বিহুৰ বাস্তৱিকতাঃ গছৰ তলৰ পৰা হিতাধিকাৰী বিহুলৈ
সঞ্জয় কিশোৰ গগৈ
(১)
অসমীয়াৰ বিহু এনে এক জাতীয় উছৱ, যাৰ আগমনি বতৰা ফাগুনৰ পছোৱাই কঢ়িয়াই আনে৷ পুহৰ ঠেঁটুৱৈ ধৰা জাৰ নেওচি মাঘৰ ভোগালী পাৰ হোৱাৰ পাছতে বা গ্ৰেগ'ৰিয়ান নৱবৰ্ষৰ দ্বিতীয় মাহৰ পৰাই বৰলুইতৰ দুয়োপাৰে মৃদু বৃষ্টিপাতৰ শুভাৰম্ভণি হয়৷ ধানৰ পাছতে খেতিয়কে ফচল চপাই আলুতলীত গোমধান সিঁচে, আহুতলী চিকুণায়, চহায়, গ্ৰীষ্মকালীন শাক-পাচলিৰ খেতি আৰম্ভ কৰে৷
ফাগুনত প্ৰকৃতিৰ অধিকাংশ উদ্ভিদে পুৰণি পাত সলায়, কিন্তু নাহৰৰ দৰে চিৰসেউজ গছে ৰঙচুৱা কুঁহি মেলি কলি পেলায়৷ নাহৰ, থলপদ্ম আদি গছৰ সৌন্দৰ্য, শিমলুৰ ৰঙা ফুলৰ সুবাসেৰে ফাগুনক অধিক ৰঙীণ কৰি তোলে গুমৰাগ গুমৰাগ ছন্দৰ ঢোলৰ মতলীয়া ছেৱে৷
হিমালয়ৰ পাৰ্বত্য অঞ্চলৰ পৰা নামনিলৈ যিদৰে নদী-নিজৰা সমূহ বৈ আহে, একেদৰে বহাগ বিহুও যেন আলি-আয়ে লিগাং আহি পোৱালৈ বাট চাই ৰয়! চ'তৰ নিশাবোৰ ক্ৰমান্বয়ে বাঁহীৰ সুৰত, ঢোলৰ শব্দত প্ৰাণ পাই উঠে৷ আগ জেঠত শালিখেতিৰ তলী কঢ়াই, কঠীয়া তুলি, কাতি-আঘোণ-পুহত চপোৱা ধানেৰে শুৱনি কৰা ধানৰ ভড়াঁল পুনৰ উদং হৈ পৰাৰ আশংকাত, জিৰণিৰ দিনবোৰ হেৰুৱাৰ হুতাহত বাঁহী বোৱা গৰখীয়া, ডেকা-গাভৰু, বোৱাৰী, আদহীয়া, বয়সস্থ সকলোৰে মনৰ নিভৃতৰ পৰা হুমুনিয়াহ ওলাই আহে৷ সাতবিহুৰ পাছদিনাৰ পৰাই যে পুনৰ শালিখেতিৰ তলীলৈ ওলাবৰ হ'বই!
বেলি বিষুৱ ৰেখাত অৱস্থানৰ পৰাই ক্ৰমে তাপ বাঢ়ি আহে৷ বাস্পীভৱন অধিক হোৱাত বৰষুণৰ পৰিমাণো বাঢ়ে৷ বৰষুণ-নিৰ্ভৰ অসমীয়া খেতিয়কৰ বাবে গ্ৰীষ্মকালটো আপোন হ'বলৈ বাধ্য, যিহেতু আহাৰ-শাওণ মাহত কলহৰ কাণে ঢলা বৰষুণ অহাটো যিদৰে নিশ্চিত, খৰালি কালটো খেতিপথাৰত কাম কৰাৰ বাবে আৰামদায়ক, বতৰ নাতিশীতোষ্ণ হ'লেও চৰকাৰী (কৃত্ৰিম) পানী যোগান নিশ্চিত নোহোৱাত শালিখেতিয়েও এতিয়াও গৰিষ্ঠসংখ্যক অসমীয়াৰ একমাত্ৰ ভৰসা৷ খেতিয়কক খেতিয়ক হিচাপে চিৰদিন ৰাখিবলৈ, খেতিয়কৰ উৎপাদনেৰে উদৰ পূৰোৱা চাকৰিয়াল সকলৰ কাম-কাজো বাৰিষাৰ দিনকেইটাতে সচ্ছল হৈ উঠে৷ বান্ধিবলৈ আৰম্ভ কৰা মথাউৰি গোটেইটো নদীয়ে উটুৱাই নিয়া বুলি, খেতিয়কে কঠীয়া পৰা, ভূঁই ৰোৱা মাটিখিনিত জলসিঞ্চনৰ পানী ব্যৱহাৰ কৰা বুলি ভুৱা বিল উলিয়াই নিবলৈ, খেতিয়কৰ কঠীয়া, সাৰ, ঔষধ, প্ৰতিপাল চৰকাৰৰ টকাৰে কৰা বুলি ভুৱা বিল তৈয়াৰ কৰিবলৈ, ক্ৰমান্বয়ে জলসম্পদ, জলসিঞ্চন, কৃষি বিভাগ আদি সক্ৰিয় হৈ উঠে৷ বীজন/উৎপাদন ক্ষমতাবিহীন (জেনেটিকেলী ম'ডিফাইড) ফচলৰ গুটিকে উন্নত জাতৰ সঁচ বুলি আঁভুৱা-ভাৰি চৰকাৰী আঁচনিৰ অধীনত ঠিকাদাৰৰ জৰিয়তে হোজা খেতিয়কক বিক্ৰী কৰিবলৈ বুলি একে সময়তে পৰিকল্পনা প্ৰস্তুত কৰা হয়৷ পুহত খেতিয়ক পথাৰৰ পৰা ঘৰলৈ আহে, চৰকাৰী কাৰ্যালয় বিলাকতো কাজ-কাজ সেৰেকা পৰে৷ গতিকে বহাগ বিহু কিয় নিঃকিন অসমীয়া জনৰ পৰা অতি আঢ্যৱন্ত বা বহিঃৰাজ্যৰ আই-এ-এছ বিষয়াজনলৈকে কিয় অতিকে আপোন সেয়া সহজে বুজিব পাৰি৷
(২)
ভাৰত উপমহাদেশত ব্ৰিটিছৰ প্ৰথম উপনিৱেশ কলিকতাত বঙলা মাধ্যমেৰে পঢ়ি-শুনি, পশ্চিমীয়া বতাহ গা-ত লগাই, বৰচুৰীয়াৰ ফেৰ মাৰি সেই ব্ৰিটিছ শাসনকালতে অসমৰ প্ৰথমগৰাকী বুদ্ধিজীৱী আনন্দৰাম ঢেকিয়াল ফুকনে ‘বিহু ইতৰ শ্ৰেণীৰ উছৱ' বুলি ‘অৰুণোদই'ত লিখিছিল৷ লেথাৰিনিছিগা মানৰ আক্ৰমণ, কানিৰ নিচাত, খাজনাৰ ভৰত নিচলা হোৱা অসমীয়াই বিদেশীৰ, বিশেষকৈ মৰাপাট খেতিৰ বাবে অসমলৈ বংগৰ পৰা কাকতিফৰিঙৰ দৰে জাকে জাকে হোৱা প্ৰৱজনৰ হেঁচাত মূৰ দাঙিবলৈকে পাহৰি গৈছিল৷ পিছলৈ ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা ‘টাইমছ অৱ আসাম' বাতৰি কাকত, পূৰ্বৰ আহোম স্বৰ্গদেউৰ বৰফুকনৰ চ'ৰা গুৱাহাটী নগৰত প্ৰথমটো বেংক, ফ্লায়িং ক্লাব, ষ্টেডিয়াম আদি স্থাপনৰ উদ্যোগ লোৱা ‘আধুনিক অসম' নিৰ্মাতা ৰাধাগোৱিন্দ বৰুৱাই লতাশিল পথাৰত মঞ্চ সাজি অসমীয়াই গৃহস্থৰ চোতালে চোতালে গোৱা হুচৰি বা বসতিৰ নিলগৰ গছৰ তলত জীয়াৰী-বোৱাৰীয়ে গোৱা বিহু বা ডেকা-বৰলা-ডঙুৱাই সাজপানী এটুপিৰ আশাত বিহু বুলি গাঁৱৰ গৃহস্থৰ চোতালে-বৰঘৰে ভগা টিং, ফটা ঢোল কোবাই জুইশালে পাগঘৰে পদধূলি দিয়া পৰম্পৰাক একেৰাগি কৰি মঞ্চলৈ তুলি তাহানিৰ ৰুদ্ৰসিংহ স্বৰ্গদেৱে দিয়াৰ দৰে পুনৰ মান-মৰ্যাদা দিয়ায়৷
কিছুমান কথা বন (কাম) নাথাকিলে চাউলত ধান পেলাই বাছিবলৈ লোৱাৰ দৰে হয়৷ ইংলেণ্ডৰ ৰাজ-আসনত ‘শ্ৰমিক দল'ৰ নেতা ক্লিমেণ্ট এটলি আৰু লৰ্ড মাউণ্টবেটেন অসমৰ ভাইচৰয় ৰূপে অধিষ্ঠিত হৈ থকাৰ সময়ত ভাৰতবৰ্ষৰ স্বাধীনতা বিষয়ক কেইবালানিও ‘ঘূৰণীয়া মেজমেল' বহিছিল৷ তাত, ভাৰতত ব্ৰিটিছ উপনিৱেশ আৰম্ভ হোৱা (১৭৮৩ খ্ৰীঃ)ৰ সময়ৰে পৰা থকা সাৰ্বভৌম আহোম ৰাজতন্ত্ৰই, ইংৰাজে মানসেনাক খেদি ৰেঙ্গুন পোওৱাৰ পাছত, বঙলুৱা শিক্ষাৰে শিক্ষিত অসমীয়াই মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ, আইন অমান্য, বিদেশী দ্ৰব্য বৰ্জন আদি অহিংস বা ৰে'ল বগৰোৱাৰ দৰে সহিংস আন্দোলনেৰে ইংৰাজক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ পাছত ‘অসম ভাৰতৰ লগত থাকিবনে নাথাকে' সেই বিষয়ত মতামত দিবলৈ অসমৰ প্ৰতিনিধি হিচাপে দৰ্শন লাভ কৰিলে তথাকথিত উচ্চবৰ্ণৰ লোকৰ, যি সকল জ্ঞানোদ্ধতৰ ওচৰত শৰণ ল'বলৈ, অসমীয়াক শৰণ দিয়াবলৈ বুলি আহোম স্বৰ্গদেৱে সুদূৰ গঙ্গা উপত্যকাৰ নদীয়াৰ পৰা মগাই অনাইছিল৷ তেখেতে সেই মেজমেলত যি মতামত দিলে সেয়া বৰ্তমান আমি ভোগ কৰি আছোঁ, সুখৰে হওক বা দুখৰ হওক!
অথচ, ব্ৰিটিছে স্বাধীনতা প্ৰদানেৰে এৰি যোৱা অসমত ভাৰতীয় সংবিধান প্ৰণেতা সকলে প্ৰণয়ন কৰি যোৱা সংবিধানত অনুসূচিত দফা অনুযায়ী ‘আহোম জনগোষ্ঠী জনজাতি অনুসূচীৰ অন্তৰ্গত থাকিবনে নাথাকে'– সেই প্ৰশ্নৰ উত্তৰ দিয়া হ'ল ‘আহোম প্ৰায় ছশ বছৰীয়া (১২২৮-১৮২৬) সাৰ্বভৌম সাম্ৰাজ্যৰ অধিকাৰী আছিল৷ কিহলৈ জনজাতীয়ত্ব লাগে? স্ব-মৰ্যাদাৰে আহোম আঢ্যৱন্ত!' ইফালে, সাধাৰণ পাই-কৰ কাঙাল দুৰৱস্থা বাদেই, দাসপ্ৰথা বিৰোধী আইনৰ সমান্তৰালভাৱে লগুৱা-লিকচৌ ব্ৰিটিছ শাসকে আঁতৰাই দিয়াৰ পাছত আহোম ৰাজপৰিয়াল বা ডা-ডাঙৰীয়া, হাউলী সমূহৰ অৱস্থা যে ভিকহুলৈ সলনি হৈছিল, সেই কঠোৰ বাস্তৱতা আঙুলিয়াই দিবলৈ সেই সময়ত কোনো নোলাল, কাৰণ ৰাজ্য হেৰুওৱা আহোমৰ ভৱিষ্যৎ তেতিয়া তিমিৰাচ্ছন্ন, নিশ্ছিদ্ৰ৷ অসমৰ মুখ্য মন্ত্ৰীয়ে সৌ-সিদিনা কৈছে– ‘জনজাতীয় সংগঠনে বাধা দিয়াৰ বাবেহে আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ফাইল আগ বঢ়া নাই'৷ তেন্তে মুখ্য মন্ত্ৰীৰ সেই দৃষ্টিকোণৰ পৰা আহোম জনগোষ্ঠীয়ে নিজকে অসমৰ নাড়ী-নক্ষত্ৰ বুলি নিজকে এতিয়াও ভাবি থকাটোতো কোনো অযুক্তি নাই!
(৩)
২০০৬ চনত সদৌ অসম সাংবাদিক সন্থাৰ মাৰ্ঘেৰিটা অধিৱেশনলৈ যাওঁতে ভাতৃ ডাঃ প্ৰণৱিৰাম বৰুৱাই প্ৰখ্যাত গীতিকাৰ সুৰকাৰ গায়ক পাৰ্বতীপ্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালা এখন পৰিচালনা কৰিছিল৷ যথেষ্টসংখ্যক শিকাৰুৰ উপস্থিতিত অনুষ্ঠিত সেই কৰ্মশালাত ক্ষণিক উপস্থিত থাকি অনুভৱ কৰিছিলোঁ সুৱদী-সুৰীয়া অসমীয়া নিভাঁজ মাত-কথাৰে সজোৱা সেই গীতবোৰৰ অবিৰত চৰ্চাৰ বাবে তেনে কৰ্মশালাৰ সঘন আয়োজন কিমান আৱশ্যকীয়! তেনে এক অনুভৱৰ তাগিদাতে ২০০৯ চনত প্ৰকাশক আৰু সম্পাদক মৃগেন গোস্বামীৰ দ্বাৰা গুৱাহাটীৰ এবিচিৰ পৰা প্ৰকাশিত“অসমীয়া আমি' নামৰ সাপ্তাহিকখনৰ সম্পাদকীয় পৃষ্ঠাত ‘বহাগ মাথোঁ এটি ঋতু নহয়' শীৰ্ষক এটি লেখাত নামঘৰৰ বাৰিকৰ মুখেৰে উল্লেখ কৰিছিলোঁ যে ‘নিশিকালে এওঁলোকে কেনেকৈ শিকিব'৷ গ্ৰীষ্মাঞ্চললৈ জাৰকালিৰ প্ৰৱজনকাৰী পক্ষীকুলৰ নৱজাতকেও যিদৰে চাইবেৰিয়াৰ জলাহ, তৃণভূমি চিনি পায়, অসমীয়াৰ হাড়ে-হিমজুৱেও সাংস্কৃতিক প্ৰৱণতা প্ৰবাহিত হৈ আছে৷ বজৰুৱা বতাহত দিকভ্ৰান্ত হ'ব নোৱৰাকৈ ৰাখিবৰ বাবে ইয়াত কেৱল সঠিক পথ-নিৰ্দেশনা লাগে৷
(৪)
লিগাঙৰ শুভদিনত গুমৰাগ ঢোলৰ ছেৱত নাচনীৰ কঁকাল হালিছে, পেঁপুৱা, ঢুলীয়া, বাঁহীবাদকৰ উথপথপ লাগিছে৷ পূৰ্বতে এয়া আমি ফাগুনৰ মাহটো জুৰি শুনিছিলোঁ৷ মাজনিশা, শেহনিশা দূৰণিৰ পৰা ভাঁহি অহা ঢোলৰ শব্দই টোপনি কাঢ়িছিল৷ একেদৰে টুচু পূজাৰ সময়তো দৈগ্ৰোং বাগানৰ নিশাবোৰ কঁপি উঠিছিল৷
বছৰৰ বিহুটি উদযাপনক লৈ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দহ বছৰত অধিক সময় বিহু উদযাপনৰ সৈতে জড়িত আয়োজক সমিতি সমূহক ৰঙালী বিহুৰ সময়ত সামান্য পৰিমাণৰ অৰ্থসাহায্য আগ বঢাব বুলি ঘোষণা কৰিছে৷ পক্ষে-বিপক্ষে বিভিন্নজনে বিভিন্ন কথা কৈছে৷ যদিহে উভতি চাওঁ, দেখোঁ যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে বিহু বিষয়টি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিছে, য'ত সত্তৰ নম্বৰ ধাৰ্য কৰা আছে৷ কোনো বিদ্যালয়ত ইতিমধ্যেই ব্যৱহাৰিক পাঠ হিচাপে বিহুনাচৰ কৰ্মশালা আৰম্ভ কৰা হৈ গৈছে৷ ইফালে আকৌ উজনিৰ বিহু বেলেগ, নামনিৰ বেলেগ; উত্তৰ পাৰৰ বেলেগ, দক্ষিণ পাৰৰ বিহু বেলেগ, গতিকে বিহুৰ পাঠ্যক্ৰম কি হব তাকে লৈয়ো এতিয়া বিতৰ্কৰ সূচনা হৈছে। আলোচনাৰ মাজেৰে, বিশেষজ্ঞ সকলৰ পৰামৰ্শৰে এই দিশবোৰৰো অচিৰেই সমাধান ওলাব বুলি আমি আশা কৰিছো।
শেহতীয়াকৈ ৰঙালী বিহুৰ আয়োজক কমিটি সকললৈ চৰকাৰে আগবঢ়াব বুলি ঘোষণা কৰাৰ কথাও পোহৰলৈ আহিছে। ইতিবাচক দিশ হিচাবে চৰকাৰৰ এই ঘোষণাক চৰ্তসাপেক্ষ আৰ্থিক সাহাৰ্য্যক এক উদগণি বুলি ভাবিবও পাৰি৷ অন্যথা বাদ্যৰ দুৰ্মূল্য, বাদকৰ অভাৱৰ যুগত পৰম্পৰাগত সংস্কৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ প্ৰতি লক্ষ্য ৰাখি নতুন প্ৰজন্মৰ গৰিষ্ঠ সংখ্যকৰ স্বভাৱগত নিষ্পৃহতাৰ বিপৰীতে উৎসাহ জগাবলৈ চুবুৰীয়ে চুবুৰীয়ে গাঁৱে গাঁৱে উৎসাহী সমাজে জাতীয়ত্ব ৰক্ষাৰ হেতু নৱজাগৰণৰ সৃষ্টি কৰিব লাগিব৷ নহ'লে জাতিৰ সংস্কৃতি অনাগত দিনত কেনেকৈ ৰক্ষা পৰিব সেয়াও চিন্তনীয় কথা হব যেন অনুভৱ হয়।
(৫)
কোঁচ ৰজা নৰনাৰায়ণৰ ছত্ৰছায়াত থাকি শ্ৰীমন্ত শংকৰদেৱে অসমৰ সমাজ-জীৱন সংগঠিত কৰাৰ বাবে বাৰ বছৰ ধৰি বিভিন্ন তীৰ্থস্থান ভ্ৰমি আহি যি ‘নামঘৰ'ৰ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল, সিয়ে বেদ-বৰ্ণিত শ্ৰেণী-বিদ্বেষৰ অৱসান ঘটাই একেখন চোতালতে সাম্য-মৈত্ৰীৰ পোহাৰ মেলিছিল, যি অসমীয়া সমাজ ব্যৱস্থাৰ অপৰিহাৰ্য অংগ৷ সত্ৰ-নামঘৰ আদিত ৰজাঘৰীয়াৰ ভূমিকা বা সহায় ইতিহাসৰ পাততো আছে।
আমি লক্ষ্য কৰিছিলোঁ যে নামঘৰৰ অধীনত একত্ৰিত সমাজখনক ভোটাৰ হিচাপে ব্যৱহাৰ কৰাৰ অৰ্থে ‘বিদেশী বিতাড়ন' আন্দোলনৰ পিছত গঠিত অসম গণ পৰিষদ চৰকাৰে প্ৰথম উদ্যোগ লৈছিল৷ ইয়াৰ পিছত সুদীৰ্ঘ বছৰৰ চৰকাৰী অৱহেলাত আৰু খেলুৱাৰ আৰ্থিক সামৰ্থ্যৰ অভাৱত গ্ৰাম্য সমাজৰ ৰাজহাড় স্বৰূপ এই নামঘৰ সমূহ জহি খহি যাবলৈ লৈছিল৷ তেতিয়াই আৰম্ভ হৈছিল, নামঘৰৰ টিনপাত বিলোৱাৰ ৰাজনীতি। বহু ক্ষেত্ৰতে দেখা যায় যে অন্যান্য ৰাজহুৱা অনুষ্ঠানৰ দৰেই নামঘৰ সমূহো বহু প্ৰতিষ্ঠিত লোকে অবৈধ ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লয়৷ এফালে নামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ পুনৰ্নিৰ্মাণৰ বাবে বাজেট প্ৰস্তুত কৰি পুঁজি বিচাৰি চৰকাৰৰ ওচৰত আবেদন কৰে, আনফালে নিৰ্দিষ্ট বৰঙণি খেলৰ লোক সকলৰ বাবে নিৰ্ধাৰণ কৰি দিয়ে৷
ৰাজ্য, দেশ বা বিদেশেই হওক লাগে, বিহু/হুচৰিৰ ঘোষণা শুনিয়েই বা মঞ্চৰ বাহিৰত ঢোলৰ মাত গিৰগিৰাই উঠাৰ লগে লগেই যেনেদৰে ৰাজহুৱা প্ৰেক্ষাগৃহ মাতাল হৈ উঠে- সেই বিশ্বজনীন সুৰ, লয়লাস নৃত্য, গীতৰ ছন্দই যুগে যুগে অসমীয়াক সগৌৰৱে জীয়াই ৰাখক৷ দুচকুত দুচকু থৈ, সংসাৰ জয়ৰ সপোন-বিভোৰ হাজাৰ প্ৰাণ উদ্বেলিত হওক৷ জীৱনক জীয়াই ৰাখক৷ “মেলিলোঁ প্ৰথম চকু/ তোমাৰ কোলাতে আই/ জীৱনৰ আদিম পুৱাত, মুদিম আকৌ চকু/ তোমাৰ কোলাতে শুই/ জীৱনৰ শেষ সন্ধিয়াত ৷'
অসমী আইৰ গৌৰৱ স্বৰূপ বিহুক লৈ অসমৰ সাংস্কৃতিক জগতৰ অৰ্থনীতিও বহু পৰিমানে নিৰ্ভৰ কৰে। কোভিডকালীন দুটা বছৰত বিহুৰ বজাৰৰ অবিহনে শিল্পী সকলৰ কঁকাল পৰাৰ কথাও সৰ্বজনবিদিত। এই ক্ষণতে পূৰ্বতে ৰাইজৰ ধনেৰে, বৰঙণিৰে স্বাৱলম্বী হৈ চলি থকা বিহু কমিটি সমূহলৈ চৰকাৰী সাহাৰ্য কেৱল গিমিকত পৰিণত নহওক। ভোটাৰৰ মন ভূলোৱা কথাত পৰিণত নহওক। বিহু কমিটিও হিতাধিকাৰীত পৰিণত নহওক। তাকেই কামনা কৰো। চৰকাৰী পৃষ্ঠপোষকতা কেৱল ধন বিতৰণতে সীমাবদ্ধ নৈ পলিচি মেকিংৰ জৰিয়তে শিল্পী, শিল্প আৰু সাধক সকলৰ বৰ্তমান আৰু ভৱিষ্যতক সুস্থিৰ কৰাৰ দিশত হওক। তাকেই কামনা কৰো। বিহু অসমৰ জাতীয় জীৱনৰ অংগ, এক প্ৰৱাহ। এই প্ৰৱাহমান সংস্কৃতিয়েও সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হবই লাগিব, পৰিবৰ্তনক বতাহ-ধুমুহাৰ সৈতে নাচোন দিবই লাগিব, তাৰ মাজতে যে বিহু অসমীয়া ৰাইজৰ প্ৰাণৰ স্পন্দন হৈ সামুহিক উদযাপনৰ মূল মঞ্চ হৈ জীয়াই থাকিব লাগিব, সেই কথাও কিন্তু নিশ্চিত।
---------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
Youtube চেনেল xukhdukh ত চাওক,
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
No comments:
Post a Comment