সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১। কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ বাবে সুখবৰ। কেন্দ্রীয় বিত্ত মন্ত্রী অৰুণ জেটেলিক কালি সপ্তম দৰমহা আয়োগে চূড়ান্ত প্রতিবেদন দাখিল কৰিছে। কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ দৰমহা আৰু ভাট্টা ২৩.৫৫ % বৃদ্ধি কৰাৰ পৰামৰ্শ। লগতে প্রতিমাহে নূন্যতম দৰমহা ১৮ হাজাৰ টকা কৰিবলৈ বাবে দিয়া পৰামৰ্শৰ খবৰো প্ৰকাশ পাইছে।

২। যোৰহাটত ছেবাৰ দ্বিতীয়টো আঞ্চলিক কার্যালয় মুকলি কৰে শিক্ষামন্ত্রী শৰৎ বৰকটকীয়ে। লগতে জানিবলৈ দিছে যে ৰাজ্যৰ শিক্ষাথীসকলৰ মাজত বুৰঞ্জী আৰু ভূগোল বিষয়ত জ্ঞান প্ৰদানৰ বিষয়ত চিন্তা-চর্চা কৰি অসম মাধ্যমিক শিক্ষা পৰিষদে সমাজ বিজ্ঞান বিষয়টো পুনৰ অহা বছৰৰ জানুৱাৰী মাহৰপৰা দশম শ্রেণীৰ পাঠ্যপুথিত সন্নবিষ্ট কৰিব।

৩। অহা ২০-৩০ নৱেম্বৰলৈ অনুষ্ঠিত হবলগীয়া ৪৬ সংখ্যক গোৱা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ ২০১৫ৰ লগত সংগতি ৰাখি দক্ষিণ এচিয়া দেশসমূহৰ চলচ্চিত্রসমূহক আন্তঃৰাষ্ট্রীয় পৰ্যায়ত তুলি ধৰাৰ লক্ষ্যৰে অনুষ্ঠিত হব লগা 'ফিল্ম বজাৰ ২০১৫' লৈ অসমৰপৰা জয়ছেং জয় দহোতীয়াৰ পৰিচালিত একমাত্র ছবি হান্দুক(দ্য হিডেন কর্নাৰ) নির্বাচিত হৈছে। 

 ৪। অসম সাহিত্য সভাৰ প্রধান সম্পাদক ডঃ পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়ামতে প্রাক-শতবর্ষ উদযাপনৰ অংশ হিচাপে এক অভিনৱ কায্যসূচী ৰূপায়ণ কৰিব অহা ২৭ ডিচেম্বৰৰ পুৱা ৮-৪৫ বজাত। আৰু এই একে সময়তে সমগ্র বিশ্বৰ ভিন্ন প্ৰান্তত ৯৯ হাজাৰ বিশিষ্ট ব্যাক্তিয়ে উত্তোলন কৰিব সাহিত্য সভাৰ সম সংখ্যক পতাকা। এই একে সময়তে বিশ্বৰ এক কোটি লোকে গাব “অসম সংগীত”।

৫। শ্রীলংকাত উজলিল অসম সন্তান জ্যেতিষ কুমাৰ দেৱ। তেখেত অসমীয়া, হিন্দী, ইংৰাজী, বাংলা ভাষাত সাহিত্য সেৱা কৰি অহাৰ লগতে এজন সাংঙ্কৃতিক কর্মী হিচাপেও কাম কৰি আহিছে। তেওঁৰ আদর্শনীয় কর্মৰাজি বা সাহিত্য সেৱাৰ বাবে সমতা সাহিত্য একাডেমীয়ে কলম্বোত প্রাইড অৱ শ্রীলংকা ইন্টাৰনেচনেল বঁটাৰে তেখেতক সন্মানিত কৰিছে।

৬। যোৱাকালি মাজুলীত হোৱা এক ৰাজহুৱা সভাত ইউনেস্কৰ বিষয়া ৰাম ভুষালে জানিবলৈ দিয়ামতে অহাবর্ষত সত্রীয়া সংঙ্কৃতিৰে ভৰপূৰ মাজুলীক ঐতিহ্যক্ষেত্র স্বীকৃতি দিয়াৰ বাবে প্ৰচেষ্টা চলাব। ইয়াৰ বাবে অসম চৰকাৰৰক সক্রিয় সহায়-সহযোগিতা আগবঢ়াবলৈকো তেখেতে পৰামৰ্শ দিয়ে।

৭। ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলৰ আজি গুৱাহাটীৰ সৰুসজাই স্টেডিয়ামত হ’ব লগা মেচত ঘৰুৱা দলে নর্থ ইষ্ট ইউনাইটেড এফচিয়ে খেলিব মুম্বাই চিটী এফচি বিপেক্ষে। আজিৰ এই মেচখন দুইখন দলৰ বাবে অতি গুৰুত্বপূর্ণ কিয়নো এইখন মেচত যি দলে জিকিব এই দলে ছেমি ফাইনেলত প্রবেশ কৰাৰ পথ মুকলি কৰিব।

৮। আন্তৰাষ্ট্রীয় বক্সিং সন্থাই (আইবা) ৪-৬ ডিচেম্বৰত ব্রাজিলৰ ৰিঅ’ত হবলগীয়া টেষ্ট ইভেন্টলৈ ভাৰতৰ যি ছগৰাকী বক্সাৰক নির্বাচন কৰিছে তাত অলিম্পিক ব্রঞ্জৰ পদক বিজয়ী এম. চি. মেৰী কমে একমাত্র মহিলা বক্সাৰ হিচাপে স্থান লাভ কৰিছে।

৯। অসমৰ পৰীক্ষিত সোমানীয়ে চমক প্রদ প্রদর্শন অব্যাহত ৰাখি গুৱাহাটীৰ চচল টেনিছ প্রকল্পত চলি থকা আই টি এক বিশ্ব ৰেংকিং জুনিয়ৰ টেনিছৰ ছিংগলছ আরু ডভলছৰ উভয় শাখাতে ফাইনেলত প্রৱেশ কৰিছে।

১০। কুৱাণ্টনত চলি থকা জুনিয়ৰ এছিয়া কাপ হকীৰ কোৱাটাৰ ফাইনেলত ভাৰতে ওমানক ৯-০ গলত হৰুৱাই ছেমি-ফাইনেলত প্রবেশ কৰিছে। অহাকালিৰ ছেমি ফাইনেলত ভাৰতে সন্মুখীন হব জাপানৰ বিপেক্ষে।

No comments:

Post a Comment