কবি নীলমণিৰ 'বন্ধ খাম’ আৰু পুনৰ প্ৰাসংগিক ‘আমাৰ প্ৰতিনিধি’
লোকনাথ গোস্বামী
যোৱাটো শতিকাৰ ষাঠিৰ দশকত অসমৰ সাহিত্য-সংস্কৃতি তথা বৌদ্ধিক জগতখনত খুবেই পৰিচিত দুটা নাম আছিল কলকাতা (তাহানিৰ কলিকতা) ৰ অৰুণ পুৰকায়স্থ আৰু তেখেতৰেই বিখ্যাত প্ৰকাশন প্ৰতিষ্ঠান শ্ৰীভূমি পাব্লিছিং কোম্পানী৷ সেইখিনি সময়ত অসমীয়া সাহিত্য জগতৰ প্ৰায়খিনি নবীন-প্ৰবীন তথা প্ৰতিষ্ঠিত লেখক-লেখিকাৰ প্ৰিয় আৰু সন্মানীয় প্ৰকাশকজন আছিল এই গৰাকী অৰুণ পুৰকায়স্থ৷ তেতিয়া শ্ৰীভূমি পাব্লিছিং কোম্পানীয়ে প্ৰকাশ কৰা গ্ৰন্থৰ যেন এক সুকীয়া মান-মৰ্যদা আছিল৷
এই গৰাকী অৰুণ পুৰকায়স্থ আৰু তেখেতৰেই বিখ্যাত প্ৰকাশন প্ৰতিষ্ঠান শ্ৰীভূমি পাব্লিছিং কোম্পানীৰ দ্বাৰা কলকাতাৰ পৰা ১৯৬০ চনত প্ৰকাশ পাইছিল সাহিত্য-সংস্কৃতি সম্পৰ্কীয় অসমীয়া আলোচনী ‘আমাৰ প্ৰতিনিধি’৷ আমাৰ প্ৰতিনিধিৰ প্ৰথম গৰাকী সম্পাদক আছিল পদ্ম বৰকটকী৷ পদ্ম বৰকাটকী অৰুণ পুৰকায়স্থৰ অতি ঘনিষ্ঠ আছিল আৰু সেইখিনি সময়ত পদ্ম বৰকটকী কলকাতাতে আছিল৷ পদ্ম বৰকটকী মানুহজন ভালেই বেপৰোৱা স্বভাৱৰ মানুহ আছিল যদিও সৃষ্টিশীল প্ৰতিভাও কম নাছিল৷ ইতিমধ্যে কলকাতাৰ অইন এজন বিশিষ্ট গ্ৰন্থ প্ৰকাশক হৰিসাধন ভট্টাচাৰ্যৰ একান্ত তাগিদা আৰু সহযোগিতাত পদ্ম বৰকটকীৰ বিখ্যাত উপন্যাস ‘মনৰ দাপোণ’ প্ৰকাশ পাইছিল৷ ‘মনৰ দাপোণ’য়ে সেইখিনি সময়ত আলোড়ণৰ সৃষ্টি কৰিছিল৷ অৰুণ পুৰকায়স্থই এই গৰাকী পদ্ম বৰকটকীকে সম্পাদক হিচাবে লৈ ‘আমাৰ প্ৰতিনিধি’ উলিওৱাৰ কথা মনতে পাঙিলে৷ অৰুণ পুৰকায়স্থই মানুহজনক ক’ত কেনেকৈ কামত লগাব লাগে ভালদৰেই জানিছিল৷ সেয়ে দুচকুত এক নতুন সপোন লৈ বৰকটকীক দায়িত্ব অৰ্পণ কৰিলে ’আমাৰ প্ৰতিনিধি’ৰ সম্পাদনাৰ আৰু বৰকটকীয়েও সেই দায়িত্ব বিনাবাক্যে কান্ধ পাতি ল’লে৷
১৯৬০ চনত প্ৰথম ‘আমাৰ প্ৰতিনিধি’ প্ৰকাশ পালে৷ ১৯৬১ চনৰ এপ্ৰিল মাহত দ্বিতীয় বছৰত ভৰি দিয়া আলোচনীখনৰ দুটা সংখ্যা প্ৰকাশ পায়৷ দ্বিতীয় বছৰ ৰঙালী বিহুৰ সংখ্যাটোৰ পিছৰ পৰা আলোচনীখন মাহেকীয়া আলোচনী হিচাবে নিয়মীয়াকৈ প্ৰকাশ পায়৷ সম্পাদনাৰ দায়িত্ব লোৱাৰ সময়ত বৰকটকীৰ বাবে এটা বৰ ডাঙৰ সুবিধা হৈছিল, সেই একেখিনি সময়তে কলকাতাত খোপনি পুতিছিলগৈ ড° ভূপেন হাজৰিকা, হেমাঙ্গ বিশ্বাস, ৰত্ন ওজা, পুলক গগৈ, ত্ৰৈলোক্য দত্ত প্ৰমুখ্যে বাঘা বাঘা মানুহখিনিয়ে৷ বৰকটকীয়ে এই বাঘা বাঘা মানুহখিনিক ‘আমাৰ প্ৰতিনিধি’ৰ সৈতে যুক্ত কৰাৰ পৰিকল্পনা কৰিলে৷ কথা মতেই কাম৷ পুৰকায়স্থ আৰু বৰকটকী দুয়ো আলচ কৰি প্ৰতিনিধিৰ পাতত দুটা নতুন চ’ৰা খুলিলে৷
ড° ভূপেন হাজৰিকাৰ হতুৱাই ‘শিল্পীৰ পৃথিৱী’ আৰু ৰত্ন ওজাৰ হতুৱাই ‘অকণিৰ আমাৰ প্ৰতিনিধি’ চ’ৰা দুটা মুকলি কৰিলে৷পদ্ম বৰকটকীৰ মতে ‘আমাৰ প্ৰতিনিধি’ ৰ লেখক সকলো আছিল অভাৱনীয়ভাৱে চহকী, যিটো সাধাৰণতে বিৰল৷ সেই সকলৰ ভিতৰত আছিল ড° বিৰিঞ্চিকুমাৰ বৰুৱা, ড° প্ৰফুল্লদত্ত গোস্বামী, ডিম্বেশ্বৰ নেওগ, চৈয়দ আব্দুল মালিক,বেণুধৰ শৰ্মা, হেমাঙ্গ বিশ্বাস, কেশৱ মহন্তলৈকে এনেকৈ প্ৰায় নামী-গুণী লোক৷ এই ‘আমাৰ প্ৰতিনিধি’ ৰ পাততেই শংকৰদেৱ, জ্যোতিপ্ৰসাদ, বিহু আদি বিষয়ক বিশেষ সংখ্যাৰ পাতনি মেলা হৈছিল প্ৰথম৷ এই আলোচনীখনৰ জৰীয়তে পদ্ম বৰকটকীৰ অসাধাৰণ প্ৰতিভা আৰু শ্ৰীভূমিৰ স্বত্বাধিকাৰ পুৰকায়স্থৰ ব্যৱসায়িক দূৰদৰ্শীতাৰ যেন মণি-কাঞ্চন সংযোগ ঘটিছিল৷ ড° ভূপেনহাজৰিকাৰ ‘শিল্পীৰ পৃথিৱী’ আছিল ‘আমাৰ প্ৰতিনিধি’ৰ অন্যতম আকৰ্ষণ৷ এই শিতানতে প্ৰকাশিত দেশ-বিদেশৰ সাংস্কৃতিক ব-বাতৰি বিলাক মানুহে পঢ়ি বৰ আমোদ পাইছিল৷ একেদৰে পুলক গগৈ, ত্ৰৈলোক্য দত্তৰ কাৰ্টুনৰ আকৰ্ষণো ভিন্ন আছিল৷ খুব কম সময়ৰ ভিতৰতে ’আমাৰ প্ৰতিনিধি’ য়ে এটা যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷
এনেদৰেই ‘আমাৰ প্ৰতিনিধি’ য়ে বৰকটকীৰ সফল সম্পাদনাত কেইটামান বছৰ সগৌৰৱে অতিক্ৰম কৰিলে৷ ঠিক সেইখিনি সময়তে এটা ঘটনা ঘটিল৷ পদ্ম বৰকটকী এবাৰ বিশেষ কামত আমেৰিকালৈ যাব লগীয়া হৈছিল৷ তেওঁৰ অনুপস্থিতিত পুৰকায়স্থই সাময়িকভাৱে ড° ভূপেন হাজৰিকাৰ ওপৰতে সম্পাদকৰ দা-দায়িত্ব ন্যস্ত কৰাৰ কথা ভাৱিলে৷ ভূপেন হাজৰিকায়ো আপত্তি নকৰিলে৷ তেৱোঁ নতুন উদ্যমেৰে জনপ্ৰিয় আলোচনীখন কোনো ধৰণৰ যতি নপৰাকৈ সম্পাদনা কৰি প্ৰতি মাহে পঢ়ুৱৈ ৰইজৰ হতত তুলি দি থাকিল৷ ইতিমধ্যে বৰকটকী আমেৰিকাৰ পৰা ঘূৰি আহি পোণে পোণে অসম পালেহি৷ ঘৰ আহি পোৱাত বিয়া-বাৰুৰ কথা ওলাল৷ আৰু সেই যাত্ৰাতে বিয়া-বাৰু কৰাই সাংসাৰিক হ’ল৷ কিছুদিন ঘৰত থাকি তেওঁ পুনৰ কলকাতা পালেগৈ৷ কলকাতা পাই গম পালে যে ড° ভূপেন হাজৰিকা ইতিমধ্যেই আমাৰ প্ৰতিনিধিৰ স্থায়ী সম্পাদক হিচাবে গজগজীয়া হৈ বহিছে৷ তেওঁৰ আৰু তাত স্থান নাই৷
তেনেতে পদ্ম বৰকটকীৰ অইন এগৰাকী কলকাতাৰ ঘনিষ্ঠ প্ৰকাশক অৰুণ গুহই বৰকটকীক এটা প্ৰস্তাৱ দিলে যে তেৱোঁ এখন ’আমাৰ প্ৰতিনি’ৰ লেখিয়া অসমীয়া আলোচনী কলকাতাৰ পৰা প্ৰকাশ কৰিব খোজে আৰু বৰকটকী তাৰ সম্পাদক হ’ব লাগে৷ বৰকটকীয়ে প্ৰস্তাৱটো গ্ৰহণ কৰিলে৷ বৰকটকীৰ সম্পাদনাত এখন নতুন আলোচনী অৰুণ গুহৰ দ্বাৰা প্ৰকাশিত হ’ল আৰু আলোচনীৰ নাম থলে ‘নতুন প্ৰতিনিধি’৷ সেয়া ১৯৬৫ চনৰ কথা৷ ড° ভূপেন হাজৰিকাৰ সম্পাদনাত প্ৰকাশ হৈ থাকিল ‘আমাৰ প্ৰতিনিধি’ আৰু পদ্ম বৰকটকীৰ সম্পাদনাত ‘নতুন প্ৰতিনিধি’৷ ‘নতুন প্ৰতিনিধি’ ১৯৬৫ ৰ পৰা ১৯৬৯ লৈ চলিল৷
ভূপেন হাজৰিকাই আমাৰ প্ৰতিনিধিৰ সৈতে ইতিমধ্যে অইন কেইবাজনো লোকক সাঙুৰি ল’লে৷ কিয়নো তেওঁ আছিল যাযাবৰ মানুহ৷ নিজকে আলোচনী এখনৰ মাজত আবদ্ধ কৰি ৰখাটো কোনোপধ্যেই সম্ভৱ নাছিল৷ ভূপেন হাজৰিকাৰ অতি ঘনিষ্ঠ শিল্পী পুলক গগৈৰ পৰামৰ্শমতে গুৱাহাটীৰ পবিত্ৰ কুমাৰ ডেকাক ’আমাৰ প্ৰতিনিধি’ ৰ সৈতে যুক্ত কৰাই ল’লে৷পবিত্ৰ কুমাৰ ডেকাই সেইখিনি সময়ৰত ‘আছাম ত্ৰিবিউন’ কাকতত চাকৰি কৰি আছিল৷ ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো অস্বীকাৰ কৰে কেনেকৈ? কিন্তু চৰ্ত্ত থাকিল যে তেওঁ গুৱাহাটীত থাকিয়েই সম্পাদনাৰ সহযোগী হ’ব আৰু সেয়াই হ’ল আৰু মাহেকত ২৫০ টকা মাননীৰো বন্দোৱস্ত হ’ল৷৷ পবিত্ৰ ডেকাই পুলক গগৈ, নিত্য বৰা, আনিল ডেকাৰ লগতে সেইখিনি সময়ত কলকাতাত থাকি নেশ্যনেল লাইব্ৰেৰীত কৰ্মৰত অসমৰ কুল গগৈকো একগোট কৰি ল’লে৷ কিছুদিন কলকাতাত থাকোতে কুলদা কুমাৰ ভট্টাচাৰ্যয়ো আমাৰ প্ৰতিনিধিৰ কামত সহযোগ কৰিছিল যদিও একাণপতীয়াকৈ লাগি থকাটো তেওঁৰ বাবে সম্ভৱ নাছিল৷ ভূপেন হাজৰিকা অসমলৈ যেতিয়াই আহে হতত সময় লৈ আহে যাতে পবিত্ৰ ডেকাৰ সৈতে বহি আলোচনী খনৰ প্ৰতিমাহৰ একোটা খচৰা আগতীয়াকৈয়ে প্ৰস্তুত কৰি যাব পাৰে৷ পূজা সংখ্যা, বিহু সংখ্যা, বিশেষ গল্প সংখ্যা, আৰু কত যে কিমান ! তাৰোপৰি ‘শিল্পীৰ পৃথিৱী’, ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে’, ‘ৰসেশ্বৰ হাজৰিকাৰ চিঠি’, বিজ্ঞান চ’ৰা, অৰ্থ শাস্ত্ৰীৰ চ’ৰা, মহিলা চ’ৰা এই আটাইবিলাকৰ পৰিকল্পনা চলে ভূপনদাৰ নিজৰাপাৰৰ ঘৰৰ সমুখৰ চোতালত৷ কোনটো সংখ্যাত কাৰ কাৰ উপন্যাস যাব, কাৰ কাৰ গল্প, কবিতা যাব সকলো পৰিকল্পনা হয়৷ লেখাবোৰৰ কিছু কিছু ‘ইলাষ্ট্ৰেচন’ ত্ৰৈলোক্য দত্ত আৰু বেণু মিশ্ৰৰ হতুৱাই কৰাব আৰু কিছুমান কলকাতাত কৰাব ৷
গল্পৰ ক্ষেত্ৰত নতুনকৈ লিখা আৰম্ভ কৰা বহুতৰ নাম অন্তৰ্ভুক্ত হ’ল৷ অৰুণ গোস্বামী, প্ৰণতি গোস্বামী, অৰূপা পটঙ্গীয়া, হৰিপ্ৰিয়া বৰুকিয়াল আদিৰ নাম আহিল৷ অৱনী চক্ৰৱৰ্তী, ৰবীন্দ্ৰ চৰকাৰ,জ্ঞান পূজাৰী,ৰফিকুল হুছেইনকে ধৰি নতুন কবিৰ কবিতা নিয়মিত প্ৰকশ পাইছিল৷ অৰুণ গোস্বামীৰ প্ৰথমখন উপন্যাস আমাৰ প্ৰতিনিধিতে ওলাল৷ অৰুণ শৰ্মায়ো প্ৰথম উপন্যাস ‘নিশি উজাগৰী’ আমাৰ প্ৰতিনিধিতে লিখিলে৷ ‘অসমীয়া গল্প সংখ্যা’, ‘আন্তৰ্জাতিক গল্প সংখ্যা’ও ওলাল আমাৰ প্ৰতিনিধিৰ৷ তাৰোপৰি ধাৰাবাহিক লেখা হিচাবে সত্যেন বৰকটকীৰ ‘আডল্ফ্ হিটলাৰ’, ড° অমলেন্দু গুহৰ ‘বৈষ্ণৱবাদৰ পৰা মায়ামৰীয়া বিদ্ৰোহলৈ’, লীলা গগৈৰ ‘নৈ বৈ যায়’ অতি জনপ্ৰিয় আছিল৷ বিজয়কৃষ্ণ দেৱশৰ্মাৰ ’বিজ্ঞান চ’ৰা’, ড° অমলেন্দু গুহৰ ’অৰ্থশাস্ত্ৰীৰ চ’ৰা’ , আৰতি দাস বৈৰাগী আৰু অপৰাজিতা চলিহা( নিত্য বৰাৰ ছদ্মনাম)ৰ মহিলা চ’ৰাৰ আদৰো কম নাছিল৷সম্পাদক ড° ভূপেন হাজৰিকাৰ শিল্পীৰ পৃথিৱী, লণ্ডন ডায়েৰী আদিৰ উপৰিও আমেৰিকাৰ চিঠি, পুথি পৰিচয় আদি ৰহণীয়া শিতান বিলাক আছিলেই৷
১৯৬০ৰ পৰা ১৯৮০ চনলৈ আমাৰ প্ৰতিনিধি চলিল৷ এই সময়ছোৱা সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ বাবেও বৰ মসৃণ নাছিল৷ ১৯৬০ চনৰ ভাষা আন্দোলনৰ বিৰূপ প্ৰভাৱো আমাৰ প্ৰতিনিধিৰ জন্ম লগ্নতে পৰিছিল৷ কোনো দুৰ্বিত্তই আমাৰ প্ৰতিনিধিৰ কাৰ্যালয় আক্ৰমন কৰিছিল৷ পুলিচ পহৰাত আলোচনীৰ কাম কৰা হৈছিল৷ তাৰ প্ৰতিবাদত সম্পাদক বৰকটকীয়ে সম্পাদকীয় পৃষ্ঠা উকাকৈ ৰাখিছিল৷ সেয়া এক নজিৰবিহীন ঘটনা আছিল৷ প্ৰকাশকে একো কব নোৱাৰিলে সম্পাদকক৷ সত্তৰৰ দশকটোও আছিল এক প্ৰকাৰ অস্থিৰ,অশান্ত৷ নক্সালবাৰী আন্দোলনৰ প্ৰভাৱ অসমতো পৰিছিল৷ ভূপেন হাজৰিকাৰ সহযোগী পবিত্ৰকুমাৰ ডেকা, নিত্য বৰা প্ৰমুখ্যে প্ৰতিনিধিৰ সৈতে জড়িত বেচিভাগেই আছিল প্ৰগতিশীল চিন্তাৰ মানুহ৷ বহু সময়ত ভূপেন হাজৰিকাৰ মতৰ সৈতে এওঁবিলাকৰ মতৰ অমিল আছিল৷ কোনো এটা সংখ্যাত এবাৰ আলোচনীখনৰ ভিতৰৰ বস্তুৰ সৈতে সম্পাদকীয় আছিল একেবাৰে বিপৰীতধৰ্মী৷ পবিত্ৰ ডেকাই পাণ্ডুলিপি মুম্বাইত থকা ভূপেন হাজৰিকালৈ পঠিয়াই দিলে মতামতৰ বাবে৷ ভূপেন হাজৰিকাই চাই পেলাই মন্তব্য দিলে- ‘‘তোমালোকৰখিনি তোমালোকৰ ভাগে থাকক আৰু মোৰখিনি মোৰ ভাগে থাকক৷ আমাৰ আলোচনী ‘ডেমক্ৰেতিক’৷’’
কিন্তু অসম আন্দোলনৰ সময়তে দুৰ্ভাগ্যজনক ঘটনাটো ঘটিল৷ পদ্ম বৰকটকীৰ পৰা ড° ভূপেন হাজৰিকালৈকে দুগৰাকী বৰেণ্য অসম-সন্তানৰ সম্পাদনাত দুকুৰি বছৰ সুখ্যাতিৰে নানা ঘাত-প্ৰতিঘতৰ মাজতো চলি থাকি অসমৰ সহৃদয় ৰাইজৰ বুকুৰ আপোন হৈ পৰা ‘আমাৰ প্ৰতিনিধি’ৰ হৃতপিণ্ড অসম আন্দোলনে চিৰদিনলৈ স্তব্ধ কৰি পেলালে৷ কাৰণ আছিল ড° অমলেন্দু গুহৰ দুটামান গুৰুত্বপূৰ্ণ লেখা৷ অসম আন্দোলন চলি থকা সময়তে ড° গুহই ‘আমাৰ প্ৰতিনিধি’ৰ অৰ্থশাস্ত্ৰী’ৰ চ’ৰাত অসমৰ নিৰ্দ্দিষ্ট আৰ্থ-সামাজিক বিষয়ক কেইটামান তথ্যপূৰ্ণ লেখা লেখিছিল৷ ১৯৮০ চনৰ ২০শ বছৰ, ৫ম সংখ্যাত লেখিছিল-‘আইনৰ চকুত বিদেশী কোন?’৷ সেই বছৰৰে বিহু সংখ্যা প্ৰতিনিধত প্ৰকাশ পাইছিল-‘অসম নমৰে আমিও নমৰো’৷ এই লেখা বিলাক আছিল মূলতঃ অসমৰ বিদেশী সমস্যাটোৰ ওপৰত গৱেষক-পণ্ডিত গৰাকীৰ নিজস্ব যৌক্তিক-বস্তুনিষ্ঠ ধ্যান-ধাৰণাৰ বিশ্লেষণ৷ গৱেষক-পণ্ডিত গৰাকীয়ে লক্ষ্য কৰিছিল যে অসম আন্দোলনটো আৰম্ভণীৰ পৰাই যুক্তিতকৈ আৱেগৰ দ্বাৰা পৰিচালিত হৈ আহিছে৷ এনে হৈ গৈ থাকিলে আন্দোলনটো এটা সময়ত গৈ বিপথগামী হ’ব৷ সেয়ে তেওঁ যথেষ্ট সদিচ্ছাৰে সম্পাদক ড°ভূপেন হাজৰিকাৰ ইচ্ছাসাপেক্ষেই আমাৰ প্ৰতিনিধিৰ পাতত প্ৰৱন্ধলানি আৰম্ভ কৰিছিল৷ সেয়াই আলোচনীখনৰ বাবে কাল হ’ল অৰ্থাত হিতেই বিপৰীত হ’ল৷
হোমেন বৰগোঁহাঞি ড° হীৰেন গোহাঁই প্ৰমুখ্যে অসমৰ সাহিত্য-সংস্কৃতি তথা বৌদ্ধিক জহতৰ কাণ্ডাৰী সকলেও আন্দোলনটোৰ গতি-গোত্ৰলৈ চাই সমালোচনা আৰম্ভ কৰিছিল৷ ইতিমধ্যে অসমীয়া জাত্যাভিমানে কৰবাত কৰবাত উগ্ৰৰূপ ধাৰণ কৰিছিল৷ ড° হীৰেন গোহাঁইৰ ওপৰত গুৱাহাটীৰ ৰাজপথতে শাৰিৰীক নিৰ্যাতন পৰ্যন্ত চলালে কোনো-কোনোৱে৷ ড° অমলেন্দু গুহ সেই সকল আন্দোলনকাৰীৰ বাবে আছিল জাতত ‘বঙালী’ আৰু চিন্তাদৰ্শত ‘কমিউনিষ্ট’, মুঠতে ‘জাতিদ্ৰোহী’৷ সেইসকল ‘জাতীয় প্ৰেমিক’ৰ মতে বঙালী আৰু কমিউনিষ্ট ড° গুহ অসমীয়া জাতিৰ শুভাকঙ্খী হবই নোৱাৰে তেওঁৰ লেখা-মেলাই ‘অসমীয়াৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলন’টোক ভুল পথে নিব, লগতে আন্দোলনকাৰী ৰাইজক বিভ্ৰান্ত কৰিব বুলিয়েই ‘আমাৰ প্ৰতিনিধি’ যাতে ৰাইজে পঢ়িবলৈ নাপায়, তাৰ ব্যৱস্থা কৰাৰ কৌশল ৰচনা কৰিলে৷অসমৰ বিভিন্ন ঠাইৰ এজেণ্ট বিলাকক সঁকীয়াই দিলে ‘আমাৰ প্ৰতিনিধি’ নাৰাখিবলৈ আৰু বিক্ৰী নকৰিবলৈ৷ এজেণ্ট বিলাকেও ভয়তে আলোচনীখনৰ বিক্ৰী বন্ধ কৰি ওভতাই পঠিয়াই দিলে৷ এই সন্দৰ্ভত ড° অমলেন্দু গুহই তেওৰ ‘অসম নমৰে আমিও নমৰো’ শীৰ্ষক গ্ৰন্থৰ পাতনিত এইবুলি লেখিছে -‘‘----‘অসম নমৰে আমিও নমৰো’ ছপা হোৱাৰ পিছত ‘আমাৰ প্ৰতিনিধি’ৰ ব’হাগ বিহুৰ বিশেষ সংখ্যাৰ পাৰ্ছেলবোৰ অসমৰ বিভন্ন ঠাইৰ এজেণ্টবোৰে ঘূৰাই পঠিয়াইছিল৷ স্বত্বাধিকাৰী অৰুণ পুৰকায়স্থই কোৱা মতে তেওঁলোকৰ এনেকৈ কুৰি হেজাৰমান টকা লোকচান হোৱাত আলোচনীখনৰ প্ৰকাশ বন্ধ কৰিব লগীয়া হয়৷ একেৰাহে কুৰি বছৰ ধৰি কলকাতাৰ পৰা প্ৰকাশিত একমাত্ৰ অসমীয়া আলোচনী ‘আমাৰ প্ৰতিনিধি’ ৰ এনেদৰেই অপমৃত্যু ঘটিল৷ অথচ ভূপেন হাজৰিকাৰ কণ্ঠ আৰু কলমে জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনটোক সেইখিনি সময়ত উদ্দেলিত কৰি ৰাখিছিল৷
পদ্ম বৰকটকীৰ পৰা আৰম্ভ কৰি ড° ভূপেন হাজৰিকালৈকে এই সকল পুৰোধা ব্যক্তিৰ সফল সম্পাদনাত কলকাতাৰ পৰা প্ৰকাশিত (১৯৬০-১৯৮০) একমাত্ৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘আমাৰ প্ৰতিনিধি’ৰ অকাল, অনাহূত মৃত্যুক লৈ অসমৰ বৌদ্ধিক জগতখনত কিন্তু কোনো ধৰণৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া পৰিলক্ষিত নহ’ল৷
নীলমণি ফুকন ছাৰৰ 'বন্ধ খাম’ য়ে আকৌ এবাৰ ’আমাৰ প্ৰতিনিধ’ৰ অস্তিত্ব প্ৰাসংগিক কৰি তুলিছে যদিও বিষয়টো মুঠেও অসমীয়া সাহিত্য তথা বৌদ্ধিক সমাজৰ কাৰণে সুখদায়ক নহয়৷
No comments:
Post a Comment