সুখ-দুখৰ বতৰাঃ ২৭নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২৭নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ২৭নৱেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ শুল্কবিহীন হেল্পলাইন ১৮২ৰ সেৱা আগবঢ়াইছে। ৰে’লৱে পুলিচ বাহিনীক যিকোনো সুৰক্ষাজনিত অসুবিধাৰ বিষয়ে এই নম্বৰলৈ ফোন কৰিলে ততালিকে ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও জানিব পৰা গৈছে।

২. কালি অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ১৪৪ সংখ্যক ওপজা দিন উপলক্ষে তেজপুৰত কেইবাটাও সংগঠনে অনুষ্ঠানৰ আয়োজন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেজপুৰ সাহিত্য সভা, অসমীয়া ক্লাৱ, বাণ থিয়েটাৰ আদিতো জন্মদিনৰ কাৰ্যসূচী পালন কৰা হয়।

৩. ডিব্ৰুগড় গ্ৰন্থমেলাত এক মনোজ্ঞ কবি সন্মিলনৰ পাছতে কৌস্তুভ প্ৰকাশনৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। মঞ্জু দেৱী ভাগৱতীৰ ‘ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ তৃতীয় ধাৰা’, মৌচুমী দত্তৰ কবিতা পুথি ‘বুকুৰ ভিতৰে-বাহিৰে হেঁপাহৰ ৰঙচুৱা’, অধ্যাপক বীৰেন বৰুৱাৰ ত্ৰিভাষিক কাব্যগ্ৰন্থ ‘নামি আহে লাহে লাহে হালধীয়া বৰষুণ’ও উন্মোচিত হয়। এই বৰ্ষত কৌস্তুভ প্ৰকাশনে এই গ্ৰন্থমেলাতে ১২খনকৈ গ্ৰন্থ উন্মোচন কৰিছে। ২৫ নৱেম্বৰৰ দিনা বিশিষ্ট সাংবাদিক বেদব্ৰত বৰাৰ গ্ৰন্থ ‘দেওবৰীয়া ডায়েৰী’ উন্মোচন কৰে স্বনামধন্য ঔপন্যাসিক পূৰৱী বৰমুদৈয়ে।

৪. সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আৰু জনগণৰ মৌলিক সমস্যাৰ সমাধানৰ দাবীত বিশাল পদযাত্ৰা কৰি দিছপুৰ অভিমুখে আহি থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অংশগ্ৰহণকাৰী সকলৰ সৈতে আলোচনাত বহিব ৰাজ্য চৰকাৰ। বিভিন্ন দাবী সমূহৰ সংশ্লিষ্ট দাবী সমূহৰ বিষয়ত মন্ত্ৰীগোটৰ সৈতে আজি দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত হৈছে।

৫. দিল্লীত থকা উত্তৰ-পূৰ ছাত্ৰী-ছাত্ৰী তথা নাগৰিক সমাজৰ বাবে ‘ৱান টাচ্চ ৰেছপঞ্চ’ নামৰ এটা সুৰক্ষা আৰু সাহাৰ্য সেৱা দিল্লীত আৰম্ভ কৰা হৈছে। মোবাইলৰ এই এপযোগে জৰুৰী বাৰ্তা প্ৰেৰণ কৰাও সম্ভৱপৰ হব বুলি জানিব পৰা গৈছে।

৬. কেনিয়া ভ্ৰমণৰত পোপ ফ্ৰেন্সিছে বিশ্ব শান্তিৰ বাবে খ্ৰীষ্টান আৰু মুছলমান সকলৰ মাজত আলোচনাত বহাটো জৰুৰী হৈ পৰিছে বুলি মন্তব্য কৰিছে। তেখেতে নাইৰোবিত ৰাষ্ট্ৰ-সংঘৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত পাৰিপাৰ্শ্বিক বিষয়তো বক্তৃতা প্ৰদান কৰে।

৭. দুলীয়াজানৰ কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমীৰ উদ্যোগত যোৱা ১৬নৱেম্বৰৰ পৰা অনুষ্ঠিত দিলীপ ভট্টাচাৰ্য সোঁৱৰণী সদৌ অসম পূৰ্ণাংগ নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে অসম নাট্য সন্মিলনৰ মধ্য বৰপেটা শাখাৰ ‘মমতাৰ চিঠি’ নামৰ নাটখনে। বিজয়ীদলটোক ৪০হাজাৰ টকাৰ প্ৰাইজমানী প্ৰদান কৰা হয়।

৮. মৰাণৰ তাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিদ্যায়তনিক পৰিষদৰ উদ্যোগত আয়োজিত ত্ৰয়োদশ বাৰ্ষিক ডঃ লীলা গগৈ স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তা ৰূপে অংশ লয় ভাষাবিদ ডঃ উপেন ৰাভা হাকাচামে। অসমীয়া ভাষাৰ গঠনত লোকভাষাৰ অৰিহনা অপৰিসীম বুলিও তেখেতে ভাষণত উল্লেখ কৰে।

৯. গোপন কোডিঙৰ সহায়ত সুৰক্ষিত কৰি ৰখা সন্ত্ৰাসবাদী সংগঠন আইছিছৰ বেৱচাইট এননিমাছ গ্ৰুপৰ হেকাৰ সকলে বিকল কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। সেই বেৱচাইটৰ ঠাইত এতিয়া দৰৱ বিক্ৰীৰ সেৱাহে উপলদ্ধ কৰা বুলিও জানিব পৰা গৈছে।

১০. ১৫গৰাকী হিন্দু লোকৰ আদালতৰ জৰিমনা ৫০হাজাৰকৈ টকা জমা কৰি জেলৰ পৰা উলিয়াই আনিলে ৰায়বেৰেলীৰ মুছলিম লোক সকলে। এই সম্প্ৰীতিৰ বাৰ্তাই লাভ কৰিলে ৰাষ্ট্ৰীয় বাতৰি কাকতৰ সংবাদ শিৰোনামাও।

No comments:

Post a Comment