সমন্বিত মীন পালন পদ্ধতি সমূহে খেতিয়কক কম খৰচতে মীন পালন কৰাৰ এক লাভজনক আশাৰ ৰেঙনি দেখুৱাইছে। এই পদ্ধতি সমূহৰ ভিতৰত সমন্বিত মাছ-হাঁহ পালন, সমন্বিত মাছ-কুকুৰা পালন, সমন্বিত মাছ-গাহৰি, সমন্বিত মাছ-শস্য পালন, সমন্বিত মাছ-উদ্যান পালন ইত্যাদি। এই পদ্ধতিৰ মূল সুবিধাজনক যে মীন পালনত পুখুৰীত ৰাসায়নিক সাৰ আৰু পৰিপূৰক খাদ্য প্রয়োগ নকৰাকৈ অতি কম খৰচতে অধিক উৎপাদন কৰিব পাৰি। এই পদ্ধতি সমূহৰ ভিতৰত সমন্বিত মাছ-গাহৰি পালন কৰি অধিক অর্থ উপার্জন কৰিব পাৰি। ই এক কম খৰচতে একে ঠাইৰপৰা প্রচুৰ পৰিমানৰ উৎপাদন কৰিব পৰাৰ এক উত্তম উপায়। এই পদ্ধতিবোৰ বাহিৰৰ দেশসমূহত যেনে চীন, এছিয়ান আৰু ইউৰোপৰ দেশ আদিত অধিক জনপ্রিয়। সমন্বিত মাছ-গাহৰি পালন পদ্ধতি পোন প্রথমে ভাৰতবর্ষৰ পশ্চিমবংগত অৱলম্বন কৰিছিল। গাহৰিৰ মলে মাছৰ খাদ্য আৰু সাৰ হিচাবে কাম কৰে বাবে খৰচ কমি যায়। কিয়নো মীন পালনত খাদ্য আৰু সাৰতে ৬০% খৰচ লাগি যায়। গতিকে ই এক উত্তম উপায়, যাৰ যোগেদি আমি খৰচ বহুত কম কৰিব পাৰো। এই পদ্বতি আমি কিয় অৱলম্বন কৰিব লাগে তাৰ কাৰণ-
১) গাহৰিৰ মলে পুখুৰীত সাৰ হিচাবে কাম কৰে। গতিকে ই পুখুৰীৰ উৎপাদন ক্ষমতা বঢ়াই দিয়ে।
২) মাছে গাহৰিৰ মলক খাদ্য হিচাবে ব্যৱহাৰ কৰে।
৩) গাহৰিৰ গঁড়ালৰ বাবে বেলেগকৈ ঠাই নেলাগে। কিয়নো আপুনি পুখুৰীৰ আহল বহল যিকোনো ঠাইত গড়াল নির্মাণ কৰিব পাৰে।
৪) গাহৰিৰ মল-মুত্র,পেলনীয়া খাদ্য আদি পুখুৰীত পৰিব দিয়া হয় বাবে পৰিবেশ প্রদূষণৰপৰা বাচিব পাৰি।
৫) পুখুৰীৰ তলত জমা হোৱা গেদ পুখুৰীৰ পাৰত থকা উদ্যান শস্যৰ বাবে উত্তম জৈৱিক সাৰ হিচাবে কাম কৰে।
৬) একে সময়ত একে ঠাইতে মাছৰ লগতে গাহৰি উৎপাদন কৰা হয়।
৭) কম খৰচত অধিক লাভ।
গাহৰিৰ কি জাত ৱ্যৱহাৰ কৰিব লাগেঃ থলুৱা গাহৰিৰ যোগেদি আশানুৰূপ নোপোৱাৰ বাবে বর্ণসংকৰ হেম্পস্বেয়াৰ, লাৰজ ব্লেক, লাৰজ লেন্দৰেচ, লাৰজ হোৱাইট ইয়ক স্বেয়াৰ আদি ব্যৱহাৰ কৰিব পাৰি। এই প্রজাতিৰ গাহৰিসমুহৰ বেমাৰ আজাৰ কম হোৱাৰ লগতে বৃদ্ধিও যথেষ্ট হয়। এই প্রজাতিবোৰ ৩ ৰপৰা ৪ মহীয়া পোৱালীবোৰ ৬-৭ মাহত গড়ে ৬৫-৮৫ কিগ্রা ওজন হয়।
গাহৰিৰ গড়াল কিদৰে নির্মাণ কৰিবঃ
ৰ’দ পৰা পুখুৰীৰ আহল-বহল যিকোনো ঠাইত গাহৰিৰ গড়াল নির্মাণ কৰিব পাৰে। প্রতিটো গাহৰিৰ বাবে ১.০-১.২৫ বর্গ মিটাৰ হিচাপত গড়ালৰ মজিয়াখন মজবুতকৈ নির্মাণ কৰা হয়। গড়ালৰ মুধচলৈকে উচ্চতা ১.৭৫ মিটাৰ হলেই যথেষ্ট হয়। চালখন বাঁহ, কাঠ, খেৰ বা এচবেষ্টচেৰে নির্মাণ কৰিব লাগে। ইটাৰ ওপৰত ৬.০ চেমি ঢালাই দিয়া পকী মজিয়াখন খহটা আৰু পুখুৰীৰ ফাললৈ অলপ হেলনীয়া হব লাগে। গঁড়ালৰ সন্মুখত গড়ালৰ মুঠ মাটি কালিৰ প্রায় ১/৩ অংশ হিচাপত মুকলি ঠাই ৰাখিব লাগে যাতে মুকলি ঠাইখিনিত গাহৰিবোৰে মল ত্যাগ কৰিব পাৰে। গঁড়ালৰ আৰু মুকলি ঠাইৰ চাৰিওফালে ১.০ মিটাৰ ওখকৈ পকীবেৰ নির্মাণ কৰিব লাগে। গঁড়ালৰ ভিতৰতে খাদ্য, পানী খোৱা আৰু মুকলি ঠাইত গা-ধোৱাৰ পাত্র নির্মাণ কৰিব লাগে। মজিয়াৰ হেলনীয়াৰ ফালে এটা নলা নির্মাণ কৰি তাক পকী গাঁতৰ লগত সংযোগ কৰা হয়। গাঁতটোৰপৰা এটা নলা পুখুৰীৰ লগত সংযোগ কৰা হয় আৰু উঠা নমা কৰিবৰ বাবে গাঁত আৰু নলাৰ মাজত গেটৰ ব্যৱস্থা থাকিব লাগে যাতে পুখুৰীৰ পানী বেয়া হলে গেটখন বন্ধ কৰি দিব পাৰি। এনে কৰিলে গাহৰিৰ মল পুখুৰীত নপৰেগৈ। পানী গুণাগুণ ভাললৈ আহিলে গেটখন খুলি দিব লাগে।
বেমাৰী গাহৰিৰ বাবে বেলেগ ঘৰঃ গাহৰি বেমাৰত পৰিলে গঁড়ালৰ পৰা উলিয়াই আনি তাক বেলেগকৈ আন এক ঘৰ নির্মাণ কৰি তাত ৰখা হয় যাতে সুস্থ গাহৰিবোৰলৈ বেমাৰ বিয়পিব নোৱাৰে।
গাহৰিৰ সংখ্যাঃ প্রতি হেক্টৰ পানী কালিৰ বাবে ২৫-৩০ টা গাহৰিৰ প্রয়োজন। মানে প্রতি প্রতি হেক্টৰ পানী কালিৰ বাবে বছৰেকত গাহৰি পোৱালি লাগিব ৫০-৬০ টা।ইয়াৰে ২৫ জনী মাইকী আৰু ৫ টা মতা গাহৰি হব লাগিব। ছমাহকৈ দুবাৰ পোহাৰ হিচাব দিয়া হৈছে।
গাহৰিৰ খাদ্যঃ গাহৰি সর্বভোজী হোৱা বাবে স্থানীয় ভাৱে উপলব্ধ খাদ্য খুৱাই গাহৰি পালন কৰিব পাৰি। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰহাত থকা মীন মহাবিদ্যালয়ে গাহৰিৰ খাদ্যৰ বাবে তলৰ উল্লেখিত উৎপাদনসমুহৰ যোগেদি প্রস্তু কৰিবলৈ আগবঢ়াইছে আৰু ভাল ফলাফল পোৱা গৈছে। খাদ্যৰ উৎপাদানসমূহঃ
১) ৰান্ধনি ঘৰৰ, হোটেল ৰ পেলনিয়া বস্তু ৩০% , ২) বনৰীয়া কচু ১৫%,
৩) ৰাইচ ব্রেন ২০% , ৪) ৰাইচ পলিচ ১০%, ৫) শুকান মাছৰ গুড়া ৫% ,
৬) মাকৈৰ গুড়া ৩% , ৭) আলু,কবি,অমিতা,শিমলু আলু, শাক পাচলিৰ পেলনিয়া ৫% , ৮) জুবিলি(জনজাতি লোকে প্রস্তুত কৰা মদৰ পেলনিয়া) ১০%
৯) নিমখ ১%, ১০) খনিজ লোন আু খাদ্য প্রাণ ১%।
প্রয়োজনীয় সৰিয়হৰ খলিহৈ আগদিনা ৰাতি কম পানীত তিয়াই থব লাগে। কচুবোৰ টুকুৰা টুকুৰিকৈ কাটি ডাঙৰ কেৰাহী এটাত সিজাব লাগে। চাউলৰ মল, মদৰ জুবিলি আরু খনিজ লোন আৰু খাদ্যপ্রাণৰ বাহিৰে বাকীবোৰ উপাদান মিহলাই ভালদৰে উতলাই দিব লাগে আৰু চেঁচা হোৱাৰ পিছত খনিজ লোন আৰু খাদ্যপ্রাণ ভালদৰে মিহলাব লাগে। এই খাদ্য বয়স অনুপাতে গাহৰিক দুবাৰকৈ খুৱাব লাগে। প্রতিদিনে খাদ্য খুওৱাৰ নিৰিখঃ
২-৪ মাহৰ গাহৰি ১-১.৫ কি.গ্রা., ৪-৬ মাহৰ গাহৰি ১.৫-২.৫ কি.গ্রা.,৬-৮ মাহৰ গাহৰি ২.৫-৩.০ কি.গ্রা.,৮ মাহৰ ওপৰত ৩.০-৮.০ কি.গ্রা.।
মাছ পালনঃ পুৰণি পুখুৰীত সমন্বিত মাছ-গাহৰি পালন কৰিব বিচাৰিলে পুখুৰী সিঁচি তলিখন ৮-১০ দিন ৰদত শুকাবলৈ দি উপযুক্ত গভীৰতা পোৱালৈকে এতৰপ মাটি কাটি পাৰবোৰ মজবুত কৰি লব লাগে আৰু গঁড়াল নির্মাণ কৰিব লগা পাৰ আহল বহল কৰি লব লাগে। পুখুৰীৰ আয়তাকাৰ আৰু গভীৰতা ২.০ মি তকৈ কম হব নেলাগিব। মাছ পালনৰ বাবে পানী ক্ষাৰুৱা হব লাগে কাৰনে অসমৰ পানী আম্লিক হোৱা বাবে ক্ষাৰুৱা কৰিবৰ বাবে এক হেক্টৰ পানী কালিৰ পুখুৰী এটাত এবছৰত ৫০০ কিগ্রা শুকান চূণ প্রয়োগ কৰিব লাগে। ইয়াৰে ১/৩ অংশ গঁড়ালত গাহৰি সোমোৱাৰ ৭ দিনৰ আগতে প্রয়োগ কৰি বাকীখিনি ১১ ভাগ কৰি প্রতি মাহৰৰ অন্তৰে অন্তৰে প্রয়োগ কৰিব লাগে। তাৰ এসপ্তাহৰ পিছতে গড়ালৰ মল আৰু পেলনিয়া খাদ্য আদি গোটাই চাৰি ভাগ কৰি বাঁহৰ ভাৰপাঁচিৰে পুখুৰীৰ চাৰিওটা কোনত পানীত প্রয়োগ কৰিব লাগে। গাহৰিৰ মল প্রয়োগ কৰাৰ ১৫-২০ দিনৰ পিছত পুখুৰীত মাছৰ পোনা মেলিব লাগে। পুখুৰীৰপৰা পানীৰ গোন্ধ ওলালে গাহৰিৰ মল নলা বন্ধ কৰি দিব লাগে।
পোনা মেলাৰ হাৰঃ ১৫ ছেমি আঙুলিৰ দৈ্ঘ্যৰ কার্প জাতীয় পোনা প্রতি হেক্টৰ পানী কালিত ৮,০০০-১০,০০০ টা মেলিব পাৰি। মাছ সমূহ তলৰ শতাংশত এৰিব লাগেঃ
ৰৌ-২০%, ভকুৱা-২০%, চিলভাৰ কার্প-২০%, মিৰিকা-১৫%, কুঁহি বা কলীয়াজা্ল-৫% , গ্রাচ কার্প-১০%, কমন কার্প-১০%।
বিভিন্ন প্রজাতিৰ পোনা মেলাৰ শতকৰা নিৰিখ কম বেছি হব পাৰে কিন্তু পানীৰ ওপৰিভাগত প্লাৱক খোৱা মাছ(ভকুৱা আরু ছিলভাৰ) ৪০%, মধ্য প্লাৱক খোৱা (ৰৌ) ২০% আরু তল ভাগৰ প্লাৱক খোৱা(মিৰিকা আরু কমন) ৩০% আরু ১০% ঘাঁহজাতীয় খোৱা(গ্রাচ) ১০% অনুপাতত হব লাগে।
উৎপাদনঃ সমন্বিত মাছ-গাহৰি পালনত ছিলভাৰ আরু গ্রাচ কার্প ৬ৰপৰা ৭ মাহৰ ভিতৰত মাছ উঠাব পৰা যায়। মাছ এৰাৰ ১২ মাহৰ পিছত সকলোবোৰ প্রজাতিৰ মাছ একেলগে উঠাব পৰা যায়। এই পদ্ধতিৰ যোগেদি তলত দিয়া ধৰণে উৎপাদন পাব পাৰিঃ
গাহৰিৰ উৎপাদন- ৪৯৫০ কিগ্রা প্রতি হেক্টৰ প্রতি বছৰ, মাছৰ উৎপাদন- ৫০০০-৫৯০০ কিগ্রা প্রতি হেক্টৰ প্রতি বছৰ।
গতিকে এনে সমন্বিত মাছ-গাহৰি পালন পদ্ধতি অৱলম্বন কৰি মীনপালক সকলে কম খৰচত একে ঠাইৰপৰা পৰিবেশ প্রদুষিত নকৰাকৈ প্রচুৰ লা্ভৱান হব পাৰি। আজিয়ে এনে পদ্ধতি অৱলম্বন কৰি নীল বিপ্লৱত অৰিহণা যোগাওক।

প্রকল্প সহযোগী, মীন মহাবিদ্যালয়, ফোনঃ ৮০১১৭৭৮০৩৮
No comments:
Post a Comment