উদ্যমিতাঃ বিঘাই প্ৰতি ৭ লাখ টকা আৰ্জনৰ সম্ভাৱনা লৈ অসমত 'চকলেট ভিলেজ' - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

উদ্যমিতাঃ বিঘাই প্ৰতি ৭ লাখ টকা আৰ্জনৰ সম্ভাৱনা লৈ অসমত 'চকলেট ভিলেজ'

উদ্যমিতাঃ বিঘাই প্ৰতি ৭ লাখ টকা আৰ্জনৰ সম্ভাৱনা লৈ অসমত 'চকলেট ভিলেজ'

Share This

বিঘাই প্ৰতি ৭ লাখ টকা আৰ্জনৰ সম্ভাৱনা লৈ অসমত 'চকলেট ভিলেজ'

বিঘাই প্ৰতি ৭ লাখ টকালৈ আৰ্জনৰ সম্ভাৱনা লৈ অসমত 'চকলেট ভিলেজ', COCO VILLAGE ASSAM

মহাৰাষ্ট্ৰত এবিঘা মাটিত কুঁহিয়াৰ খেতি কৰি এজন কৃষকে পঞ্চাশ হাজাৰলৈকে আৰ্জন কৰিব পাৰে বাবে কুঁহিয়াৰ খেতি আৰু চেনিকলৰ সমবায় সমিতি সমূহৰ জনপ্ৰিয়তা বেছি। তাৰ বিপৰীতে, দৈনিক অসম কাকতত বিশিষ্ট সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীদেৱৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে অসমৰ গুৱাহাটীৰ কাষৰে সোণাপুৰত প্ৰতি বিঘা মাটিত ক'ক পুলি ৰোপন কৰি সাত লাখ টকালৈকে আৰ্জন কৰি দেখুওৱাৰ ভাল খবৰ পোৱা গৈছে। 

বিঘাই প্ৰতি ৭ লাখ টকালৈ আৰ্জনৰ সম্ভাৱনা লৈ অসমত 'চকলেট ভিলেজ', COCO VILLAGE ASSAM

এই বাতৰি মতে শিৱসাগৰৰ সঞ্জয় চাংকাকতি নামৰ যুৱকজনে বন্ধু মহেন্দ্ৰ কৃষ্ণ শইকীয়াৰ সৈতে কেৰেলালৈ ফুৰিবলৈ গৈ ক'ক পুলিৰ পৰা আত্মনিৰ্ভৰ হোৱা দেখিবলৈ পোৱাৰ পাছত এই বিষয়ে অসমত উদ্য়মিতাৰ উদাহৰণ দাঙি ধৰিছে। দুয়ো বন্ধুৱে সোণাপুৰত ত্ৰিশ বিঘা মাটি লীজত লৈ মৌপুৰ নামৰ ঠাত ক'ক পুলিৰ খেতিৰে 'চকলেট ভিলেজ' গঢ়িবলৈ সক্ষম হৈছে। লগতে ২৫খন গাঁৱৰ ৪০০ বিঘা মাটিত প্ৰায় ৬০০০ কৃষকক ক'ক গছ পুলি ৰোপন কৰিবলৈ দিছে। স্থানীয় কৃষকৰ সহযোগত তেওঁলোকে তেতেলীয়াত এক এগ্ৰ' অৰ্গেনিক কোম্পানী লিমিটেড নামৰ কোম্পানীটো গঢ় দিছে। 'মৌ চকলেট' নামেৰে তেওঁলোকে এটি অসমৰ এটি চকলেট ব্ৰেণ্ডো গঢ় দিছে। এই চকলেট ব্ৰেণ্ডৰ জৰিয়তে অসমৰ কেইবা হাজাৰ কৃষকৰ আয় বৃদ্ধি কৰিবলৈকো তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। 


চকলেট ভিলেজত তেওঁলোকে গ্ৰাম্য পৰ্যটনৰো ব্যৱস্থা কৰিছে। তামোল পুলিৰ মাজে মাজে হোৱা চকলেট পৰ্যটন কেন্দ্ৰ কেৰেলাৰ আৰ্হিতে স্থাপন কৰা হৈছে। লগতে ক'ক পুলিৰ কাষে কাষে জালুকৰ খেতিও কৰা হৈছে। চকলেট পাউদাৰ প্ৰচেছিং কৰাৰ বাবেও তেওঁলোকে পদক্ষেপ লৈছে। এনে প্ৰচেছিং ভালদৰে কৰিব পাৰিলে অচিৰেই দেশী-বিদেশী কোম্পানীলৈকো ক'ক পাউডাৰ ৰপ্তানি কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰিছে। 

অসমৰ আন আন কৃষক সকলেও এই লাভজনক উদ্যমিতাৰ পথ গ্ৰহণ কৰিব বিচাৰিলে সঞ্জয় চাংকাকতিৰ কৰ্মীদলে দিহা-পৰামৰ্শ দি তেওঁলোকক আগুৱাই নিবৰ বাবে সহায় কৰিব বুলিও প্ৰকাশ কৰিছে। উদ্যমিতাৰ এনে পথক অসম চৰকাৰেও গুৰুত্ব দিলে অসমতে সংস্থাপনৰ উন্নত সুবিধা সৃষ্টি হব বুলিও আশা প্ৰকাশ কৰা হৈছে।  

YouTube ত এই খেতিৰ বিষয়ে জানিবলৈ বিভিন্ন ভিডিঅ' পোৱা যায়। ৰেফাৰেঞ্চ হিচাবে তলৰ ভিডিঅ'টো আগ্ৰহী সকলে চাব পাৰে-

অধিক জানিবৰ বাবে তলৰ লিংকৰ প্ৰৱন্ধটোও পঢ়িব পাৰে-
https://krishijagran.com/commodity-news/are-you-interested-in-cocoa-cultivation-know-everything-about-it/

No comments:

Post a Comment