আজীৱন আদৰ্শত অস্খলিত কৰ্মযোগী-দীৰ্ঘজীৱী অৱনী বৰঠাকুৰ
ৰিপুঞ্জয় গগৈ
সেই তেতিয়াই , মেট্ৰিক পৰীক্ষা দিয়াৰ সময়লৈকে তেওঁ হৈছিল এজন কমিউনিষ্ট হিচাপে জনাজাত ল'ৰা। নাজিৰাত থকা অসম কোম্পানীয়ে নাজিৰা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা জনক উচ্চ শিক্ষাৰ বাবে কুৰি টকীয়া জলপানি দিছিল । নিয়মমতে তেওঁ এই জলপানি পাব লাগিছিল । কাৰণ তেওঁ সেইবাৰ নাজিৰা স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল । পিছে সেই 17/18 বছৰৰ বয়সতে তেওঁৰ "কমিউনিষ্ট কুখ্যাতি"ৰ বাবে তেওঁ সেই মেধা বঁটাৰ পৰা বঞ্চিত হ'ল । সেয়া আছিল 1947_48 চনৰ কথা । ইয়াৰ পৰৱৰ্ত্তী দীঘলীয়া জীৱন কালতো তেওঁ সেই কৈশোৰতেই গ্ৰহণ কৰা তেওঁৰ আদৰ্শৰ ৰঙা পোছাক যোৰ কেতিয়াও নুখুলিলে। আজীৱন অবিৰত অস্খলিত হৈ থাকিল তেওঁৰ সেই কৈশোৰৰ আদৰ্শত।
তেওঁৰ বয়স যেতিয়া নব্বৈৰ উপকণ্ঠত তেতিয়াও তেওঁ কমিউনিষ্ট আদৰ্শক কেনেদৰে বৌদ্ধিকভাবে দৃঢ়তাৰে দাঙি ধৰিছিল আমি তাৰ প্ৰত্যক্ষ সাক্ষী হোৱাৰ অভিজ্ঞতা হৈছিল । সেয়া 2018 চনৰ কথা । আমি জড়িত কাকতত কমিউনিষ্ট আৰু কমিউনিজমৰ বিৰুদ্ধে প্ৰৱন্ধ দুটামান প্ৰকাশ পাইছিল । লগে লগে এই নব্বৈ বছৰৰ উপকণ্ঠত থকা মানুহ জনে কমিউনিজমৰ পক্ষত থিয় দি প্ৰতিপক্ষক উচিত প্ৰত্যুত্তৰ দিলে।
অজ্ঞতাৰ বাবেই হওক অথবা বুজন নিৰ্গতালিৰে ,ধান্দাবাজিৰে কেতবোৰ লোকে কমিউনিজমৰ বিৰোধ কৰে । কুৎসা ৰটে । আমাৰ সমসাময়িক বৌদ্ধিক জগতখনতো এই কাণ্ডবোৰ সঘনে সণ্ঢালনি হৈ থাকে । পিছে কমিউনিজমৰ প্ৰতি থকা বিশেষ আবেগৰ লগতে তাৰ সম্পৰ্কে প্ৰচুৰ জ্ঞান- অধ্যয়ন থকাৰ বাবে কমিউনিজমৰ কুৎসাকাৰীক তেওঁ সততে তত্ব, তথ্য আৰু বিশ্বস্ত বিশ্লেষণেৰে চুঙা চাই সোপা দিয়া আমি দেখোঁ । যি সময়ত ক্ৰমবৰ্ধমান কমিউনিষ্ট বিদ্বেষীৰ মুখ বন্ধ কৰাৰ কমিউনিষ্টৰ সংখ্যা ক্ৰমহ্ৰাসমান সেই সময়ত তেওঁ সেই প্ৰায় নব্বৈ বছৰ বয়সতো কমিউনিষ্ট বিদ্বেষীক উভতি ধৰিলে!! কাকতত কমিউনিজমক লৈ বিবাদ বিতৰ্ক হোৱা কাকতৰ অনেক পঢ়ুৱৈয়ে অনুমানেই কৰিব নোৱাৰিলে যে কমিউনিজমৰ সম্পৰ্কে অকাট্য যুক্তি তথ্য দাঙি ধৰা লেখকজনৰ বয়স নব্বৈৰ কাষ চপা বুলি।
অসমৰ প্ৰথম কমিউনিষ্ট (বেনাৰস বিশ্ববিদ্যালয়ৰ ছাত্ৰ) জগন্নাথ ভট্টাচাৰ্যৰ ভাগিন এইজন । মাতুল বংশৰ প্ৰভাৱ বুলি কথা এটা আছে । ভাগীন কৃষ্ণকান্ত সন্দিকৈৰ ওপৰত যিদৰে নিচায়েক (মামাক) গোহাঁঞি বৰুৱাৰ প্ৰভাৱ পৰিছিল সেইদৰে জগন্নাথ ভট্টাচাৰ্যৰ প্ৰভাৱ পৰিছিল এই ভাগিনিয়কৰ জীৱনত ।
স্কুলীয়া কালতেই জনাজাত কমিউনিষ্ট হোৱা আৰু নিজৰ নব্বৈ বছৰৰ বয়সতো কমিউনিজমৰ বুদ্ধিদীপ্ত তাত্বিক আলোচনা কৰিবলৈ সক্ষম হোৱা এইজন জাত কমিউনিষ্ট হৈছে অবনী বৰঠাকুৰ ।
দীৰ্ঘজীৱনেৰে (1929_2024) বিশাল -বিচিত্ৰ অভিজ্ঞতা বুটলা এই আদৰ্শবাদী লোকজনে নিজকে কেতিয়াও কতো কমিউনিষ্ট নেতা বুলি কোৱা নাই । বৰঞ্চ তেওঁৰ বিশাল 400 পৃষ্টাৰ আত্মজীৱনীখনত নিজকে এজন কমিউনিষ্ট কৰ্মী বুলিহে পৰিচয় দিছে । অথচ অসমৰ কমিউনিষ্ট আন্দোলনৰ তেওঁ আছিল এজন অগ্ৰগামী নেতা । 2018 চনত প্ৰকাশ হোৱা তেওঁৰ আত্মজীৱনী খনৰ নাম হৈছে _"অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কৰ্মীৰ আত্মকথা"। গুৱাহাটীৰ বিদ্ব্যত সমাজৰ উপস্থিতিত উন্মোচন হোৱা এই আমাৰ দেশ -ৰাজ্যৰ বিশেষ কালখণ্ডৰ দলিল -দকুমেন্ট অথবা তথ্যভাণ্ডাৰ হোৱা Foam আত্মজীৱনী খনৰ এক দীঘলীয়া পৰ্যালোচনা মই তেতিয়াই তপতে তপতে কাকতত লিখিছিলোঁ ।
বয়সৰ ফালৰ পৰা মোৰ দেউতাৰ বয়সৰ আৰু আদৰ্শ ফালৰ পৰা মোৰ দেউতাৰ কমৰেড অবনী বৰঠাকুৰ মোৰ বাবে অতি ওচৰৰ অবনীদা" হোৱাৰ অনেক কাৰণ আছে । ডেৰকুৰি বছৰতকৈও অধিক কাল লগ পোৱা অবনীদাক মই মোৰ এজন "বন্ধু স্থানীয় দাদা" হিচাপেই অনুভৱ কৰি আহিছিলোঁ ।
এজন জনাজাত কমিউনিষ্ট, এজন বিশিষ্ট শিক্ষাবিদ হোৱাৰ ওপৰিও লেখক অবনী বৰঠাকুৰৰ প্ৰতি আছিল আমাৰ বিশেষ আকৰ্ষণ। আছিল সহৃদয়তা -সখ্যতা । নাজিৰাত কলেজ প্ৰতিষ্ঠা কৰি কলেজৰ অধ্যক্ষ হৈ কলেজ চলাই থাকোতে অবনী দাৰ অন্যতম ঘণিষ্ঠ ভাতৃপ্ৰতিম বন্ধু দুলাল বৰাৰ সম্পাদিত কাকতত অবনীদাই নিয়মীয়াকৈ লিখাৰ লগতে গুৱাহাটীলৈ আহিলেই বৰাদাৰ সৈতে সময় কটাইছিল । এইজন এসময়ৰ যুৱ কমিউনিষ্ট নেতা দুলাল বৰাৰ মই আকৌ অন্যতম ঘণিষ্ঠ লোক হোৱাৰ সুবাদত বৰাদাৰ ঘণিষ্ঠতা থকা অবনীদাৰ সৈতেও মোৰ ঘণিষ্ঠতা গঢ়ি উঠিছিল ।
খুউবেই ধুনীয়া সৰুফুটীয়া তজবজীয়া মানুহজন দেখাত তেনেই শান্ত সৌম্য যেন লাগিলেও তেওঁৰ ভিতৰত আছিল আদৰ্শৰ এক অগ্নিস্ফুলিংগ । যাৰ অগ্নিশিখা তেওঁৰ লেখাত আৰু ভাষণত ওলাইছিল ।
94 বছৰ বয়সতো অবনী বৰঠাকুৰ দাদাই ভিতৰত কঢ়িয়াই ফুৰা বিপ্লৱী অগ্নি স্ফুলিংগখিনি দেখি যোৱা বছৰত মই নিজেই অতি ভয় খোৱা কাণ্ড এটা হৈছিল । ভয়তে অবনীদাৰ সুপুত্ৰ শান্তনু লৈ মনত পৰিছিল এখন সভাত অবনীদাই এনেকুৱা উদ্দীপক ভাষণ দিলে যে যাৰ পৰিণতিত অবনীদাৰ বুকৰ হৃদস্পন্দন বাঢ়ি গ'ল দ্ৰুতগতিত!! Bday বছৰত আমি গুৱাহাটীৰ কলাক্ষেত্ৰত আমাৰ "বিজ্ঞান মনস্ক যাত্ৰা" গোটৰ কেন্দ্ৰীয় অভিবৰ্তন পাতিছিলোঁ । ইয়াৰ সভাপতি হিচাপে মই প্ৰস্তাৱ দিছিলো যে আমাৰ সভাত অবনী বৰঠাকুৰ দাদাই হেমেন দাস দাদা আৰু ডঃ কুলেন্দু পাঠকৰ লগতে আমাৰ সংগঠনৰ বঁটা কেইটা যুৱ বিজ্ঞান মনস্ক কৰ্মীক প্ৰদান কৰিব । সেই অনুসৰি অবনীদাই বঁটা প্ৰদান কৰি তেওঁৰ বক্তৃতা আৰম্ভ কৰিলে । অতি উদাত্ত আৰু উত্তেজিত কণ্ঠৰে অবনীদাই কবলৈ ধৰিলে যে আজি বিজ্ঞান মনস্কতাৰ বাটত থকা মূল বৈৰী বা প্ৰধান প্ৰতিপক্ষ হৈছে এই পূজা পাতল ধৰ্মী চৰকাৰখন ...." বক্তৃতা সামৰি মঞ্চৰ পৰা নামি অহা অবনীদাই মোৰ হাতখনত সজোৰে সাবতি ধৰি কলে _"ৰিপুঞ্জয়,কথাবোৰ বেছি জোৰত কলোনেকি যে মোৰ বুকুখন দেখোন বৰ বেছি কৈ ধপধপ কৰিছে !! " অলপ সময় বহাৰ পাছতহে অবনীদা শান্ত হ'লত দাদাক জীয়েক বোৱাৰীয়েকৰ গাড়ীত তুলি ঘৰলৈ পঠিয়াই দিলো ।
সিদিনা আচলতে অবনী বৰঠাকুৰ দাদাৰ 94 বছৰীয়া জৈৱিক শৰীৰটোত 30 বছৰীয়া তৰুণ এজনৰ Asked আৰু উত্তেজনাই তলবল কৰিছিল বাবেই নিজৰেই বুকৰ ঢপঢপনি বাঢ়ি যোৱাকৈ উদাত্ত ভাষণ দিলে ।
(2)
"মোৰতো কোনো আস্তানা নায়েই । আমি দুয়ো দুই এক পাৰ্টিৰ প্ৰতি সহানুভুতিশীলৰ পৰাই পা পইচা আনি কেতিয়াবা হোটেলে মোটেলে খাওঁ । ৰাতিটো পাণবজাৰত থকা পাৰ্টিৰ কাৰ্যালয়তে মোটোকা মাৰি কটাওঁ । কেতিয়াবা পাণবজাৰত থকা বন্ধু পঞ্চানন ঘোষ আদিৰ ঘৰত দুপৰীয়া খাওঁ " (আত্মজীৱনী _পৃষ্ঠা _184)
ইয়াত উল্লেখিত অবনী বৰঠাকুৰৰ লগৰজন হৈছে দুলাল খাউণ্ড। অবনী দাৰ দৰেই এই দুলাল খাউণ্ড জন একেই কমিউনিষ্ট আৰু অবনী দাৰ সহপাঠী । ছাত্ৰ কালত তেতিয়া প্ৰায় বেআইনী কমিউনিষ্ট পাৰ্টিৰ কাম কৰা কেনে প্ৰতিকূল পৰিস্থিতি আছিল তাক এই ক্ষুদ্ৰাংশ বৰ্ণনাই আভাস দিয়ে । অবনী বৰঠাকুৰ নাজিৰা কলেজৰ প্ৰতিস্থাপক অধ্যক্ষ হোৱাৰ দৰে পাছলে দুলাল খাউণ্ড হৈছিল কাকজন কলেজৰ প্ৰতিস্থাপক অধ্যক্ষ । এখেতকো মই পাছলৈ ঘণিষ্ঠ ভাবে পাইছিলোঁ । অবনী দাৰ তাহানিৰ কটনৰ সহপাঠী আৰু ছাত্ৰ ফেদাৰেছনৰ লগৰীয়া আছিল পাছলৈ সুখ্যাত ডঃ জয়ন্ত মাধব আৰু ডঃ দেব প্ৰসাদ বৰুৱা । কেশব মহন্তও আছিল । কটনৰ সহপাঠী হিচাপে নিৰুপমা তামুলী (পাছলৈ বৰগোহাঞি ) অবনী দা হঁতৰ সহযোগী আছিল। কটনত পঢ়ি তেতিয়া ছাত্ৰ ফেদাৰেছনৰ দায়িত্ব লোৱা আৰু তাত ব্যস্ত হোৱা কথাবোৰ আজিৰ বহুতৰ বাবেই খুউবেই চিনেমেটিক ঘটনা হব । পুলিচৰ খেদা , প্ৰশাসনৰ সৈতে দ্বন্দ্ব সংঘাত আৰু লুকাভাকুবোৰ কেনে ৰোমাঞ্চকৰ!! এবাৰ এজন গজীন্দ্ৰ পুলিচক এই সৰুফুটীয়া ছাত্ৰজনে মানে আমাৰ অবনীদাই ভৰিত ধৰি বগৰাই পেলোৱা আদি ঘটনাবোৰ আনৰ দৃষ্টিত ৰোমাঞ্চকৰ আছিল যদিও সেই ভুক্তভূগী অকণমান ল'ৰাজনৰ কথা ভাবিলে দুখ এখিনিৰ সৈতে তেওঁলৈ আমাৰ মৰম এখনিও উজাৰ খাই নাহিবনে ?
1952 চনত গুৱাহাটী বিধান সভাৰ কমিউনিষ্ট বিধায়ক গৌৰীশংকৰ ভট্টাচাৰ্যক নিৰ্বাচনত জয়ী কৰিবলৈ ছাত্ৰ ফেদাৰেছনৰ অবনী বৰঠাকুৰ সকলে কেনেকৈ খাটিছিল সেইবোৰ কথা আজি সাধুকথা যেনেই লাগিব । (স্পষ্টবাদী অবনী বৰঠাকুৰে আকৌ ভট্টাচাৰ্যৰ আত্মজীবনী "সবিনয় নিবেদন "ৰ তথ্য ভ্ৰান্তিৰ কথা ও কৈছে)
শিৱসাগৰৰ চন্টক বাগিচাৰ আন্দোলন অথবা অন্য ঠাইত পতা ছাত্ৰ ফেদাৰেছনৰ সভাবোৰত তাহানিতে বৰঠাকুৰ দাদাই কিদৰে নিজকে জড়িত কৰিছিল, দেহেকেহে খাটিছিল তাৰ ছবিখন পাওঁ তেওঁৰ আত্মজীৱনীখনত।
কমিউনিষ্টৰ পৰিয়াল হোৱাৰ বাবে তেতিয়াৰেই কটনিয়ান শিক্ষক দেউতাক আৰু চাকৰি কৰা ককায়েকৰ জেললৈ যোৱা অথবা চাকৰি যোৱা ঘটনাবোৰ ঘটিছিল অবনীদাৰ পৰিয়ালত । এবাৰ অবনীদাৰ নাজিৰাৰ ৰজাপুলৰ ঘৰ পৰ্যন্ত চৰকাৰে ক্ৰোক কৰিছিল । অবনী দাৰ কমিউনিষ্ট পৰিচয়ৰ বাবে স্কুল কলেজৰ নিযুক্তিৰ ক্ষেত্ৰতো সমস্যা হৈছিল । পিছে তেওঁ সকলোৰে সৈতে মিলিব পৰা আৰু পৰিশ্ৰম কৰা গুণৰ বাবে বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি কেইবাটাও শিক্ষানুষ্ঠান নিজেই গঢ়ি তুলিছিল । এচাম বিদ্যানুৰাগীৰ যত্নত আমাৰ গাঁও চহৰত কিদৰে বিদ্যালয় মহাবিদ্যালয়বোৰ গঢ় লৈ উঠিছিল তাৰ জীৱন্ত সাক্ষী বা উদাহৰণ হৈছে অবনী বৰঠাকুৰ দাদা । নাজিৰা চকিমুখ স্কুলৰ পৰা নাজিৰা কলেজলৈকে বহুকেইখন শিক্ষানুষ্ঠান গঢ়িছিল অবনী বৰঠাকুৰ দাদাই ।
জীৱনৰ বহুমাত্ৰিকতাৰে আৰু মুক্ত দৃষ্টিৰে অবনী বৰঠাকুৰ দাদাই জীৱনৰ শেষৰ ফালে গান্ধীৰ নব মূল্যায়নৰে এখন গ্ৰন্থ লিখিছিল । এজন মানুহৰ আদৰ্শ কেবল তেওঁৰ ৰচনাতেই প্ৰতিফলিত নহয় । সেয়া তেওঁৰ পৰিয়ালৰ মাজতো প্ৰকাশ পায় । অবনী বৰঠাকুৰ দাদা এজন আদৰ্শ বান পুত্ৰৰ দেউতাক । দুজনী আদৰ্শ বান ছোৱালীৰ পিতৃ তেওঁ । বাইদেউও এগৰাকী সাদৰী সুশিক্ষয়িত্ৰী ।
অবনী বৰঠাকুৰৰ দাদাৰ সম্পৰ্কে মোৰ এটা সুখকৰ স্মৃতি হৈ থকা দৃশ্য হৈছে যে যিজন অবনী দাদাই তাহানিতে পাৰ্টিৰ কামত লাগি নিজাকৈ চাইকেল এখনো লব নোৱাৰিছিল সেই অবনী দাই তেওঁৰ 85_95 বছৰ বয়সত যেতিয়া গুৱাহাটী সভা সমিতিবোৰলৈ আহে তেতিয়া তেওঁক হয় ডাক্তৰণী জীয়েক নতুবা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বোৱাৰীয়ে (ৰিকি গগৈ) স্ক্ৰ'পিয় বা বলেৰোত নিজেই চলাই অনা নিয়া কৰা মনোৰম দৃশ্যটো । অনেক সুৰীয়া স্মৃতিৰে অবনী বৰঠাকুৰ দাদা আমাৰ মনত সদায়ে সজীৱ হৈ থাকিব ।
লেখকৰ ফোন নম্বৰঃ 9854846272, ২ আগষ্টত অৱনী বৰঠাকুৰৰ আদ্যশ্ৰাদ্ধ উপলক্ষ্যে আমাৰ অসম কাকতত প্ৰকাশিত
No comments:
Post a Comment