ইতিবাচক চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বৰাক-ব্রহ্মপুত্রৰ মাজত সমন্বয়ৰ সেতু হওক ব্রডগজ 
আব্দুৰ ৰছিদ চৌধুৰী
১৯৯৬ চনৰ পৰা ২০১৫ চন মাজত প্রায় একুৰি বছৰ। অৱশেষত যেন বাস্তৱত পৰিণত হব বৰাকবাসীৰ সপোন। অনিশ্চয়তাৰ ৰাজনীতিৰ মেৰপেচৰ পৰা মুক্ত হৈ শনিবাৰৰ পৰা শিলচৰ লামডিং ৰেল পথত যাত্রীবাহী ৰেল চলাচল কৰিব বুলি বাতৰি ওলোৱাৰ লগে লগে প্রতিজন বৰাকবাসীৰ মুখ হাঁহিৰ বিৰিঙিছে। সকলোৰে মুখত এটাই কথা অঞ্চলটোৰ পৰা দেশৰ অন্য প্রান্তলৈ কৰা যাত্রাৰ কষ্ট লাঘৱ হব। এনে এক ঐতিহাসিক সন্ধিক্ষণত আমি আশা কৰিছো. বৰাক আৰু ব্রহ্মপুত্র উপত্যকাৰ সমন্বয়ৰ ভেটি গঢ়ক এই ব্রডগজে। ৰাজ্যখনৰ দুয়োখন উপত্যাকাৰ মাজত থকা ভৌগোলিক প্রতিবন্ধকতা অতিক্রম কৰি, মনৰ মাজত থকা অবিশ্বাসৰ ভাৱ আতৰাই মনৰ মিলনত ব্রডগজে সহায় কৰিব বুলি আশা ব্যক্ত কৰিছে উন্নয়নৰ স্বার্থত দুয়ো উপত্যকাৰ মিলনৰ আৱশ্যকতা অনুভৱ কৰা ৰাজ্যখনৰ প্রতিজন প্রগতিশীল নাগৰিকে।

উল্লেখ্য যে ১৯৯৬ চনত এইচ ডি ডেবেগৌড়া নেতৃত্বনাধীন কেন্দ্রৰ সংযুক্ত মর্চা চৰকাৰে লামডিঙৰ পৰা শিলচৰলৈ থকা শতবছৰ পুৰণা মিটাৰগজ ৰেল পথটোক ব্রডগজলৈ উন্নতি কৰাৰ প্রকল্প হাতত লৈছিল। প্ৰকল্প মঞ্জুৰৰ সময়ত মাত্র ৬৪৮ কোটি ব্যয় ধার্য কৰাহৈছিল যদিও ২১টা সুৰুংগ ২৮টা বৃহৎ ষ্টেছন আৰু চাৰিটা হেল্ট ষ্টেছন বশষ্ট ২১০ কিলো মিটাৰ দৈৰ্ঘৰ ৰেলপথ চোৱা নির্মাণৰ নামত এতিয়ালৈ ৫৬০০ কোটিৰ অধিক টকা ব্যয় হৈছে। মনমোহন সিং নেতৃত্বনাধীন কেন্দ্রৰ ইউ পি এ চৰকাৰে বিগত ২০০৪ চনত ইয়াক জাতীয় প্রকল্প বুলি ঘোষণা কৰাৰ পিচৰে পৰাই ইয়াৰ কামৰ গতি দ্রুত হয়। প্রকল্পৰ কাম পূর্ণ কৰাৰ উদ্দেশ্যে বিগত ২০১৪ বর্ষৰ এক অক্টোবৰৰ পৰা ছয় মাহৰ বাবে শিলচৰ লামডিং পথ সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছিল। ৰেল বিভাগৰ ভাষা মেগা-ব্লক বুলি অভিহিত কৰা এই বন্ধ চলিত বর্ষৰ ৩১ মার্চত উকলি যোৱাৰ পিছতো পথটোৰে যাত্রীবাহী ৰেল চলাচল নকৰাত অঞ্চলটোৰ জনসাধাৰণৰ মনত আশংকাৰ সৃষ্টি হৈছিল ব্রডগজৰ বাস্তৱায়নক লৈ।

সকলো আশংকা সংশয় অতিক্রম কৰি এই পথটোৰে শনিবাৰ (২১ নবেম্বৰ ২০১৫)ৰ পৰা যাত্রীবাহী ৰেল চলিব। অৱশ্যে ইয়াৰ মাজতে যোৱা ২৭ মার্চত এই পথচোৱা উদ্ধোধন কৰাৰ পিছত ইয়াৰে মালবাহী ৰেল যাতায়ত কৰি আছে। ইয়াৰ পিছত ৰেল সুৰক্ষা বভাগৰ আয়ুক্তৰ পৰা অনুমতি লাভ কৰে পথচোৱাই। সেয়ে যাত্র ৰেল চলোৱাৰ ব্যবস্থা কৰা হৈছে। এই পথটোৰে যাত্রী ৰেলৰ যাতায়াত আৰম্ভ হোৱাৰ ফলত ৰাজ্যখনৰ দুই উপত্যকা বৰাক-বহ্মপুত্রৰ মাজত যাতায়াত সুচল হব।

এতিয়াৰে পৰা বৰাক উপত্যাকাৰ জনগনে মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ মাজেৰে বিপদশংকুল যাত্রাপথ অতিক্রম কৰি ব্রহ্মপুত্র উপত্যকাৰ লগত যাতায়ত কৰিব নালাগে। ই বৰাক উপত্যকাৰ জনসাধাৰণৰ লগতে মিজোৰাম, ত্রিপুৰা আৰু মণিপুৰ বাসীৰ বাবে ব্রহ্মপুত্র উপত্যকাৰ লগতে দেশৰ অন্য প্রান্তলৈ যাতায়তৰ পথ সুগম কৰিব। বৰাকবাসীৰ দীর্ঘদিনীয়া দাবী এটা পুৰণ হোৱাই হয় যাত্রী ৰেল চলাচলৰ এই কাৰ্য বৰাক আৰু ব্রহ্মপুত্র উপত্যকাৰ ভৌগলিক দূৰত্ব বহু পৰিমানে কমালৈ সক্ষম হব বুলি বিশেষজ্ঞ সকলে মন্তৱ্য কৰিছে। তেওঁলোকৰ মতে যাত্রী ৰেলেৰে যাত্রা কৰাৰ ফলত দুয়ো উপত্যকাৰ মাজত যাতায়াত বৃদ্ধি হব। এই যাতায়াত বৃদ্ধিৰ ফলত দুয়ো অঞ্চলৰ জনগণৰ মাজত ভাবৰ আদান প্রদানো বাঢ়িব। সেয়ে এই ব্রডগজে অসমৰ বৰাক-ব্রহ্মপুত্র উপত্যকাৰ মাজত সমন্বয়ৰ বান্ধোন সুদৃঢ় কৰিব পাৰিব বুলি দাবী কৰিব পাৰি। সেয়ে যাত্রবাহী ৰেল চলাচলৰ এই ঐতিহাসিক ক্ষণত আমি আশা কৰিছো বৰাক-ব্রহ্মপুত্রৰ মাজত সমন্বয় সেতু হওক এই ব্রডগজ।

লেখকৰ ঠিকনাঃ  জি চি এম ভি স্কুল, কাটলিচেড়া,হাইলাকান্দি, মোঃ ৯৮৬৪৭৬৫৩৮৬

No comments:

Post a Comment