প্ৰৱন্ধঃ গছে-বিৰিখে লৃগাঙৰ বতৰা :: মানস প্রতিম দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ গছে-বিৰিখে লৃগাঙৰ বতৰা :: মানস প্রতিম দত্ত

প্ৰৱন্ধঃ গছে-বিৰিখে লৃগাঙৰ বতৰা :: মানস প্রতিম দত্ত

Share This

গছে-বিৰিখে লৃগাঙৰ বতৰা
মানস প্রতিম দত্ত

আবতানি গোষ্ঠীৰ অন্তর্গত মিচিং সম্প্ৰদায়ৰ লোকসকল ভৈয়ামলৈ অৰুণাচল প্ৰদেশৰ ছিয়াং আৰু সোৱণশিৰি জিলাৰ পাহাৰবোৰৰ মাজেৰে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত নামি আহি অসমত প্রৱেশ কৰে। অসমত আহি সমিলমিলেৰে একেলগে বাস কৰিবলৈ লোৱা এই জাতিটোৱে নিজকে মিচিং বুলি পৰিচয় দিবলৈ আৰম্ভ কৰে। মিচিং শব্দটো দুটা শব্দ ‘মি’ আৰু ‘চিং’ৰ সমষ্টি। এই শব্দৰ অৰ্থ হ’ল মি মানে মানুহ আৰু চিং মানে আত্মীয় বা একে ভাষা সংস্কৃতিৰ লোক। ভাষা সংস্কৃতিৰ সাদৃশ্য আৰু নান্দনিক অনুভূতি সম্পর্কে অধ্যয়নে জাতিটোৰ উত্তৰণমুখী চিন্তা আৰু সঠিক বুৰঞ্জীৰ বাট বহন কৰে। ব্রহ্মপুত্র উপত্যকাৰ ভৈয়ামত বসবাস কৰা মংগোলীয় সংস্কৃতিৰ পৰম্পৰাৰে স্বকীয় বৈশিষ্ট্যপূর্ণ জাতি-জনগোষ্ঠী সমূহৰ ভিতৰত মিচিং জনগোষ্ঠী অন্যতম।

ALI AYE LIGANG, MISHING TRIBE, TRIBAL, ASSAM, MISING, আলি আয়ে লিগাং, GOOGLE, অসমীয়াৰ সুখ-দুখ, XUKHDUKH

ঐক্য আৰু সম্প্রীতিৰ সংমিশ্রণত গঢ় লৈ উঠা অসমৰ জনগোষ্ঠীসমূহৰ অন্যতম মিচিংসকল। মিচিংসকলৰ আদিম বাসস্থান আৰু প্রব্রজন সম্পর্কে ৰয়েল পেগুৰ ‘সমাজ-সংস্কৃতি আৰু অন্যান্য’ গ্রন্থৰ ‘আদিম বাসস্থান আৰু প্রব্রজন মিৰি-মিচিং নামৰ উৎপত্তি’ নামৰ নিবন্ধত লিখা মতে- চীন দেশৰ দক্ষিণ-পশ্চিমৰ হোৱাংহো আৰু ইয়াংচিকিয়াং নদীৰ উপত্যকাৰ পৰা মিচিংসকল প্রব্রজন কৰি অহা বুলি ইতিহাসবিদসকলে ঠাৱৰ কৰিছে।


ডা: নোমল চন্দ্র পেগুৱে ‘মিচিংসকলৰ ইতিবৃত্ত আৰু সংস্কৃতি’ নামৰ গ্রন্থত মিচিং-আদিৰ আ:বাং-কিম্বদন্তিৰ উদ্ধৃতি দি লিখিছে- মিচিং-আদি জনগোষ্ঠীৰ কিম্বদন্তিমতে ‘য়ালুম্-চিয়াং’ নামৰ উল্লেখ পোৱা যায়। এই নৈৰ পাৰতে ‘দগনৌ আৰু তাদগ্’ নামৰ দুবিধ মূল্যবান পাথৰ পোৱা গৈছিল যিবোৰ আজিও সম্ভ্রান্ত মিচিং পৰিয়ালত সুৰক্ষিত হৈ আছে।


নোমল চন্দ্র পেগুৱে আকৌ লিখিছে যে- য়াৰলুং চাংপ নৈৰ অৱবাহিকাৰে পূবলৈ আহি থকা মিচিংসকলৰ একাংশ পো নদীৰ উপত্যকাত থাকি গৈছিল যিডোখৰ ঠাইক এতিয়া পেমাকু নামেৰে জনা যায়। তাৰ পাছতে তেওঁলোক দচিং গিৰিপথেৰে আহি কিলিংকাগৌ নামৰ ওখ পাহাৰত বসবাস কৰিবলৈ লয়।


আদি লেখক ড০ টাই ঞৰি আৰু তালম ৰুকবৰৰ মতে, এই কিলিংকাগৌতে আদি সকলে পুনৰ মিচিংসকলক লগ পাইছিল।


লেখক ৰয়েল পেগুৰ মতে মিচিংসকল ভৈয়ামলৈ নামি অহাৰ সঠিক তথ্য পাবলৈ নাই যদিও তেৰ শতিকাৰ মাজভাগত তেতিয়াৰ চুতীয়া শাসিত শদিয়াত প্রৱেশ কৰি তাৰ দুই শতিকাৰ পাছত ব্রহ্মপুত্র উপত্যকালৈ প্রব্রজন আৰম্ভ কৰিছিল।


মিচিংসকলৰ মাজত প্রব্রজনৰ বেলিকাও গাইগুটীয়াকে থকাৰ প্রৱণতা আছিল। ড০ জৱাহৰজ্যোতি কুলি সম্পাদিত The Mishing: Their History and Cultureত ডম্বৰুধৰ নাথে মিচিং জনগোষ্ঠীয়ে অকলশৰীয়াকৈ থকা বা বসবাস কৰিব বিচৰা প্রৱণতাৰ বিষয়ে লিখিছে – Mishing lives in hills in isolation having no contacts with plain regions where states of tribes had already been formed. The habit of living in isolation is a legitimate heritage of the tribe from China which waspossibly their original habitate and this can be shown by the fact that the Chinese till the beginning of the 17th Century believed in isolation and contact with any outside was not only prohibited but also hated.


অইবৰাম পায়েং (২০০৯)-এ তেওঁৰ এটা প্রবন্ধত লিখিছে- One more reason to belive that both the Adis and Mising lives here in nearby areas at the contemporary period that once daring the possible outbreak of an inter-village war spies sent by the Damro village minutely observed and Lengko Kobang- which helped the Padam people to make a country boat for using in the communal war. Still Padam Miri Ponung sing: Doley lengko, kobang bi, Ngolum, Etkung Pabito, Ngolum Miri gogbot, Kimoni Kolioi Oiyong ga. It is comparatively and historically proved that major Miri (Missing) people has been migrated down from Pasi Padam and Minyong area since 16th Century. Now they are settled in various places of Assam and Arunachal Pradesh.


Tribal Research Institute, Assam ৰ Tribes of Assam ( Part – 1)ত বি এন বৰদলৈ, জি চি শর্মা ঠাকুৰ আৰু এম চি শইকীয়া (১৯৮৭)-এ লিখিছে-“It is truism that the Mising were originally a hill tribe within the ranges of the Abor, Miri and Mishmi hill of the erstwhile NEFA (North East Frontier Agency) now known as Arunachal Pradesh. They came to the plains before the reign of the Ahom kings who ruled over Assam for more than 600 years beginning 1228 AD and since then began settling in the riverside areas of the Brahmaputra valley and the Subansiri river of Assam. The exact date of their migration to the plains is still shrouded in conjecture as the Mising had no authentic records of their leaving the hill abode. However, the legends and folk stories prevalent among them throw some light in respect of their migration. It is believed that they came down to the plains on the eve of the dissolution of the Chutiya dynasty.


অৰুণাচল প্রদেশৰ সোৱণশিৰি জিলাৰ কথাও লোক-সংগীতত মিচিংসকলে আজিও গায় –

“Adi Lokke Kang Kandak

Baggum chindole

Okumso kang Abude

Brahmaputra Abude

Enolemsine Diuryadeng

Ngke Mennam Oimebui.”

গতিকে, এনেধৰণৰ তথ্য আৰু লোক-সংগীতে অৰুণাচল আৰু আদি-মিচিং সকলৰ মাজত থকা সুসম্পর্কৰ স্পষ্ট বার্তা বহন কৰে।


আগম মিগাং নাহেন্দ্ৰ পাদুনৰ ‘মিচিং ভাষাৰ জন্মৰ বিকাশ আৰু অসমীয়া ভাষা সংস্কৃতিত ইয়াৰ প্ৰভাৱ’ নামৰ পাঠত পোৱামতে মিচিং সকল ক্ৰয়োদশ শতিকা অৰ্থাত চুতিয়া বংশৰ ৰাজত্বৰ শেষ ছোৱাৰে পৰা প্ৰব্ৰজন আৰম্ভ হয়। তাৰ পূৰ্বতে মিচিং সকলৰ বাসস্থান আছিল অসমৰ উত্তৰে থকা পাহাৰ লানিত অৰ্থাত বৰ্তমানৰ অৰুনাচল প্ৰদেশৰ ছিয়াং আৰু সোৱণশিৰি জিলাৰ পাহাৰবোৰত । জানিবলৈ পোৱা মতে খেতি মাটিৰ অভাৱ দলীয় আদি বিভিন্ন কাৰণত সেই অঞ্চলৰ পৰা কিছু লোকে দলবদ্ধভাৱে ভৈয়ামলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত তেওঁলোক অসমৰ ভৈয়ামলৈ নামি আহিছিল পূৰ্বতে মিচিং নামৰ শব্দ বা জনগোষ্ঠী অৰুনাচলৰ কোনো ঠাইত পোৱা নাছিল । ভৈয়ামলৈ অহাৰ পাছত মিচিং শব্দতো সৃষ্টি হোৱা বুলি ধাৰনা কৰে । মিচিং শব্দৰ অৰ্থ হ’ল — মি মানে মানুহ আৰু চিং মানে আত্মীয় বা একে ভাষা -সংস্কৃতিৰ লোক । পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহি যিসকল জনগোষ্ঠীয়ে সন্মিলিত হৈ একেলগে বসবাস কৰিছিল,তেওঁলোকে নিজকে মিচিং বুলি পৰিচয় দিয়ে ।


মিচিং সকল ভৈয়ামলৈ নামি অহাৰ পিছত অসমৰ বহুতো অঞ্চললৈ প্ৰব্ৰজন আৰু সম্পসাৰণ হয় । অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শদিয়া পাচিঘাটৰ পৰা আৰম্ভ কৰি ধেমাজি জিলা লক্ষীমপুৰ, দৰং আৰু শোণিতপুৰ জিলাত মিচিঙৰ বসতি আছে । ব্ৰাহ্মপুত্ৰৰ দক্ষিণ পাৰে তিনিচুকীয়া ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী নগাঁও আৰু গুৱাহাটীকে ধৰি অসমৰ সৰ্বমুঠ ১১ খন জিলাত মিচিং সম্প্ৰদায়ৰ বিস্তৃতি হৈছে ।

মনৰ কথাঃ অসমৰ খাদ্যৰ 'ফতোৱা' আৰু ধৰ্মৰ আফিং :: শান্তনু বৰঠাকুৰ

যোৱা ১৯৭১ চনৰ লোকপিয়ল মতে মিচিং ভাষা-ভাষীৰ সংখ্যা সৰ্বমুঠ ২,৫৯,৫৫১ জন। যদিও বৰ্তমান কাললৈ অসমত মিচিঙৰ জনসংখ্যা ১২ লাখতকৈ অধিক হোৱা বুলি অনুমান কৰা হৈছে ।


লৃগাঙৰ বতৰৰ গছ:

ফাগুনৰ বা লাগি নতুনৰ চোলা পিন্ধি অহা বসন্তৰ কোলাতে ৰঙীন হৈ ফুলে ধুনীয়া ফুলৰ পাহি। ফাগুন মানেই যেন লৃগাং, লৃগাং মানেই যেন ফাগুন । এই ফাগুনৰ বতৰৰ ধুনীয়া ফুল আৰু অন্যান্য উদ্ভিদসমূহৰ ভিতৰত পলাশ, মদাৰ, মেচাকি, ডিমৰু, শিমলু, তৰা গছ অন্যতম । মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আ:য়ে-লৃগাঙেই অসমৰ বুকুলৈ বসন্তৰ বতৰা লৈ আহে । মিচিং জনগোষ্ঠীৰ পৰম্পৰাৰ সৈতে উদ্ভিদৰ সম্পর্ক সুপ্রাচীন। চায়াং, দেলু, অয়ান, পাগৰ,চমিৰাং আদি নিজা ফৈদ অনুসৰি এই পৰম্পৰাগত উদ্ভিদৰ ব্যৱহাৰৰ তাৰতম্যও দেখা যায়।সেই উদ্ভিদসমূহ আৰু ইয়াৰ পৰম্পৰাগত ব্যৱহাৰ সম্পর্কে তলত আলোচনা কৰা হ’ল।


পলাশ: পলাশ গছৰ বৈজ্ঞানিক নাম Butea monosperma ফাগুনৰ বতৰা লৈ অহা গছ বুলিলেই আমি পলাশ গছৰ কথা ক’ব পাঁৰো। উদ্ভিদ ৰাজ্য ফেবেচিৰ অন্তর্গত পলাশ গছ প্রায় ১৫-১৭ মিটাৰ পর্যন্ত ওখ হয়। পলাশ গছৰ gumত টেনিন থাকে । ই ডায়েৰীয়া ৰোগ নির্মূল কৰাত মুখ্য ভূমিকা গ্রহণ কৰে বুলি মিচিং সকলে বিশ্বাস কৰে।

স্বাস্থ্যঃ প্ৰাক-কৰ্কটৰোগ "লিউকোপ্লাকিয়া"ৰ আধুনিক চিকিৎসা :: ডাঃ অজিত কুমাৰ পটঙ্গীয়া

মদাৰ: মদাৰ গছৰ বৈজ্ঞানিক নাম Erythrina indica মদাৰ গছ প্রায় ৬০-৮০ মিটাৰ পর্যন্ত ওখ হয়। পাতবোৰ সাধাৰণতে যৌগিক হয়। মদাৰৰ শিপা খুন্দি বিষ হোৱা স্থানত ব্যৱহাৰ কৰিলে বিষ ভাল হয় বুলি বিশ্বাস কৰা হয়।


মেচাকি: মিচিং সকলৰ মাজত অম্বে নামেৰে পৰিচিত মেচাকিৰ বৈজ্ঞানিক নাম Sarcochlamys pulcherrima । মেচাকিৰ পাতবোৰ খহটা হয়। ইয়াৰ ওপৰৰ পিঠি সেউজীয় হয়। মেচাকিত মূলত পেলু নাশক গুণ থকা বুলি বিশ্বাস কৰা হয়। মিচিং সমাজত সাধাৰণতে গাহৰিৰ লগত প্রস্তুত কৰা খাদ্যত মেচাকি ব্যৱহাৰ কৰা হয়। ই লৃগাঙত ব্যৱহৃত খাদ্যভাসৰ অন্যতম অংশ । ই ডায়েৰীয়া ৰোগ নিয়ন্ত্রণ কৰিব পাৰে । মেচাকিৰ পাত উতলাই তাৰ ৰস খালে গ্রহণী ৰোগ ভাল হয় বুলি মিচিং সকলে বিশ্বাস কৰে।


ডিমৰু : ডিমৰু প্রজাতিৰ অন্যতম Ficus roxburghiiক মিচিং সকলে তাকুক বুলি কয়। মাংস প্রকৰণত ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ইয়াৰ পাত আৰু কাণ্ড পাতত দি খালে গ্রহণী ৰোগ নিয়ন্ত্রণ হয় বুলি বিশ্বাস কৰা হয়। তদুপৰি ইয়াৰ পকা ফলটো খাবলৈ তৃপ্তিদায়ক ।


শিমলু: শিমলু গছৰ বৈজ্ঞানিক নাম Bombax ceiba। চিংঘী নামেৰে মিচিং সমাজত পৰিচিত শিমলু গছক শিপা খুন্দি খালে হাপানী ৰোগ নিয়ন্ত্রণ হয় বুলি বিশ্বাস কৰা হয়। তদুপৰি ইয়াৰ গা-গছৰ কাইট অংশ খুন্দি মুহুদি হিচাপেও ব্যৱহাৰ কৰা দেখা যায়।


তৰা গছ: তৰা গছৰ বৈজ্ঞানিক নাম Alpinia nigra । লৃগাঙৰ অন্যতম খাদ্যসম্ভাৰ পুৰাং বান্ধি ৰাখিবলৈ তৰা গছৰ পাত ব্যৱহাৰ কৰা হয়। মিচিং সমাজত প্রাকৃতিক ডিচপ’জেৱলৰএই ধাৰণা প্রকৃতি অনুকুল। যি সময়ত প্লাষ্টিক আৰু অন্যান্য স্বাস্থ্যৰ প্রতি ভাবুকি থকা সামগ্রীৰে খাদ্য মেৰিওৱাৰ ফলত বিষক্রিয়া হৈ মানুহ মৃত্যু মুখত পৰিছে সেইসময়ত তৰাপাতৰ ব্যৱহাৰে এই ভয়াবহতা ৰোধ কৰিব পাৰে।


পৰম্পৰা , পৰিৱর্তন আৰু কৰণীয়:

পৰিৱর্তন এক চিৰশ্বাশ্বত প্রক্রিয়া। বিভিন্ন জাতি-জনগোষ্ঠীৰ সান্নিধ্য আৰু একতামূলক আদান-প্রদানৰ ফলত মিচিং জনগোষ্ঠীৰো সাংস্কৃতিক পৰিৱর্তন ঘটিছে । এই পৰিৱর্তনে সাংস্কৃতিক আগ্রাসনৰো ৰূপ লোৱাৰ পথেৰে গতি কৰিছে। একো একোটা জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা থাকে মানেহে সেই জনগোষ্ঠীৰ ঐতিহ্য জীয়াই থাকিব । আচলতে সংস্কৃতিৰ ধাৰণা অনুসৰি সংস্কৃতিয়ে মানুহৰ পৰিৱর্তন ঘটায়, মানুহে সংস্কৃতিৰ নহয়। অৱশ্যে এনে ধাৰণা সমূহ চিৰস্থায়ী নহয়। জনগোষ্ঠীয় সংস্কৃতিৰ নামত ঘটি থকা বৈষম্য সমুহ দূৰ কৰাটো যেনেদৰে প্রয়োজন তেনেদৰেই জনগোষ্ঠীয় পৰম্পৰা, ভাষা সংস্কৃতি ৰক্ষা কৰাটোও প্রত্যেক জনগোষ্ঠীৰে দায়িত্ব । 

প্ৰৱন্ধঃ অসমীয়াৰ মহাপুৰুষীয়া পৰম্পৰাত কৃষ্ণ আৰু ৰাম :: ডাঃ মৃগাংক শেখৰ চলিহা

তাহানিৰ লৃগাং গৈ মঞ্চত উঠিলগৈ – এই পৰিৱর্তন সময়ৰ দাবী । কিন্তু সময়ৰ দাবী বুলি লৃগাঙৰ মঞ্চত বিকৃত ৰূপত সংস্কৃতি প্রদর্শন কৰাটো কেতিয়াও মানি ল’ব নোৱাৰি। এই ক্ষেত্রত মিচিং যুৱ প্রজন্ম দায়িত্বশীল হোৱা প্রয়োজন। সংস্কৃতি সংৰক্ষণ আৰু সংবর্ধনৰ জৰিয়তে ইয়াক জনগণৰ মাজলৈ প্রেৰণ কৰাৰ দায়িত্ব লোৱাত যুৱ প্রজন্মই আগভাগ লোৱা উচিত । লোক-গৱেষণাৰ ক্ষেত্রখনটো জনগোষ্ঠী সমূহে বিশেষ নজৰ দিয়া উচিত । উপযুক্ত তথ্য আৰু জ্ঞান অবিহনেই লোক-পৰম্পৰাক কোনো লোকে যাতে বিকৃতকৰণ কৰিব নোৱাৰে তাৰ বাবে চকু দিয়া । সমাজবিদ ই বি টেইলৰে কৈছিল – ‘Culture prevention might lead the youth generation to contamination and destruction’ । এই কথাষাৰ প্রজন্মৰ প্রতিজন ডেকা গাভৰুৱে মনত লৈ ফুৰা উচিত । নহ’লে সাংস্কৃতিক সংমিসশ্রণ আৰু আগ্রাসনে জনগোষ্ঠীয় পৰম্পৰাক ভাবুকি আনিব। সমাজ বিজ্ঞানী সকলৰ মতে এটা সংস্কৃতিৰ মাতে হোৱা মানুহে সমগ্র জাতীয় সত্বাৰ মৃত্যু ঘটা । সেয়েহে যুৱ প্রজন্মই এই দিশ সমূহ মনোযোগ দি স্বকীয় লোক-সংস্কৃতি সংৰক্ষণৰ বাবে আগভাগ লোৱা উচিত ।

লেখকৰ নিজা ব্লগত সংৰক্ষিত লেখাটিৰ লিংকঃ https://manashpratimdutt.wordpress.com/2024/02/13/plants-of-ali-aye-ligang/

No comments:

Post a Comment