সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সন্ত্ৰাসৰ বিভীষিকাত আৰু কিমান জ্বলিব বিশ্ব?  
অভিনন্দন গোস্বামী
সন্ত্ৰাস তথা সন্ত্ৰাসবাদ প্ৰতিজন হৃদয়বান মানুহৰ অন্তৰাত্মা কপাঁই তোলা আধুনিক বিশ্বৰ এক ভয়াৱহ অমানৱীয় ব্যাধি৷ ঠাইভেদে ৰূপ তথা পদ্ধতি ভিন্ন হলেও মানুহক সন্ত্ৰসিত, দমন, হত্যা তথা অপহৰণ আদি কৰি নিৰীহ লোকৰ ওপৰত আসুৰিক বীৰত্ব প্ৰদর্শন কৰাটোৱেই এনে পন্থাৰ অন্যতম উদেশ্য৷ দশক দশক জুৰি বিশ্ববাসীক আতংকিত কৰি ৰখা এনে পন্থাৰ ফলত ইতিমধ্যে বহুকেইখন দেশ মানৱতাৰ বধ্যভূমিলৈ ৰূপান্তৰিত হৈছে৷ শেহতীয়াকৈ ফ্ৰান্সৰ ৰাজধানী পেৰিছ আইছিছ সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰাঙলী হোৱাৰ পাছত সকলো পুনৰ একত্ৰিত হৈছে এই ব্যধিক সমুলঞ্চে উৎখাত কৰিবৰ বাবে৷ সদ্যসমাপ্ত জি-২০ শীর্ষক সন্মিলনতো বিশ্বনেতা সকলৰ আলোচনাত সন্ত্ৰাসবাদ বিষয়টোৱে সর্বাধিক চর্চা লাভ কৰে৷ বিশ্বৰ যিকোনো এখন দেশ যিকোনো মূহুর্তত যে বর্ধিত সন্ত্ৰাসবাদৰ চিকাৰ হব পাৰে তাক আজিৰ তাৰিখত কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ এনে অৱস্হাত সন্ত্ৰাসবাদীৰ হিটলিষ্টত তথা প্ৰায় সকলো দেশতেই প্ৰয়োজনীয় সর্তকতামুলক ব্যৱস্হা গ্ৰহণ কৰা হৈছে৷ ভাৰতবর্ষৰ বিভিন্ন গুৰুত্বপূর্ণ স্থানতো নিৰাপত্তা বৃদ্ধি কৰি এনে সাম্ভাব্য আক্ৰমণ প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ প্ৰশ্ন হয়, আৰু কিমান দিনলৈ এনেদৰেই সন্ত্ৰাসিত হৈ থাকিব লাগিব বিশ্ববাসী? সন্ত্ৰাসবাদৰ বিৰুদ্ধে পশ্চিমীয়া দেশসমূহে গ্ৰহণ কৰা নীতিয়ে সুফল দিছেনে? ৰাষ্ট্ৰসংঘই এই ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰা উচিত?

বেছি দূৰলৈ নগৈ যদি গৃহৰাজ্য অসমৰ প্ৰসংগলৈ আহো তেন্তে দেখিম যে যোৱা তিনিটা দশক ৰাজ্যখন বুৰ গৈছিল সন্ত্ৰাসজর্জৰ এক কলীয়া ডাৱৰত৷ এই সময়ছোৱাত আলফা, এনডিএফবিকে ধৰি বিভিন্ন উগ্ৰপন্থী সংগঠনে মূৰ দাঙি উঠি ৰাজ্যবাসীৰ বাবে বিভীষিকাৰ সৃষ্টি কৰিছিল৷ তেওঁলোকৰ ভাষাত লক্ষ্য আদর্শ যিয়েই নহওক কিয় তেনে সংগঠনৰ কার্যকলাপ আছিল সন্ত্ৰাসবাদৰে এক নামান্তৰ মাথো৷ ধেমাজিত নিষ্পাপ শিশুক হত্যা কৰাৰ ঘটনাক সন্ত্ৰাসবাদ নাম নিদি কিবা পাৰি জানো? ২০০৮ চনত গুৱাহাটীত হোৱা ধাৰাবাহিক আক্ৰমণ সন্ত্ৰাসবাদীৰ কার্য নহৈ কি আছিল? নিজকে বিপ্লবী সংগঠন বুলি জাহিৰ কৰিলেও তেনে সংগঠন সমুহেই অসমত আৰম্ভ কৰিছিল সন্ত্ৰাসবাদৰ কলা অধ্যায়৷ এনে গোট তথা সংগঠনসমূহে স্হানীয় তথা বিদেশী শক্তিৰ পৰোক্ষ পৃষ্ঠপোষকতা যে লাভ কৰিছিল তাত কাৰো সন্দেহ নাই৷ কিয়নো বাংলাদেশত পৰোক্ষ ৰাজনৈতিক আশ্ৰয়ৰ মাজত থাকিয়েই এসময়ত আলফাৰ শীর্ষ র্নেতৃত্বই কাম কাজ পৰিচালনা কৰিছিল৷ তদুপৰি ম্যানমাৰ, ভূটান তথা চীন দেশৰ সীমান্তত ঘাটি স্হাপন কৰিও অন্য ঠাইলৈ নেটর্ৱক সম্প্ৰসাৰিত কৰিছিল৷ এনেবোৰ পৃষ্ঠপোষকতাৰ ফলতেই একো একোটা সংগঠনে সাৰ পানী লাভ কৰি শক্তিশালী হৈ উঠে৷ অসমতো যে এসময়ত বিভিন্ন ব্যক্তিয়ে আলফাক সমর্থন তথা সহায়-সহযোগ কৰিছিল তাতো কাৰো দ্বিমত নাই৷ সেই সহায়-সহযোগ লাভ নকৰা হলে সন্ত্ৰাসবাদে হয়তো অসমত মুৰ দাঙি উঠিব নোৱাৰিলহেতেন৷ ২০০৮ চনতে সংঘটিত ভয়াৱহ মুম্বাই আক্ৰমণত জড়িত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাকো অক্সিজেন যোগান ধৰি আছে চুবুৰীয়া দেশ
পাকিস্তানে৷ সেই আক্ৰমণৰ মূল অভিযুক্ত হাফিজ ছৈয়দে বর্তমান পাকিস্তানতে ৰাজনৈতিক আশ্ৰয় লাভ কৰি আছে৷ ভাৰত তথা আমেৰিকাৰ বাৰম্বাৰ হেচাঁৰ প্ৰতিয়ো দৃষ্টিপাত নকৰি গাখীৰ খুৱাই সাপ পোহাৰ দৰে সন্ত্ৰাসবাদক সাৰ পানী যোগাই দেশখনে নিজৰ কাৰণেও বিপদ চপাই লৈছে৷

পাকিস্তান- আফগানিস্তান সীমান্ত বর্তমান তালিবান, আল-কায়দা আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠন সমূহে ইতিমধে্য অধিকাৰ কৰি তাত ৰাজত্ব আৰম্ভ কৰিছে৷ ৰাষ্ট্ৰসংঘই নিষিদ্ধ কৰা বহু উগ্ৰপন্থী সংগঠনেও বিনাবাধাই পাকিস্হানৰ ভূমিত নিজৰ কার্যকলাপ অব্যাহত ৰাখিছে৷ লাডেনৰ দৰে বিশ্বত্ৰাস সন্ত্ৰাসবাদীও
পাকিস্তানৰ অজ্ঞাতে দেশখনত আছিল বুলি কলেও বিশ্ববাসীয়ে তাক কোনোপধ্যেই মানি লবলৈ প্ৰস্তত নহয় ৷ ইয়াৰোপৰি অন্যান্য ইছলামিক দেশসমূহেও সন্ত্ৰাসবাদক পৰোক্ষ পৃষ্ঠপোষকতা কৰি সমগ্ৰ বিশ্বৰ বাবেই ভয়াবহ বিপদক আহবান কৰিছে৷ এটা কথা আজি ভালদৰে প্ৰতীয়মান যে ৰাষ্ট্ৰসমূহৰ প্ৰত্যক্ষ অথবা পৰোক্ষ পৃষ্ঠপোষকতা অবিহনে সন্ত্ৰাসবাদে গজালি মেলা সম্ভব নহয়৷ এনেবোৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে ব্যৱস্হা গ্ৰহণ কৰিব নোৱাৰিলে মানৱতাক সুৰক্ষা দিয়াটো হব সূদূৰপৰাহত কথা৷

এতিয়া আহো আইছিছৰ প্ৰসংগলৈ৷ আল কাইদাতকৈও ভয়াবহ তথা সবাতোকৈ বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠনৰ স্হান লাভ কৰা আইছিছ এতিয়া যেন প্ৰতিখন দেশৰ বাবেই মুৰৰ কামোৰণি স্বৰূপ হৈ পৰিছে৷ পেৰিছৰ ৰাজপথ ৰাঙলী কৰা চক্ৰান্ততো আইছিছৰে প্ৰত্যক্ষ হাত আছিল৷ ইছলামিক ষ্টেট অৱ ইৰাক এন্ড ছিৰিয়া চমুকৈ আইছিছে ১৯৯৯ চনতেই প্ৰধানকৈ জন্মলাভ কৰিছিল৷ ক্ৰমান্ডয়ে ইৰাকত খোপনি পুতি ক্ৰমাট শক্তিশালী হৈ যোৱা আইছিছে ২০০৮ চনত ছিৰিয়াৰ এক অংশ দখল কৰি তাত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়৷ ২০১৫ চনৰ মার্চ মাহলৈকে ১০ মিলিয়ন জনসংখ্যাৰে পৰিপুষ্ট ইৰাক আৰু ছিৰিয়াৰ এক বৃহৎ ভূখন্ড নিজৰ দখললৈ আনি তাত শাসনভাৰ চলাই আছে এই কুখ্যাত সংগঠনটোৱে৷ ফলত তেওঁলোকে নিবিঘ্নে নিজৰ নেটৱর্ক শক্তিশালী কৰি বিশ্ববাসীৰ বাবে ক্ৰমাত ত্ৰাসৰ কাৰণ হৈ পৰিছে৷ সংগঠনটো বিশেষকৈ ইৰাক আৰু ছিৰিয়াৰ চুন্নী মুছলমানেৰে গঠিত যদিও চোৰাংচোৱাৰ তথ্য মতে ইয়াৰ প্ৰায় আধা সন্ত্ৰাসবাদীয়েই হৈছে বিদেশী মূলৰ যত টিউনিছিয়াৰ প্ৰায় ৩০০০ সন্ত্ৰাসবাদী আছে৷ ইয়াৰোপৰি ছৌডি আৰব, লিবিয়া, ফ্ৰান্স, জার্মানী ইত্যাদি দেশৰ নাগৰিকো ইয়াৰ সৈতে জড়িত আছে৷ সবাতোকৈ ভয়ংকৰ কথা যে ৬-৭ বছৰীয়া শিশুকো এই সংগঠনে অপহৰণ তথা পণবন্দী কৰি সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ প্ৰদান কৰে৷ শেহতীয়াকৈ ২০০ টিকৈ শিশুক পণবন্দী কৰি সংগঠনটোৱে হত্যা কৰাৰ বাতৰিয়ে বিশ্ব কপাঁই গৈছিল৷

এটা কথা ঠিক যে ইছলামৰ ভুল ব্যাখ্যা আগবঢ়াই তথা ধর্মৰ ভুৱা আশ্ৰয় লৈ গঠন হোৱা এনেবোৰ সংগঠনে বিশেষকৈ পশ্চিমীয়া ৰাষ্ট্ৰসমূহক নিজৰ শত্ৰু জ্ঞান কৰিলেও এনে সংগঠনৰ প্ৰথম টার্গেট কিন্তু মুছলমানসকলেই হয়গৈ৷ নহলেনো আমেৰিকাক সততে হুংকাৰ দিয়া পাক তালিবানে লাহোৰত কণ কণ শিশুক হত্যা কৰিবলৈ কুন্ঠাবোধ নকৰিব পাৰেনে? যতে যতে সঘনাই বোমা বিস্ফোৰণ, আত্মঘাতী বিস্ফোৰণ ঘটাই হেজাৰ হেজাৰ নিৰীহ মুছলমানক হত্যা কৰিব পাৰেনে? আইছিছো তাৰ ব্যতিক্ৰম নহয়৷ ছিৰিয়াৰ গৃহযুদ্ধত গৃহহাৰা হৈ ইউৰোপৰ অন্য দেশত শৰনার্থীৰ আশ্ৰয় গ্ৰহণ কৰা সকলো জানো তেওঁলোকৰ নিজ দেশৰে নাগৰিক নাছিল? ধর্মৰ নামত জেহাদ ঘোষণা কৰি বিশ্বজুৰি সন্ত্ৰাস বিয়পোৱাই এনে সংগঠনৰ লক্ষ্য৷ ফলত ইৰাক, ছিৰিয়া, পাকিস্তান, আফগানিস্হান আদি দেশসমূহ মৃত্যু উপত্যকাত পৰিণত হৈছে৷বিভিন্ন ইছলামিক লোক তথা সংগঠন ইয়াৰ বিৰুদ্ধে প্ৰতিবাদত ওলাই আহিছে৷ শান্তি- সম্প্ৰীতিৰ ধর্ম ইছলামক বিশ্ববাসীৰ সন্মুখত বিকৃট ৰূপত উপস্হাপন কৰাৰ বাবে সকলোৱে ইয়াক একেমুখে ধিক্কাৰ দিছে৷ যিকোনো ধৰণৰ হত্যা-হিংসা তথা অমানৱীয় কার্যক ইছলামে কেতিয়াও মানি নলয়৷ তৎসত্বেও যেন সন্ত্ৰাসবাদক আশ্ৰয়দাতা দেশসমূহৰ গা লৰা নাই৷ আইছিছেও বিভিন্ন দেশ যেনে তুৰস্ক, চৌডি আৰব, কাটাৰ আদি দেশসমূহৰ পৰা পৃষ্ঠপোষকতা তথা সহায়-সহযোগ লাভ কৰি থকাৰ অভিযোগ আছে৷ ২০১৪ চনত জার্মানীৰ মন্ত্ৰী জার্ড মূলাৰে পোনপটীয়াকৈয়ে কাটাৰক আইছিছক বিত্তীয় সাহায্য তথা অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ বাবে জগৰীয়া কৰিছিল৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে এঘড়ী যুজাঁৰ বাবে সকলো সংকল্পবদ্ধ হোৱাৰ সময়তে এনেধৰণৰ সাৰ পানীয়ে সচাঁকৈয়ে এই যুদ্ধখনক কিমান সাফল্য প্ৰদান কৰিব তাত সন্দেহৰ অৱকাশ ৰৈ যোৱাৰ এক থল আনি দিছে৷


সন্ত্ৰাসবাদ দমনত আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহকে গ্ৰহণ কৰা নীতিয়ে সুফল দিছেনে? কেতবোৰ গৱেষণা সংস্হাই প্ৰদান কৰা প্ৰতিবেদনত কিন্তু ইয়াৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে৷ তেওঁলোকৰ মতে যোৱা দহ বছৰত আমেৰিকাৰ সন্ত্ৰাস বিৰোধী যুদ্ধই সন্ত্ৰাসবাদ বৃদ্ধিত হে অৰিহণা যোগালে৷ আমেৰিকাৰ এই বৈদেশিক নীতিৰ বাবেই আইছিছৰ দৰে সংগঠনে শক্তি সঞ্চয় কৰিবলৈ সমর্থ হল৷ মধ্য-প্ৰাচ্যত ক্ৰান্তিবাদ সৃষ্টি কৰাৰ মূলতো যুক্তৰাষ্ট্ৰৰে অৱদান আছে৷ ইচ্ছাকৃত বা অনিচ্ছাকৃত ভাৱে হলেও আমেৰিকাৰ সহযোগতে ১৯৫৩ চনত ইৰানৰ শাসন-প্ৰনালী সলনি হোৱাত দেশখনত এক ক্ৰান্তিবাদৰ উকমুকনি হৈছিল৷ ইৰানৰ তৈল ভান্ডাৰক ৰাষ্ট্ৰীয়কৃত কৰাৰ অজুহাততে এজন গণতান্ত্ৰিকভাৱে নির্বাচিত প্ৰধানমন্ত্ৰীক ক্ষমতাৰ পৰা বিতাড়িত কৰাত ক্ষুব্ধ ইৰানী বিপ্লৱী জনতাই কেতবোৰ ঠাইত বোমা বিস্ফোৰণ ঘটাই ইয়াৰ প্ৰতিবাদ জনাইছিল৷ পশ্চিমীয়া দেশসমূহৰ অনাহক হস্তক্ষেপ তথা আগ্ৰাসনৰ বাবেই যে বহু ইছলামিক দেশত এনে বিদ্ৰোহৰ আৰম্ভনি হৈছিল তাক কোনেও নুই কৰিব নোৱাৰে৷ তাৰোপৰি ইৰাক, আফগানিস্তান আদি দেশত আমেৰিকাৰ যুদ্ধৰ ফলত বহুতো নিৰীহ লোকৰ মৃত্যু হোৱাও আছিল সন্ত্ৰাসবাদ সৃষ্টিৰ অন্যতম কাৰণ৷ আমেৰিকাৰ বিৰোধিতা কৰি বেছিভাগ বিদ্ৰোহী সংগঠনৰ সৃষ্টি হলেও তেওঁলোকে বেছি ক্ষতি কৰিলে নিজৰ নিজৰ দেশসমূহকহে৷ ইছলামিক লোকসকলেই তেওঁলোকৰ প্ৰথম আৰু সহজ চিকাৰ ৰূপে পৰিগণিত হল৷ পশ্চিমীয়া আগ্ৰাসন তথা বিভিন্ন দেশৰ পৃষ্ঠপোষকতা অব্যাহত থাকিলে যে সন্ত্ৰাসবাদ নামৰ অপশক্তিক উৎখাত কৰা কঠিন হব সেয়া ধুৰুপ৷

সন্ত্ৰাসবাদৰ এক প্ৰকৃত সংজ্ঞা নিৰূপণ নকৰালৈকে ইয়াৰ বিৰুদ্ধে ব্যৱস্হা লোৱাত বিভিন্ন বাধা আহি পৰিবই৷ বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় তথা মানৱাধিকাৰ সংগঠনসমূহে মানৱতা ভূ-লুন্ঠিত হোৱাৰ অভিযোগ তুলি সময়ে সময়ে এনে কেতবোৰ অভিযানৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ ওপৰত হেচাঁ আৰোপ কৰে৷ ২০০১ চনৰ ভয়াৱহ আমেৰিকা আক্ৰমণৰ পাছতেই ৰাষ্ট্ৰসংঘই সন্ত্ৰাসবাদক বিশ্বশান্তি তথা সুৰক্ষাৰ বাবে ভাবুকি স্বৰূপ যিকোনো কার্য্য হিচাবে অভিহিত কৰিছিল আৰু তাৰ বাবে সন্ত্ৰাসবাদৰ সমর্থক তথা পৃষ্ঠপোষককে আদি কৰি ইয়াৰ লগত জড়িত সকলোৱে জগৰীয়া বুলি মত পোষণ কৰিছে৷ সন্ত্ৰাসবাদ দমনৰ নীতি স্বৰূপ বহুকেইটা সর্বসন্মত প্ৰস্তাব গৃহীত কৰা স্বতেও ব্যৱহাৰিক ৰূপত ইয়াৰ প্ৰভাৱ দৃশ্যমান হোৱা নাই৷ আজি বিশ্ববাসী এক জটিল সন্ধিক্ষনত উপনীত হোৱাৰ সময়ত ৰাষ্ট্ৰসংঘই এক সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰাটো সকলোৰে কাম্য৷ বিশেষকৈ মধ্য প্ৰাচ্যত আমেৰিকাৰ বৈদেশিক তথা কুটনৈতিক নীতিৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো কিছুমান কাৰণত অতিশয় গুৰুত্বপূর্ণ৷ পেৰিছৰ পাছত কোনো চহৰ যাতে তেজেৰে ৰাঙলী হব লগীয়া নহয় সেয়াই সকলোৱে কামনা কৰে৷ সন্ত্ৰাসবাদ বিৰোধী অভিযানসমূহে সন্ত্ৰাসবাদীক নহয় সন্ত্ৰাসবাদক শেষ কৰক৷ সন্ত্ৰাসবাদ নিপাত নগলে সন্ত্ৰাসবাদীক নিঃশেষ কৰি ক্ষণিক উল্লাস পালন কৰাটো যুক্তিসংগত হব নোৱাৰে৷ সন্ত্ৰাসবাদী নহয় সন্ত্ৰাসবাদ শেষ হলেহে মানৱ জাতি নিৰাপদ হব৷ অন্যাথা ‘সন্ত্ৰাসৰ বিভীষিকাত আৰু কিমান জ্বলিব বিশ্ব?’ এক প্ৰশ্নটো এক উত্তৰবিহীন সাথঁৰ হিচাবেই হৈ ৰব৷
স্নাতকোত্তৰ ছাত্ৰ, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰুণাচল প্ৰদেশ ফোন- 8402852801

No comments:

Post a Comment