কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
অগ্নি অভিযান্ত্ৰিক আৰু নিৰাপত্তা ব্যৱস্থাপনা
ড° বুলজিৎ বুঢ়াগোহাঁই
‘অগ্নি অভিযান্ত্ৰিক আৰু নিৰাপত্তা ব্যৱস্থাপনা’ (Fire engineering & Safety Management) বা ‘ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফ্টি মেনেজমেণ্ট’ত চাৰ্টিফিকেট , ডিপ্লমা , স্নাতক, স্নাতকোত্তৰ আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি। ‘অগ্নি অভিযান্ত্ৰিক আৰু নিৰাপত্তা ব্যৱস্থাপনা’ত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল – কলেজ অৱ ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফ্টি মেনেজমেণ্ট, ঔৰংগাবাদ (www.cfesm.org), কলেজ অৱ ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফ্টি মেনেজমেণ্ট, ঔৰংগাবাদ আৰু পুনে (www.fireengg.in ), দিল্লী ইনষ্টিটিউট অৱ ফায়াৰ ইঞ্জিনিয়াৰিং (http://www.dife.in), ইণ্ডিয়ান ফায়াৰ চাৰ্ভিচেচ ইঞ্জিনিয়াৰিং এণ্ড ছেফ্টি মেনেজমেণ্ট কলেজ ,ঔৰংগাবাদ (www.firesafetycollege.com ), ইনষ্টিটিউট অৱ ফায়াৰ এণ্ড ছেফ্টি ইঞ্জিনিয়াৰিং , নাগপুৰ (www.ifse.org ), ইনষ্টিটিউট অৱ ফায়াৰ ইঞ্জিনিয়াৰাছ , নাগপুৰ (http://ife.org.in ) , নেচনেল ইনষ্টিটিউট অৱ ফায়াৰ এণ্ড ছেফ্টি ইঞ্জিনিয়াৰিং ,নাগপুৰ (http://www.nifse.in) , নেচনেল ইনষ্টিটিউট অৱ ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফ্টি মেনেজমেণ্ট, বিশাখাপট্টনম (www.nifsindia.net), নেচনেল ইনষ্টিটিউট অৱ ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফ্টি মেনেজমেণ্ট, জয়পুৰ আৰু উদয়পুৰ (www.nifesmindia.net), পৰমানন্দ কলেজ অৱ ফায়াৰ ইঞ্জিনিয়াৰিং এণ্ড ছেফ্টি মেনেজমেণ্ট, ঔৰংগাবাদ (www.firesafetyc.com )আদি।

এই এই শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা ন্যূনতম নম্বৰ তথা শিক্ষাগতৰ অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় । এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে।

ৰাষ্ট্রীয় বৃত্তিমূলক আৰু গৱেষণা প্ৰশিক্ষণ পৰিষদে (http://ncvrtindia.org/) ‘অগ্নি অভিযান্ত্ৰিক আৰু নিৰাপত্তা ব্যৱস্থাপনা’ত বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰে । ‘অগ্নি অভিযান্ত্ৰিক আৰু নিৰাপত্তা ব্যৱস্থাপনা’ৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন খণ্ডত নিযুক্তি লাভ কৰিব পাৰে। নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ’ল – ফায়াৰ এলাৰ্ম টেকনিছিয়ান (Fire Alarm Technician), ফায়াৰ আফিচাৰ (Fire Officer), ফায়াৰ প্ৰটেকচন টেকনিছিয়ান (Fire Protection Technician), ফায়াৰ চুপাৰভাইজৰ (Fire Supervisor), ফায়াৰমেন (Fireman) , ছেফ্টি এনালিষ্ট (Safety Analyst), ছেফ্টি এচিচষ্টেণ্ট (Safety Assistant), ছেফ্টি ইঞ্জিনিয়াৰ (Safety Engineer), ছেফ্টি এক্সিকিউটিভ] (Safety Executive), ছেফ্টি ইন্সপেক্টৰ (Safety Inspector), ছেফ্টি মেনেজাৰ (Safety Manager), ছেফ্টি আফিচাৰ (Safety Officer), ছেফ্টি চুপাৰভাইজৰ (Safety Supervisor) আদি। মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপেও কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।
সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসম। ফোন: ০৯৪৩৫১-৮৮৬৩০

1 comment:

  1. Best share on Fire Explosives!!

    Institute of Fire and Safety Engineering (IFSE), Nagpur is functioning in the field of fire fighting and industrial safety training and education since 2006.

    We provide all courses in fire and safety industry education such as a Diploma in Fire Education, BSC in Fire Safety Industry, MBA in Fire and Safety Industry Management. Also, job placement will be provided in a top growing industry.

    For more detail call us on 9923666111, 9545559909, 9545559903, 9923855999

    ReplyDelete