জীৱন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

খাঁটি অসমীয়া! 
জ্যোতিৰূপম দত্ত
: “ধনতেৰচ কেতিয়া ?” 

লগৰ এজনে ঘপককৈ সুধিলে ! এৰা ! সিদিনা ‘কৰৱা চৌথ’ গ’লহে মাত্ৰ, আকৌ ‘ধনতেৰচ’ আহিবৰ হলেই দেখোন ৷ টিভি চিৰিয়েলৰ পৰা জ্ঞান আহৰণ কৰি হলেও ‘কৰৱা চৌথ’, ‘ধনতেৰচ’, ‘নৱৰাত্ৰি’ উদযাপন নকৰিলে কেনেকৈ হ’ব! কেইদিনমান পাছতে দেৱালী বুলি জুৱাও এখেল খেলিব লাগিব নহয়৷ জুৱা নেখেলিলে আকৌ কিহৰ দেৱালী! মাটিৰ চাকি কেইটামান কিনি থলুৱা কুমাৰসকলক অকণ লাভৰ মুখ দেখুওৱাতকৈ আনবাৰৰ দৰে এইবাৰো চীন দেশৰ পৰা কৰ ফাকি দি সৰবৰাহ কৰা বিজুলী চাকিৰে গোটেইখন জলমলাই ৰাখিবই লাগিব ৷ ৰোগী, শিশু তথা জীৱ-জন্তুৰ অসহায় অৱস্থাৰ ফালে পিঠি দি হলেও প্ৰচণ্ড শব্দ কৰা ফটকা কেইটা নুফুটালে হ’ব জানো ?

আকৌ কেইদিনমান গৈয়েই দেখোন নিউ ইয়েৰৰ পাৰ্টি ! নিউ ইয়েৰ উদযাপনৰ নামত ভিন্ন ৰকমৰ পাৰ্টিও এইবাৰ এসপ্তাহমান দীঘলীয়াকৈ উপভোগ নকৰিলে হ’বনে বাৰু ? ৰং-ৰহইচ কৰি দেহা মন ৰঙীন কৰি নতুন বছৰৰ আদৰণি নজনালে জানো চলিব ?

পিকনিকৰ বতৰো আহিছেই ৷ পিকনিকত সোমৰস কেইটোপালমান সেৱন কৰি মাতলামি কৰি মাৰ-পিতেই যদি নকৰো কিহৰ পিকনিকডাল হ’লগৈ বাৰু! বন্য উল্লাসেৰে শিশু, বৃদ্ধ, জীয়ৰী-বোৱাৰীৰ সন্মুখত অশ্লীল গালি-গালাজ, চিঞৰ বাখৰেৰে উৎপাত নকৰিলে ‘জমিব’ কেনেকৈ ? তাৰ কেইদিনমান পাছতেই মাঘৰ বিহু তথা মাঘ বিহুৰ উৰুকাৰ যা-যোগাৰ কৰিবৰ হ’বই দেখোন৷ ৰঙীন পানীয়ৰ সুদৃশ্য বটল, বিধে বিধে মাংস, আকাশলংঘী দামৰ ডাঙৰ মাছ, উচ্চস্বৰত বজোৱা সংগীতৰ তালে তালে মাঘবিহুৰ উৰুকাৰ ‘পাৰ্টি’ এইবাৰ ভাল জমাব লাগিব৷ অবশ্যে ভোগালী বিহু বুলিয়েই পিঠা-লাৰু কেইটামান বজাৰৰ পৰা কিনি আনি হলেও চীনা-মাটিৰ পিৰিচত ধুনীয়াকৈ সজাই ফ’টো তুলি “হেপ্পী বিহু” বুলি ‘ফেচবুক’ , ‘হোৱাটচআপত’ ‘আপডেট’ নিদিলে হ’ব জানো ?

তাৰ কেইদিনমান পাছতেই অহা অতিকৈ চেনেহৰ বছৰেকীয়া ‘ভেলেণ্টাইন ডে’টো নেপাতি কেনেকৈ থাকো বাৰু ? তাৰ পিছতেই আহিল ‘সৰস্বতী পূজা’ ৷ ‘সৰস্বতী পূজা’ মানেই টিভিৰ পৰ্দাত ‘ধুনীয়া ধুনীয়া ছোৱালী’ৰ প্ৰগ্ৰেম ৷ আগৰ দিনৰ ‘সৰস্বতী পূজা’ৰ পুষ্পাঞ্জলি, মাহ-প্ৰসাদ, খিচিৰি এইবোৰ কিবা আজিকালি ‘আউটডেটেদ’ যেনহে লাগে দেখোন ! মাজতে ফাকুৱাৰ দুদিন দেহৰ বাহিৰে ভিতৰে ৰঙীন হৈ হেলমেট নিপিন্ধাকৈ বাইক চলাই দিনৰ দিনটো ফুৰিবও লাগিব৷ মুঠতে ৰাষ্টাত মুকলিভাৱে অতপালি কৰাৰ এই দুদিনৰ সুযোগটো কেলেই এৰি দিব লাগে বাৰু ? মাজতে কেনেবাকে অলপ হলেও সময় উলিয়াই ‘ৰেইন ডেন্স’ৰ বাকৰিতো এভুমুকি মাৰিবই লাগিব দিয়কচোন !

তাৰ পিছত আহিল আমাৰ কেইবামহীয়া ‘ননষ্টপ কাৰ্ণিভেল’ ! মানে চ’তৰ পৰা আৰম্ভ হৈ শাওনলৈ অনুষ্ঠিত হোৱা ব’হাগ বিহুৰ দীঘলীয়া উৎসৱটি ৷ এই উৎসৱ মানেই হ’ল বহাগী-আদৰণি, বিহু সন্মিলন, বহাগী মেলা, বহাগী উৎসৱ, বহাগী বিদায়, বহাগী সোঁৱৰণি ইত্যাদি বিভিন্ন নামাকৰণেৰে চাৰি-পাঁচ মাহলৈ চলোৱা ধাৰাবাহিক অনুষ্ঠানবোৰ ৷ যিয়েই অনুষ্ঠান নহওক মুঠতে ‘বহাগ’ বা ‘বিহু’ বুলি লগাই চলাই দিলেই হ’ল ৷ উৎসৱ পাতিবলৈ খৰচ গোটোৱাৰ বাবেও চিন্তা কৰাৰো একো দৰকাৰ নাই, কেবল এজাক গৰম তেজ থকা ডেকাল’ৰা আৰু ছপা কৰা চান্দাৰ বহী এখন থাকিলেই হ’ল ৷ এই তেজাল ডেকাখিনিৰ ডেকা তেজখিনি কিবাকৈ আন উৎপাদনশীল কামত ব্যৱহাৰ কৰিব পৰা হ’লে অসমৰ চেহেৰাই সলনি হৈ গ’লহেতেন বুলিও কিছু কিছু চকুচৰহাই কয় অৱশ্যে !

এনেকুৱা আৰু বহু মজাৰ উৎসৱ আছে৷ যেনে ব’ল ব’ম! কি যে মজা ! গোটেই ৰাতিটো ঘৰৰ বাহিৰত ঘুৰি ফুৰাৰ স্বাধীনতা আন উৎসৱত ক’তনো আছে বাৰু ! গোটেই ৰাতিটো বাহিৰত ঘুৰি ফুৰাৰ কথা! আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাজভাগতে পৰা ‘শিৱৰাত্ৰি’ উৎসৱৰ গোটেই ৰাতি মাইক বজাই চিঞৰি বাখৰি ফুৰ্ত্তি নকৰিলে পুণ্য অৰ্জন কেনেকৈ হ’ব বাৰু ?

উৎসৱৰ কথাৰ পৰা ফালৰি কাটি এইবাৰ পাৰ্বনলৈ আহিছো বাৰু ৷ সিদিনা শইকীয়াৰ জীয়েকৰ বিয়াৰ নিমন্ত্ৰনী বুকলেটখন ঘৰতে দি গ’ল ৷ বুকলেট বুলি কৈছো কিয়নো সেইখন এখন সৰু-সুৰা কিতাপেই ৷ বিয়াৰ প্ৰায় এসপ্তাহৰ আয়োজনৰ আদ্যোপান্ত বিৱৰণিকা এখন ! বিয়াৰ মেহেন্দী ৰচম, ছং-গীত (সংগীত !), ‘ফেমিলী ৰিচেপশ্যন’, ‘কৰ্পোৰেট ৰিচেপশ্যন’, ‘গেট-টুগেডাৰ ডিনাৰ’ৰ বিৱৰণ থকা একেবাৰে ৰংচঙীয়া বিজ্ঞাপনৰ দৰে ছপোৱা ফুলাম ‘বুকলেট’খনত মই বুৰ্বকৰ দৰে বহুসময় দৈয়ন, নোওৱা, গাঁঠিয়ন খুন্দা ইত্যাদি পুৰণিকলীয়া নিয়মবোৰ বিচাৰি ফুৰিলো ৷ কিন্তু বিয়াৰ ‘ৰিচেপশ্যন’ৰ দিনা হলে বুকু ফুলাই গৈ বিয়া খালো মানে বিয়া ‘এনজয়’ কৰিলো ৷ আৰু এটা কথা ইয়াত নকলে নহবই, দৰাঘৰৰ ফালৰ পৰা ‘স্পেছিয়েল বেছেলৰচ্ পাৰ্টি’লৈকো নিমন্ত্ৰণ আহিছিল !

সিদিনা আকৌ বৰুৱাই ছোৱালীৰ বিয়ালৈ বুলি চিঠি এখন দি ঘৰৰ সকলোকে যেনে তেনে বিয়ালৈ যাবলৈ নিমন্ত্ৰণ দি গ’ল ৷ ধুনীয়া চিঠিখনত দিন বাৰ, আপ্যায়নৰ নিৰ্ঘণ্ট, লগতে বিয়াৰ আয়োজন কৰা প্ৰকাণ্ড বিবাহ ভৱনটোৰ ঠিকনা আটাইখিনি ধুনীয়াকৈ ছপোৱা ৷ অলপ পাছতে মনত পৰিল বৰুৱাৰ ছোৱালী পঞ্চম শ্ৰেণীতহে পঢ়ে দেখোন ! চিঠিখন আকৌ এবাৰ ভালকৈ চাই চিতি দেখো সেইখন তোলনী বিয়াৰহে চিঠি !

মই পিছে কিছুমান ‘আউটডেটেড ফাংচন’ৰ কথা পাহৰিছোঁৱেই ৷ যেনে কাতি বিহু, শিল্পী দিৱস, ৰাভা দিৱস ইত্যাদি ৷ আনকি ইছলাম ধৰ্মীসকলৰ ফাতেহা-দোৱাজ-দাহম, চবেবৰাত, বড়োসকলৰ বাথৌ পূজা, কাৰ্বিসকলৰ দেহাল কাচিৰ্দম, মিচিংসকলৰ আলি-আই-লৃগাং, দেউৰী বিহু, মে-ডাম-মে-ফি, সাধনী দিৱস, কৰম পূজা, শংকৰদেৱ-মাধৱদেবৰ তিথি ইত্যাদি উৎসৱ তথা পবিত্ৰ দিনবোৰৰ বিষয়েও পাহৰিলোৱেই ৷ কেতিয়াবা কেতিয়াবা কোনোবা পুৰণিকলীয়া ধ্যান-ধাৰণাৰ মানুহে কোৱা-কুই কৰা শুনো যে আনবোৰৰ লগতে আমাৰ বৰ-অসমৰ জনজাতীয় ভাই-ভনীসকলৰ এনেবোৰ উৎসৱৰ আনন্দ আমি একেলগে উপভোগ কৰিলে হেনো লাহে লাহে ঢিলা হৈ যাবলৈ ধৰা মৰমৰ এনাজৰীডাল বেছি সুদৃঢ়হে হ’লহেতেন ! কি যে অবান্তৰ কথা ! নহয়জানো ? এইবোৰ বাদ দি পিছে ‘ড্ৰাই ডে’ কেইটাৰ কথা হ’লে ভালকৈ জানো আৰু মনত ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰো ৷

নেতাজীৰ জন্মদিন, গণৰাজ্য দিৱস, মে’ দিৱস, স্বাধীনতা দিৱস, লাচিত দিৱস আনকি গান্ধী জয়ন্তীৰ বন্ধ কেইটাও মোৰ বাবে বৰ আদৰৰ ৷ সেইদিনকেইটাত দিনৰ দহ বজালৈ ফস্তি মাৰি শুই থাকো ৷ তাৰ পাছত মাছ-মাংসৰ সুস্বাদু ব্যঞ্জনেৰে উগাৰি খাই দিনটো অলসভাৱে পাৰ কৰো ৷ আকৌ মাজে মাজে দেশভক্তসকলে সপ্তাহটোৰ শনিবাৰ বা সোমবাৰ মিলাই দিয়া ‘অসম বন্ধ’ কেইটাযে আমাৰ দৰে সোৰোপা খাৰখোৱাকেইটাৰ বাবে বোনাছসদৃশ ! মাহত দুই তিনিটাকৈ ‘অসম বন্ধ’ ঘোষণা কৰি আমাক দিবা-নিদ্ৰাৰ আপুৰুগীয়া সোৱাদ লবলৈ দিয়াৰ বাবে প্ৰথমতে তীব্ৰ জংগী আন্দোলনৰ হুংকাৰ দি পাছলৈ সুৰসুৰকৈ কাকত আৰু চেনেললৈ বিবৃতি পঠিয়াইয়ে ক্ষান্ত হোৱা সংগঠন কেইটালৈ এই চেগতে নমস্কাৰ জনালো ৷

মই পিছে আনক কৈ ফুৰিও ভাল পাওঁ যে গাত লাচিতৰ তেজ থকা মই খাঁটি অসমীয়া !
লেখকৰ ঠিকনাঃ হাতীশিলা, চন্দ্ৰপুৰ, গুৱাহাটী, ফোন : ৯৮৬৪০১১৮১১

4 comments:

  1. খুউব ভাল হৈছে। সময় উপযোগী

    ReplyDelete
  2. পঢ়ি বহুত ভাল লাগিল । আগলৈ এনেকুৱা লেখা পাম বুলি আশাৰে বাট চাই ৰলোঁ।

    ReplyDelete
  3. ধন্যবাদ শৰ্মা ডাঙৰীয়া ৷

    ReplyDelete