আজিৰ ভাল খবৰবোৰ
১. উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত ‘মুক্ত আকাশ, মুক্ত কণ্ঠ’ শীৰ্ষক মহিলাৰ অনুষ্ঠানত অংশ লৈ সমাজকৰ্মী বিৰুবালা ৰাভাই মানুহ শিক্ষিত হ’লেই নহব, সাহসীও হব লাগিব বুলি মন্তব্য কৰে। কালি গণশিল্পী খগেন মহন্ত সোঁৱৰণী মঞ্চতে উন্মোচন কৰা হয় গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ ‘গ্ৰন্থম’ । গ্ৰন্থমেলাত কালিলৈকে প্ৰায় ডেৰ কোটি টকাৰ কিতাপ বিক্ৰী হোৱা বুলিও জানিব পৰা গৈছে।২. ৰাঁচীত হোৱা সভাত ধৰ্ম নিৰপেক্ষ জনসংখ্যা নীতিৰ পোষকতা কৰিলে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। কোৰাণত সৰু পৰিয়ালৰ প্ৰসংগৰ কথা উল্লেখ কৰি বৰ্ধিত জনসংখ্যাৰ বিষয়ত সজাগতা সৃষ্টি কৰাৰ পক্ষেও তেখেতে মত প্ৰকাশ কৰে। বিদেশৰ পৰা অনুপ্ৰৱেশ কৰা সকলক নাগৰিকত্বৰ পৰিবৰ্তে মানৱীয়তাৰে ৱৰ্ক পাৰ্মিট দিয়াৰ ব্যৱস্থা কৰিব ভোটবেংকৰ ৰাজনীতি বন্ধ কৰাৰ বাবেও তেখেতে আহ্বান জনায়।
৩. স্বচ্ছ ভাৰত অভিযানক আগুৱাই নিবলৈ কৰ সংগ্ৰহৰ বাবে সেৱা কৰৰ সৈতে ০.৫শতাংশ অতিৰিক্ত কৰ সংযোজন কৰিছে কেন্দ্ৰীয় চৰকাৰে। অহা ১৫নৱেম্বৰৰ পৰা প্ৰযোজ্য হব লগা ৰাজহৰ পৰাই স্বচ্ছতাৰ বাবে অভিযানক আগুৱাই নিয়া হব বুলিও জানিব পৰা গৈছে। বিত্ত মন্ত্ৰীয়ে অনাময় আৰু স্বচ্ছতাৰ বাবে অতিৰিক্ত দুই শতাংশ কৰৰ প্ৰস্তাৱ ইতিমধ্যেই বাজেটত ৰাখিছিলেই বুলিও প্ৰকাশ পাইছে।
৪. জম্মু কাশ্মীৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে ৮০হাজাৰ কোটিৰ পেকেজ। শিক্ষা, উদ্যোগ, পৰ্যটন আদিৰ বিকাশৰ বাবে এই ধন খৰছ কৰা হব।
৫. বিহাৰৰ বিধান সভাৰ নিৰ্বাচনত নিতীশ কুমাৰৰ নেতৃত্বৰ মহা-জোটবন্ধনে বিপুল সফলতা লাভ কৰি পুনৰ শাসনভাৰ লাভ কৰিছে। ধৰ্মীয় অসহিষ্ণুতাৰ বৃদ্ধি আৰু বিকাশৰ প্ৰতিশ্ৰুতি পালনৰ সলনি দেশত সৃষ্ট অনাহক বিতৰ্কৰ বাবেই বিজেপিয়ে জনসমৰ্থন লাভ নকৰা বুলিও বিশ্লেষকে মত প্ৰকাশ কৰিছে।
৬. নেপালী সংস্কৃতি সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰদৰ্শিত হ’ল নেপালী সংস্কৃতিৰ ১৫০০ সামগ্ৰী। নেপালী সাহিত্য-সংস্কৃতিৰ জীৱনজোৰা সাধনা বঁটা প্ৰাপক বিনোদ খনাৰ তত্বাৱধানতে অনুষ্ঠিত এই প্ৰদৰ্শিত আপুৰুগীয়া ২৫০ বিধ ঔষধৰ লগতে খাদ্য মেলায়ো ৰাইজক আকৰ্ষণ কৰিছে।
৭. কাজিৰঙা নিউজ নেটৱৰ্কে আগবঢ়োৱা কাজিৰঙা বঁটা সমূহ অহা ২৫নৱেম্বৰত প্ৰদান কৰা হব। সাংবাদিক বঁটা নীলু আচাৰ্য, শৈক্ষিক বঁটা সৰুপথাৰৰ বৰষা লহকৰ, প্ৰতিশ্ৰুতি শইকীয়া আৰু নবীন সাংস্কৃতিক বঁটা দেৰগাঁৱৰ শান্তুমণি শৰ্মাক প্ৰদান কৰা হব বুলিও জানিব পৰা গৈছে।
৮. গুৱাহাটী প্ৰেছ ক্লাৱত অহা ১৪ নৱেম্বৰত উন্মোচিত হব বয়োজ্যেষ্ঠ লেখক ধীৰেন্দ্ৰ নাথ তালুকদাৰৰ ‘শুকুলা মেঘৰ আলিংগন’ নামৰ গল্প সংকলনখনি। উন্মোচন কৰিব প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। আনফালে কালি ‘শূণ্য হাত, অভিভাৱকৰ স্বপ্ন...ইত্যাদি’ গ্ৰন্থখন উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন কৰে চিন্তাবিদ ময়ূৰ বৰাই।
৯. শব্দ শৈক্ষিক ন্যাসে আয়োজন কৰা যোৰহাট গ্ৰন্থমেলা উপলক্ষত গ্ৰন্থৰ আন্দোলন গঢ়ি তোলাৰ বাবে উলিওৱা গ্ৰন্থ যাত্ৰাত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু অংশগ্ৰহণকাৰী প্ৰত্যেক শিক্ষাৰ্থীকে একোখনকৈ কিতাপ দিয়া হব বুলিও জানিব পৰা গৈছে। সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যত এহেজাৰটা শিশু পুথিভঁৰাল স্থাপনৰ প্ৰচেষ্টা ৰূপায়ণ কৰি থকাৰ কথাও প্ৰকাশ পাইছে।
১০. ভাৰতীয় ৰেডক্ৰছ ছচাইটিৰ জোনাই শাখা সমিতিয়ে বানত ক্ষতিগ্ৰস্ত হোৱা মুঠ পাঁচশ পৰিয়াললৈ সাহাৰ্য সামগ্ৰী বিতৰণ কৰাৰ খবৰো পোৱা গৈছে।
No comments:
Post a Comment