জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


চচৰ সৈতে ৰন্ধা কুকুৰাৰ মাংস 
প্ৰাণজ্যোতি নাথ
উপকৰণঃ
মুৰ্গীৰ মাংসঃ ৫০০ গ্ৰাম(ব'নলেচ)
থেতেলা নহৰুঃ ১ চামুচ
থেতেলা আদাঃ ১ চামুচ
পানীঃ প্ৰায় আধা কাপ
তেলঃ হিচাপ মতে
পিয়াজঃ দুটা বা তিনিটা(ডাঙৰ)
কেঁচা জলকীয়াঃ এটা বা দুটা
গাজৰঃ এটা বা দুটা
বিনঃ ১০ বা ১২ ডাল
কৰ্ণফ্লৰঃ ২ চামুচ
চয়া চচঃ ১ চামুচ
ট'মেট চচঃ ২ চামুচ
চিলি চচঃ১ চামুচ
নিমখঃ সোৱাদ অনুযায়ী
চেনী (মন গ'লে ব্যৱহাৰ কৰিব পাৰে)

স্বাস্থ্যৰ বাবে নিষেধ থাকিলে চয়া চ'চ ব্যৱহাৰ নকৰাকৈয়ো ৰান্ধিব পাৰে।

ৰন্ধন প্ৰণালীঃ
মুৰ্গীৰ টুকুৰাসমূহ চাফা কৰি, উল্লেখিত হিচাপত আদা, নহৰু আৰু পানী দি সিজাই ল'ব। প্ৰেচাৰ কুকাৰত জুই কমকৈ দি ১টা বা দুটা হুইচেল মৰালেই হব।
গাজৰ আৰু বিন ডেৰ ইঞ্চি হিচাপত দীঘলীয়াকৈ কাটি তেল গৰম কৰি কেৰাহীত প্ৰথমে কটা পিয়াজ দি, পিছত পাচলিখিনি ১ মিনিট মান লৰাই ভাজি ল'ব। কেঁচা জলকীয়া দিব।
এতিয়া সিজোৱা মুৰ্গী মাংসখিনি পানীৰ পৰা টুকি পাচলিৰ সতে কৰ্ণফ্লৰ আৰু আন্দাজমতে নিমখ দি ভালদৰে লৰাই ভাজিব।
চচৰ মিশ্ৰণ দিব, মুৰ্গীৰ ৰস আৰু কম পৰিমাণত পানী দি উতল আহিবলৈ দিব। উতল আহিলে জুই কমাই গাঢ় আৰু উজ্জ্বল ৰং আহিলে জুই নুমুৱাই দিব। এতিয়া মন গ'লে অকনমান কটা ধনিয়াৰে সজাই দি গৰম ভাত, পোলাও বা নুডলচ'ৰ সতে গৰমে-গৰমে পৰিৱেশন কৰক।
আন সকলো জুতি লগা আখল দিহা পঢ়িবৰ বাবে ক্লিক কৰিব পাৰেঃ
 http://www.xukhdukh.com/p/blog-page_5365.html
আৰু লঘু আহাৰৰ ৰেচিপিৰ বাবে ক্লিক কৰকঃ
http://www.xukhdukh.com/search/label/JUTI-LAGA-AKHAL

No comments:

Post a Comment