হাস্য-ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য-ব্যংগৰে সত্যৰ সন্ধান

হাস্য-ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছে ‘অক্ষম ছেবা’ নামৰ এখন বাৰ্ষিক ভাওনা। মূল ভাওনাৰ আগে আগে ‘কনিষ্টবলেৰে পকেটচেক’ নামৰ এখন নৃত্য নাটিকাও ব্লকে ব্লকে অনুষ্ঠিত হোৱা বুলিও খবৰ পোৱা গৈছে।

২. এইবাৰ মেট্ৰিকৰ বহী গৰুৱে খাব নে প্ৰশ্নকাকত, তাকে লৈও সদৌ অসম গো-মাতৃ সংঘ একমত হব নোৱাৰা বুলি বাতৰি প্ৰকাশ পাইছে। সেয়ে কোনো ভক্ত সন্তানে মাতৃ-সমাজ সুস্থিৰ সিদ্ধান্তলৈকে নহালৈকে পৰীক্ষাৰ দিন পিছুৱাই দিবলৈকে পেপাৰ লিক কৰা বুলিও গোপন সূত্ৰই সন্দেহ প্ৰকাশ কৰিছে।

৩. চিচি কেমেৰা স্থাপন কৰি নকল ৰোধ কৰিবলৈ খৰছী প্ৰচেষ্টা হাতত লোৱা স্কুল সমূহতো পোহৰৰ অভাৱত মমবাতি জ্বলাই পৰীক্ষা দি বিশ্ব অভিলেখ গঢ়িলে অসমে। ইয়াৰ বাবে বিভাগীয় মন্ত্ৰীলৈ সদাশয় অভিভাৱক সন্থাই জনালে অভিনন্দন।

৪. ৰাজ্য জুৰি কিশোৰ-কিশোৰীক গিনিপিগ বনোৱাৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে সদৌ অসম মেট্ৰিক পতা সংস্থা। ইমান বিশাল হাৰত গিনিপিগ সজোৱাৰ অভিলেখ বিশ্বৰ কোনো প্ৰান্ততে পাবলৈ নাই বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

৫. ফাইভ ষ্টাৰত মিটিং পতা চৰকাৰ চাহাবে মেট্ৰিক পৰীক্ষাত গ্ৰাফ পেপাৰ যোগান নিদি টকা ৰাহি কৰাৰ বিশেষ সফলতাৰ কথাও পোহৰলৈ আহিছে। 

৬. এনআৰচিৰ বাবে চৰকাৰ মহোদয় অতিশয় দায়বদ্ধ বুলি পুনৰবাৰ দোহাৰিছে প্ৰৱক্তাই। সেয়ে এনআৰচি প্ৰকল্পৰ ব্যয়ৰ বাবে পুঁজি যোগান নধৰি দীৰ্ঘদিনৰ বাবে এই দায়বদ্ধতা ধৰি ৰখাৰ ব্যৱস্থাও কৰা বুলিও গোপন বাতৰি প্ৰকাশ পাইছে।

৭. গোৰেশ্বৰত ক’লা বজাৰত সৰ্বশিক্ষাৰ ইউনিফৰ্মৰ ক’লা জোতা বিক্ৰীৰ খবৰ। বগা জোতা দিয়া হ’লেই ক’লা বজাৰত বিক্ৰী হোৱাটো ৰোধ কৰিব পৰা গ’ল হেতেন বুলিও কেৰেণী গগৈদাই মত প্ৰকাশ কৰিছে।

৮. নাগালেণ্ডতো এইবাৰ অৰুণাচলৰ ভাওনাৰ পুনৰাবৃত্তি। ‘কাইলৈ মুখ্যমন্ত্ৰী কোন’ নামৰ ভাওনাখনৰ পূৰ্ব-প্ৰস্তুতি কাজিৰঙাৰ টুৰিষ্ট লজতে পূৰ্ণদ্যমে চলি থকাৰ কথাও বাতৰিত প্ৰকাশ।

৯. সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছে অসমীয়া অশ্লীল, বজৰুৱা আৰু বিজাতৰীয়া মিউজিক ভিডিঅ’ নিৰ্মাণ প্ৰতিযোগিতা। অশ্লীলতাৰ জৰিয়তেই আমি অসমীয়া ভিডিঅ’ক বিশ্বমুখী কৰিব পাৰিমেই বুলিও সদৌ অসম বজৰুৱা মিউজিক ভিডিঅ প্ৰযোজক সন্থাই দৃঢ়তা প্ৰকাশ কৰিছে।

১০. সদৌ অসম ভিত্তিত ব্লেকমেইলিং ভিডিঅ নিৰ্মাণৰো প্ৰতিযোগিতা চলাৰ কথাও গোপন সূত্ৰত প্ৰকাশ পাইছে। অভিসাৰী বিধায়কক এই ক্ষেত্ৰত আগস্থান দিবলৈকো প্ৰতিযোগী সকললৈ আয়োজক মহলে আহ্বান জনাইছে।

1 comment:

  1. লুকেল গুজব পঢ়ি বৰ ভাল লাগে । হাস্য ব্যংগৰে সত্যৰ সন্ধান কৰা বাতৰিলেখনৰ এই ধাৰাটোৰ চৰ্চ্চা অব্যাহত ৰাখিব লাগে ।

    ReplyDelete