মনৰ কথাঃ মাতৃভাষাক লৈ হীনমন্যতাবোধত ভোগো কিয়? :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ মাতৃভাষাক লৈ হীনমন্যতাবোধত ভোগো কিয়? :: শোণিত কুমাৰ গোস্বামী

মনৰ কথাঃ মাতৃভাষাক লৈ হীনমন্যতাবোধত ভোগো কিয়? :: শোণিত কুমাৰ গোস্বামী

Share This
মাতৃভাষাক লৈ হীনমন্যতাবোধত ভোগো কিয়?
শোণিত কুমাৰ গোস্বামী
মাতৃভাষাক লৈ হীনমন্যতাবোধত ভোগো কিয়? শোণিত কুমাৰ গোস্বামী, mother tongue, assamese language
মাতৃভাষাই হৈছে প্ৰথম ভাষা। যাৰ বোকোচাত মানুহে চিন্তা কৰে, সপোন দেখে। চেতন-অৱচেতন মনৰ সকলো ভাৱনা-প্ৰৱাহ প্ৰৱাহিত হয়, এই আপোন ভাষাৰ যোগেদিয়েই। মানুহ ব্যক্তি সত্তাৰ পৰা সামাজিক সত্তাই ওলাই আহোতে ভাষাৰ ব্যৱহাৰ হৈ পৰে দৈনন্দিন জীৱনৰ এটি অতি আৱশ্যকীয় কলা। ভাৰতবৰ্ষত আকৌ জাতি তথা বহু ৰাজ্যও গঠন হৈছিল ভাষাৰ ভিত্তিত। সেয়ে ভাষা এটা স্পৰ্শকাতৰ বিষয়। 
মাতৃভাষাক লৈ হীনমন্যতাবোধত ভোগো কিয়? শোণিত কুমাৰ গোস্বামী, mother tongue, assamese language
মাতৃভাষাক লৈ হীনমন্যতাবোধ সকলোৰে নাথাকে। পৃথিৱীত অনেক জাতি-উপজাতি আছে যিবোৰৰ নিজা ভাষা থাকে। ভাৰতৰ দৰে বিবিধতাৰে ভৰপূৰ দেশত সহস্ত্ৰাধিক ভাষা আছে বুলি প্ৰতিটো শিশুৱে বিদ্যালয়লৈ গৈ সমাজ অধ্যয়নৰ পাঠত পঢ়িবলৈ পায়। এই কথাটো তেওঁলোকে নিজৰ ভাষাত পঢ়ে বাবেই নিশ্চিতভাৱে গৌৰৱবোধ কৰে। কিন্তু দেশত এনে কেতবোৰ জাতি আছে যিবোৰে নিজৰ ভাষাটোক লৈ হীনমন্যতাবোধত ভোগে, ইয়াৰ ভিতৰত অসমীয়া অন্যতম। অৱশ্যে এই কথাটোৰ বাবে জাতিটোৰ অসমীয়া কথকীসকল দায়ী নহয়, ইয়াৰ বাবে দায়ী হৈছে সেইসকল লোক যিসকলে এই জাতিটোৰ নেতৃত্ব লয় বুলি ঠিকা লৈছে মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে মন্ত্ৰী হোৱাৰ চাকৰি গ্ৰহণ কৰিছে। সময়ে সময়ে অসমীয়া নেতৃত্বত নিজৰ ভাষাৰ প্ৰতি হীনমন্যতাবোধ আৰু অন্য ভাষাৰ প্ৰতি আকৰ্ষণৰ ফলত নিজৰ অস্তিত্ব লাহে লাহে সংকটৰ মুখলৈ ঠেলি দিছে। ১৮৩৬ চনৰ আগত অসমীয়া ভাষাৰ ৰূপ কি আছিল সেয়া গৱেষণাৰ বিষয় কিন্তু এই চনটো সকলো অসমীয়া মনৰ ৰখাৰ কাৰণটো হৈছে অসমীয়াৰ সলনি বাঙালীক অসমীয়াৰ জাতীয় ভাষা কৰাৰ ঐতিহাসিক ভুলটো। পাছলৈ ইংৰাজ মিছনেৰীৰ বদন্যতাত আৰু তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য সফল কৰাৰ প্ৰয়াসত স্থানীয় লোকক বিশ্বাসত লোৱাৰ অংশ হিচাৰে ছপাশাল অসমলৈ অহা তথা অসমীয়া লিপিত ধৰ্মপ্ৰচাৰ পুথিৰ আৰম্ভণিৰে অসমীয়া সাহিত্য, ব্যাকৰণ আদিৰ আৰম্ভণিয়ে অসমীয়া ভাষাক টনকিয়াল কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। তেন্তে শতাধিক বছৰৰ পুৰণি মান্য ভাষাটোক লৈ শংকা কিহৰ?

ইংৰাজ শাসকৰ পৰা মুক্তি পোৱা স্বাধীনতালৈ বা স্বাধীনতাৰ পাছৰ নেতৃত্বই অসমীয়া ভাষাটোক লৈ কৰা কথাবোৰ/সিদ্ধান্তবোৰৰ পৰিহাৰ কৰি পোনপটীয়াকৈ শেহতীয়া ২০২১চনত গঠিত হোৱা অসম চৰকাৰৰ কথাটোলৈ আহিছোঁ। এই চৰকাৰ পোনপ্ৰথম অসমীয়া ভাষাৰ বিষয়টোত (মানে সংকটত) অসম লোকসেৱাৰ আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা বিষয়ক প্ৰশ্নকাকত বাতিল কৰাৰ সিদ্ধান্তৰ জৰিয়তে আহিছিল। তাৰ পাছত প্ৰতিখন জিলাত ইংৰাজী মাধ্যমত বিদ্যালয় স্থাপনৰ চৰকাৰী পৃষ্ঠপোষকতা আৰু শেহতীয়াকৈ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত, বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়োৱাৰ পোষকতা কৰি হাইব্ৰীড শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণৰ চিন্তা-চৰ্চা কৰিছে। এই কথাবোৰে এই কথাটো স্পষ্ট কৰিছে যে বৰ্তমানৰ অসম চৰকাৰে ভাষা বিৰোধী স্থিতি সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছে। পৰ্যায়ক্ৰমে অসমীয়া ভাষাটোক নিঃশেষ কৰাৰ পদক্ষেপৰ অংশ হিচাপে চৰকাৰে এতিয়া উচ্চ-উচ্চতৰ মাধ্যমিকত ইংৰাজী জনপ্ৰিয়তাকৰণত নামিবলৈ চেষ্টা কৰিছে। নতুন হাইব্ৰীড শিক্ষা পদ্ধতিৰ সমৰ্থনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই বুলি মন্তব্য কৰিছে যে শিক্ষাৰ্থী বিজ্ঞান, গণিত আদি ইংৰাজীত শিকিলে সৰ্বাভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব! এয়া এক অদ্ভুত যুক্তি কিয়নো যদিহে তেনে হোৱাহেঁতেন তেন্তে আজি সৰ্বভাৰতীয় চাকৰিবোৰত বিহাৰ-উত্তৰ প্ৰদেশৰ লোক তথা দক্ষিণ ভাৰতৰ লোকে দপদপাই নাথাকিলেহেঁতেন! অসমীয়া শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম নোহোৱাৰ কাৰণ যে ভাষা নহয় সেয়া প্ৰতিজন সচেতন লোকে বুজে। এনে প্ৰেক্ষাপটত চৰকাৰে শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহন্তৰ পৰামৰ্শত অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰত গণিত-বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত পঢ়োৱাবলৈ বিচৰাতো এক হঠকাৰী সিদ্ধান্ত। ইমান দিনে অসমীয়া মাধ্যমটোত পঢ়ি আহি এতিয়া হঠাতেই নৱম শ্ৰেণীত ইংৰাজী মাধ্যমত কোনো এটা বিষয় পঢ়িবলৈ পোৱাটো শিক্ষাৰ্থীৰ বাবে কষ্টকৰ হৈ পৰিব আৰু ইয়াৰ প্ৰভাৱ তেওঁলোকৰ শিক্ষাবৰ্ষত নিশ্চিতভাৱেই পৰিব। চৰকাৰে যদিহে প্ৰকৃতাৰ্থত অসমত সম্পূৰ্ণভাৱে অসমীয়া ভাষাটোক নিঃশেষ কৰি ইংৰাজীৰ প্ৰচলন কৰি শিক্ষাৰ ব্যক্তিগত ঠিকাদাৰৰ বাবে ৰঙা দলিচা পাৰি দিব বিচাৰিছে তেন্তে সকলো জনপ্ৰতিনিধিয়েও ইংৰাজীত কথা কোৱা আৰম্ভ কৰি দিব লাগে।

অসমত ইংৰাজীৰ প্ৰতি প্ৰীতি অধিকাংশৰেই আছে। অসমীয়াভাষী লোকৰ ভাষাক লৈ দায়িত্ববোধ কম বাবেই ইংৰাজীত অধ্যয়ন কৰি এটা ভাল দৰমহাৰ চাকৰি লৈ স্বাচ্ছন্দ্যৰ জীৱন জীয়াব পাৰি বুলি অসমীয়া লোকে বিশ্বাস কৰে (অভিভাৱক, বয়োজ্যেষ্ঠ সকলেও)। এই কথাটোক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰেও ইন্ধন দি আহিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত কেন্দ্ৰ চৰকাৰে আঞ্চলিক ভাষাৰ গুৰুত্বৰ কথা উল্লেখ কৰিছে ঠিক তেনেদৰে কেইমাহমান পূৰ্বে অভিযান্ত্ৰিক আৰু চিকিৎসা শিক্ষা আঞ্চলিক ভাষাত কৰোৱা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তো অসমৰ একাংশ সচেতন লোকে প্ৰতিবাদ কৰিছিল। এয়া অসমৰ ক্ষেত্ৰত বাস্তৱিক কথা কিয়নো অসমীয়া লোকে অসমীয়া ভাষাতকৈ ইংৰাজী ভাষা বেছিকৈ পছন্দ কৰে। ইয়াৰ বাবে দায়ী কেৱল ৰাজনৈতিক নেতৃত্ব কিয়নো দেশৰ অন্য ৰাজ্যৰ নেতৃত্বই যিদৰে নিজৰ ভাষাটোক প্ৰাধান্য দি শিক্ষাৰ্থীক সৰ্বভাৰতীয় পৰীক্ষা বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰস্তুত কৰিব পাৰিছে সেয়া আমাৰ ৰাজ্যখনৰ ক্ষেত্ৰত চৰকাৰী পৃষ্ঠপোষকতাত হোৱা নাই (ব্যক্তিগত প্ৰচেষ্টাত হৈছে বাৰু!)।

শেষত মাথোঁ এটা উদাহৰণ দিব বিচাৰিছোঁ, কেৰেলাৰ ভাষা মালায়লী আৰু এই সৰু ৰাজ্যখনৰ ভাষাটোক লৈ সেই ৰাজ্যৰ জনতা আৰু চৰকাৰৰ ভালপোৱা ইমানেই বেছি যে আজি বিশ্বৰ প্ৰতিটো চুকে কোণে মালায়লী লোকে নিজৰ দপদপনি অব্যাহত ৰখাৰ সমানেই নিজৰ ভাষাটোৰ ক্ষেত্ৰতো একে খোপনি ৰাখিছে। ৰাজ্যখনৰ চৰকাৰে ভাষাটোৰ উন্নয়নৰ বাবে বিশেষত শৈক্ষিক পৰিৱেশত সৰ্বাধিক গুৰুত্ব দি নিজৰ শিক্ষাৰ্থীক ইংৰাজী আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰি তুলিছে। কেৰেলা চৰকাৰে ইয়াৰ বাসিন্দসকলৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত বহিঃৰাজ্যত (বিশেষত দেশৰ ৰাজধানী, অন্য মেট্ৰ’ চহৰত) মালায়লী ভাষাৰ শিক্ষা পদ্ধতিৰে স্কুল খুলি দিছে। দিল্লীত থকা এটা পৰিয়ালে নিজৰ সন্তানক কেৰেলাৰ দৰে শিক্ষা দিব বিচাৰিছে এই স্কুলবোৰত নাম লগাই দিয়ে আৰু কোনো অসুবিধা নোহোৱাকৈ হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি জীৱন আৰু সমাজৰ যাত্ৰাত দপদপাই আগবাঢ়ি যায়। এনে চিন্তা অসমত কৰাটো অসম্ভৱ কিন্তু অসমৰ বিদ্যালয়বোৰত ইংৰাজী ভাষাৰ উপযুক্ত বিষয় শিক্ষক নিযুক্ত কৰি অসমীয়াৰ ভাষাৰ সমান্তৰালকৈ ইংৰাজী শিক্ষাৰ প্ৰচলন কৰিলে ৰাজ্য চৰকাৰৰ নিৰ্বাচনী অংকত অধিক সফল হোৱাৰ সম্ভাৱনা আছে।
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ সুখ-দুখত প্ৰকাশিত আনবোৰ লেখাৰ একত্ৰ লিংকঃ
সুখ-দুখৰ ভিডিঅ' সমলৰ বাবে ক্লিক কৰক, ইউ-টিউব চেনেলৰ লিংক চাওক আৰু Subscribe কৰকঃ 

No comments:

Post a Comment