৰপাছ গঢ়ি তোলা হ'ব। 


এই ভাষাসমূহৰ নিজস্ব ধ্বনিগত, ৰূপতাত্ত্বিক আৰু বাক্যৰচনাৰ বিধি আছে। কম্পিউটাৰৰ প্র’গ্রামিঙত ব্যৱহাৰক্ষম হোৱাকৈ সেইবোৰৰ বিশ্লেষণ আগবঢ়োৱা হ'ব। এই ভাষাবোৰৰ স্বয়ংক্রিয় অনুবাদ প্রণালী গঢ়ি তােলা। হ’ব। লগতে থাকিব ভাষা চিনাক্তকৰণ আৰু অন্যান্য এন এল পি নিৰ্ভৰ ছফটৱেৰ আৰু অনুবাদ কর্মত ব্যৱহাৰ হোৱা সঁজুলি। উল্লেখযোগ্য যে এই অভিলাষী প্রকল্পৰ অধীনত এই ভাষাসমূহৰ অনলাইন আৰু ছপা ৰূপৰ অভিধান, শব্দকোষ আদিৰ প্রণয়ন আৰু প্ৰকাশৰ কামো হাতত লোৱা হ'ব। আজিৰ এই গুৰুত্বপূৰ্ণ সভাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° লীলাকান্ত নাথ, পঞ্জীয়ক ড° জিতেন হাজৰিকা, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সঞ্চালক ড° কল্যাণ ভূএ, চেণ্টাৰ ফৰ কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেচনৰ সঞ্চালক ড° তাজিদ আলী, বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষক, গৱেষক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। 


এই প্রকল্পৰ সফল ৰূপায়ণ কামনা কৰি উপাচার্য ড° লীলাকান্ত নাথে কয়, ‘আমাৰ বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ চুকাফা আসন আৰু চেণ্টাৰ ফৰ কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেচনে মিলি এখন টাই ভাষাৰ ই অভিধান নির্মাণ কৰিবলৈ আজি চুক্তিবদ্ধ হৈছে। ই নিঃসন্দেহে এক ভাল খবৰ। মই এই প্রকল্পৰ সফলতা কামনা কৰি দুয়োটা পক্ষকে শুভেছা জনাইছো। পঞ্জীয়ক ড° জিতেন হাজৰিকাই তেওঁৰ বক্তব্যত কয়, “এইটো এটা অভিলাষী প্রকল্প। এই প্রকল্পৰ কামত আমি ভিন্ন টাই ভাষাৰ বিশেষজ্ঞ সহায় ল’ব লাগিব। তেহে আমি লক্ষ্যত উপনীত হ’বগৈ পাৰিম। আজিৰ এই সভাখনৰ আঁত ধৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ চুকাফা আসনৰ প্ৰাধ্যাপক ড° নিৰোদ বৰুৱাই। প্রসংগক্রমে ড° বৰুৱাই কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ টাই ভাষাসমূহৰ ডিজটেল ভয়চ ডিক্সনেৰী নির্মাণকার্য সম্পন্ন হলে ই ভাষা শিক্ষণৰ এক নিৰ্ভৰযোগ্য আহিলা হিচাপে সকলােকে সহায় কৰিব। লগতে ই হৈ ৰ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক বিশেষ সাফল্য। 


এই সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সঞ্চালক ড° কল্যাণ ভূঞা, বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা, চেণ্টাৰ ফৰ কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেচনৰ সঞ্চালক ড° তাজিদ আলী আৰু অধ্যাপক ড° ৰিজৱান ৰহমানেও শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।

সমাজৰ ভাল খবৰবোৰ পঢ়িবলৈ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/goodnews

No comments:

Post a Comment