চিন্তনঃ ‘জয় আই অসম’ ধবনিৰ মৃত্যু ঘটিল কিয়? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ‘জয় আই অসম’ ধবনিৰ মৃত্যু ঘটিল কিয়? :: অনন্ত কলিতা

চিন্তনঃ ‘জয় আই অসম’ ধবনিৰ মৃত্যু ঘটিল কিয়? :: অনন্ত কলিতা

Share This
‘জয় আই অসম’ ধবনিৰ মৃত্যু ঘটিল কিয়?
অনন্ত কলিতা
‘জয় আই অসম’ ধবনিৰ মৃত্যু ঘটিল কিয়? অনন্ত কলিতা
১৯৮০ দশকৰ অসম আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলে তথা আন্দোলনৰ নেতৃত্বৰ শ্ল’গান আছিল ‘জয় আই অসম’৷ সভা-সমিতি, শোভাযাত্ৰা, ধৰ্ণা, বিক্ষোভ আদি সমস্ত ক্ষেত্ৰতে ‘জয় আই অসম’ শ্ল’গানেৰে মুখৰিত কৰি ৰাখিছিল৷ সেই সময়ত অসমীয়াসকলৰ মুখেৰে আনকি ‘জয় হিন্দ’, ‘বন্দে মাতৰম’ শ্ল’গান আদিও উচ্ছাৰিত নহৈছিল প্ৰায়৷ ‘ভাৰত মাতা কি জয়’ বুলি এটা শ্ল’গান আছে কোনেও জনাই নাছিল৷ বিধিৰ বিপাক যিসকল অসমপ্ৰেমী, অসমীয়া ভাষাপ্ৰেমী, অসমীয়া জাতিপ্ৰেমী, অসম মৰিলেও তেওঁলোকো মৰিব বুলি প্ৰতিজ্ঞা কৰিছিল সেইসকলৰ অধিকাংশ মূধাফুটা নেতাই ‘জয় আই অসম’ শ্ল’গানটো আজিকালি পাহৰি গ’ল৷ 
‘জয় আই অসম’ ধবনিৰ মৃত্যু ঘটিল কিয়? অনন্ত কলিতা
চৰকাৰী ক্ষমতাৰ অংশীদাৰ হ’বলৈ এতিয়া দিনে এশবাৰ ‘ভাৰত মাতা কি জয়’ শ্ল’গান আওৰাব ধৰিছে৷ এতিয়াও ভুলতেও কোনেও ‘জয় আই অসম’ শ্ল’গান আওৰাব নোখোজে৷ আমাৰ নিচিনা আপদাৰ্থ লোকসকলৰ মনটো বেদনাত ভাৰাক্ৰান্ত হয়, যেতিয়া টিভিত ব্ৰেকিং নিউজবোৰত লাখ লাখ অসমীয়া মানুহৰ সমাৱেশবোৰ দেখুৱাই, যিবোৰ সমাৱেশত প্ৰাক্তন জাতিপ্ৰেমী নেতাবোৰ, যিবোৰ নেতাৰ মুখত ‘জয় আই অসম’ শ্ল’গানত বাহিৰে আন শ্ল’গান নুফুটিছিল, সেই নেতাবোৰে এতিয়া মঞ্চৰ পৰা ‘ভাৰত মাতা কি জয়’ শ্ল’গান গল ফুলাই ফুলাই চিঞৰা দেখো আৰু এই নেতাবোৰৰ শ্ল’গানত সঁহাৰি দি সমাৱেশত উপস্থিত থকা লাখ লাখ অসমীয়া মানুহে হাত দুখন দাঙি দাঙি ‘ভাৰত মাতা কি জয়’ শ্ল’গান দিয়ে৷ ‘ভাৰত মাতা কি জয়’ শ্ল’গান দিয়াত আপত্তি কৰা নাই, ভাৰত আমাৰ দেশ, আমাৰ দেশৰ হৈ জয়ধবনি দিবই লাগিব৷ কিন্তু আন্দোলনকাৰী জনতা আৰু এই নেতাসকলৰ পৰাই আমি শিকিছিলোঁ অসমৰ মানুহে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ ‘জয় আই অসম’ শ্ল’গানটো দিবই লাগিব৷ বিজেপিৰ এই বৃহৎ সমাৱেশবোৰত এশবাৰ ‘ভাৰত মাতা কি জয়’ শ্ল’গানৰ ধবনি দিয়াৰ মাজতে এবাৰো কোনেও ‘জয় আই অসম’ ধবনি দিয়াৰ প্ৰয়োজন অনুভৱ নকৰে৷ অসমত পৰম্পৰা আছিল ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ গোৱাৰ লগতে লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘অ’ মোৰ আপোনাৰ দেশ’ গানটো গোৱা, এইটো পৰম্পৰাৰো অৱসান ঘটিল৷

অৱশ্যে এতিয়া ‘জয় আই অসম’ বিচ্ছিন্নতাবাদী শ্ল’গান হৈ গ’ল কিজানি৷ ভাৰত এখন দেশ অৰ্থাৎ এক জাতি এক ধৰ্ম এক ভাষা এক শ্ল’গান৷ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই ৩১ অক্টোবৰৰ [২০২২] দিনা চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে ভাষণ দি কৈছে যে জাতি-ধৰ্ম-ভাষাৰ নামত দেশখনক ভাঙিবলৈ চেষ্টা চলাইছে৷ এই পটভূমিত অমিত শ্বাহ কমিটিয়ে ছুপাৰিছ কৰিছে শিক্ষাৰ মাধ্যম হ’ব হিন্দী, কেন্দ্ৰীয় চাকৰিত হিন্দী বাধ্যতামূলক৷ ভাৰতৰ সমৃদ্ধ ভাষা বিচিত্ৰৰ ওপৰত আৰ-এছ-এছৰ হিন্দী-হিন্দু-হিন্দুস্তান নীতি ৰূপায়ন কৰিবই লাগিব চৰকাৰে৷ অমিত শ্বাহ কমিটিয়ে কৈছে যে হিন্দীৰ প্ৰচাৰ অকল কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব নহয়, সমস্ত ৰাজ্য চৰকাৰক হিন্দী প্ৰচাৰৰ, ব্যৱহাৰৰ সাংবিধানিক কৰ্তব্যৰ অন্তৰ্ভুক্ত কৰিব লাগিব৷ এই কমিটিয়ে প্ৰতিবেদনত কৈছে বিশ্ববিদ্যালয়, উচ্ছশিক্ষাৰ প্ৰতিষ্ঠানবোৰত যেতিয়ালৈকে হিন্দী শিক্ষাৰ মাধ্যম নহ’ব তেতিয়ালৈকে হিন্দী অভিন্ন ভাষা হৈ উঠিব নোৱাৰে৷ সেই কাৰণে উচ্ছশিক্ষাৰ প্ৰতিষ্ঠানবোৰত হিন্দীক কাৰ্য্যত বাধ্যতামূলক শিক্ষাৰ মাধ্যম কৰাৰ লগে লগে চৰকাৰী স্তৰত হিন্দীক বাধ্যতামূলক কৰিব লাগিব৷ ভাৰতৰ সংবিধানৰ তালিকাভুক্ত ২২টা চৰকাৰী ভাষাক সমান মৰ্য্যাদা দিয়াৰ যি নীতি আছিল ভাৰতৰ সেই ভাষা বৈচিত্ৰ্যক আৰু সাংবিধানিকভাৱে স্বীকৃত ভাষা নীতিকো লংঘন কৰিছে অমিত শ্বাহৰ প্ৰতিবেদনে৷

কেন্দ্ৰীয় চৰকাৰৰ হিন্দুত্ববাদী এক দেশ এক জাতি এক ধৰ্ম এক ভাষা নীতি ৰূপায়নৰ বাবে যিবোৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হয় সেইবোৰ দেশৰ বিভিন্ন ৰাজ্য চৰকাৰে বিৰোধিতা কৰিলেও বা বিভিন্ন বিজেপি ৰাজ্য চৰকাৰে লাহে লাহে ৰূপায়ন কৰিলেও অসম চৰকাৰ অতি উৎসাহী কেন্দ্ৰৰ বিজেপি চৰকাৰৰ এই কাৰ্য্যসূচীবোৰ ৰূপায়ন কৰাত৷ এইবোৰ ৰূপায়ন কৰিবলৈ অসম চৰকাৰে তাৎক্ষণিক ব্যৱস্থা লয়৷ অসম চৰকাৰৰ বৰ্তমান নীতি হ’ল চলে বলে কৌশলে অসমত অসমীয়া ভাষাৰ ঠাইত হিন্দী ভাষাক প্ৰৱৰ্তন কৰা৷ হিন্দী শিক্ষা বাধ্যতামূলক স্কুলত, বিজ্ঞান-অংক তৃতীয় শ্ৰেণীৰ পৰা অসমীয়া ভাষাত শিকাটো বন্ধ, অসম চৰকাৰৰ চতুৰ্থ-তৃতীয় শ্ৰেণীৰ চাকৰিৰ বাবে হিন্দী ভাষাৰো প্ৰশ্নকাকত প্ৰৱৰ্তন, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্নকাকত উঠাই দিয়া, আকাশবাণীৰ পৰা অসমীয়া বাতৰি প্ৰকাশ বাতিল ইত্যাদি কাৰ্য্যসূচীৰ অসমীয়া ভাষাক অস্তিত্বহীন কৰিব খুজিছে৷ এতিয়া আকৌ নিৰ্দেশ দিছে হিন্দী কম্পিউটাৰো শিকিব লাগিব চৰকাৰী চাকৰিয়ালসকলে, স্থানীয় ভাষাও জানিব লাগে বুলি কৈছে, কিন্তু কোৱা নাই অসমীয়া বা বাংলা কম্পিউটাৰো জানিব লাগিব৷ যদিও প্ৰকাশ্যে প্ৰকাশ কৰা নাই অসম চৰকাৰে পৰোক্ষভাৱে স্কুলৰ পাঠ্যক্ৰম বিদ্যাভাৰতীৰ প্ৰভাৱতে ঠিক কৰে৷ অসমত ইতিমধ্যে পাঁচ শতাধিক স্কুল আছে বিদ্যাভাৰতীৰ অধীনস্থ৷ বিদ্যাভাৰতীয়ে হিন্দু মতাদৰ্শৰ ব্যপ্তি ঘটোৱাৰ উপৰিও অন্যতম লক্ষ্য সমগ্ৰ ভাৰততে হিন্দী শিক্ষাৰ প্ৰচাৰ, শিক্ষা হিন্দী মাধ্যম কৰাৰ৷ এই পটভূমিতে অমিত শ্বাহ কমিটিৰ প্ৰতিবেদন দাখিল কৰিছে সমগ্ৰ ভাৰতত শিক্ষাব্যৱস্থা হিন্দী মাধ্যমৰ কৰাৰ বাবে৷ বিজেপিৰ নেতাবোৰে মুখত কয় মাতৃভাষাত শিক্ষা ল’ব লাগে, কিন্তু কামত নীতিত হিন্দী মাধ্যম সৰ্বস্তৰতে ৰূপায়ন কৰা প্ৰচেষ্টা চলাইছে৷
শেহতীয়াকৈ জনস্বাস্থ্য কৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কৈছে যে মিঞা মিউজিয়াম স্থাপনৰ পাছতো জাতীয় সংগঠনবোৰ মনে মনে থকাটো অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক৷ জয়ন্তমল্ল বৰুৱা আৰু তেওঁৰ সতীৰ্থসকলৰ মতে অসমীয়া জাতি শক্তিশালী কৰিব অসমীয়া ভাষাৰ শিক্ষা তথা ব্যৱহাৰ ক্ৰমে ক্ৰমে হ্ৰাস কৰি আনি অসমীয়া ভাষাৰ ঠাইত হিন্দী ভাষা ব্যৱহাৰ কৰি তথা শিক্ষাখণ্ডত হিন্দী ভাষাই আধিপত্য কৰিব পৰা ব্যৱস্থা কৰি৷ যদিও এই কথাটো প্ৰকাশ্যে কোৱা নাই, তেওঁলোকৰ কাম-কাজৰ মাধ্যমেৰে এই লক্ষ্যটোৱে প্ৰকাশ পাইছে৷ মিঞা মিউজিয়াম স্থাপন হোৱাৰ দ্বাৰা বিজেপি দলেই লাভৱান হ’ব মিঞা মিউজিয়ামৰ বিষয়ে প্ৰচাৰৰে বিজেপিৰ হিন্দুত্ববাদী এজেণ্ডা অগবঢ়াই নিব পাৰিব৷ অসমীয়া ভাষাৰ এই সংকট মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈছে অসমৰ জাতীয় সংগঠন, ছাত্ৰ সংগঠনবোৰে কি ভূমিকা গ্ৰহণ কৰে৷ আমাৰ নিচিনা লোকসকলৰ ভয় হৈছে অসমৰ পৰা অসমীয়া ভাষাই ক্ৰমে ক্ৰমে অস্তিত্বহীন হৈ যোৱাৰ সম্ভাৱনা দেখি৷
ফোনঃ ৯৪৩৫০৪১২০৩

No comments:

Post a Comment