সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পেৰিছৰ পিছত... 
অজয় লাল দত্ত
পেৰিচত হোৱা সন্ত্ৰাসবাদীৰ নিশংস আক্ৰমণক ফ্ৰান্সে দেশখনত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত হোৱা আটাইতকৈ ডাঙৰ ঘটনা বুলি অভিহিত কৰিছে। বিশ্বৰ অন্যতম ব্যস্ত আৰু পৰ্যটন নগৰীখনত হোৱা এই ঘটনাত প্ৰায় ১৩০গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু ১০০ৰো অধিক লোকে গুৰুতৰ ভাৱে আহত হৈ মৃত্যুৰ সৈতে যুঁজ দি আছে। প্ৰথম বিশ্বৰ দেশ সমূহৰ ভিতৰত ইউৰোপকেই আটাইতকৈ সুচল আৰু সুৰক্ষিত মহাদেশ হিচাবে গণ্য কৰা হয়। বিখ্যাত টাইম আলোচনীয়ে এই ঘটনাক অন্যতম বিশ্বৰ শক্তিশালী দেশৰ মুখত এটা প্ৰচণ্ড কৰাঘাত বুলি অভিহিত কৰিছে। এনে সময়ত সম্ভিত হেৰুৱাই শুদ্ধাশুদ্ধৰ বিচাৰ কৰাটোও কঠিন হৈ পৰে আৰু আচলতে আমি কাৰ বিৰুদ্ধে যুদ্ধ কৰা উচিত সেয়া নিৰ্ণয় কৰি লোৱাটোও সমানেই প্ৰত্যাহ্বানমূলক হৈ পৰে বুলিও চিন্তাবিদ ডেদিভ উলপে ‘টাইম’ৰ প্ৰৱন্ধতে মত প্ৰকাশ কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছে আৰু এই আক্ৰমণকাৰী সকলক চিৰদিনৰ বাবে উৎখাত কৰিবলৈ যুদ্ধত নামি পৰিছে। ৰাছিয়ান বায়ুসেনাৰ সৈতে সংঘবদ্ধভাৱে ইছলামিক ষ্টেটৰ কৱলত থকা চিৰিয়াৰ ৰাক্কা চহৰকে ধৰি ভিন্ন ঘাটিত ফ্ৰান্সে আৰম্ভ কৰিছে বোমাবৰ্ষণো।

এই ঘটনাৰ প্ৰসংগত যেন বিশ্বত ভিন্ন চিন্তাধাৰাৰ প্ৰৱাহ সৃষ্টি হৈছে। পেৰিচৰ ঘটনাত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা তথা সহমৰ্মিতা জনোৱাৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোক সকল আগবাঢ়ি আহিছে। আনকি জনপ্ৰিয় ছ’চিয়েল মেডিয়া ফেচবুকেও সহমৰ্মিতা প্ৰকাশৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰং সমৃদ্ধ প্ৰফাইল ফটো সলনিৰ ব্যৱস্থা কৰিছে। পশ্চিমীয়া দেশৰ মেডিয়াৰ এই ঘটনাক লৈ ব্যাপক প্ৰচাৰৰ বিপৰীতে সৃষ্টি হোৱা সহানুভূতিৰ ঢৌলৈ লক্ষ্য কৰি বহুতো লোকেই বেলেগ বেলেগ প্ৰশ্ন উত্থাপন কৰিছে। প্ৰথম বিশ্বৰ মানুহৰ জীৱনৰ মূল্য অধিক নেকি, নাটো বাহিনীৰ আত্ম-গৌৰৱতহে আঘাত হানিলে নেকি এই ঘটনাই, এয়া আচলতে কোনে সৃষ্টি কৰা ছাঁয়া-যুদ্ধৰ প্ৰতিফল ইত্যাদিয়েই প্ৰধান! এই প্ৰসংগতে সচেতন ৰাইজে চিৰিয়া, ইৰাক, লেবানন, তুৰস্ক আদিত ঘটি থকা অলেখ সন্ত্ৰাস অথবা তথাকথিত সন্ত্ৰাস বিৰোধী যুদ্ধৰ আক্ৰমণত হোৱা গণহত্যা, মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰাজিলৈ আঙুলিয়াই দিছে আৰু প্ৰশ্ন তুলিছে, যে এই সকল মানুহৰ জীৱন ওজন কি সংবাদ মাধ্যম বা আজি প্ৰতিবাদৰ ঢৌ তোলা সকলৰ দৃষ্টিৰ তুলাচনীত কম আছিল নেকি? এনেবোৰ প্ৰশ্ন কেৱল ভাৰত বা বেলেগ দেশৰ মানুহেই তোলা নাই, এনে মত আৰু প্ৰশ্নৰ উদয় ঘটাইছে খোদ আমেৰিকাৰ নাগৰিকেও। ঘটনা আৰু তাৰ পাছৰ প্ৰপাগাণ্ডাক লৈ আমেৰিকান সকলৰ বহুতেই আগতেও প্ৰশ্ন তুলি আহিছে। আগতে ৯/১১ৰ আক্ৰমণৰ পাছতো আনকি এয়া ইৰাক আক্ৰমণক নাৰ্য্যতা প্ৰদানৰ বাবে নিজে সৃষ্টি কৰা ঘটনাও নেকি বুলিহে আধা নাগৰিকৰ মনত ভাৱ হোৱা বুলিও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰৱন্ধতে পঢ়িবলৈ পাইছো। গতিকে দেশ, ধৰ্ম, জাতি হিচাবে সৰলীকৃত কৰি এই সকলেই সন্ত্ৰাস সৃষ্টিৰ মূল, ধৰণৰ প্ৰচাৰ কৰাটো অনুচিত। নিজা ভাৱ, কৰ্ম, প্ৰতিবাদ আদিৰ দ্বাৰাহে মানুহে আচলতে সন্ত্ৰাসৰ পৃথিৱীত কোনে কোনটো পক্ষত থিয় দিছে তাৰ মূল্যায়ন হোৱা উচিত।

ডেভিদ উলপে লিখিছে, “প্ৰতিজন মানুহৰ গাতে ভগৱানৰ প্ৰতিৰূপ দেখিবলৈ চেষ্টা কৰিবলৈ কোৱা এক ধৰ্মনিৰপেক্ষ ধাৰণাৰ ভিত্তিত চালে জীৱন, স্বাধীনতা আৰু সুখী হৈ থকাৰ বাবে প্ৰতিজন ব্যক্তিৰে অধিকাৰ আছে। যি কোনো পৰিস্থিতিতে জীৱন আৰু মৰ্যদাৰ বাবে যুঁজ দিয়াৰ মানৱীয় তাড়ণাটো বুজি উঠিবলৈ কোনো ধৰ্মালম্বী হোৱাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। মন গলেই যি কোনো সৃষ্টিশীল কাম কৰিব পৰা স্বাধীন পৰিবেশ মানুহে বিচাৰে। তাৰো উৰ্ধতহে আহে সহমৰ্মিতাৰ কথা”। ফ্ৰান্সৰ এই ঘটনাক লৈ মানুহ যিমান দুখ অনুভৱ কৰিছে, তেনেদৰেই সমান দুখেৰে মানৱতাৰ হত্যা হোৱা নাইজেৰিয়াৰ বিশ্ববিদ্যালয়ৰ আক্ৰমণৰ পৰা ধৰি সকলো সন্ত্ৰাসৰ বলি সকললৈ সহৰ্মমিতা আমাৰ থকা উচিত। মাৰ্টিন লুথাৰ কিঙে কৈ গৈছে, “মৰি যাব পৰাকৈ আত্মোৰ্সগা কৰিব পৰা কাৰণ এটা বিচাৰি উলিয়াব নোৱাৰিলে, জীয়াই থকাৰ কোনো অৰ্থই নাই”। ঠিকেই, আজি এই সহমৰ্মিতা তথা সহযোগ সৃষ্টি হব লাগিব ‘মানৱতাৰ ভাল আদৰ্শ’ সমূহৰ পক্ষে, মানুহৰ মৰ্যদাপূৰ্ণ জীৱনৰ নিশ্চিতিৰ পক্ষে, সাৰ্বজনীন মানৱ অধিকাৰৰ পক্ষেহে! সভ্যতা ধ্বংসকাৰী যিকোনো সন্ত্ৰাসৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব সচেতন সমাজ, আনকি কৰিব পাৰিব লাগিব জীৱন উ
ৎসৰ্গাও

ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কৰা এটা মন্তব্য উল্লেখনীয়, সেয়া হৈছে- “প্ৰথমেই আমি আচল শত্ৰুবোৰক বিচাৰি উলিয়াব লাগিব।” তুৰস্কত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনত সৰৱ ভূমিকা প্ৰদৰ্শন কৰি পুটিনে ফ্ৰান্সৰ সৈতে এই ক্ষণত পূৰ্ণ সহযোগিতাৰে ইছলামিক ষ্টেটৰ বিৰুদ্ধে যুদ্ধত নামিব বুলি প্ৰকাশ কৰিছে। ইয়াৰ বাবে সন্ত্ৰাসবাদী সংগঠন সমূহলৈ অস্ত্ৰ-ধন আদি যোগান ধৰা ৪০খন দেশৰ নামো উল্লেখ কৰিছে, আৰু অতি দুৰ্ভাগ্যজনক ভাৱে তাত জি-২০ৰ কেইবাখনো দেশ থকাৰ কথাটোও উল্লেখ কৰিছে। ইছলামিক ষ্টেটৰ সৈতে চোৰাং তেলৰ অবৈধ সৰবৰাহত নমা দেশ সমূহকো তেওঁ সঁকিয়াই দিছে। তুৰস্কৰ আকাশতে ভূপতিত হোৱা ৰাছিয়ান বিমানৰ দুশৰো অধিক লোক প্ৰাণহানিৰ ঘটনাতো সন্ত্ৰাসবাদীৰ ভূমিকা প্ৰকট হোৱাৰ পাছত, পুটিনে ইয়াৰো প্ৰতিশোধ লোৱাৰ কথা ঘোষণা কৰিছে। আমেৰিকাই আইছিছৰ সন্ত্ৰাসবাদ নিঃশেষ কৰাৰ কথাও কয়, আনফালে কেৱল চিৰিয়াৰ শাসক আছাদক গাদীচ্যুত কৰাটোহে লক্ষ্য! আমেৰিকাই সন্ত্ৰাসবাদীৰ ঘাটিত বোমা নিদি চিৰিয়াৰ তেল শোধনাগাৰ বা তৈল আন্তঃগাঁথনিতহে বোমা পেলোৱাৰ তথ্যও ফাদিল হৈছে। মুখত এটা কামত এটা স্থিতিৰ বাবে আমেৰিকা যে দুমুখীয়া সাপহে সেয়াও প্ৰকাশ পাবলৈ ধৰিছে। এই পটভূমিত, অনাগত দিনবোৰত যে বিশ্বৰ আকাশ যুদ্ধৰ কঁলীয়া ডাৱৰে ছানি ধৰিব তাৰেই সম্ভাৱনাও প্ৰকট হৈ পৰিছে।

এই বিষয়টোৰ পৃষ্ঠভূমিক জানিবলৈ, বহুল পঠনৰ পৰা বুজি উঠা কেইটামান গুৰুত্বপূৰ্ণ কথা সৰলীকৃত ৰূপত উল্লেখ কৰিব খুজিছো। বিশ্ব সমাজে আজি বুজি উঠিছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ দেশ আৰু জাতিসত্তা সমূহৰ স্বাধীন আৰু স্ব-ৰাজ্য শাসনেৰে মৰ্যদাপূৰ্ণ জীৱন নিৰ্বাহৰ সৰল সপোনত বিঘ্নিত কৰাৰ বাবে বিগত দশকবোৰত আমেৰিকাৰ দৰে ডাঙৰ সামৰিক-অৰ্থনৈতিক শক্তিৰ ব্যাপক আগ্ৰাসন এনে সন্ত্ৰাসবাদ সৃষ্টিৰ মূল কাৰণ। ইয়াৰ সৈতে প্ৰাকৃতিক সম্পদ তেল, গেচ, সোণ, হীৰা আদিৰ লোভো জড়িত হৈ আছে। ৰাছিয়াৰ নেতৃত্বত গোটখোৱা দেশ সমূহৰ সৈতে আমেৰিকাৰ বন্ধুদেশ সমূহৰ মহাশক্তিৰ কূটনৈতিক শীতল যুঁজৰো কূটনৈতিক অৰিহণা অন্যতম কাৰক। ইৰাক, ছিৰিয়া, লিবিয়া, আফগানিস্তান আদি মাত্ৰ নখ দৰ্পনলৈ অহা কেইটিমান মাত্ৰ নাম, যাৰ শাসকৰ নিজা ভূমিত স্বেচ্ছাচাৰিতাৰে হলেও নিজা শাসন চলি আছিল। কিন্তু বিভিন্ন কাৰণ, বাহানা, প্ৰপাগাণ্ডাৰে সেই সমূহ দেশত আমেৰিকাই যুদ্ধৰ বাবে নাৰ্য্য যুক্তি বিচাৰি ল’লে আৰু নাটো বাহিনীৰে আক্ৰমণ কৰি দেশ সমূহ বিধ্বস্ত কৰিলে, নিজা পুতলা চৰকাৰ স্থাপন কৰিলে। ব্যাপক মানৱ অধিকাৰ উলংঘন, হত্যালীলা চলোৱাৰ পাছতো মেডিয়া প্ৰপাগাণ্ডাৰে নিজকে মহীয়ান কৰি ৰাখিলে, আমেৰিকাক বিশ্বৰ এক নম্বৰ সন্ত্ৰাস সৃষ্টিকাৰী অপশক্তি বুলি অনুভৱ কৰা সকলৰ দৃষ্টিত আমেৰিকান ৰাষ্ট্ৰপতিলৈ শান্তিৰ নোবেল বঁটাও এক আইৰণি স্বৰূপেই! লোকচক্ষুত যুদ্ধ ঘোষণাৰ নায্যতা প্ৰদানৰ বাবে ভিন ভিন দেশত, শাসক বিৰোধী শক্তি সমূহক ধন-অস্ত্ৰ-প্ৰশিক্ষণ আদি দি ৰাষ্ট্ৰবিৰোধী সন্ত্ৰাসবাদী সৰুবৰ শক্তি সমূহ গঢ় দিয়াত আমেৰিকান চোৰাংচোৱা সংস্থাৰ ভূমিকাৰ ইতিহাসক কোনেও আজি নুই কৰা নাই। কিন্তু এই সমূহ সন্ত্ৰাসৰ গোজেই এতিয়া গজালিৰ পৰা বটবৃক্ষ হৈ ছানি ধৰাত এতিয়া আচল শত্ৰু কোন চিনাক্ত কৰাই টান হৈ পৰিছে। এতিয়াও কিছুমান শক্তিলৈ অস্ত্ৰ-ধনৰ যোগান অব্যাহত আছে। আনকি পাকিস্তানে সুৰক্ষা দি থকা সন্ত্ৰাসবাদী হাফীজ ছয়ীদৰ মূৰৰ মূল্যও বৰ্ধিত ৰূপত ঘোষণা কৰি, কিছুক্ষণ পাছতে পাকিস্তানলৈকে অৰ্থনৈতিক-সামৰিক পেকেজ দিও আমেৰিকাই সকলোকে চক খুৱাই থৈছে! শত্ৰু কোন, সন্ত্ৰাসবাদীনো কোন, এই সংজ্ঞা সমূহো সময়ে আৰু পৰস্থিতিয়ে সলাই থকালৈ চাই পুটিনৰ লক্ষ্য চিনাক্তকৰণৰ আহ্বানটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

যদিও দূৰৈৰ পৰা দেখিবলৈ ইছলামিক ষ্টেট এটা শক্তি যেন লাগে, কিন্তু প্ৰায় ৩২খন দেশত বিচ্ছিন্ন বা পৰোক্ষ ভাৱে সংযোজিত ৰূপত বিভিন্ন সংগঠনেহে এই সন্ত্ৰাসৰ দুনীয়াখন চলাই আছে। nybooks.com ত প্ৰকাশিত “The Mystery of ISIS” প্ৰৱন্ধত মাইকেল ৱেইছ আৰু হাছান হাছানৰ “ISIS: Inside the Army of Terror” আৰু জেচিকা ষ্টাৰ্ন আৰু জে.এম.বাৰ্গাৰৰ “ISIS: The state of terror” কে ধৰি কেইবাখনো কিতাপে দাঙি ধৰা তথ্য সমূহ ফঁহিয়াই দেখুৱাইছে। জৰ্দানৰ আহমদ ফাহদিল নামৰ এটা দুখীয়া ছাত্ৰই মধ্য ইংৰাজী স্কুলতে শিক্ষা সাং কৰি ভিডিঅ’ দোকানত কাম কৰি মদ-ড্ৰাগছ আদিৰ সংগত পৰি পুলিচৰ হাতত ধৰা পৰে। কিশোৰটোক শুধৰণিৰ পথলৈ আনিবলৈ ‘ইছলামিক আত্ম-সহায়ক শ্ৰেণী’লৈ পঠোৱা হয়। পিছে এটা আন পথেৰেহে কিশোৰটি গতি কৰিবলৈ ধৰে। আফগানিস্তানত মুজাহিদীন হবলৈ গৈ পাছলৈ ‘আবু মৌচৱ অৱ-জাৰকাৱি’ নাম লৈ এটা সংগঠনৰ ভেঁটি গঢ়ি থৈ যায়, যিয়ে আজি আঠ নিযুত মানুহ থকা এটা অঞ্চল দখল কৰি শাসন চলাই আছে! প্ৰথমে আল-কায়দাৰ সহযোগত উত্থান হোৱা এই সংগঠনটোৱে এতিয়ালৈ সাতবাৰকৈ নাম সলনি কৰিছে, সলনি হৈছে চাৰিবাৰকৈ নেতৃত্বও। এতিয়াৰ ‘ইছলামিক ষ্টেট’ৰ মূৰব্বী বাগদাদীয়ে কিন্তু জাৰকাৱীকেই প্ৰতিষ্ঠাতা বুলি মানি চলে আৰু সন্ত্ৰাসৰ প্ৰচাৰ-প্ৰসাৰতাত একেই নিশংসতাক মূলধন হিচাবে ‘জাৰকাৱীয়’ কৌশলকেই ব্যৱহাৰ কৰি আহিছে। আৰু ইছলামক সমভাৱাপন্নতাৰ যোগসূত্ৰ হিচাবে ব্যৱহাৰ কৰিছে। এই সংগঠনে বহুতো নিশকতীয়া থলুৱা সংগঠনক ইয়াৰ ব্যাপক ধনৰ প্ৰৱাহৰ ফলতে ধন-বলেৰে কিনি আৰু ধৰ্মৰ নামেৰে মন জিনি লৈছে বুলিও বিশ্লেষক সকলে আঙুলিয়াই দিছে। আজিৰ এই অৱস্থা, চুন্নী, কুৰ্দিছ, য়েজদি, ইৰাকী, ইৰাণী আদি বিভিন্ন সৰু-বৰ গোটৰ স্থানীয় শাসন জিনা, দখলকাৰীৰ বিৰুদ্ধে ক্ষোভ, ৰাজনৈতিক বিৰোধিতাক একগোটকৰণৰ বাবে প্ৰচেষ্টাৰ ফলতে সম্ভৱ হৈছে। ইয়াত যে থলুৱা আন্তঃগোটৰ দ্বন্দ-যুঁজ আদি নাই, তেনে নহয়। বিভিন্ন সময়ত নিজা ধৰ্মৰে বিভিন্ন ধাৰ্মিক স্থল সমূহো আক্ৰমণ কৰিছে, নিজা মানুহৰ ওপৰতে অমানৱীয় অত্যাচাৰ কৰিছে, গণ হত্যা-ধৰ্ষণ আদি সাধাৰণ ঘটনা হৈ পৰা অঞ্চলসমূহৰ পৰা প্ৰাণ বচাই শৰণাৰ্থী হোৱা লোক সকলৰ দুখ-দুৰ্দশাইয়ো মানৱ সমাজৰ ওপৰতে গভীৰ প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে। আল-কায়দাৰ লুকাই থাকি আক্ৰমণ কৰাৰ কৌশলৰ বিপৰীতে আই.এছয়ে নিজা ভূ-খণ্ড দখল কৰি সহানুভূতি দেখুওৱা সকলৰ বাবে ভৰি থবলৈ এটুকুৰা ঠাই দিয়াৰ নতুন কৌশল অৱলম্বন কৰিছে। নিশংসতাৰ ভিডিঅ’ জাৰি কৰিছে, ছ’চিয়েল মেডিয়াত ব্যাপক প্ৰচাৰ কৰি দেশ-বিদেশত সন্ত্ৰাস বিয়পাইছে। আৰু তাতোকৈ আচৰিত কথা যে, এই নিশংসতাও বেলেগ বেলেগ প্ৰান্তৰ যুৱক সকলক আকৰ্ষণ(?) কৰিছে! সৰু-সুৰা অপৰাধীয়ে বিশাল ক্ষেত্ৰ পোৱাৰ উদাহৰণৰ সমান্তৰাল ভাৱে অৰ্থনৈতিক বা সামাজিক বাবে স্বচ্ছল পৰিয়ালৰ পৰা উচ্চ শিক্ষিত যুৱক গৈ সেই সন্ত্ৰাসৰ দুনীয়াত ভৰি দিবলৈ শাৰী পতাৰ অতি ভয়ানক কথাও পোহৰলৈ আহিছে! প্ৰচাৰ-প্ৰপাগাণ্ডাত বিৰাট কিবা এটা কৰি থকা, ধৰ্মযুদ্ধৰ ৰূপ দিয়াৰ বিপৰীতে যে বাস্তৱত যে নিশংসতাই একমাত্ৰ সত্য, সেয়াও ভাৰতৰ পৰাই আইছিছলৈ গৈ ঘূৰি অহা কেইজনৰ ভাষ্যতে প্ৰকাশ পাইছে।

ভাইৰাছৰ দৰে বিয়পি পৰা সন্ত্ৰাসৰ আকৰ্ষণৰ পৰা আমাৰ সমাজখনক বচাই ৰখাতো এতিয়া অতি গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে। এই সন্ত্ৰাসবাদী সকলে ধৰ্ম, জেহাদৰ নাম অপব্যৱহাৰ কৰি সহানুভূতি পোৱাৰ প্ৰপাগাণ্ডাক ৰোধ কৰাটো এতিয়া প্ৰত্যাহ্বান হৈ পৰিছে। ইণ্টাৰনেটৰ জালখনেৰে এই সন্ত্ৰাসৰ প্ৰচাৰ ৰোধিবলৈ এথিকেল-হেকাৰৰ কেইবাটাদলে মুকলিকৈ অনলাইন যুদ্ধত নামি পৰাৰ কথাও প্ৰকাশ পাইছে। বিশ্বৰ ভিন্ন প্ৰান্তত মুছলিম সমাজো সন্ত্ৰাসত ধৰ্মৰ নাম-সংগঠন আদিৰ ব্যৱহাৰ হোৱাৰ পৰাই শংকিত হব লগা হৈছে, লজ্জানত হব লগা হৈছে। মুছলিম বিৰোধী সংগঠনেও ততপৰ হবলৈ সুযোগ পাইছে। বহুতো ছাত্ৰ-ছাত্ৰীয়ে মুছলিম হোৱাৰ বাবেই আন দেশতো স্বাভাৱিক ভাৱেই বিদ্বেষৰ সন্মুখীন হব লগাও হৈছে। পেৰিছৰ ঘটনাৰ পাছতেই, অসমৰে এগৰাকী ছাত্ৰীয়ে বিদেশলৈ অপৰাধ বিষয়ক সামাজিক গৱেষণাৰ বাবে যাবলৈ ভিছা পোৱাত মুছলিম বাবেই হাৰাশাস্তিৰ সন্মুখীন হৈ অৱশেষত অনুমতি নোপোৱাৰ কথাও জানিব পাৰিছো। একেখন ধৰ্মগ্ৰন্থৰ বাণীকে হত্যাৰ সপক্ষে আৰু বিপক্ষে উদ্ধৃতি দিয়াৰ পৰাও মানুহৰ মনত স্বাভাৱিকতে সন্দেহৰ সৃষ্টি কৰিছে। এপক’ ৱৰ্ল্ড ৱাইডৰ দৰে প্ৰফেচনেল সংস্থাক লগাই আমেৰিকাৰ সহযোগী দেশ সমূহে চলোৱা ইছলাম ফ’বিয়াৰ ধাৰাবাহিক প্ৰপাগাণ্ডা সমূহেই মানুহৰ মনত ক্ৰিয়া নকৰাকৈ থকা নাই।

এনে সন্ধিক্ষণত এতিয়া সচেতন ইছলামধৰ্মী সমাজে গ্ৰহণ কৰা পদক্ষেপ সমূহো পোহৰলৈ অনাটো প্ৰয়োজনীয় কথা হৈ পৰিছে। এই সকল সন্ত্ৰাসবাদীৰ ধৰ্ম ‘ইছলাম’ হোৱাৰ কাৰণেই সকলো ইছলামধৰ্মীয়েই সাম্ভাব্য সন্ত্ৰাসবাদী বুলি প্ৰচাৰ চলাব বিচৰা অপশক্তি সমূহকো পৰাভূত কৰিব লাগিব। যোৱা ৫ছেপ্তেম্বৰত ভাৰতৰ ১০০০গৰাকী মুছলিম নেতাই ইছলামিক ষ্টেটৰ কাৰ্যকলাপ ধৰ্ম বিৰোধী বুলি ফতোৱা জাৰি কৰিছে। ধৰ্মীয় মৌলবাদৰ হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে আৰু ভাৰতত প্ৰচলিত উদাৰবাদী ইছলামধৰ্মৰ প্ৰচাৰৰ সপক্ষে মুম্বাইৰ মানজাৰ হাছান খান আশ্ৰফি মিছবাহিয়ে তৈয়াৰ কৰা ড্ৰাফটটোত এনে অমানৱীয় হত্যালীলাৰ সৈতে ইছলামৰ কোনো সম্বন্ধ নাই বুলি স্পষ্টকৈ কৈছে। সন্ত্ৰাসৰ প্ৰতি আকৰ্ষণ কৰাৰ এই বনজুই প্ৰশমনৰ বাবে ভাৰতীয় মুছলিম নেতা সকলে লোৱা এই সংঘবদ্ধ স্থিতি অতিশয় শলাগনীয়। কেৰেলাৰ মুছলিম যুৱক সকলেও ছ’চিয়েল মেডিয়াত এই ঘৃণাৰ প্ৰচাৰৰ বিৰুদ্ধে ইছলামৰ প্ৰকৃতবাণী সমূহৰ বিপুল প্ৰচাৰত নামিছে। মুম্বাইতো পেৰিছৰ ঘটনাৰ প্ৰতিবাদত নিহত সকলৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰি আই.এছৰ প্ৰতিমূৰ্তি জ্বলালে মুছলিম সংগঠন সমূহেই। পেৰিছত সিদিনা এগৰাকী ইছলাম ধৰ্মী সুৰক্ষাকৰ্মীৰ সাহসী প্ৰতিৰোধৰ বাবেই সন্ত্ৰাসবাদীয়ে ফুটবল খেল চলি থকা ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰিলে, আৰু বাহিৰতে আত্মঘাতী বিস্ফোৰণ ঘটালে। অন্যথা ষ্টেডিয়ামত কি অবৰ্ণনীয় পৰিস্থিতি হ’লহেতেন সেয়া কল্পনা কৰিব নোৱাৰাই। আনফালে ব্ৰিটেইনতো NOT IN MY NAME নামৰ কেম্পেইন যোগে তাৰ সচেতন মুছলিম লোক সকলে ‘ইছলাম’ৰ নামত সন্ত্ৰাবাদ নচলাবলৈ, আই.এছয়ে আমাক বৃটিছ মুছলিমৰ প্ৰতিনিধি নহয় বুলিও ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ইণ্ডিয়া টুডেত প্ৰকাশ পোৱা প্ৰৱন্ধ ‘Muslims vs terrorism: Hard to counter New Age Terrorism’ ত দেশৰ মুছলিম সকলে কি ভূমিকা লোৱা উচিত, ইছলামক ভুল নুবুজিবৰ বাবে আঞ্চলিক ভাষা সমূহত সৰল ৰূপত ধৰ্মটোৰ আদৰ্শ, আৰু তাক বাস্তৱায়িত কৰি ভাল দিশবোবৰৰ বহুল প্ৰচাৰ, যুৱ সমাজক ধৰ্মীয় মৌলবাদৰ পাৰ কেনেকৈ বচাই ৰাখিব আৰু নতুন যুগৰ এই সন্ত্ৰাসবাদৰ সৈতে কেনেকৈ মোকাবিলা কৰিব তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে। ভাৰততো আৰৱৰ পৰা সংৰক্ষণশীলতাৰ নতুন পাঠৰ আমদানি হৈ থকাটোও এটা উদ্বেগজনক কথা বুলিও অভিহিত কৰিছে। এই প্ৰসংগত এটা কাৰ্টুনৰ কথা নক’লে নহব, য’ত এগৰাকী বোৰ্খা পিন্ধা অসমীয়া মহিলাক ধৰ্মীয় বান্ধোনেৰে এখন বিচনাত বান্ধি থোৱাৰ ছবি আছিল আৰু তেওঁ দুখ কৰিছিল যে এক উদাৰ ইছলামিক পৰিবেশত এসময়ত আন ছোৱালীৰ দৰেই মু্ক্ত ভাৱে মেখেলা-চাদৰ বা অন্য সাজ পিন্ধি ৰোৱা তোলা, পঢ়া-শুনা কৰি ফুৰিছিলো, কিন্তু আৰৱীক ইছলামিক ভাৱধাৰাৰ আগ্ৰাসনেহে আজিৰ অৱস্থা কৰিলে! গতিকে আজান ফকীৰৰ আদৰ্শৰে, সৰলীকৃত ভাষাৰ গীত-মাতেৰে উদাৰতাৰ বাণী প্ৰচাৰ-প্ৰসাৰ হোৱা অসমৰ মাটিত এই সংৰক্ষণশীলতাৰ আগ্ৰাসন ৰোধিব লাগিব, সেই কথাতো সজাগ হবৰ হ’ল।

ইছলামিক ষ্টেট শব্দত ইছলাম থকাৰ বাবেই যাতে নিবনুৱা, সৰু-সুৰা অপৰাধত জেললৈ যোৱা, অৰ্ধশিক্ষিত-শিক্ষিত, জীৱনক লৈ ক্ষোভত থকা কোনো যুৱকেই যাতেই এই সন্ত্ৰাসৰ হাত বাউলিলৈ আকৰ্ষিত নহয় তাৰ বাবে প্ৰতিৰোধ গঢ়িব লাগিব। আঞ্চলিক যুঁজ-বাগৰ, সমস্যাৰ ভিত্তিত সংগঠিত সন্ত্ৰাসক, আমেৰিকান উপনিবেশিক আগ্ৰাসনৰ বিৰুদ্ধে বিশ্বজোৰা প্ৰতিবাদ সূত্ৰৰে পৃথিৱীজোৰা সন্ত্ৰাসৰ খেতি কৰাৰ প্ৰপাগাণ্ডাকো ৰোধিব পাৰিব লাগিব। ভাল আৰু বেয়াৰ মাজত বিচাৰ কৰি আমি পক্ষ স্থিৰ কৰিব লাগিব। আমাৰ নিজৰ দেশৰ মাটিত মৰ্যদাপূৰ্ণ জীৱন, সৃষ্টিশালী কৰ্ম কৰাৰ স্বাধীনতা আৰু মানৱীয় দুখ-দুৰ্দশাৰ প্ৰতি মুকলি সহমৰ্মিতা প্ৰকাশ কৰি, তাৰ বাবে যোগাত্মক দৃষ্টিৰে কিবা কৰিব পাৰি নেকি তাৰেহে চিন্তা-ভাৱনা কৰিব লাগিব, বা তাৰ প্ৰসাৰ কৰিব লাগিব। ধৰ্মৰ নামত আবেগৰ ঢৌত উটি যোৱাতকৈ কৰ্মৰে আমাৰ পৰিচয় দিব লাগিব। আমাৰ পক্ষ হব লাগিব, শান্তিৰ এখন পৃথিৱীৰ পক্ষে, য’ত প্ৰীতি-স্নেহেৰে সভ্যতাৰ বিকাশ লাভ হব পাৰে আৰু মানৱতাৰ জয়গান হব লাগিব একমাত্ৰ আকৰ্ষণ। সন্ত্ৰাস আৰু সভ্যতা ধ্বংসৰ আখৰা যে মানৱতাৰেই বিৰোধী, সেই কথা উপলদ্ধি কৰি আমি আমাৰ কৰ্তব্য নিৰূপণৰ সময় আহিল, সেই কথাহে কিন্তু নিশ্চিত।

No comments:

Post a Comment