হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম
১. গুজৰাটৰ প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ পৰা লণ্ডনলৈ পোনপটীয়া এয়াৰ ইণ্ডিয়াৰ বিমান সেৱাৰ উদ্বোধন কৰে। চুৰাটৰ শাৰীও লণ্ডনৰ নেতাৰ পত্নীক পিন্ধোৱাৰ সফলতা দাবী। লগতে এটা 'ঘণ্টা'ও তেখেতে আজৰি সময়ত বজাই থাকিবলৈ কেমেৰুন বোলা নেতাজনক উপহাৰ দি অহাৰ সাফল্যৰ কথাও ঢাকঢোল সহ প্ৰকাশ পাইছে! ললিত মোদী বোলা পলাতকজনৰ খবৰ কৰিবলৈহে তেওঁ পাহৰিলে বুলিও গোপন সূত্ৰত প্ৰকাশ!

২. “ইটাৰ উত্তৰ পাথৰেৰে” শীৰ্ষক নতুন হলিউদী ছবিখন হিন্দী ভাষাতে নিৰ্মাণ কৰিবলৈ ওলাইছে জাষ্টইচ কাটছু চাহাবে! ইৰাকত বোমা পেলালে পেৰিচত বন্দুক ফুটিবই শীৰ্ষক যুক্তি প্ৰমাণৰ অৰ্থেই এই ছবিখন নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। বিতৰ্কিত কমেণ্ট কৰিয়েই তেখেতে বজাৰদখল কৰিবই বুলিও চিত্ৰ সমালোচক সকলে আগতীয়াকৈ ভৱিষ্যতবাণীও কৰিছে।

৩. এইবাৰ দালাই লামা টুইটাৰ আক্ৰমণৰ বলি হব লগা হৈছে ভক্তগণৰ। তেওঁলোকৰ দুই এজনে লামা মহাশয়ৰ মতৰ লগত অসন্মত হোৱাৰ ফলতেই ছ’চিয়েল মেডিয়াত তেওঁৰ বংশ সলাই দিয়াকৈ পোষ্টৰ বান তুলি দিছে। এয়াও সহিষ্ণুতাৰ পৰিচয়নে বুলি এতিয়া সচেতন ৰাইজেও টকলা খেৰলৈ টুইট কৰাও পৰিলক্ষিত হৈছে।

৪. আপোনাৰ চহৰক চাফা কৰি ৰাখিবলৈ আপুনি পৌৰ নিগমক কৰ আদায় দিয়াৰ পাছতো প্ৰতিটো সেৱা লওতে চাফচিকুনতাৰ বাবে নতুনকৈ কৰ দিব লগাৰ ব্যৱস্থা কৰিছে চৰকাৰে। পৌৰ নিগমে কৰ লৈ চাফাটো কৰিবই, কিন্তু সেয়া সুনিশ্চিত হব কেনেকৈ? সেয়েহ তাৰ বাবে লগা অতিৰিক্ত খৰছৰ বাবেহে এই নতুন কৰ উদ্ভাৱন কৰিব লগা হৈছে বুলিও জানিব পৰা গৈছে। এতিয়াৰ পৰা পেন কাৰ্ড বনাবলৈকো এটকা বেছি দিব লগা হোৱাত এতিয়া সদৌ ভাৰত ভিক্ষাৰী সন্থাই উদ্বেগ প্ৰকাশ কৰিছে।

৬. ক’লাদেৱ বাবাই দেশৰ বজাৰত জাতিলাওৰ দাম বৃদ্ধি কৰি খেতিয়ক সকলৰ জীৱনলৈ অভূতপূৰ্ব সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে তেখেতলৈ বিশেষ সন্মান প্ৰদান কৰাৰ যো-জা! সদৌ ভাৰত লাও খেতিয়ক সন্থাই তেখেতেক ‘জাতিলাও ৰত্ন’ সন্মান অহা বহাগতে প্ৰদান কৰিব বুলিও জানিব পৰা গৈছে।

৭. আজি হিন্দু মহানসভা আৰু হিন্দুবাদী সেনাই হত্যাকাৰী নাথুৰামৰ সোঁৱৰণত বলিদান দিৱস পালন কৰিবলৈ লৈছে বুলি জানিব পৰা গৈছে। এই দিনটো আচলতে ‘বলি লোৱা’ দিৱসহে হব লাগে বুলিও সচেতন লোক সকলে মত প্ৰকাশ কৰিছে। দুৰ্বৃত্তক মহান কৰাটোকো ৰাইজে সহ্য কৰাটোৱে জানো দেশ সহনশীলতাকে প্ৰমাণ কৰা নাই বুলি পমপম খেৰ নামৰ টকলাটোৱে টুইট কৰিছে।

৮. নিজৰ বিদেশ মন্ত্ৰীক দেশতে আৰাম কৰিবলৈ দি মহানতাৰ পৰিচয় দিছে আমাৰ নৰেন বৰদেউতাই। মোল্লাৰ দৌৰ মচজিদ টকৰ দৰে এতিয়া তেওঁৰ দিনত বিদেশ মন্ত্ৰীৰ দৌৰ বিমান বন্দৰত টা টা দিয়াতেই শেষ বুলিও সূত্ৰই প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰী হৈও ঘৰৰ ভাত খাই থকাৰ ক্ষেত্ৰত সুখমাই বাইদেৱে অচিৰেই অভিলেখ গঢ়িব পাৰিব বুলিও জানিব পৰা গৈছে।

৯. দিল্লীৰ এলজি মানে লোকেল গাৰ্জেনজনক দেশৰ শ্ৰেষ্ঠ এলজিৰ সন্মান দিব লাগে বুলি দাবী কৰিছে ৰামটেঙা পোৱা আম আদমী সন্থাই। এনেকুৱা এলজি থাকিলে থলুৱা চৰকাৰ নামৰ বস্তুটোৰ দৰে মাই-বাপ নথকাই ভাল বুলিও সন্থাই অভিমত প্ৰকাশ কৰিছে।

১০. নিৰ্বাচনী যাদুকৰ মাষ্টাৰ প্ৰচাৰঅন্ত কিশোৰে অহা নিৰ্বাচনী পৰীক্ষা সমূহত পাপু গান্ধীক পাছ কৰোৱাৰ ৰিস্ক লবলৈ অস্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। ঘৰুৱা টিউচনলৈকে ঠিকে আছে, কিন্তু পৰীক্ষাত বেঞ্চৰ তলত বহি নিজে লিখি পাছ কৰাব লগা এনেকুৱা প্ৰতিভাধৰৰ ৰিক্স লোৱাটো অসম্ভৱ বুলিও তেখেতে নিকটাত্মীয়ৰ আগত প্ৰকট কৰিছে!

No comments:

Post a Comment