অসম সাহিত্য সভাই বোলে শতবৰ্ষৰ প্ৰাক-ক্ষণত কিবা অভিলেখ গঢ়িব। এক লাখ মান পতাকা উৰুৱাই, এক কোটি মান মানুহে সমস্বৰে গীত জুৰি। এই প্ৰসংগতে মনত উদয় হোৱা ভাৱবোৰৰ প্ৰকাশ নকৰি নোৱাৰিলো। আপোনালোকৰ মন মগজুতো বাৰু বাতৰিটো শুনি এনে ভাৱৰেই উদয় হোৱা নাইতো?
সাহিত্য চৰ্চা মানে আমি কি বুজো ? বিভিন্ন বিষয়, ভিন্ন ৰুচিৰ তথা বিভিন্ন আংগিকৰ লিখনি যেনে প্ৰৱন্ধ, গল্প, কবিতা, উপন্যাস এইবোৰ সাহিত্যৰ অংগ নহয় জানো ? সাহিত্য চৰ্চা মানে পঢ়া-শুনা, লিখা মেলা কৰাকে নুবুজায় জানো? পিছে আজিকালি সাহিত্যৰ ‘সংজ্ঞা’ হেনো সলনি হৈছে৷ এসময়ৰ বিভিন্ন লিখকৰ মৌলিক লিখনি সংগ্ৰহ, সংৰক্ষণ, গ্ৰন্থ প্ৰকাশ আদি কাৰ্য্যৰে জগত জিলিকাই ৰখা অসমীয়া সাহিত্যৰ মহীৰূহ স্বৰূপ অনুষ্ঠানটো কি পাকত পৰি ‘সংজ্ঞাহীন’ (!) অৱস্থা পালে সেই কথা ধৰিবই নোৱাৰিলো দেখোন !
অসমীয়া সাহিত্যৰ জগতখনৰ এনে বিৱৰ্তনৰ কথা আমাৰ দৰে কূপমণ্ডুকে হলে অকণো ধৰিব নোৱাৰিলো৷ নতুন চামক এতিয়া হয়তো নতুনকৈ বুজাব লাগিব, সাহিত্য মানে হেজাৰ হেজাৰ পতাকা উত্তোলন কৰা, সংগীত পৰিবেশন কৰা, গানৰ শ্ৰব্য সঁফুৰা (গানৰ চিডি !) প্ৰস্তুত কৰা, দলীয় ভাৱে শিল্পীৰ দ্বাৰা সংগীত পৰিবেশন কৰা ইত্যাদি ! পিছে সাহিত্য চৰ্চা কৰিবলৈ উদগণি জনোৱা, গ্ৰন্থ প্ৰকাশ কৰা, ক্ষুদ্ৰ প্ৰকাশক সকলক গ্ৰন্থ প্ৰকাশ কৰিবলৈ সহায় কৰা, গ্ৰন্থ বিপণনত সহায় কৰা, নতুন প্ৰজন্মক কিতাপ পঢ়াৰ বাবে এক জাগৰণৰ সৃষ্টি কৰা আদি চকুত নপৰা কাম কৰিবলৈ দেখোন কোনো পৰিকল্পনা বা আগ্ৰহ আজিলৈকে নেদেখিলো৷
এনেবোৰ কথা কোনোবাই কোৱা বা কবলৈ গুণা-গঁথা কৰিলেই কাগজে কলমে যোগাৰ কৰি ৰখা বিৰাট বিৰাট আঁচনিবোৰৰ ফুলজাৰি মাৰিবলৈ জেগাই জেগাই চাতুকাৰ কিছুমানকো সষ্টম কৰি ৰখা হৈছে হেনো ৷ সাধাৰণ জনতাৰ দান-বৰঙণি তথা সাধাৰণ জনতাৰ কৰ-কাটলেৰে সংগ্ৰহিত চৰকাৰী তহবিলৰ পৰা কোটি কোটি টকা লাভ কৰা অসমৰ ৰাইজৰ আবেগ অনুভুতি জড়িত হৈ থকা এটি অনুষ্ঠানে এই টকাবোৰ খৰচ কৰি নিত্য নতুন ভেলেকীবাজি দেখুওৱাৰ কচৰৎ চলিছে অহৰ্নিশে৷ কিন্তু বিৰাট আয়োজন কৰি মেলা পাতি, ৰাজনৈতিক নেতাৰ গাড়ীৰ চকাৰে ‘মেলাথলী’ত ধুলি উৰোৱাৰ ব্যৱস্থা কৰি, মাছে-মঙহে খুৱাই বৰভোজ পতাৰ আয়োজনৰ প্ৰয়োজনীয়তা নো ক’ত বাৰু, যদিহে সাহিত্য চৰ্চা তথা নতুন প্ৰজন্মৰ পৰা এচাম পঢ়ুৱৈ সৃষ্টি কৰাৰ সামান্যতমো পৰিবেশ নাথাকে এই ‘সাহিত্যৰ ৰংচঙীয়া মেলা’ত?
ৰেকৰ্ড কৰাৰ মানসিকতা এৰিবৰ হ’ল এতিয়া৷ শুনিবলৈ ভাল লাগে, বিশ্বব্যাপী থকা ১০০০ শাখা, নিৰানব্বৈ হেজাৰ পতাকা উত্তোলক, এক কোটি মানুহে একেসময়তে গোৱা সংগীত, এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে ইমান লাখ, ইমান কোটি টকাৰ বাজেট! পিছে এইবোৰৰ মাজত মই অজগৌটোৱে সাহিত্য ক’ত, সাহিত্য ক’ত বুলি বিচাৰি ফুৰিলো, নাপালো দেখোন! শেষত, পতাকা উৰুৱাবৰ বাবে বাচনিত নাম উঠা ৯৯,০০০ জনলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো আৰু এই চেগতে তেখেতসকলক অনুৰোধ কৰিব খুজিছো যে পতাকাৰ তলত থিয় হৈ নতুন প্ৰজন্মৰ বাবে অসমীয়া সাহিত্যৰ সৃষ্টি আৰু প্ৰসাৰৰ বাবে অন্ততঃ জাতিটোৰ ভবিষ্যতৰ স্বাৰ্থতেই যেন একেলগে অঙ্গীকাৰবদ্ধ হয়৷

## লেখকৰ ঠিকনাঃ হাতীশিলা, চন্দ্ৰপুৰ, গুৱাহাটী , পিন - ৭৮১১৫০ ফোন : ৯৮৬৪০১১৮১১
থিকেই কৈছে ।
ReplyDelete