শৰত কালৰ পুৰ্ণিমাৰ ৰাতি। আকাশ ফৰকাল। প্ৰকৃতিয়ে জোনৰ ৰূপালী পোহৰত মনোমোহা ৰূপ ধাৰণ কৰিছে। ব্ৰজধামত গোপিনী সকলে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। কোনোবাই গৰুৰ গাখীৰ খীৰাইছে, কোনোবাই ভাত ৰান্ধিছে, কোনোবাই শৃংগাৰ কৰিছে, কোনোবাই পতিৰ আলপৈচান ধৰিছে।
তেনেতে ক’ৰবাৰ পৰা ৰিণি ৰিণিকৈ ভাঁহি আহিছে মন উতলা কৰা বাঁহীৰ সুৰ। উচপ খাই উঠিছে গোপিনী সকল। সেই সুৰে তেওঁলোকৰ মন ৰাইজাই কৰিছে। হাতৰ কাম খহি পৰিছে। বাঁহীৰ সুৰ যিমানেই ষ্পষ্টকৈ শুনা গৈছে সিমানেই যেন মন বলিয়া হৈ পৰিছে। প্ৰতিজনী গোপিনীয়ে জানে বাঁহী বজোৱা জন আন কোনো নহয়, সেয়া কানাই, সেয়া শ্ৰীকৃষ্ণ। কানাইৰ বাঁহীৰ সুৰত মতলীয়া হৈ পৰা গোপিনীয়ে কোনোমতে যেন ঘৰত সোমাই থাকিব নোৱাৰে। কানাইৰ ওচৰলৈ যেন কিবা এক অনামী আকৰ্ষণে হাত বাউল দি মাতিছে। পতি, ভাতৃ, পিতৃ মাতৃয়েও তেওঁলোকক বাধা দি ৰাখিব নোৱাৰে।
বৃব্দাবনত এজনী এজনীকৈ গোপিনীসকল গোট খাইছে। প্ৰতিজনীয়ে ঘৰৰ দহোবন পেলাই থৈ আহিছে। একান্তমনে বাঁহী বজাই থকা কানাইৰ সান্নিধ্য পাবলৈ প্ৰতিজনী গোপিনী ব্যাকুল হৈ পৰিছে। কানাইৰ বাঁহীৰ সুৰত এনে যাদু আছে যে প্ৰতিজনীয়ে নিজে নিজে সেই সুৰত নাচিবলৈ লৈছে।
ব্ৰজধামৰ প্ৰতিজনী গোপিনীয়ে পতি কানাইৰ দৰে পতি পোৱাৰ সপোন দেখিছিল। কৃষ্ণক নিজৰ আপোন কৰি লোৱাৰ হেপাহতে এমাহ ধৰি গোপিনী সকলে কাত্যায়নী ব্ৰত কৰিছিল। এই ব্ৰত ধাৰণ কৰাটো সহজ নহয়। কাহিলি পুৱাতে উঠি তেওঁলোকে যমুনাত গা ধুব লাগে, নৈৰ পাৰৰ বালিৰে পাৰ্বতীৰ প্ৰতিমা সাজি সেই প্ৰতিমাক পূজা কৰিব লাগে, সকলো ধৰণৰ অপকৰ্মৰ পৰা বিৰত থাকিব লাগে।
এই ব্ৰত চলি থকাৰ সময়তে গোপিনী সকলে এদিন যমুনাৰ পাৰত কাপোৰ কানি খুলি নৈত গা ধুই আছিল। সেইদিনা শ্ৰীকৃষ্ণই গোপিনীসকলৰ কাপোৰবোৰ মনে মনে চুৰ কৰি নি কদম গছত বহি থাকিল। পাৰত কাপোৰ বিচাৰি নাপাই গোপিনী সকলৰ হাহাকাৰ লাগিল। তেওঁলোকে যেতিয়া গছত তেওঁলোকৰ কাপোৰৰ সৈতে বহি থকা কানাইক দেখিলে তেওঁলোকে বৰ লাজ পালে। কাপোৰ ওভতাই দিবলৈ কানাইক কাকুতি কৰিলে। তেতিয়া কানায়ে তেওঁলোকক সোঁৱৰাই দিলে যে ব্ৰতধাৰণৰ সময়ত নিজৰ কৰ্তব্য অৱহেলা কৰি তেওঁলোকে নদীত উলংগ গৈ জলকেলি কৰি ব্ৰতৰ পৱিত্ৰতা ভংগ কৰিছে। গোপিনী সকলে নিজৰ ভুল বুজি পাই ক্ষমা বিচাৰিলে। কৃষ্ণই তেওঁলোকৰ কাপোৰ ওভতাই দিলে আৰু তেওঁক আপোন কৰি লোৱাৰ মনোবাঞ্চা এদিন পুৰণ কৰিব বুলি কথা দিলে। গোপিনী সকলৰ মনোকামনা পূৰণ কৰাৰ বাবেই শ্ৰীকৃষ্ণই ৰাস লীলাৰ সৃষ্টি কৰিলে।
শৰতৰ সেই পূৰ্ণিমাৰ নিশা যমুনাৰ কাষৰ মুকলি ঠাইত শ্ৰীকৃষ্ণৰ ভূৱন ভুলোৱা বাঁহীৰ সুৰে যেন প্ৰকৃতি, চৰাই চিৰিকতি, গছ বন, ফুল আটাইকে মুগ্ধ আৰু সন্মোহিত কৰি তুলিছিল। সেই সুৰত গোপিনী সকলে সকলো পাহৰি কেৱল কৃষ্ণৰ চিন্তাত বিভোৰ হৈ পৰিছিল। কৃষ্ণৰ সান্নিধ্য লাভৰ বাবে ব্যাকুল হৈ তেওঁলোকে ঘৰৰ কাম বন এৰি সেই বাঁহীৰ সুৰ ধিয়াই ঢাপলি মেলিছিল। কৃষ্ণক ওচৰত পাবলৈকে তেওঁলোকৰ মন উত্ৰাৱল হৈ পৰিছিল। ভক্তি ভাৱত মগ্ন প্ৰতিজনী গোপিনীয়ে অনুভৱ কৰিছিল যেন কানায়ে তেওঁৰ লগত নৃত্য কৰিছে। শৰতৰ মুকলি আকাশৰ তলত এজন কানায়ে বহুজন হৈ প্ৰতিজনী গোপিনীৰ লগত নাচি তেওঁলোকক পৰম আনন্দ প্ৰদান কৰিলে।
যিসকল গোপিনীয়ে কৃষ্ণৰ ওচৰলৈ যাব নোৱাৰিলে, তেওঁলোকে ঘৰতে বহি চকু মুদি কৃষ্ণৰ কথা চিন্তা কৰি থাকিল। তেওঁলোকে প্ৰিয়জনৰ পৰা আঁতৰি থকাৰ দৰে বিৰহ বেদনা অনুভৱ কৰিলে। তেওঁলোকৰ দুচকুৰে দুখৰ চকুলো ওলাই আহিল। কিন্তু সেই বিৰহ বেদনাৰ মাজতো যেন তেওঁলোকে অনুভৱ কৰিলে প্ৰিয়তম কৃষ্ণৰ মৰমৰ সান্নিধ্য।
শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ থুলমূল কাহিনীটো ইমানেই। ভাগৱত পুৰাণ, গীত গোবিন্দ আদি পুথিত শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ সুন্দৰ বৰ্ণনা আছে। ৰাস শব্দটি ‘ৰস’ শব্দৰ পৰা আহিছে। ৰাসৰ অৰ্থ হ’ল হৃদয়ৰ ৰস বা মানুহৰ আবেগ, অনুভূতি। আৰু লীলা মানে হ’ল খেল বা নৃত্য। ৰাস লীলাৰ জৰিয়তে ভগবান শ্ৰীকৃষ্ণই গোপিনী সকলৰ লগত আবেগ, অনুভূতি ভৰা নৃত্যত মগ্ন হৈছে। কিন্তু ৰাস কেৱল সাধাৰণ আবেগ, অনুভূতিৰ নৃত্য নহয়। মানবীয় আবেগ, অনুভূতিৰ মাজতো পৰম পুৰুষ ভগবান শ্ৰীকৃষ্ণৰ প্ৰতি অবিচলিত ভক্তিহে ৰাস লীলাৰ মূল কথা।
ৰাস লীলাৰ জৰিয়তে ভগবান শ্ৰীকৃষ্ণই সমগ্ৰ মানৱ জাতিৰ বাবে এক অতি অসাধাৰণ, অগতানুগতিক বাৰ্তা প্ৰেৰণ কৰিছে। মানুহৰ আবেগ, অনুভূতি থকাটো স্বাভাৱিক। এনে আবেগ অনুভূতিৰ বাবেই মানুহৰ মনত প্ৰেম, বিৰহ, ক্ৰোধ আদি উত্পন্ন হয়। কিন্তু এই আবেগ, অনুভূতি সমূহো যদি ভগবান কৃষ্ণৰ প্ৰতি ধাৱমান কৰিব পৰা যায়, মানুহে ভগবানৰ আশিষ লাভ কৰে। ব্ৰজধামৰ গোপিনী সকলৰ মনতো প্ৰেম ভাৱ জাগিছিল, পৰ পুৰুষ কানাইৰ সান্নিধ্য লাভ কৰিবলৈ তেওঁলোক ব্যাকুল হৈ পৰিছিল। কিন্তু যিহেতু সেই আবেগো কেৱল ভগবান শ্ৰীকৃষ্ণৰ উদ্দেশ্যেহে সমৰ্পিত আছিল, সকলো সময়তে তেওঁলোকৰ মনলৈ শ্ৰীকৃষ্ণৰ কথাই আহিছিল, সেয়েহে তেওঁলোকৰ কৰ্ম পৱিত্ৰ হৈ পৰিছিল, তাত কোনো পাপ নাছিল।
ৰাস লীলাৰ জৰিয়তে ভগবান শ্ৰীকৃষ্ণই মানৱ সমাজক দিয়া আটাইতকৈ মূল্যবান বাৰ্তাটো হ’ল এয়ে যে যিকোনো সময়তে মানুহে ভগবানৰ প্ৰতি সমৰ্পিত হৈ থাকিব লাগে। আবেগ, অনুভূতি, দুখ, কষ্ট, খং ৰাগে মন বিষন্ন কৰি ৰাখিলেও সদায়েই ভগবৎ প্ৰেমত মগ্ন হৈ থাকিব পাৰিব লাগে। যি মানুহৰ মনত সকলো সময়তে ভগবান থাকে, তেওঁলোকৰ আবেগ, অনুভূতি বোৰে কেতিয়াও অপকৰ্ম ঘটাব নোৱাৰে। ভগবানক অন্তৰত ধাৰণ কৰা মানুহে মানবীয় আবেগ, অনুভূতিৰ অশুভ প্ৰভাৱ আৰু তাৰ কৰ্মফলৰ পৰা মুক্তি পায়।
পুৰুষ আৰু নাৰীৰ প্ৰেম আৰু পৰষ্পৰৰ প্ৰতি আকৰ্ষণ চিৰন্তন সত্য। ৰাস লীলাৰ জৰিয়তে শ্ৰীকৃষ্ণই বাৰ্তা দিছে যে ভগবানৰ প্ৰতি তেনে প্ৰেম আৰু আকৰ্ষণ অনুভৱ কৰাটো আটাইতকৈ উচ্চ খাপৰ ভক্তি। যিসকল প্ৰকৃত ভক্ত, তেওঁলোকেহে ভগবানক নিজৰ প্ৰিয়তম বা প্ৰেমাষ্পদ বুলি গ্ৰহণ কৰিব পাৰে। ভগবানক প্ৰিয়তম হিচাপে গ্ৰহণ কৰিব পৰা মানুহে সকলো দুখ, কষ্ট আৰু কৰ্মফলৰ পৰা মুক্তি পায়। তেওঁলোকৰ ওৰেটো জীৱন হৈ পৰে ভগবানৰ সান্নিধ্যত কৰা ভক্তিৰ নৃত্য বা ৰাস লীলা। ভগবান শ্ৰীকৃষ্ণই এনে ভক্তৰ হৃদয়ত বাস কৰি ভক্তৰ অন্তৰ ৰাস লীলাৰ সময়ত গোপিনী সকলে লাভ কৰাৰ দৰে আনন্দেৰে ভৰাই ৰাখে।

No comments:
Post a Comment