সুখ-দুখৰ বতৰাঃ ১৩ নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৩ নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ১৩ নৱেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. ৬১ সংখ্যক ৰাষ্ট্ৰীয় স্কুল সাঁতোৰৰ ৪০০মিটাৰ মেডলী ৰিলেত ৰাষ্ট্ৰীয় অভিলেখসহ সোণৰ পদক জিনিবলৈ সক্ষম হৈছে যোৰহাটৰ বাস্তৱ তপন বৰদলৈয়ে। যোৰহাটৰ ছুইমিং ছ’চাইটিৰে আন এজন সাঁতোৰবিদ আদিত্য ৰঞ্জন বৰায়ো বিভিন্ন শাখাত সাফল্য লাভ কৰাৰ সুখবৰ পোৱা গৈছে।

২. ফ্ৰান্স গিয়েনা কৌৰিৰ মহাকাশ কেন্দ্ৰৰ পৰা পৰহি পুৱাই এৰিয়েন-৫ ৰকেটে ভাৰতৰ শেহতীয়া জি.এছ.এ.টি-১৫ নামৰ কৃত্ৰিম যোগাযোগ উপগ্ৰহ সফলতাৰে উতক্ষেপন কৰি মহাকাশৰ নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰা হয়। এই উপগ্ৰহে দিকদৰ্শী সাহাৰ্য আৰু জৰুৰী সেৱা সমহৰ লগতে টেলি সংযোগ সেৱাৰো সুবিধা আগবঢ়াব। ইতিমধ্যেই এই জিছেট-১৫ উপগ্ৰহৰ পৰা সংকেত সুস্থিৰ ভাৱে কৰ্ণাটকৰ হাছান কষ্টত থকা মাষ্টাৰ কণ্ট্ৰল ফেচিলিটিয়ে লাভ কৰিছে বুলিও ইছৰোৰ সূত্ৰত প্ৰকাশ।

৩. অহা ৭-১০ জানুৱাৰীত তৃতীয় বৰ্ষৰ বাবে ধেমাজি উ
ৎসৱৰ আয়োজন কৰা হৈছে। অসম তথা দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত ধেমাজিৰ লেখক-লেখিকা সকলৰ পৰা স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান কৰিছে স্মৃতিগ্ৰন্থৰ সম্পাদক অৰুণ কুমাৰ দিহীঙীয়াই। লেখা সমূহ অহা ৩০ নৱেম্বৰৰ ভিতৰত ইমেইল কৰি arundh1959@gmail.com ঠিকনালৈ প্ৰেৰণ কৰিবৰ বাবেও আহ্বান জনাইছে। যোগাযোগৰ বাবে মোবাইল নম্বৰঃ ৯৪৩৫০-৮৯৮২৭।

৪. অহা ৩ডিচেম্বৰত অসমৰ বৰেণ্য সাহিত্যিক প্ৰফুল্ল চন্দ্ৰ বৰালৈ মৰণোত্তৰ ভাৱে সাহিত্যচাৰ্য আব্দুল মালিক বঁটা আগবঢ়োৱা হব। গোলাঘাটত নিৰ্মীয়মাণ সাধনী কলাক্ষেত্ৰৰো উদ্বোধন কৰি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গোলাঘাট জিলা সাহিত্য সভা আৰু মালিকদেৱৰ পৰিয়ালবৰ্গৰ যৌথ উদ্যোগত প্ৰৱৰ্তিত বঁটাটি প্ৰদান কৰিব।

৫. বোকাখাতত ডঃ ভূপেন হাজৰিকা ফাউণ্ডেচনৰ কাম-কাজৰ বুজ ললেহি তেজ হাজৰিকাই। অসমত ফাউণ্ডেচনৰ উদ্যোগত শিক্ষা আৰু সংগীত পৰ্যটনৰ বাবেও কাম কৰাত তেজ হাজৰিকা আগ্ৰহী বুলি প্ৰকাশ কৰে। ফাউণ্ডেচনৰ ফালৰ পৰা ‘ফিৰিঙতি বঁটা’ৰ বাবে দিলীপ দত্ত আৰু মনোৰঞ্জন গগৈৰ নাম নিৰ্বাচন কৰা হৈছে বুলিও তেখেতে প্ৰকাশ কৰিছে।

৬. কালি কটন কলেজত অনুষ্ঠিত হৈ যায় ‘অসমত ডাইনী হত্যাঃ এক সামাজিক-সাংস্কৃতিক দৃষ্টিকোণ’ শীৰ্ষক কৰ্মশালা। নৃ-তত্ত্ব বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত বীৰুবালা ৰাভা, নাট্যবীৰ দাস তথা গৱেষিকা চিত্ৰলেখা বৰুৱাকে ধৰি সুধীজনে অংশগ্ৰহণ কৰে।

৭. ৰঙিয়াৰ জামে মছজিদ চৌহদত সাংসদ বিশ্বজিত দৈমাৰীৰ সাংসদ পুঁজিৰ পাঁচ লাখ টকা অনুদানেৰে নিৰ্মীত ‘ইছলামিক অধ্যয়ন কেন্দ্ৰ’ উন্মোচন কৰিলে বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে। বিশ্বত ইছলাম বিৰোধী শক্তিয়ে ইছলামৰ সাম্যবাদী ঐতিহ্যক মচি পেলাবলৈ চেষ্টা চলোৱা বুলি আঙুলিয়াই দিয়াৰ লগতে ইছলাম ধৰ্মৰ মুকলি আলোচনাৰে মানুহৰ মাজত থকা ভ্ৰান্ত ধাৰণা আঁতৰোৱাৰ বাবে পদক্ষেপ লোৱাৰ প্ৰয়োজন বুলিও তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে।

৮. বাংলাদেশত দীৰ্ঘদিনৰ কাৰাবাসৰ অন্তত অৱশেষত দেশলৈ প্ৰত্যাবৰ্তন সম্ভৱ হ’ল আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ। লগঅহা ২৪নৱেম্বৰত কেন্দ্ৰ চৰকাৰৰ সৈতে আলফাৰ বিশেষ বৈঠকৰ আয়োজন হোৱা আৰু অচিৰেই শান্তি চুক্তি স্বাক্ষৰিত হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৯. অসমৰ ৰেছম বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপন কৰিলে মুগা দিৱস। দেশৰ ভিতৰতে মুগা উ
পাদনত তৃতীয় স্থানত থকা ৰাজ্যখনৰ হিতাধিকাৰী সকলৰ মাজত মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানটোতে নগদ ধনৰ সাহাৰ্যৰ লগতে এৰী সূতা কটা যন্ত্ৰও বিতৰণ কৰে। লগতে মুগা, এৰী আৰু পাটৰ সৰ্বাধিক উপাদনৰ বাবে ডঃ এছ এন চৌধুৰী বঁটাও প্ৰদান কৰে।

১০. প্ৰধানমন্ত্ৰীৰ ব্ৰিটেইন ভ্ৰমণে বিদেশী বিনিয়োগৰ সুযোগ বৃদ্ধি কৰাৰ লগতে দুয়ো দেশৰ মাজত অসামৰিক পাৰমাণৱিক চুক্তিত সাক্ষৰিত হোৱা বুলিও সুখবৰ প্ৰকাশ পাইছে। ব্ৰিটেইনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য পদ লাভৰ বাবে ভাৰতক সমৰ্থন জনাব বুলিও সেই দেশৰ প্ৰধানমন্ত্ৰী কেমেৰনে প্ৰকাশ কৰিছে। ভাৰতৰ তিনিখন চহৰক স্মাৰ্ট চিটি ৰূপে গঢ় দিয়াত ব্ৰিটেইনে সহযোগ কৰিব বুলিও প্ৰতিশ্ৰুতি লাভ কৰাৰ সুখবৰ।

No comments:

Post a Comment