গ্ৰন্থ আলোচনাঃ নুফুলা ফুলৰ সুবাসঃ ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ উপন্যাস ::পূৰ্ণ চুতীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনাঃ নুফুলা ফুলৰ সুবাসঃ ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ উপন্যাস  ::পূৰ্ণ চুতীয়া

গ্ৰন্থ আলোচনাঃ নুফুলা ফুলৰ সুবাসঃ ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ উপন্যাস ::পূৰ্ণ চুতীয়া

Share This

নুফুলা ফুলৰ সুবাসঃ ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ উপন্যাস

পূৰ্ণ চুতীয়া

নুফুলা ফুলৰ সুবাসঃ ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ উপন্যাস  পূৰ্ণ চুতীয়া

ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ উপন্যাস, "নুফুলা ফুলৰ সুবাস" পঢ়িলো। এজন সাধাৰণ পাঠক হিচাবে এই উপন্যাসখন পঢ়ি হোৱা অনুভৱ ব্যক্ত কৰিব খুজিছো। অসমীয়া উপন্যাসৰ জগতত চিকিসা জগতৰ ভিতৰলৈ ভুমুকি মাৰিবলৈ সুবিধা দিয়া এইখন এখন ব্যতিক্ৰমী উপন্যাস। লেখক যিহেতু নিজেই মেডিকেল প্ৰফেশ্যনৰ সৈতে জড়িত আৰু  পেশাত ডাক্তৰ, গতিকে এই উপন্যাসত বহু পাঠকেই আত্ম-জীৱনীমূলক সমল থকাৰ অনুমানো নিশ্চয়কৈ কৰিব। অসমীয়া ভাষাত চিকিতসা জগতক উপজীব্য হিচাবে লৈ ৰচনা কৰা উপন্যাসৰ সংখ্যা বহুতেই কম। সেয়ে আগ্ৰহী পাঠকৰ জ্ঞাতাৰ্থে পঠন অনুভৱখিনি যুগুতাই আগবঢ়াব বিচাৰিছো।

নুফুলা ফুলৰ সুবাসঃ ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ উপন্যাস  পূৰ্ণ চুতীয়া

ভেলোৰৰ বিখ্যাত খ্ৰীষ্টিয়ান মেডিকেল কলেজলৈ ৰেচিডেন্সী কৰিবলৈ গৈছিল অৰুনাভ ভট্টাচাৰ্য। তাত চাকৰি কৰিবলৈ গৈ অৰুণাভে দেখিছিল অসমৰ পৰা যোৱা ৰোগীৰ দুৰৱস্থা। কোনোৱে ঘৰৰ সকলো সম্পত্তি বিক্ৰী চিকিৎসা কৰাবলৈ যায় জীয়াই থকাৰ তাড়নাত। কোনোৱে হস্পিতালত পইচা দিব নোৱাৰি মৃতদেহ গতাই দিব লগা হয় হস্পিতালত।


অৰুণাভ ভেলোৰলৈ ৰেচিডেন্সী কৰিবলৈ গৈছিল খ্ৰীষ্টিয়ান মেডিকেল কলেজৰৰ আকষৰ্ণত। তাতেই তেখেতে লগ পালে ডাঃ ৰলষ্টন দৰে গভীৰ ব্যক্তিত্বক। যিজনে অৰুণাভক কামৰ দ্বাৰা মহৎ হোৱাৰ চেষ্টা কৰিবলৈ কৈছিল। ডাঃ টি এ আলেকজেণ্ডাৰ ওৰফে ডাঃ এলেক্স, যিজনে এটা ঘটনাৰ জৰিয়তে অৰুণাভক শিক্ষা দিছিল কৰ্তব্য কাৰণে যে জীৱনৰ বহুখিনি ত্যাগ কৰিব লাগে।


উপন্যাসখনত দুটা চৰিত্ৰৰ ডাক্তৰৰ ছবি অংকন কৰিছে। ভেলোৰৰ ডাঃ এলেক্স, ডাঃ ৰলষ্টন আদি মানৱ দৰদী চিকিৎসকৰ বিপৰীতে ভেলোৰত চিকিৎসা কৰাবলৈ যোৱা অৰুণাভৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সদা কলিতাৰ দৰে চিকিৎসকৰ নামধাৰী ধনঘটা যন্ত্ৰৰ। তেওঁলোকৰ ব্যৱহাৰে তেনে ধাৰণা কৰিবলৈ বাধ্য কৰে। পাবলগা ৰোগীৰ সুবিধা বঞ্চিত কৰি তেওঁলোকে নিজেই সকলো সুবিধা আদায় কৰে। ভেলোৰলৈ চিকিৎসা কৰিবলৈ যোৱা অসমৰ ৰোগীৰ লগ পাই অৰুণাভে অনুভৱ কৰে যে চি এম চিলৈ অহা সৰহ সংখ্যক ৰোগীৰ চিকিৎসা অসমতেই সম্ভৱ। তাৰ কাৰণে লাগে মাথোন চিকিৎসক নামধাৰী কিছুসংখ্যক ধন ঘটা যন্ত্ৰৰ সলনি ডাঃ ৰলষ্টন, ডাঃ এলেক্সৰ দৰে সঁচা মানুহ।


ভেলোৰতে অৰুণাভে লগ পালে গুৱাহাটী মেডিকেল কলেজৰ চিনিয়ৰ ৰোজলিমক। সদা প্ৰানোজ্জ্বল ৰোজলিমে অৰুণাভক সহায় কৰাৰ লগতে আজৰি সময়তো সংগ দিলে। চি এম চিতে ৰেচিডেন্সী কৰি থকা ৰোজলিমৰ শেষ পৰিণতি দুখৰ। ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ তাতেই চিকিৎসাধীন অৱস্থাতে তাই শেষ নিশ্বাস ত্যাগ কৰে। সদা হাস্যময়ী ৰোজৰ মনৰ গোপন দুখৰ কথা মৃত্যুৰ দুদিনমানৰ আগতহে অৰুণাভে জানিব পাৰে। হাঁহিৰ নিজৰাৰ আঁৰতো লুকাই আছিল দুখৰ হিমালয়। কিন্তু তাক কেতিয়াও কাকো জানিবলৈ নিদিলে। আচলতে ৰোজৰ দৰে বহু চৰিত্ৰ আমাৰ সমাজত বিদ্যমান।


দেউতাকৰ মৃত্যুত আধাতে চি এম চি এৰি ঘৰৰ দায়িত্ব লবৰ বাবে অৰুণাভ অসমলৈ ঘুৰি আহিব লগা হয়। ঘুৰি আঁহোতে অৰুণাভে লৈ আহে জীৱনৰ অভিজ্ঞতা। যি অভিজ্ঞতাই অৰুণাভক দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ কৰে। লগতে গ্ৰহণ কৰে মানৱতাৰ শিক্ষা।


উপন্যাসখনৰ জৰিয়তে ঔপন্যাসিকে চি এম চিৰ পৰিবেশ, তাৰ চিকিৎসা পদ্ধতি কলেজখন স্থাপন হোৱাৰ আঁৰৰ কাহিনী আদি ব্যক্ত কৰিছে। লগতে সমাজলৈ বহু কেইটা বাৰ্তা প্ৰেৰণ কৰিছে। এটা নিটোল কাহিনী নাই যদিও সনাতন, হংস, ৰোজলিন, লালচাংগা, ডাঃ ৰলষ্টন, ডাঃ এলেক্স, ডাঃ সাৰদা, এন্টনীঅ', ৰাজন, মিঃ থমাচ, ডাঃ ইচাবেল, মিছেছ ডায়েনা আৰু অৰুণাভৰ প্ৰেয়সী বৰষা আদিৰ চৰিত্ৰৰ সফল অংকনে উপন্যাসখন সুন্দৰ গতিৰে আগুৱাই নিবলৈ সক্ষম হোৱাৰ লগতে সুখপাঠ্য হৈ পৰিছে। চৰিত্ৰ সমূহেই উপন্যাসখনৰ আধাৰ। এক সুন্দৰ গতি দিবলৈ সক্ষম হৈছে প্ৰতিটো চৰিত্ৰই।


উপন্যাসখনৰ কাহিনীভাগ আজিৰ পৰা বহুবছৰৰ আগৰ। যি সময়ত যোগাযোগৰ লগতে অন্যান্য সুবিধা সমূহ আজিৰ দৰে উন্নত নাছিল। নাছিল মোবাইল ফোন। সেই সময়ত মানুহে যোগাযোগ কৰিবলৈ চিঠিৰ ব্যৱহাৰ কৰিছিল। গতিকে সেই সময়ত সুদূৰ ভেলোৰৰ দৰে ঠাইত চিকিৎসা কৰিবলৈ যোৱা মানুহৰ ছবিখনে বহু কথা কয়।


আৰম্ভণিৰ পৰা শেষলৈকে উপন্যাসখনে পাঠকক ধৰি ৰাখিবলৈ সক্ষম হৈছে। পাঠকৰ মনত এটা উৎকন্ঠা ৰৈ যায় পঢ়ি যাওঁতে। উপন্যাসখনে পাঠকৰ বাবে বাৰ্তা প্ৰেৰণ কৰিবলৈয়ো সক্ষম হৈছে। কম কলেৱৰৰ (১২০ পৃষ্ঠা) উপন্যাসখন একে বহাতে পঢ়ি শেষ কৰিব পাৰি।


শেষত উপন্যাসখনৰ ভাল লগা দুটামান বাক্য তুলি দিলোঁ, "অৰুণাভৰ কল্পনাৰ মণিকোঠালৈ তিৰবিৰকৈ ভাহি আহিল ভৱিষ্যতৰ অজস্ৰ চিত্ৰ-বিচিত্ৰ সপোন। অৰুণাভে তাৰ নিজৰ গাঁৱলৈ গৈ আৰম্ভ কৰিব এখন সৰু চিকিৎসালয়। অত্যাধুনিক সা-সুবিধা নাথাকিলেও তাত যেন থাকিব সুদূৰ ভেলোৰৰ পৰা কঢ়িয়াই নিয়া বহুতো সুগন্ধি ফুলৰ সুবাস। তাৰ অঞ্চলৰ মানুহৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ দিব সেই চিকিৎসালয়খনৰ মাধ্যমেৰে। "


পেশাগত ব্যস্ততাৰ মাজৰেৰেও লেখক ডাঃ শুভ্ৰ কিংকৰ গোস্বামীদেৱৰ কাপেৰে ন ন সৃষ্টিৰে পাঠকক ভৱিষ্যতেও অধিক আপ্লুত কৰিব বুলি আশা কৰিলোঁ। লেখকলৈ অভিনন্দন।

No comments:

Post a Comment