১. কলা আৰু প্ৰযুক্তিৰ অনন্য সমাহাৰ ঘটাই নিৰ্মাণ কৰা গুৱাহাটীৰ জালুকবাৰীস্থ সুধাকণ্ঠৰ সমাধিস্থল ৰাজ্যবাসীৰ বাবে উচৰ্গা কৰি কালি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ৰাজ্যজুৰি শিল্পীজনৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী পালন হোৱাৰ লগতে সমাধিস্থলীত মুকলি কৰা হয় পূৰ্ণ অৱয়বৰ এটি ব্ৰঞ্জৰ মূৰ্তিও।
২. কালি গুৱাহাটীৰ খানাপাৰাত থকা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বালিপাৰা ফাউণ্ডশ্যনে আয়োজন কৰে ‘এছিয়ান এলিফেণ্ট ইন দ্য ৱাইল্ডঃ এলিফেণ্ট টক ২০১৫’ শীৰ্ষক অনুষ্ঠান। অনুষ্ঠানটোত বন মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়া সকলৰ উপৰিও ইণ্ডোনেচিয়া, বাংলাদেশ, ভূটান, ছুইজাৰলেণ্ড, ইংলেণ্ড আদিকে ধৰি কেইবাখনো দেশৰ হস্তী তথা বন্যপ্ৰাণী বিশেষজ্ঞ সকলেও অংশ গ্ৰহণ কৰে।
৩. পাঠশালাৰ আনন্দৰাম বৰুৱা একাদেমিৰ সৰ্বোচ্চ সন্মান ‘আনন্দৰাম বৰুৱা একাদেমি ফেল’শ্বিপ’ প্ৰথমবাৰৰ বাবে শিক্ষাবিদ ৰত্নেশ্বৰ দাসলৈ আগবঢ়োৱা হৈছে। অহা ৯নৱেম্বৰত এই বঁটা প্ৰদান কৰা হব।
৪. নলবাৰীৰ পাগলাদিয়াৰ পাৰত কালি ডঃ ভূপেন হাজৰিকাৰ বলুকা শিল্পত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিল্পী নলিনী দাসে সুধাকণ্ঠ আৰু জীৱনশিল্পী আদ্য শৰ্মাৰ দুটি বলুকাশিল্প অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবেই নিৰ্মাণ কৰি উলিয়াইছিল।
৫. দিল্লীত অনুষ্ঠিত সুধাকণ্ঠৰ স্মৃতিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সুধাকণ্ঠৰ নামত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাঙি ধৰিলে মনিপুৰৰ বিশিষ্ট সমাজকৰ্মী এল সুভাষ সিঙে। জিএমডিএৰ অধ্যক্ষ ধীৰেন বৰুৱাই গুৱাহাটীত ডঃ হাজৰিকাৰ সোঁৰণত এটা টাউন হ’ল নিৰ্মাণৰ পোষকতা কৰে। সুধাকণ্ঠৰ জীৱন-কৃতিৰ ওপৰত বাচকবনীয়া লেখনিৰে সমৃদ্ধ স্মাৰক গ্ৰন্থ ‘যাযাবৰ’ উন্মোচন কৰিলে তেজ হাজৰিকাই।
৬. কালি গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে সাংস্কৃতিক মহাসভা অসমৰ ডঃ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হয় বিশিষ্ট নাট্যকৰ্মী ৰত্ন ওজা দেৱক। ইফালে গোলাঘাটত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডঃ ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান কৰা হয় সমাজসেৱিকা বীৰুবালা ৰাভাক।
৭. অহা ৭-৮নৱেম্বৰত ত্ৰিপুৰাৰ আগৰতলা ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত অসম সাহিত্য সভাই ত্ৰিপুৰা চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ডঃ ভূপেন হাজৰিকা আৰু জননেতা অনিল সৰকাৰৰ পবিত্ৰ স্মৃতিত আয়োজন কৰিছে ‘গোমতী-ব্ৰহ্মপুত্ৰ-বৰাক সাহিত্য সংস্কৃতি আৰু সেতুবন্ধন অনুষ্ঠান’ৰ।
৮. কালি গুৱাহাটীত হৈ থকা উত্তৰ-পূৱ গ্ৰন্থমেলাত উন্মোচিত হ’ল ঔপন্যাসিক দিলীপ চন্দনৰ ‘কাজিৰঙাৰ বেলাড’ আৰু ‘জানোচা পাহৰি গ’লা’। সপ্তম দিনা আয়োজিত মনোজ্ঞ আলোচনাত অংশ গ্ৰহণ কৰিলে বংগৰ প্ৰখ্যাত নাট্যকৰ্মী অৰ্পিতা ঘোষ, শেখৰ সমাদ্দাৰ।
৯. আজি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় অসম সাহিত্য সবাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কটন কলেজৰ দৰ্শন বিভাগৰ অধ্যাপক ডঃ জগদীশ পাটগিৰীৰ ‘থিংকিং এণ্ড ৰিজনিং’ আৰু ‘দ্য ফিলোছফিকেল ট্ৰেডিচন অৱ আছাম’ নামৰ দুখনি গ্ৰন্থ।
১০. শুভ্ৰজ্যোতি প্ৰকাশ আৰু পূৰ্বাঞ্চল প্ৰকাশৰ দ্বাৰা প্ৰকাশিত পাঁচখনকৈ গ্ৰন্থ কালি গুৱাহাটী প্ৰেছ ক্লাৱত উ্ন্মোচিত হয়। ডঃ অনুৰাধা বৰুৱাৰ ‘শান্তি স্বৰূপ ভাটনাগৰ’, ৰীণা বৰুৱাৰ ‘নিৰানব্বৈ ৰহস্য আৰু কিমান যেন সাধু’, নিকুমণি হুছেইনৰ ‘ডঃ এপিজে আব্দুল কালাম’, দিব্যলতা দত্তৰ ‘পু-চাও আৰু জা-চাওৰ মুখৰ সাধু’ আৰু ডঃ জীৱন দত্ত বৰুৱা ও মঞ্জু দত্ত বৰুৱাৰ ‘আমাৰ দৃষ্টিত চীন দেশ’ নামৰ গ্ৰন্থ কেইখনি উন্মোচন কৰিলে শেৱালি চৌধুৰী, বন্দিতা ফুকন আৰু নিৰুপমা বৰগোহাঞিয়ে।

No comments:
Post a Comment