চিন্তনঃ বুলডজাৰৰ ৰাজনীতি বনাম "ক্ষমতাৰ বৃত্তৰ সিটো পাৰে" :: ড° অখিল ৰঞ্জন দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ বুলডজাৰৰ ৰাজনীতি বনাম "ক্ষমতাৰ বৃত্তৰ সিটো পাৰে" :: ড° অখিল ৰঞ্জন দত্ত

চিন্তনঃ বুলডজাৰৰ ৰাজনীতি বনাম "ক্ষমতাৰ বৃত্তৰ সিটো পাৰে" :: ড° অখিল ৰঞ্জন দত্ত

Share This
বুলডজাৰৰ ৰাজনীতি বনাম "ক্ষমতাৰ বৃত্তৰ সিটো পাৰে"
ড° অখিল ৰঞ্জন দত্ত
বুলডজাৰৰ ৰাজনীতি বনাম "ক্ষমতাৰ বৃত্তৰ সিটো পাৰে" ড° অখিল ৰঞ্জন দত্ত
অসম আৰক্ষীয়ে বটদ্ৰৱাত অভিযুক্তক বিচাৰি বুলড’জাৰ চলোৱা ঘটনাক গুৱাহাটী উচ্চ ন্যায়ালয়ে হিন্দী চিনেমাৰ ‘গেং ৱাৰ’ৰ লগত তুলনা কৰিলে । উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়াধীশে এই কথাও ক’লে যে তেওঁৰ উকালতি জীৱনকালত আৰক্ষীৰ এনে বৰ্বৰতা পূৰ্বে কেতিয়াও দেখা পোৱা নাই । 
বুলডজাৰৰ ৰাজনীতি বনাম "ক্ষমতাৰ বৃত্তৰ সিটো পাৰে" ড° অখিল ৰঞ্জন দত্ত
২০২২ বৰ্ষৰ ১৭ নৱেম্বৰ তাৰিখে হোৱা শুনানীৰ সময়ত তেওঁ ক’লে: "In lighter vein, I have not seen this even in a Hindi movie of Shetty. Send this story of your SP. Rohit Shetty can make a film on this. What is this? Is this a gang war or a police operation? One can understand that in a gang war this happens that one person of one gang uproots the house with a bulldozer..’ (উৎস: LiveLaw.in (2023). Compensate People Affected By Police’s Illegal 'Bulldozer Action': Gauhati High Court To Assam Govt. 4 January). অসম আৰক্ষীৰ কামকাজৰ নমুনাৰ ভিত্তিত ৰোহিত ছেট্টীয়ে চিনেমা বনাব পাৰিব বুলি ক’লে । এই বোৰ কথা শুনি আমি হাঁহিমেই নে কান্দিম ? এখন ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ এগৰাকী বিষয়াই ইমান উৎপাত কৰাৰ সাহস ক’ত পালে ? ৰাজ্যত চলি থকা ৰাজনীতিৰেই প্ৰতিফলন নহয় নে এইয়া? ন্যায়ালয়ে ক’লে : "Show me from any criminal jurisprudence that for investigating a crime, the police without any order, can uproot a person and apply a bulldozer." আছে নে কোনোবা আইনত এনে বৰ্বৰতাৰ বৈধতা ? এইবোৰ আমি কোৱা কথা নহয়, উচ্চ ন্যায়ালয়ে কৈছে । মুখ্য ন্যায়ধীশে আঙুলিয়াই দিলে যে হিন্দী চিনেমাৰ নায়ক অজয় দেৱগনে অপৰাধীৰ বিৰুদ্ধে অভিযান চলাওঁতেও ওপৰৰ পৰা নিৰ্দেশ লৈছিল ।

বাধ্য হৈ চৰকাৰে এতিয়া নিজৰ ভুল স্বীকাৰ কৰি লৈছে । মুখ্য সচিবৰ নেতৃত্বত কমিটি গঠন কৰি বুলড’জাৰ চলাবলৈ নিৰ্দেশ দিয়া আৰক্ষী বিষয়াক চিনাক্ত কৰি শাস্তি দিয়াৰ কথা কৈছে । কিন্তু বুলড’জাৰ চলোৱা ঘটনা যোৱা বছৰৰ মে’ মাহতেই হ’ল । তেতিয়াটো চাৰিওফালে হৰ্ষোল্লাস হৈছিল । সভ্যতাৰ যুঁজত সকলো মতলীয়া হোৱাৰ দৰে অৱস্থা হৈছিল । এই ঘটনা ঘটাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে অসম এক ভয়াৱহ অৱস্থাৰ মাজত সোমাই পৰিছে আৰু পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ দৰে সংগঠন এই ঘটনাত জড়িত থকাৰ ইংগিত পোৱা গৈছে । তেওঁ কৈছিল “We always see PFI’s hand in communal violence. Even in the latest Batadrava incident, we are picking up signals of the involvement of the PFI. So, the Assam government is of the view that PFI and CFI should be banned,” (উৎস: India Today. (2022). Assam CM Himanta Biswa Sarma calls for ban on PFI after police station arson. June 2). আৰক্ষীৰ এনে বৰ্বৰতাক ন্যায়ালয়ে এনে চোকা ভাষাৰে সমালোচনা কৰাৰ সময়ত চৰকাৰৰ তৰফৰ পৰা বটদ্ৰ’ৱাৰ ঘটনাৰ লগত পি এফ আই যুক্ত হৈ থকাৰ কোনো তথ্য ন্যায়ালয়ৰ ওচৰত দাখিল কৰা হ’ল নেকি? ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰ শাসনত থকা সাত বছৰৰো অধিক কালত এনে বিচ্ছিন্নতাবাদী শক্তিক চৰকাৰে কিয় মষিমূৰ কৰিব পৰা নাই? মুখ্য ন্যায়াধীশে ক’লে ‘"With my limited career here in bar, I have not come across any police officer using bulldozer by way of a search warrant" ইয়াৰ পৰা চৰকাৰে কিবা শিক্ষা ল’ব নে? সকলো সময়তে এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ক লক্ষ্য কৰি প্ৰচাৰ-অপ-প্ৰচাৰ চলাই থাকিলে প্ৰশাসনত থকা সকলে তোষামোদৰ বাবেই আইনৰ গণ্ডী পাৰ হৈ এনে অৰাজকতাত হাত দিব । আজি ন্যায়ালয়ে ধৰা কাৰণেহে চৰকাৰে বাধ্য হৈ নিজৰ ভুল স্বীকাৰ কৰি লৈছে । কিন্তু সকলো সময়তে বা সকলো ঘটনাতে ন্যায়ালয়ে হস্তক্ষেপ কৰিব নোৱাৰে । সেয়েহে অসমৰ নাগৰিক সমাজৰ দ্বায়িত্ব বাঢ়িল । অনুপ্ৰবেশ- অনাধিকাৰ এইবোৰাৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনে যাৱতীয় কাৰ্যপন্থা গ্ৰহণ কৰক । কিন্তু তেনে কাৰ্য যাতে বিশেষ ৰাজনৈতিক দল অথবা মতাদৰ্শৰ স্বাৰ্থত নহয় তাৰ প্ৰতি নাগৰিক সমাজ সতৰ্ক হৈ ৰ’ব লাগে ।

চৰকাৰৰ ভুল ত্ৰুটি আঙুলিয়াই দিলেই চৰকাৰে মতাদৰ্শৰ কথা কয় । বুদ্ধিজীৱী বুলি কৈও তুচ্ছ-তাচ্ছিল্য কৰে । কিন্তু চৰকাৰে পাহৰিয়েই যায় যে চৰকাৰৰ উৰ্দ্ধত এখন সমাজ আছে । সমাজ এখন নিৰ্মাণ হয় পাৰস্পৰিক আদান-প্ৰদান আৰু আন্ত:নিৰ্ভৰশীলতাৰ প্ৰয়োজন আৰু বান্ধোনৰ মাজেৰে । সমাজতো অঁৰিয়া অঁৰি আছে, ক্ষমতাৰ যুঁজ আছে । কিন্তু এৰা ধৰাৰ মাজেৰে সমাজ এখন চলি থাকে । চৰকাৰৰ দ্বায়িত্ব সমাজখন শান্তিৰে চলি থকাৰ বাট কাটি দিয়া । তাকে নকৰি চৰকাৰে যদি সমাজখনত অবিশ্বাসৰ বীজ ৰোপণ কৰিব খোজে সমাজ বাচি থাকিবৈগে নে ?

১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰ ২০২২ তাৰিখলৈকে অনুষ্ঠিত হোৱা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শেষৰ দিনাৰ মুকলি সভালৈ গৈছিলোঁ । পূৰ্ববংগীয় মুছলিম অধ্যুষিত এই অঞ্চলত সপ্তমবাৰৰ বাবে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছে । কিন্তু গ্ৰন্থমেলাখনৰ বাতাবৰণত এক সাৰ্বজনীন ৰূপ । কয়াকুছিৰ স্থানীয় অৰ্থনীতি গঢ় লৈ উঠিছে বাঁহ উদ্যোগক কেন্দ্ৰ কৰি । কয়াকুছিত গঢ়ি উঠিছে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ বহু কেইখন উচ্চমানৰ স্কুল । এই গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হ’ল বহুবোৰ প্ৰতিযোগিতা । গ্ৰন্থমেলাৰ মুকলি সভাত ইমান মানুহৰ সমাগম এক ব্যতিক্ৰম । তাতোকৈ ব্যতিক্ৰম হ’ল কেইবাশও মহিলাৰ অংশগ্ৰহণ । স্থানীয় শিক্ষক আৰু সমাজৰ হিতৰ হকে কাম কৰি অহা সকলো বৰ্ষীয়ানলোককেই এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হ’ল । স্থানীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিবেশিত সমবেত সংগীত, স্থানীয় শিল্পীৰ দ্বাৰা পৰিবেশিত বৰগীত আৰু জিকিৰ আৰু জাৰিয়ে অনুষ্ঠানৰ গাভীৰ্য বৃদ্ধি কৰিলে । মুকলি সভাৰ সভাপতি তথা স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ অনুষ্ঠান পৰিচালনাৰ দক্ষতা আৰু বক্তব্য শুনি আনন্দিত হ’লোঁ । কোনো উচ্চবাচ্য নকৰাকৈ আৰু কোনো ৰাজনৈতিক বক্তব্য নৰখাকৈ তেওঁ গ্ৰন্থমেলাখনৰ বিষয়ে সুন্দৰকৈ ক’লে । মোৰ দৃষ্টিত গ্ৰন্থমেলাখনৰ আটাইতকৈ ডাঙৰ সফলতা গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘গ্ৰন্থ দৰ্পণ’ । প্ৰায় ৫৫০ পৃষ্ঠাৰ এই স্মৃতিগ্ৰন্থৰ বিষয় বৰ্ণাঢ্য লক্ষ্যণীয় । সাধাৰণতে এনে স্মৃতিগ্ৰন্থসমূহত গল্প-কবিতাই গুৰুত্ব লাভ কৰে বেছি । কিন্তু এই স্মৃতিগ্ৰন্থত দৰ্শন, শিক্ষা, সমাজ, সাহিত্য, জ্ঞান আদি ভিন্ন বিষয়ৰ উচ্চমানৰ লেখা প্ৰকাশ পাইছে । অন্যতম আকৰ্ষণীয় শিতান ‘স্বাস্থ্য’ । এই শিতানত ‘প্ৰসাৱতন্ত্ৰৰ সংক্ৰমণ’ৰ দৰে বিষয়েও স্থান লাভ কৰিছে । পূৰ্ববংগীয় মছলিম অধ্যুষিত অঞ্চল সম্পৰ্কে আমাৰ কেতবোৰ পূৰ্বকল্পিত ধাৰণা থাকে । কয়াকুছি গ্ৰন্থ আৰু বাণিজ্যমেলাৰ দৰে অনুষ্ঠানে এনে ধাৰণা ভঙাত সহায় কৰে । এই যে সমাজ এখন চলি থকাৰ কথা কৈছিলোঁ এইবোৰক লৈয়েই সমাজ এখন চলি থাকে । এনে সমাজ নিৰ্মাণত চৰকাৰৰ বিশেষ অৱদান নাই। কিন্তু চৰকাৰে এনে সমাজ ভাঙি পৰিব পৰা যিকোনো কামৰ পৰা বিৰত থাকিব লাগে ।

চৰকাৰে কৰা এটা কামৰ প্ৰশংসা কৰিব খুজিছোঁ । অসম চৰকাৰে অলপতে ঘোষণা কৰা ‘অসম বৈভৱ’, ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ৰ বাবে নিৰ্বাচিত লোকসকল নীৰৱেই সমাজ আৰু স্থানীয় অৰ্থনীতিৰ বাবে কাম কৰি যোৱা লোক । তেওঁলোকক এনে সন্মানেৰে স্বীকৃতি দি চৰকাৰে এটা প্ৰশংশনীয় কাম কৰিলে । বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডা: তপন শইকীয়াক ‘অসম বৈভৱ’ সন্মানেৰে সন্মানিত কৰাটো আদৰণীয় কথা হৈছে । কিন্তু চৰকাৰে ‘অসম বৈভৱ’ক অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান বুলি কোৱা কথাটোৱে অতদিনে অসম চৰকাৰে দি অহা অসমৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান হিচাপে স্বীকৃতি লাভ কৰা শংকৰদেৱ বঁটাক লঘু কৰা নাই নে? চৰকাৰে শংকৰদেৱ বঁটা প্ৰদানৰ বেলিকা কিয় ইমান অৱজ্ঞা প্ৰদৰ্শন কৰিছে ? পূৰ্বৰ চৰকাৰে প্ৰৱৰ্তন কৰা বাবেই এনে অৱজ্ঞা প্ৰদৰ্শন কৰা হৈছে নেকি ? এইটো উচিত কথা হৈছে নে? কিছুমান কথাই দলমত নিৰ্বিশেষে সামাজিক স্বীকৃতি আৰু মান্যতা লাভ কৰে । ‘ভাৰত ৰত্ন’; জ্ঞানপীঠ’ আদি বঁটাৰ ক্ষেত্ৰত তেনে কথা কব পাৰি । একেই কথা কব পাৰি শংকৰদেৱ বঁটাৰ ক্ষেত্ৰটো । এনে মান্যতাক এখোপ আগুৱাই নিব পৰাটো চৰকাৰৰ বাবে প্ৰজ্ঞাৰ পৰিচায়ক । চৰকাৰে কথাটো গুৰুত্ব সহকাৰে ভাৱক । শংকৰদেৱ বিনে যে আমি আমাৰ জাতিটোৰ কথা ভাৱিবই নোৱাৰোঁ সেই কথা চৰকাৰেও বাৰে বাৰে কৈ অহা নাই জানোঁ ?
(লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ হৈছে, লেখকৰ পূৰ্বে প্ৰকাশিত লেখাবোৰৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/DR-AKHIL-RANJAN-DUTTA

No comments:

Post a Comment