প্ৰৱন্ধঃ কিংবদন্তিমতে আলি-আয়ে-লৃগাঙৰ উৎপত্তি আৰু বিকাশ :: ৰয়েল পেগু - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ কিংবদন্তিমতে আলি-আয়ে-লৃগাঙৰ উৎপত্তি আৰু বিকাশ :: ৰয়েল পেগু

প্ৰৱন্ধঃ কিংবদন্তিমতে আলি-আয়ে-লৃগাঙৰ উৎপত্তি আৰু বিকাশ :: ৰয়েল পেগু

Share This

কিংবদন্তিমতে আলি-আয়ে-লৃগাঙৰ উৎপত্তি আৰু বিকাশ

ৰয়েল পেগু

আলি আঃয়ে লৃগাং (ইংৰাজী: Ali-Ai-ligang) অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ।

ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয় অসমৰ দ্বিতীয় বৃহৎ ভূমিপুত্ৰ তথা কৃষিজীৱী জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আয়ে-লৃগাং। কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙক সম্পূর্ণ পৰম্পৰা, ৰীতি-নীতি আৰু বৰ্ণাঢ্য ধর্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে মিচিং গাঁৱে গাঁৱে উদযাপন কৰা হয়।

আলি আঃয়ে লৃগাং (ইংৰাজী: Ali-Ai-ligang) অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ।

কৃষিজীৱী মিচিংসকলে অতীজৰে পৰা কৃষিভিত্তিক আলি-আয়ে-লৃগাং উৎসৱ পালন কৰি আহিছে। অতীজৰে পৰা নৈপৰীয়া অঞ্চলত বসবাস কৰি কৃষিকাৰ্য আৰু পশুপালনকে জীৱিকাৰ সম্বল হিচাপে লৈ জীৱন নিৰ্বাহক কৰা মিচিংসকলৰ প্ৰায় ভাগ উৎসৱেই প্ৰকৃতিৰ লগত সম্পৰ্কিত। বুধবাৰটো মিচিংসকলৰ বাবে পৱিত্ৰ তথা মাংগলিক দিন। সেয়ে বুধবাৰে আৰম্ভ কৰা হয় লৃগাং উৎসৱ। আলি-আয়ে-লৃগাঙৰ অৰ্থ হ'ল— 'আলি' মানে মূল বা আলু, 'আয়ে' মানে ফল বা গুটি আৰু 'লৃগাং' মানে শস্যৰ বীজ বা কঠীয়া সিঁচা বা ৰোপণৰ আৰম্ভণিৰ দিন। কৃষিজীৱী মিচিংসকলে শস্য ৰোপণ বা শস্যৰ বীজ সিঁচাৰ বাবে ধৰিত্ৰীৰ বুকুত আঁচোৰ মৰাৰ কাৰ্যৰ লগে লগে ধৰিত্ৰীৰ অধিক উৰ্বৰতা শক্তি আৰু মাটিৰ বুকুত থাকি শস্য যাতে নষ্ট নহয় আৰু পোক-পৰুৱা, বনৰীয়া জীৱ-জন্তু আৰু প্রাকৃতিক দুর্যোগ আদিয়ে যাতে অনিষ্ট নকৰে তাৰ কাৰণে সৃষ্টিকর্তা, দঃঞি-প:ল, পূর্ব-পুৰুষ, দেৱ-দেৱী আৰু অপ-দেৱতাসকলৰ ওচৰত মিনতি জনাবলৈ পালন কৰা উৎসৱেই আলি-আয়ে-লৃগাং উৎসৱ।


লৃগাঙৰ দিনা পথাৰত শস্যৰ বীজ সিঁচা বা ৰোপণ কৰা কাৰ্য সকলো মিচিঙৰ পৱিত্ৰ কৰ্ম। লৃগাঙৰ প্ৰথম দিনা অর্থাৎ ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা পুৱাৰ ভাগতে ঘৰৰ মুখীয়ালজনাই বাৰী বা পথাৰৰ একোণত এডোখৰ মাটি চাহ কৰি লৈ মাটিডোখৰৰ চাৰিওফালে 'পি:ৰ' (মেগেলা) গছ গুজি দি সৃষ্টিকর্তা, আইবসুমতী, বৰুণ দেৱতা, লখিমী আই, শস্য অনিষ্ট কৰিব পৰা দেৱ-দেৱী আৰু পোক-পৰুৱা আটাইকে মিনতি কৰি আনুষ্ঠানিকভাৱে শসাৰ জটি বোৱা বা সিঁচাৰ আৰম্ভণি কৰি বছৰটোত শস্য ভাল হোৱাৰ প্রার্থনা কৰে। এইখিনি মাংগলিক কাৰ্য যথাৰীতিৰে সম্পন্ন কৰা হয়। কঠীয়া বোৱা বা সিঁচা আৰম্ভ কৰা ব্যক্তিজনে ঘৰলৈ ঘূৰি আহি প্ৰথমেই লৃগাঙৰ যাৱতীয় উপাদানভাগ জুহালৰ চাৰিকোণত উপৰিপুৰুষ, ডা-ডাঙৰীয়া লগতে গোত্র দেৱতালৈ আগবঢ়োৱাৰ পিচত নিজেও গ্রহণ কৰে। লগে লগে ঘৰখনত লৃগাঙৰ দুৱাৰ উন্মোচন হয়। পোৰাং, প:ৰ আপং, ঙচান, তাকে, দিনচান আদিয়েই লৃগাঙৰ প্রধান খাদ্য। একেদিনাই গাঁৱৰ ৰাইজেও সমূহীয়াকৈ যথাৰীতিৰে মুৰংঘৰত মাংগলিক কার্যৰ লগতে লোকনৃত্য-গীত আদি পৰিৱেশন কৰি ৰং ৰহইচ আৰু প্ৰীতি-ভোজমেলৰ মাজেৰে লৃগাং পালন কৰে। ডেকা-গাভৰুসকলে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ দহ-বাৰ দিন ধৰি গুমৰাগ চ:মান কৰি গৃহস্থক আশীৰ্বাদ দিয়ে। এনেদৰেই জাতীয় উৎসৱ আলি-আয়ে লৃগাং জীয়াই আছে প্রতিজন মিচিৎ লোকৰ প্ৰাণস্পন্দন।

 

লৃগাঙত শিমলু-কম্বং ফুলৰ ৰঙে ৰঙীয়াল কৰি তোলা মিচিং ডেকা-গাভৰুৱে গুমৰাগ নৃত্য আৰু অইনিঃতমৰ সুৰত মতলীয়া হয়। ডেকা-গাভৰুৰ ওঠৰ পৰা অবিৰাম গতিত নিগৰিত প্রেম-বিৰহ-বেদনাৰ অইনিঃতমৰ সুৰত মুখৰতি হৈ পৰে আকাশ-বতাহ। এনেদৰে প্ৰতিজন মিচিঙৰ প্ৰাণস্পন্দনত জীয়াই থকা লৃগাং উপলক্ষে মিচিং জাতিৰ মন ৰঙেৰে ভৰে। লৃগাঙত প্রতিভাত হৈ জাতিটোৰ স্বকীয় কৃষ্টি-সংস্কৃতি। পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু প:ৰ আপঙেৰে অতিথিক আপ্যায়ন কৰা হয়। অলি-আয়ে-লৃগাঙৰ দুটা দিশ আছে। প্রথমটো ধর্মীয় আৰু আনটো হ'ল উৎসৱ সম্বন্ধীয়। ধর্মীয় দিশটোত জনবিশ্বাস, পৰম্পৰা, ধর্মীয় আচাৰ, নিয়ম-নীতি আছে আৰু উৎসৱৰ দিশটোত নৃত্য, গীত, ৰং-ৰহইচৰে ভৰা। 


মিচিংসকল দীঘলীয়া প্ৰব্ৰজনৰ মাজেৰে ভৈয়ামলৈ আহি নিগাজিকৈ বসবাস কৰিবলৈ লয়। পাহাৰত বাস কৰাৰ সময়ত মিচিংসকলেও ঝুম পদ্ধতিৰে কৃষি-কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিছিল। এই কৃষি চৰ্চাৰ পটভূমিতে কালক্ৰমত আলি-আয়ে-লৃগাং উৎসৱৰ সৃষ্টি হ'ল। আলি-আয়ে-লৃগাং উৎসৱ উৎপত্তিৰ কিংবদন্তিমতে— এসময়ত দঃঞি প:লৰ কোপ দৃষ্টিত মর্ত্যবাসীয়ে এক ভয়ংকৰ দুর্ভিক্ষৰ সন্মুখীন হ'ব লগা হয়। খাদ্য সামগ্ৰীৰ অভাৱত মৰ্ত্যত বাস কৰা মানৱ জাতিকে ধৰি সকলো জীৱ জগতৰে অৱস্থা সংকটজনক হৈ পৰিছিল। তেনে সময়ত মানৱ জাতিৰ প্রথম পুৰুষ আবতানিয়ে তাৰ প্ৰতিকাৰ বিচাৰি 'ৰৌগৃ ৰৌগাম'লৈ (স্বৰ্গ ) গৈ ‘য়ৃ:ৰ জা:ৰ'ৰ (সম্পদৰগৰাকী) ওচৰ পালেগৈ। আবতানিয়ে তেওঁৰ চিকাৰ কাৰ্যত ব্যৱহাৰ কৰা 'কি:ব ইকি' (মতা কুকুৰ)ক লগত লৈ য়ৃ:ৰ জা:ৰৰ ওচৰত গৈ মৰ্ত্যত সৃষ্টি হোৱা দুর্ভিক্ষৰ পৰিস্থিতি সম্পর্কে অৱগত কৰিলে। সম্পদৰগৰাকী ‘য়ৃ:ৰ জা:ৰ'ই মৰ্ত্যত সৃষ্টি হোৱা সমস্যাৰ কথা শুনি শোকত ভাগি পৰিল। অৱশ্যে দ:ঞি-প:লৰ কোপ দৃষ্টিত মর্ত্যবাসীৰ এনে দুর্ভিক্ষ হোৱা বুলি য়ৃ:ৰ জা:ৰ'ই ইতিপূর্বে অৱগত হৈছিল। ইফালে মৰ্ত্যবাসীৰ অন্যায় অবিচাৰৰ বাবেই দ:ঞি প:লই এনে দৃষ্টান্তমূলক শাস্তি প্রদান কৰাৰ বাবে আবতানিয়ে মৰ্ত্যবাসীৰ হৈ ক্ষমা-ভিক্ষা কৰিলে। তদুপৰি ইয়াৰ প্ৰায়চিত্তৰ বাবে দ:ঞি-প:লই শুভ দৃষ্টি ৰাখিলে গাঁৱে গাঁৱে দবুৰ পূজা, পঃৰাগ উৎসৱ পাতি দ:ঞি-প:ল আৰু সকলো ইষ্ট দেৱতাক সুৱৰি প্ৰতিবছৰে পূজা কৰিম বুলি শপত খাই প্ৰতিজ্ঞাবদ্ধ হ'ল। ইপিনে দ:ঞি-প:লৰ অনুমতি নোলোৱাকৈ য়ৃ:ৰ জা:ৰ'ই আবতানিক কোনোপধ্যেই ইয়াৰ বিধান দিব নোৱাৰে। এনে পৰিস্থিতিত আবতানিক 'ৰৌগৃ ৰৌঙামত দুদিনমান অপেক্ষা কৰিবলৈ দি য়ৃ:ৰ জা:ৰ'ই দ:ঞি-প:লৰ ওচৰত গৈ মৰ্ত্যবাসীৰ সমস্ত সমস্যা সন্দৰ্ভত অৱগত কৰিলে। য়ৃ:ৰ জা:ৰ'ৰ কথাত দ:ঞি-প:লই ইতিবাচক সঁহাৰি জনাই পিচদিনাই আনতানিক মৰ্ত্যলৈ ঘূৰাই পঠোৱাৰ দিহা কৰিলে। তাৰবাবে য়ৃ:ৰ জা:ৰ'ই আবতানিয়ে লগত অনা কি:ব ইকি (কুকুৰ)ৰ দুই কাণত দুটা গুটিৰ বীজ গুজি দি মতালৈ নিৰাপদে নিব পৰাৰ ব্যৱস্থা কৰি দিলে। কাৰণ কুকুৰৰ কাণত থাকিলে বীজটো বাটত কোনো অপদেৱতাই অনিষ্ট কৰিব নোৱাৰে বুলি বিশ্বাস। ক:জৌ-পা:তাঙৰ পাৰ নোপোৱাৰ আগতে বীজাটো কুকুৰটোৰ কাণৰ পৰা উলিয়াই নল'বলৈ য়ৃ:ৰ জা:ৰ'ই আবতানিক সকীয়াই দিলে। তদুপৰি ক:জৌ পাতাং পাৰ হোৱাৰ পিচত কুকুৰটোৰ কাণৰ পৰা বীজটো উলিয়াই দ:ঞি মাতৃৰ কন্যা কাৰ্মী হাতৰ স্পর্শ কৰোৱাই কঃজৌ য়াংগত মাটি এডোকৰ চহাই দ:ঞি-প:ল আৰু অন্যান্য দেৱতাসকলক স্তুতি কৰি বীজাটো ৰোপণ কৰিবলৈ পৰামর্শ দিলে। য়ৃ:ৰ জা:ৰ'ৰ বিধানমতে পিচদিনা আবতানিয়ে মৰ্ত্যলৈ আহি কঃজৌ পাংতাঙৰ পাৰত চহাই থোৱা মাটিত চাৰিজোপা মেগেলা গছেৰে সীমা নির্ধাৰণ কবি দ:ঞি-প:ল আৰু অন্যান্য দেৱতাসকলক স্তুতি কৰি য়ৃ:ৰ জা:ৰ'ৰ পৰা অন্য বীজটো ৰোপণ কৰে। এনেদৰে ৰোপণ কৰা কাৰ্যৰ পৰাই সৃষ্টি হ'ল আলি-আয়ে লৃগগদ আৰু কালক্ৰমত বিকাশ লাভ কৰি আজিৰ পৰ্যায় পাইছেহি আলি-আয়ে-লৃগাং উৎসৱ।


অসমৰ অন্যতম ভূমিপুত্র জনগোষ্ঠী মিচিংসকলৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাং মূলত: কৃষিভিত্তিক উৎসৱ। সেয়ে ক’ব পৰা যায় লৃগাঙত কৃষি-মাংগলিক দিশটোক যেনেকৈ গুৰুত্ব দিয়া হয়, তেনেকৈ মিচিংসকলৰ সমাজ জীৱনক আলোকিত কৰি ৰখা বৰ্ণাঢ্য লোককলা-সংস্কৃতিয়েও সমানে গুৰুত্ব লাভ কৰে। মিচিং সমাজ আৰু জীৱনক কৃষিভিত্তিক জনবিশ্বাস আৰু পৰম্পৰাই আৱৰি ৰাখিছে। কৃষিভিত্তিক জনবিশ্বাসে বিভিন্ন উৎসৱ-পাৰ্বণৰ সৃষ্টি কৰিছে। পৰম্পৰাগত বহু ৰীতি-নীতি প্রথাই বিভিন্ন জনবিশ্বাসৰ জন্ম দিছে। বিভিন্ন জনবিশ্বাস, পৰম্পৰা, উৎসৱ পার্বণ, বর্ণাঢ্য লোককলা-কৃষ্টিয়ে মিচিং জাতিৰ ঐতিহ্যক বর্ণময় কৰি ৰাখিছে। কৃষিজীৱী মিচিং মানুহৰ জীৱনজোৰা শ্রমক এফাকি অই-নিঃতম আৰু এপাক নাচোলে মহীয়ান কৰি ৰাখিছে। এনেদৰে লৃগাঙে যুগে যুগে সমৃদ্ধ কৰি আহিছে মিচিংসকলৰ স্বকীয় লোক-সংস্কৃতিৰ ভেটি।


মিচিংসকলৰ কৃষিভিত্তিক জাতীয় উৎসব আলি-আয়ে লৃগাঙৰ ওলগ আৰু শুভেচ্ছা সকলো সংস্কৃতিপ্ৰেমী ৰাইজক যাচিলোঁ। 

লেখকৰ প্ৰকাশিত আনবোৰ লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/ROYAL_PEGU 

তেখেতৰ ম'বাইল : 9954638967

No comments:

Post a Comment