চিন্তনঃ দেশৰ নিৰ্বাচন আৰু আৱেগৰ যুঁজ ::শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ   দেশৰ নিৰ্বাচন আৰু আৱেগৰ যুঁজ  ::শোণিত কুমাৰ গোস্বামী

চিন্তনঃ দেশৰ নিৰ্বাচন আৰু আৱেগৰ যুঁজ ::শোণিত কুমাৰ গোস্বামী

Share This
ৰাজনীতিৰ ক্ষেত্ৰখনত আমি সাধাৰণতে আৱেগ আৰু যুক্তিৰ প্ৰয়োগ দেখিবলৈ পাওঁ। সমাজৰ ভিন্নতা অনুসৰি আৱেগ আৰু যুক্তিয়ে কাম কৰা দেখা যায়। অশিক্ষিত ভোটাৰ সমাজে সাধাৰণতে কেৱল আৱেগত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি নেতা নিৰ্বাচনত গুৰুত্ব দিয়ে। ভাৰতীৰ প্ৰেক্ষপটত এতিয়াও আমাৰ ভোটাধিকাৰ আৱেগৰ তাড়নাতেই কোনো এটা ৰাজনৈতিক দল বা নেতাৰ পক্ষত গৈ থাকে। তাত কোনো দ্বিধা নাই। প্ৰতিটো নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত নিৰ্বাচনী বতাহ গৰম কৰি ৰখা খবৰবোৰলৈ যদি আপোনালোকে মন-কাণ দিয়ে তেন্তে বুজি পাব যে ক’ব নোৱাৰাকৈ আমি নিৰ্বাচনী বতাহত উটি-ভাহি গৈ আৱেগৰ দ্বাৰা পৰিচালিত হৈ আমি আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছো। এইবাৰো একেই হ’বগৈ নেকি কথাবোৰ, নে কিবা তাৰতম্য ঘটিব। আৱেগৰ বিপৰীতে যুক্তি আৰু তৰ্কৰ ৰাজনীতিও এই দেশত আমি দেখিবলৈ পাওঁ। সমাজ বা সমষ্টিভেদে যুক্তি-তৰ্কৰ ৰাজনীতি প্ৰদৰ্শন কৰি নিজৰ দক্ষতাৰ বলত জয়যুক্ত হোৱা নেতা তুলনামূলকভাৱে কম যদিও ভাৰতৰ ৰাজনীতিত দুৰ্লভ নহয়। এই কাৰণটোৰ বাবেই এতিয়াও ভাৰতীয় গণতন্ত্ৰৰ সৌষ্ঠৱ লাঘৱ হোৱাগৈ নাই। এয়া নিশ্চিতভাৱে আমাৰ বাবে গৌৰৱৰ বিষয়। কিন্তু গণতন্ত্ৰৰ এই সুষ্ঠ ধাৰাক লাঘৱ কৰিবলৈ আৱেগৰ ৰাজনীতি কৰা ৰাজনীতিক বা তেনে আদৰ্শ লোৱা ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধিৰ বাবেই দক্ষ ৰাজনীতিকৰ অপমৃত্যু হয় নতুবা তেওঁ সুপ্ত হৈ পৰে। ৰাজনীতিৰ বতাহজাক উত্তপ্ত কৰি ক্ষমতাৰ গাদী দখলৰ ৰাজনৈতিক প্ৰবৃত্তি ৰখা নেতা গণতন্ত্ৰৰ পৰিপন্থী কেতিয়াও হ’ব নোৱাৰে। বিগত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ অপশাসনক মূল বিষয় হিচাপে লৈ দুৰ্নীতিৰ পৰা সকাহ দিয়াৰ এটা পৰিৱেশ গঢ়ি কেন্দ্ৰত বিজেপিৰ চৰকাৰ আহিছিল। এইবাৰৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততো ভাৰতত অন্য এক ৰাজনৈতিক বতাহ বলিবলৈ আৰম্ভ কৰিছে।

এইবাৰ দেশত নিৰ্বাচনী বতাহ গৰম কৰি ৰখা বিষয়সমূহৰ মুখ্য বিষয় হৈছে পাকিস্তানৰ পৰা হোৱা পৰোক্ষ সন্ত্ৰাসবাদ আৰু ইয়াক নিৰ্মূলৰ বাবে বিজেপিয়ে লোৱা কঠোৰ স্থিতি। এই দুয়োটা বিষয় লাহে লাহে নিৰ্বাচন ঘোষণা হোৱাৰ আগৰ সভা-সমিতিৰ পৰা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছৰ সভাবোৰত চৰ্চিত হৈছে। উদ্দেশ্য এটাই- দেশপ্ৰেমৰ মন্ত্ৰ উচ্চাৰণৰে আৱেগৰ ঢৌ তুলি নিৰ্বাচনী বৈতৰণী পাৰ হোৱা। আৰু এই ক্ষেত্ৰত বিজেপি দলটোৱে এনডিএৰ হৈ আগভাগ লৈছে। এই ক্ষেত্ৰত সম্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে। প্ৰতিখন নিৰ্বাচনী সভাত এতিয়া পূৰ্বৰ কংগ্ৰেছী চৰকাৰে নকৰা বা কৰিবলৈ সক্ষম নোহোৱা কামবোৰৰ পৰা আৰম্ভ হোৱা ভাষণ বিজেপিৰ নেতৃত্বই দেশ ৰক্ষাৰ বাবে কৰা ভাষণৰ মাধ্যমৰে আগবাঢ়ি শেষ হৈছে। সেনা বাহিনীৰ ফটো যদিওবা নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিব নোৱাৰে বুলি সকীয়াই দিছে তথাপি ৰাজনৈতিক নেতৃত্বই ভাষণৰ মাধ্যমত ভাৰতীয় সেনাৰ কথা কায়দাৰে ব্যক্ত কৰি জনমত গঠনৰ প্ৰচেষ্টাত ব্ৰতী হৈছে। উদ্দেশ্য মাথো এটাই। সেয়া হৈছে দেশপ্ৰেমৰ জনমতৰে ভোটাধিকাৰ লাভ কৰা। আৱেগৰ এই ৰাজনীতিত আমি এইবাৰো ইচ্ছু মানে বিষয় ভিত্তিক নিৰ্বাচন প্ৰত্যক্ষ কৰাৰ পৰা বিৰত থাকিব লাগিব যেন পাইছো। সংবাদ মাধ্য়ম বিশেষত টিভি চেনেলত যুদ্ধদেহিং কথাবতৰাৰ নিৰ্বাচনকেন্দ্ৰীক সৰৱ আলোচনা তথা বিজেপি দলটোৱেহে দেশক সুৰক্ষিত কৰি ৰাখিৱ পৰা আদি প্ৰত্যয়জনক আলোচনাই দৰ্শকক দেশৰ অন্য বিষয়বোৰৰ পৰা আঁতৰাই লৈ গৈছে। সংবাদ মাধ্যম কোনো অজ্ঞাত কাৰণত দৰ্শকৰ মাজলৈ মূল সামাজিক বিষয়বোৰ উপস্থাপন কৰাৰ ক্ষেত্ৰত বিফল হৈ পৰিছে। তাৰ ফলত সাধাৰণ দৰ্শক, যি সকল আৱেগৰ দ্বাৰা পৰিচালিত হোৱা ভোটাৰ, আজি দেশপ্ৰেমৰ চৰ্চাত গদ-গদ হৈ পৰিছে। এই পৰিস্থিতি নিশ্চয়কৈ কোনো পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ যি নিৰ্বাচনৰ আগে আগে উত্থাপিত হৈ দেশৰ জনসাধাৰণক ৰাজনৈতিক সিদ্ধান্ত মানে ভোট দিয়াৰ ক্ষেত্ৰত আকৃষ্ট কৰে। বিজেপি দলটোৱে এই ক্ষেত্ৰত যথেষ্ট চাতুৰ্যৰ পৰিচয় দিছে। ইয়াৰ ফলত যুক্তিৰ জৰিয়তে শুদ্ধ ৰাজনৈতিক মতাদৰ্শৰ পৰিচয় দি নিৰ্বাচন খেলিবলৈ বিচৰা ৰাজনীতিক আৰু ৰাজনৈতিক দল আজি বিষয়হীন হৈ পৰাৰ লগতে জনতাৰ আস্থা জয় কৰিবলৈ সক্ষম হোৱা নাই। 

ৰাজ্যৰ ৰাজনীতিতো সেই একেই ৰাজনৈতিক চৰ্চা অব্যহত আছে। জলন্ত সমস্যা বাংলাদেশীৰ অনুপ্ৰৱেশৰ আলমত ধৰ্মীয় ৰাজনীতিয়ে এতিয়া অসমী আয়ক ৰক্ষা কৰাৰ বাবে সকলোকে আৱেগিক কৰি তুলিছে। এই ক্ষেত্ৰত ইন্ধনৰ যোগান ধৰিছে ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাৰ প্ৰত্যক্ষ নেতৃত্বত থকা প্ৰভাৱশালী নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিখন নিৰ্বাচনী-ৰাজনৈতিক সভাত প্ৰত্যক্ষভাৱে সংখ্যগুৰু তুষ্টিকৰণৰ স্থিতি গ্ৰহণ কৰি শৰ্মা ডাঙৰীয়াই অসমীয়া ৰাইজক অসমী আইক ৰক্ষা কৰাৰ বাবে মুকলি আহ্বান জনাইছে। আৰু এই আহ্বানৰ প্ৰতি স্বভাৱগতভাৱেই অসমীয়া ৰাইজে সঁহাৰি জনাইছে। ইয়াৰ মাজতেই জাতীয়বাদী দল বুলি জনাজাত অসম গণ পৰিষদ দলটোৰ বিজেপিৰ সৈতে মতবিৰোধ থকাৰ পাছতো নিৰ্বাচনৰ পূৰ্বে আকৌ এবাৰ নিৰ্বাচনী মিত্ৰতা স্থাপন কৰাৰ আঁৰৰ উদ্দেশ্যই হৈছে বিজেপিৰ বাবে পথ সুগম কৰা। অগপৰ বিজেপিৰ সৈতে হোৱা মিত্ৰতাই ভোটাৰক কংগ্ৰেছবিৰোধীস্থিতি লৈ ভোট বিজাজনৰ পৰা আঁতৰত ৰখাটোৱেই হৈছে এই মিত্ৰতাৰ কুটিল ৰাজনীতি। হিন্দু বাংলাদেশীৰ সমৰ্থনত থকা নাগৰিক সংশোধনী বিধেয়কৰ সংশয় যদিওবা অসমীয়া জাতিপ্ৰেমী ৰাইজৰ মনত উকমূকাই আছে তথাপি অসমীয়াই বিশ্বাস কৰিছে যে হিন্দুত্বৰ পক্ষত থকা বিজেপিৰ সহায়ত অসমীয়া জাতি বিপদাপন্ন নহ’য়। অৱশ্যে সেয়া এতিয়াও বিশ্বাস আৰু সংশয়ৰ মাজত।

ৰাজনীতিত তিনিটা পন্থা থাকে। এটা হৈছে সোপন্থা, দ্বিতীয়টো হৈছে বাওঁপন্থা আৰু তৃতীয় কিন্তু মুখ্য পন্থাটো হৈছে মধ্যমপন্থা। গণতান্ত্ৰিক দেশৰ নীড় গৈছে এই মধ্যমপন্থা। ভাৰতত মধ্যমপন্থাত বিশ্বাসী ৰাজনৈতিক দল কংগ্ৰেছ নিজৰ অতিপাত তুষ্টিকৰণৰ ৰাজনীতিৰ মাজেৰে নিজেই আজি দিশহাৰা হৈ পৰিছে। সেয়েহে তেওঁলোক এতিয়া মাজে মাজে সোপন্থী হৈ পৰে আৰু মাজে মাজে বাওঁপন্থী। মুঠতে ৰাজনীতিৰ শুদ্ধ নীতি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ এতিয়া দক্ষ নেতৃত্বৰ অভাৱত। আনহাতে বাওঁপন্থাৰ উপযুক্ত উপস্থাপনা নোহোৱাত তথা পুজিবাদী নীতিৰ ভোগবাদী লালসাত দিশহাৰা হোৱা ভাৰতীয় ভোটাৰ বাওঁ ৰাজনৈতিক আদৰ্শৰ প্ৰতি একে সময়ত কেতিয়াও আকৰ্ষিত হোৱা নাই। এতিয়া সেয়েহে সোপন্থাই ৰাইজক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছে। কিয়নো নিজৰ অস্তিস্তৰ সংকট বুলি অজি ভাৰতীয় সমস্বৰে চিঞঁৰি উঠিছে। যিকোনো সময়তেই মহান ভাৰতীয় ঐতিহ্য বিদেশী অপশক্তিৰ কৱলত পৰি নিঃশেষ হোৱাৰ এটা ভয় তেওঁলোকৰ মনত সোমাই গৈছে। সেয়ে ভাৰতীয় ভোটাৰক এতিয়া কেৱল ভাৰতীয় জনতা পাৰ্টীয়েহে উদ্ধাৰ কৰিব পাৰিব। বিষয় বৰ্জিত এই আৱেগিক ৰাজনীতিৰ নিৰ্বাচনৰ ফলাফলে কি ৰূপ লয় তাৰ বাবে আমি এতিয়া সকলো অপেক্ষাৰত?

1 comment: