প্ৰেৰণাময় ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

এঘণ্টা পেডেল মাৰি ঘৰতে উৎপাদন কৰক ২৪ঘণ্টাৰ বাবে বিজুলী
উদ্ভাৱনী শক্তিৰে মানুহে পৃথিৱীত অসাধ্য সাধন কৰি দেখুৱাইছেই। এয়াই মানৱ সভ্যতাৰ বিকাশৰ মূল আধাৰ। এইবাৰ সাধাৰণ মানুহৰ জীৱন পোহৰাবলৈ এনে উদ্ভাৱনী লৈ আহিছে ভাৰতীয় মূলৰ বিলিয়নাৰ তথা আমেৰিকা নিবাসী উদ্যমী মনোজ ভাৰ্গৱে। তেওঁ কালি ইণ্ডিয়া-টুডে টিভিৰ জৰিয়তে ৰাইজৰ জ্ঞাতাৰ্থে ৰাজহুৱা কৰে এখন বিশেষভাৱে নিৰ্মিত চাইকেল, যিখন চলোৱাৰ জৰিয়তে মানুহে নিজৰ ঘৰৰ প্ৰয়োজনীয় বিজুলী শক্তি ঘৰতে উপাদন কৰি লোৱাটো সম্ভৱপৰ হব। গ্ৰাম্য পৰিয়ালৰ নুন্যতম চাহিদাৰ বিজুলীৰ বাবে ই অতিকৈ ফলপ্ৰসূ হব আৰু দুৰ্গম অঞ্চলো এতিয়া বিজুলীৰে আলোকেৰে পোহৰাব পৰা যাব বুলিও উদ্ভাৱক-উদ্যোদী গৰাকীয়ে মত প্ৰকাশ কৰে।

এই বিশেষ ডিজাইনৰ চাইকেলখনৰ পেডেলৰ সৈতে ফ্লাই-হুইলৰ ব্যৱহাৰ কৰি ইয়াক জেনেৰেটৰ ঘূৰোৱাৰ বাবে ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ দ্বাৰা উতপাদিত বিজুলীৰে বেটেৰী চাৰ্জ কৰি ৰখাৰ ব্যৱস্থা হৈছে। এই চাইকেলখনৰ দাম ১২হাজাৰৰ পৰা ১৫হাজাৰ টকাৰ ভিতৰত হব আৰু অহা বছৰৰ মাৰ্চ মাহত ইয়াত বজাৰত মুকলি কৰি দিব পৰা যাব। তেখেতৰ কোম্পানীটোৱে দাবী কৰা মতে, এক ঘণ্টা পেডেল মাৰিয়েই এক গ্ৰাম্য পৰিয়ালৰ ২৪ঘণ্টাৰ বিজুলীৰ চাহিদা পূৰাব পৰা যাব। লাইট জ্বলোৱা, সৰু পাংখা চলোৱা আৰু মোবাইল ফোন চাৰ্জ কৰাটো সম্ভৱপৰ হব।

ইয়াৰ আটাইতকৈ আকৰ্ষণীয় কথাকেইটি হৈছে যে, ইয়াৰ বাবে বিজুলীৰ বিল দিব নালাগে, কোনো ইন্ধন নালাগে, আজৰি সময়ত নিজৰ শ্ৰমদান কৰি বা ব্যায়ামৰ ৰূপত চলায়েই মানুহে নিজৰ প্ৰয়োজন পূৰাব পাৰিব আৰু কোনো প্ৰদূষণৰো সৃষ্টি নহয়। প্ৰায় এবছৰ পূৰ্বে ভাৰ্গৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো এই প্ৰকল্পৰ কথা অৱগত কৰা বুলি জানিবলৈ দিয়ে আৰু প্ৰথমে উত্তৰাখণ্ডত ইয়াৰ বিক্ৰীৰ ব্যৱস্থা কৰা হব বুলিও প্ৰকাশ কৰে। তাৰ পাছতহে দেশজোৰা বিক্ৰীৰ বাবে চিন্তা কৰা হব।

অসমৰো দূৰণিবটীয়া গাঁও সমূহতো এই ব্যৱস্থাৰে নিজা শ্ৰমেৰে বিজুলী উপাদনৰ বিকল্প চিন্তাই নিশ্চয়কৈ সুখবৰ কঢ়িয়াই আনিব পাৰিব। বৃহ নদীবান্ধক লৈ চলি থকা শংকাৰ মাজত এনে বিকল্প চিন্তাৰ বিষয়ে আৰু অধিক কুশলতৰ উদ্ভাৱনৰ বিষয়ে অসমৰ থলুৱা উদ্ভাৱক সকলেও প্ৰচেষ্টা হাতত ললে এয়া নিশ্চয় আৰু ইতিবাচক কথা হব। বিজুলী শক্তিৰ চাহিদা দিনক দিনে বৃদ্ধি পোৱা আৰু বিশ্বত প্ৰাকৃতিক সম্পদ ক্ৰমাত হ্ৰাস পোৱালৈ চাই শক্তি খণ্ডত এনে স্বালম্বনৰ নতুন পথৰ সন্ধানো এক ইতিবাচক খবৰেই।

No comments:

Post a Comment