কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


সুদক্ষ ইলেকট্রিচিয়ান হওক
ড° বুলজিৎ বুঢ়াগোহাঁই
বৰ্তমানৰ আধুনিক যুগত ইলেকট্রিচিয়ান (Electrician) এটা আকৰ্ষণীয় কেৰিয়াৰ। এজন ইলেকট্রিচিয়ান হোৱাৰ বাবে ইলেকট্রিচিয়ানৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰা বন্ধা কথা নাই, এজন সুদক্ষ ইলেকট্রিচিয়ানৰ ওচৰত প্রশিক্ষণ গ্রহণ কৰিও এজন ইলেকট্রিচিয়ান হ’ব পাৰে। কিন্তু এজন সুদক্ষ ইলেকট্রিচিয়ান হ’বৰ বাবে ইলেকট্রিচিয়ানৰ পাঠ্যক্রম অধ্যয়ন কৰা আৱশ্যকতা আছে। তাৰোপৰি কোনো উদ্যোগ তথা প্রতিষ্ঠানত নিয়োগ লাভ কৰিবৰ বাবে ইলেকট্রিচিয়ান পাঠ্যক্রম গ্রহণ কৰা প্রমাণ পত্র থাকিব লাগিব।

ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ত ইলেকট্রিচিয়ান পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। এই পাঠ্যক্রমৰ সময় সীমা দুবছৰ। ইলেকট্রিচিয়ান পাঠ্যক্রম অধ্যয়ন বাবে ছাত্র-ছাত্রীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰৰ ভিত্তিত পোনপতীয়াকৈ নামভৰ্তিৰ সুবিধা আছে। সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা পিছত এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে বিজ্ঞাপন প্রকাশ হয়। এই পাঠ্যক্রমত নামভৰ্তিৰ হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ১৪ বছৰৰ কম হ’ব নালাগে।

ইলেকট্রিচিয়ান পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ কেইখনমান ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান হ’ল - যোৰহাট (http://www.jorhatiti.com) , তিনিচুকীয়া (http://govtititinsukia.in) , তেজপুৰ (www.ititezpur.in), দক্ষিণ শালমাৰা (http://itialamganj.in), ধনশিৰি (http://itidhansiri.org) , নগাঁও (http://www.itinagaon.com), বৰপেটা (http://itibarpeta.vpweb.in), নলবাৰী, বঙাইগাঁও, ধেমাজি, কোকৰাঝাৰ ,কৰিমগঞ্জ, গোৱালপাৰা, গুৱাহাটী, গোৱালপাৰা, গড়গাঁও, ভেৰগাঁও, মৰিগাঁও, শ্রীকোণা, হাইলাকান্দি , ডিফু, হাফলং ।

তেল কোম্পানীকে ধৰি উদ্যোগ সমূহত ইলেক্ট্ৰিচিয়ানৰ  চাকৰিৰ
প্ৰভূত সুবিধা আছে। অলপ দিন অভিজ্ঞতা লাভ কৰি বিদেশতো নিজৰ দক্ষতাৰ ভিত্তিত বেছি ধন আৰ্জন কৰাৰ চাকৰি পাব পাৰি। এই ক্ষেত্ৰত আৰৱ দেশ সমূহ আকৰ্ষণীয় স্থান হিচাবে কেৰেলা আদি বহু মানুহ কৰ্মৰত হৈ থকাৰ তথ্যও পোৱা যায়। চাকৰি নকৰিলেও নিজে দোকান খুলি ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। তাৰ বাবেও শিক্ষিত সকলৰ বাবে চৰকাৰে ঋণ আদিৰ আঁচনি ৰাখিছে। তাৰোপৰি আজিকালি নিজে এল.ই.ডি লাইট, ইনভাৰ্টাৰ নিৰ্মাণ আদিৰো প্ৰতিষ্ঠান গঢ়িব পাৰে। ইয়াৰ বাবে লাগিব ইলেক্ট্ৰিচিয়ানৰ শিক্ষাৰ লগতে নিজৰ উদ্যমী মনো। সেয়ে আগ্ৰহীজনে জনা-বুজা মানুহৰ সতে মুকলিকৈ আলোচনা কৰি দিহা পৰামৰ্শ গ্ৰহণ কৰিব লাগে। প্ৰতি শনিবাৰে ৬-৯বজালৈ টেলিফোন যোগে এই লেখকৰ সৈতেও পৰামৰ্শ কৰিব পাৰে। যোগাযোগৰ নম্বৰঃ ০৯৪৩৫১-৮৮৬৩০

No comments:

Post a Comment