চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


গ্ৰন্থ উৎসৱ আৰু বৌদ্ধিক উত্তৰণ 
মিণ্টু দাস
সাহিত্যৰ সুগন্ধই উপচি পৰা বাৰেৰহণীয়া সংস্কৃতিৰে ভৰপূৰ অসমত শেষৰ প্ৰায় তিনিটা দশকৰ পৰা বিভিন্ন স্থানত গ্ৰন্থমেলা অনুষ্ঠিত হৈ আহিছে। সঁচা অৰ্থত উক্ত গ্ৰন্থমেলাবোৰে ৰাজ্যখনৰ বৌদ্ধিক উত্তৰণত যথেষ্ট অৰিহণা যোগাইছে। অসমীয়া ভাষা সাহিত্যৰ বাবে ই এক সু-খবৰ। এই গ্ৰন্থ উৎসৱ সমূহে নতুন নতুন পঢ়ুৱৈ সৃষ্টি কৰাৰ লগতে ন পুৰণি গ্ৰন্থৰ সৈতে পাঠকক চিনাকি কৰাই দিয়াত সহায় কৰিছে। সমান্তৰালভাৱে এই গ্ৰন্থ উৎসৱসমূহে নতুন লেখক লেখিকাৰ জন্ম দিছে। গ্ৰন্থমেলাসমূহৰ পৰা যথেষ্ট বৌদ্ধিক উত্তৰণ হৈছে বুলি অনুমান কৰিব পাৰি। সেয়া অত্যন্ত আদৰণীয়।

এতিয়ালৈকে যিমানবোৰ গ্ৰন্থমেলাত উপস্থিত আছো নতুবা কাকতে পত্ৰই যিমানবোৰ গ্ৰন্থমেলাৰ কথা জানিব পাৰিছো, সকলোবোৰতে পঢ়ুৱৈ আৰু গ্ৰাহকৰ সংখ্যা আশাব্যঞ্জক বুলি জানিব পাৰিছো। সেয়া ভাল খবৰ। গ্ৰন্থ অধ্যয়নে মানুহৰ মন প্ৰফুল্লিত কৰি ৰাখে। ইতিমেধ্যে গ্ৰন্থমেলাই অসমৰ সচেতন ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

কিন্তু এতিয়ালৈকে গ্ৰন্থমেলাসমূহ কেৱল ৰাজ্যৰ ৰাজধানী আৰু সাহিত্যত চহকী জিলাসমূহতহে অনুষ্ঠিত হৈ থকা পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে কিন্তু অধিকা্ংশ জিলাত গ্ৰন্থমেলা একেবাৰে অনুষ্ঠিত নহয় বুলি কলেও বঢ়াই কোৱা নহব। কেৱল ৰাজধানীকেন্দ্ৰিক আৰু সাহিত্যত চহকী জিলাকেন্দ্ৰিক হৈ পৰাৰ লগে লগে মাত্ৰ সেইসমূহ ঠাইৰ লেখক-লেখিকাইহে গ্ৰন্থমেলাৰ আনন্দ উপভোগ কৰিব পাৰিছে নতুবা দুই চাৰিজনে বাহিৰৰ পৰা টকা পইচা খৰছ কৰি গ্ৰন্থৰ উমাল বুকুত জিৰণি লবলৈ গৈছে। কিন্তু গ্ৰন্থমেলা অনুষ্ঠিত নোহোৱা জিলাসমূহৰ সচেতন পাঠক আৰু প্ৰতিভাসম্পন্ন লেখক-লেখিকাসকল গ্ৰন্থমেলাৰ সোৱাদৰ পৰা বঞ্চিত হব লগা হৈছে। যদি প্ৰত্যেকখন জিলাতে গ্ৰন্থমেলা অনুষ্ঠিত কৰা তেতিয়াহলে নিশ্চিতভাৱে প্ৰত্যেকখন জিলাতে নতুন নতুন পঢ়ুৱৈ সৃষ্টি হব আৰু নতুন নতুন লেখক সাহিত্যিকৰ জন্ম হব। অসমৰ সাহি্ত্য আৰু বোদ্ধিক উত্তৰণত ইয়ে বহুখিনি প্ৰভাৱ পেলাব। যিবোৰ জিলাত গ্ৰন্থমেলা নহয়, সেইসমূহ জিলাত জিলা প্ৰশাসন নতুবা জিলাখনৰ অন্যান্য চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে উদ্যোগ লৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰে। জিলাখনৰ সামগ্ৰিক উন্নয়নত ই এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়।

সম্প্ৰতি কিতাপ পঢ়া মানুহৰ সংখ্যা লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে যদিও এনেদৰে জিলাই জিলাই গ্ৰন্থমেলা অনুষ্ঠিত কৰিলে নিশ্চয়কৈ পাঠকৰ সংখ্যা বৃদ্ধি পাব আৰু প্ৰকাশক বিতৰক আৰু লেখকসকল জীয়াই থাকিব। গ্ৰন্থমেলাত অনুষ্ঠিত সাহিত্যৰ অনুষ্ঠানসমূহেও লেখক-সাহিত্যিকসকলক যথেষ্ট অনুপ্ৰেৰণা যোগায়। উক্ত অনুষ্ঠানসমূহতে মত বিনিময় কৰিব পাৰি লেখক পাঠকৰ মাজত।

আন এটা কথা মন কৰিবলগীয়া যে গ্ৰন্থমেলাত পাঠক আৰু লেখকৰ প্ৰত্যক্ষ সংযোগ ঘটে। উক্ত প্ৰত্যক্ষ সংযোগৰ ফলত পঢ়ুৱৈসকলে লেখকসকলক লগ পোৱাৰ সৌভাগ্য হয় আৰু বাৰ্তালাপৰ সুযোগ পায়। তাৰোপৰি লেখক-পাঠকৰ উক্ত সংযোগে পাঠকসকলক লেখকসকলৰ সৃষ্টিৰাজিৰ ওচৰলৈ চপাই নিয়ে। তাৰ ফলত লেখকসকলে নিজৰ নিজৰ সৃষ্টিৰাজিৰ প্ৰতি উৎসাহিত আৰু অনুপ্ৰাণিত হয়। এজন লেখক বা সাহিত্যিকৰ বাবে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত ই এক নিতান্তই প্ৰয়োজনীয়।

আমি আশা কৰিম প্ৰতিখন জিলাতে ব্লক অথবা গ্ৰাম স্তৰতো আৰম্ভ হওক গ্ৰন্থ উৎসৱ। সৃষ্টি হওক নতুন লেখক, সৃষ্টি হওক নতুন নতুন পঢ়ুৱৈ আৰু সমান্তৰালভাৱে আৰম্ভ হওক এক বৌদ্ধিক জাগৰণ। যিয়ে অসমীয়া সাহিত্যক জীয়াই ৰাখিব, জীপাল ৰাখিব। বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাব।

No comments:

Post a Comment