কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিকিৎসালয় পৰিচালনা আৰু প্ৰশাসন পাঠ্যক্রম 
ড° বুলজিৎ বুঢ়াগোহাঁই

“চিকিৎসালয় পৰিচালনা আৰু প্ৰশাসন” বা “হাস্পতাল মেনেজমেণ্ট এণ্ড এডমিনিষ্ট্ৰেইচন্” পাঠ্যক্রম পঢ়ি শিক্ষাৰ্থীসকলে কেৰিয়াৰ গঢ়িব পাৰে। বৰ্তমান চৰকাৰী, বেচৰকাৰী আৰু বহুজাতিক খণ্ডতো বিশাল বিশাল চিকিৎসালয় আৰু আন্তঃগাঁথনিৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। চিকিৎসালয় এখন সুন্দৰ ভাৱে পৰিচালনা কৰিবৰ বাবে ‘চিকিৎসালয় পৰিচালনা আৰু প্ৰশাসন’ বিষয়ক পাঠ্যক্রম অধ্যয়ন কৰা ব্যক্তিক নিযুক্তি দিয়ে । এই পাঠ্যক্রম অধ্যয়ন কৰিব বিচৰা প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে - ধৈৰ্য, একনিষ্ঠতা , উদ্যমী, নিয়মানুৱৰ্তিতা, সুন্দৰ যোগাযোগৰ দক্ষতা, সকলো শ্রেণী মানুহৰ লগত কথা পাতিব পৰা দক্ষতা, সুন্দৰ কথন শৈলী তথা প্রকাশ ভংগী , কষ্ট কৰাৰ মানসিকতা আদি গুণ থকাৰ প্রয়োজন।

“চিকিৎসালয় পৰিচালনা আৰু প্ৰশাসন” বিষয়ত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল – অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (http://www.aiims.edu), আৰ্মড ফ’ৰ্চেছ মেডিকেল কলেজ , পুনে (www.armedforces.nic.in), ইণ্ডিয়ান ইনষ্টিটিউট অৱ হেলথ মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ (https://www.iihmr.org), ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুকলি বিশ্ববিদ্যালয় , নতুন দিল্লী (http://www.ignou.ac.in), এপলো ইনষ্টিটিউট অৱ হাস্পতাল এডমিনিষ্ট্ৰেইচন্ (http://www.apolloiha.ac.in), ছিমবায়েছিছ চেণ্টাৰ অৱ হেলথ কেয়াৰ , পুণে (www.schcpune.org), টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্স , মুম্বাই (http://www.tiss.edu), নিজাম’ছ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (http://www.nims.edu.in), বিৰলা ইনষ্টিটিউট অৱ টেকন’লজী (http://bits-pilani.ac.in), মাদুৰাই কামৰাজ বিশ্ববিদ্যালয় , মাদুৰাই (https://mkudde.org), মণিপাল বিশ্ববিদ্যালয় (http://manipal.edu), শ্রী ৰামচন্দ্র বিশ্ববিদ্যালয় (www.sriramachandra.edu.in) আদি।

এই শিক্ষানুষ্ঠানবোৰত ‘চিকিৎসালয় পৰিচালনা আৰু প্ৰশাসন’ৰ বিভিন্ন পাঠ্যক্রম (ডিপ্লমা , স্নাতক , স্নাতকোত্তৰ আদি)ত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়। সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে।

1 comment: