ৰাম মন্দিৰঃ প্ৰাণ্-প্ৰতিষ্ঠাৰ পাছৰ প্ৰশ্নবোৰ
সঞ্জীত কুমাৰ বৰদলৈ
দাৰ্শনিক নীৎসেই ১৮৮২চনতে ঈশ্বৰৰ মৃত্যু হৈছে বুলি কৈ গৈছে৷ ধৰ্মৰ নামত হোৱা শোষণ,ভণ্ডামি আৰু অৱদমনৰ ৰেহৰূপ প্ৰত্যক্ষ কৰি বিশ্ববিখ্যাত জাৰ্মান দাৰ্শনিক গৰাকীয়ে ঈশ্বৰৰ মৃত্যু হৈছে বুলি কৈছিল আৰু মানুহেই ঈশ্বৰক হত্যা কৰিছে বুলি মুকলিকৈ কৈছিল৷নীৎসেই প্ৰধানকৈ খৃষ্টধৰ্মক কেন্দ্ৰ কৰি সেই কথা কৈছিল যদিও সামগ্ৰিকভাৱে সকলো ধৰ্মৰ ক্ষেত্ৰতে সেই কথা উচ্চাৰিত হৈ আহিছে৷
আমি ধৰ্মক ব্যক্তিগত পৰ্যায়ত ৰখাৰ পক্ষপাতী৷ ধৰ্ম যে আফিং সেই কথা ইতিহাসত প্ৰমাণিত হৈ আহিছে৷ বিশেষকৈ ধৰ্ম আৰু ৰাজনীতি একাকাৰ কৰাটো মানৱ সভ্যতাৰ বাবে অতি বিপদজনক৷ ধৰ্মীয় উগ্ৰতা আৰু আগ্ৰাসন কোনো সভ্য,শিক্ষিত আৰু বিজ্ঞানমনস্ক লোকৰ বাবে গ্ৰহনযোগ্য হ’ব নোৱাৰে৷সেয়ে ধৰ্মক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰা শক্তিবোৰৰ বিৰুদ্ধে আমাৰ বিৰোধ সদায় আছে আৰু থাকিব৷
পৰ্যবেক্ষণঃ ৰাম মন্দিৰত ‘প্ৰাণ’, দেশ আৰু শ্বেয়াৰ মাৰ্কেটত ‘জাগৰণ’ :: ড০ অজয় লাল দত্ত
সম্প্ৰতি অযোধ্যাৰ ৰাম মন্দিৰক লৈ যি ধৰনৰ এক ৰঙীন বাতাবৰণ গঢ়ি তোলাৰ পৰিকল্পিত চেষ্টা চলিছে তাক দেখি শুনি আমি বেচ আমোদ পাইছোঁ৷দুৰৈৰ পৰা উপভোগ কৰিবলৈ চেষ্টা কৰিছোঁ৷তাতকৈ আমাৰ কোনো বিশেষ লেনাদেনা নাই৷ মছজিদ ভাঙি মন্দিৰ নিৰ্মাণ কৰাটো আৰ এছ এছ-বিজেপিৰ এক দীৰ্ঘদিনীয়া এজেন্দা আছিল৷যিকোনো প্ৰকাৰে সেই এজেন্দা বাস্তৱত ৰূপায়িত কৰিব পাৰিছে আৰু তাৰ বাবে তেওঁলোক সূখী আৰু আনন্দত মতলীয়া হৈছে তাত আমাৰ ক’ব লগা একো নাই৷কিন্ত তাত বিশেষকৈ আমাৰ দৰে এজন প্ৰান্তীয় ভাৰতীয় হিচাপে আনকি জন্ম সূত্ৰে এজন হিন্দু হিচাপেও আমি ভক্তিত গদ গদ হৈ উচ্ছাস আৰু উদ্দীপনাৰে উৰুলিকৃত হ’ব পৰা নাই বা প্ৰয়োজনবোধো কৰা নাই৷ইয়াৰ মানে এইটো নহয় সনাতনী ধৰ্মীয় সংস্কৃতিৰ অন্যতম অংশ হিচাপে ৰাম বা ৰামায়ণৰ প্ৰতি আমাৰ শ্ৰদ্ধা,ভকতি নাই৷ আমি আমাৰ নামঘৰ,মন্দিৰৰ পৰা আঁহত তলৰ বিহু নামলৈকে ৰাম নামৰ উচ্চাৰণ কৰি আহিছোঁ৷ অসমৰ 'ৰামচন্দ্ৰৰ জয়', কিন্তু সেই ৰাম নাম বিজেপি-আৰ এছ এছ ৰ “জয় শ্ৰী ৰাম”শ্ল’গাৰ কৰা বহু যোজন পৃথক৷
মনৰ কথাঃ কবি নীলমণিৰ 'বন্ধ খাম’ আৰু পুনৰ প্ৰাসংগিক ‘আমাৰ প্ৰতিনিধি’ :: লোকনাথ গোস্বামী
ৰাম ৰাজ্য সনাতনী ভাৰতীয় চেতনাৰ এক কাল্পনিক ধাৰনা৷তাৰ কোনো বাস্তৱ তথ্য সম্বলিত ভেটি নাই৷মহাত্মা গান্ধী অসমলৈ আহোতে কৈছিল-“মই যি ৰাম ৰাজ্যৰ কল্পনা কৰি আহিছোঁ সেই ৰাম ৰাজ্যৰ কল্পনা বহু শতিকাৰ আগতে অসমত শংকৰদেৱে কৰিছিল৷”বাল্মিকী ৰামায়ণত ৰামক ঈশ্বৰ বুলি কোৱা নাই,“প্ৰসিদ্ধ নৰপতি”বুলিহে কৈছে৷সি যি হওক,“এতিয়া ৰামো নাই,অযোধ্যাও নাই৷”মুখে মুখে বাগৰি এই আপ্তবাক্যশাৰী ইতিমধ্যে এক প্ৰমাণিত প্ৰৱচনত পৰিণত হৈছে৷গতিকে এতিয়া কোনোবাই ৰামৰ ভাও দি লাভ নাই৷ৰাম ৰাজ্য অলীক কল্পনা৷এতিয়াৰ তথাকথিত ৰাম ভক্ত সকলৰ কৰ্মকাণ্ড,নাড়ীনক্ষত্ৰক চিনিবলৈ কিবা বাকী আছেনে!
অযোধ্যাৰ ৰাম মন্দিৰৰ ক্ষেত্ৰত বিতৰ্কৰ শেষ নাই৷ আমি সেইবোৰলৈ নাযাওঁ৷ কিন্তু কেইটামান প্ৰশ্নই আমাকো স্পৰ্শ কৰিছে৷ সেইবোৰ এনে ধৰণৰ-
১/মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ বহু বাকী৷তেনে স্থলত কিয় খৰখেদা কৰা হৈছে?
২/উত্তৰ প্ৰদেশত পুহ মাহ চলি আছে৷হিন্দু শাস্ত্ৰমতে পুহ মাহত কোনো মাংগলিক কৰ্ম আদি কৰা নহয়৷তেনে স্থলত পুহ মাহত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কি দৰে সম্ভৱ হৈছে?মাঘী পুৰ্ণিমা বা ৰাম নৱমীৰ দিনা মন্দিৰ প্ৰতিষ্ঠা কিয় কৰা নহ’ল?
৩/হিন্দু ধৰ্ম শাস্ত্ৰ সন্মত ভাবে চাৰি ধামত বিভক্ত৷এই চাৰি ধামৰ শংকৰাচাৰ্য সকলে শাস্ত্ৰ সন্মত হোৱা নাই বাবে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক বিৰোধ কৰি উক্ত অনুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি স্পষ্টকৈ মতপোষণ কৰি ভিডিঅ জাৰি কৰিছে৷
ৰাম মন্দিৰ নিৰ্মাণ আৰু প্ৰতিষ্ঠা -এই সমগ্ৰ প্ৰক্ৰিয়াটো যে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত সেই কথা বুজিবলৈ ওপৰত উল্লেখ কৰা তিনিটা কথাই প্ৰমাণ কৰা নাইনে? ৰামৰ অচিলা লৈ আৰ এছ এছ নিয়ন্ত্ৰিত বিজেপিয়ে উত্তৰ প্ৰদেশ কেন্দ্ৰিক(যিহেতু আটাইতকৈ বেছি তথা ৮০খন লোকসভাৰ আসন আছে)ধৰ্মীয় সংস্কৃতিক “সৰ্ব ভাৰতীয় সংস্কৃতি“ৰ ক’কটেইল কৰি বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ সনাতন ভাৰতীয় ঐক্য সংহতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷
সেয়ে চৰকাৰী পৃষ্ঠপোষকতাত, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত এই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশাল জাকজমকীয়া, ব্যয়বাহুল আৰু অতিৰঞ্জিত কৰ্মকাণ্ডই আমাক হতাশ কৰিছে৷ অৱশ্যে আমোদজনক কথাটো হ’ল-হিন্দু শাস্ত্ৰীয় পৰম্পৰাৰ মুল চাৰি ধামক স্বয়ং হিন্দুত্ববাদী প্ৰবক্তা সকলেই (যি সকলে হিন্দু খতৰে মে হ্যে বুলি মুছলমানৰ বিৰুদ্ধে ঘৃণা বিদ্বেষ বিয়পায়) অৱজ্ঞা কৰি বিৰল অত্যুত্সাহৰ নিদৰ্শন ডাঙি ধৰিছে৷ এইটো আমাৰ বাবে মন কৰিবলগীয়া খৱৰ৷ পৰবৰ্তী সময়ত ইয়াৰ সাম্ভাব্য পাৰ্শ্বক্ৰিয়া চাবলৈ আমি আগ্ৰহেৰে অপেক্ষা কৰিম৷
No comments:
Post a Comment