হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This

লোকেল গুজৱ.কম
১. এইবাৰ মায়েঙৰ বেজেৰে ইলেকচনত কাম নহব বুলি গম পাই গৈছে গগৈ ছাৰে। এইবাৰ নলবৰীয়া বীৰাৰেও কাম নিসিজিব। সেয়ে নিতীশ বাবুৰ প্ৰচাৰ চলোৱা চম্পাৰণৰ প্ৰশান্ত কিশোৰক ভাড়ালৈ আনিব বুলিও জানিব পৰা গৈছে। তাকে শুনি, সেইজনা বাপুৰ নামতে সকলো ধন খৰছ কৰি কিন্তু কম্বল আৰু কোৱাৰ্টাৰ বটলৰ বাজেটৰ হৰণ ভগন নকৰিবলৈকো সদৌ অসম আশাপলা নাগৰিক সন্থাই আহ্বান জনাইছে।


২. সুৰামত্ত হৈ আচৰণ কৰি নিলম্বিত হ’ল অতিৰিক্ত শীৰ্ষ আমোলা। ফ্ৰীতে পাই পাৰ্টিত অকন অতিৰিক্ত পান কৰি দিয়াৰ ফলতে এই ঘটনা হোৱা বুলি জানিব পৰা গৈছে। শীৰ্ষ আমোলা হ’ল বুলিয়েই সাধাৰণ মানুহৰ দৰে আচৰণ কৰিব নোৱাৰিলে, এই মানৱতা বিৰোধী কথা নহয়নে, তেওঁৰো হৃদয়ত সাধাৰণ লোকৰ দৰে খাই বৈ হাল্লা কৰাৰ অকনো তাড়ণা নাইনে বুলিও সহৃদয় বিষয়া সন্থাই সহানুভূতি প্ৰকাশ কৰিছে আৰু নিলম্বন উঠাই লবলৈ আহ্বান জনাইছে।


৩. বহুদিনৰ পাছত আকৌ আৰম্ভ হৈছে গগৈ বনাম গগৈ দলৰ সংঘাত। কালি কাজিৰঙাত হোৱা প্ৰতিবাদ আৰু প্ৰতিৰোধৰ খেলখনত লালটুপি পৰিধান কৰা গগৈ বাহিনীয়ে নিশকতীয়া সাধাৰণ গঞা বাহিনীক ত্ৰাহি মধুসূধন দেখুৱাই দিয়া বুলি জানিব পৰা গৈছে। অহা নিৰ্বাচনী খেলত ৰাইজেও ডাঙৰজনা গগৈক সৰিয়হ ফুল দেখাবই বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।


৪. বঁটা ঘূৰোৱা নাটক কৰি অসন্তুষ্টি প্ৰকাশ কৰি ভক্তগণৰ টুইটাৰ আক্ৰমণৰ বলি হোৱাৰ কোনো দৰকাৰ নাই বুলি প্ৰণৱ বাবুৱে মত প্ৰকাশ কৰিছে। অসহনীয় ভক্তগণৰ বিৰুদ্ধে বঁটা ঘূৰোৱা বৃদ্ধ সমাজেও কলম ঘূৰালেহে উটিত হব বুলিও তেখেতে অভিমত প্ৰকাশ কৰিছে। তাৰ বাবে বুঢ়া বয়সত অশ্লীল গালি-গালাজত ভক্তৰ সৈতে ফেৰ মৰাটো বৰ কঠিন হব বুলিও সচেতন শৰ্মাই অভিমত প্ৰকাশ কৰিছে।


৫. কনপোনা গগৈ মুখ্যমন্ত্ৰী হবই লাগে বুলি ক্ৰন্দন সৰকাৰে ঘোষণা কৰিছে কান্দি কান্দি বাগৰি বাগৰি বিসম্বাদীৰ পৰা গৈ আকৌ গগৈ চাৰৰ চোতাল গৰকা সৰকাৰে এতিয়া নিজৰ প্ৰভুভক্তিৰ প্ৰমাণ দিবলৈকো সৰু জনাকো ডাঙৰ সপোনৰ টেঙা আম বেচিবলৈ যোৱা বুলিও পৰ্যবেক্ষক সকলে অনুভৱ কৰিছে।


৬. জুবিনৰ সাংস্কৃতিক অনুষ্ঠানত মাৰপিট উদ্ভণ্ডালি কৰাটো যুৱ সমাজৰ জন্মগত জাতীয় অধিকাৰ বুলি দাবী কৰিছে মৰনৈ কলেজৰ বাঘৰ আগতেল খোৱা ছাত্ৰ সংঘই। সিদিনা ৰাতি সেনা মোতায়েন কৰিহে গীতৰ অনুষ্ঠান পাতিব লগাটোৱে অঞ্চলটোৰ সন্মান বৃদ্ধিহে কৰা বুলিও সংঘই বিবৃত্তিযোগে দাবী কৰিছে।


৭. এশ শতাংশই থলুৱাক চান্দা দিবই লাগিব বুলি সদৌ অসম চান্দা সন্থাই দাবী কৰিছে। বাপোতিসাহোন বিহুটি নাহোতেই ফাচী বজাৰৰ দৰে অৰ্থ ভাণ্ডাৰত জুই লগাটো জাতিটোৰ ভৱিষ্যতৰ বাবে কোনো পধ্যেই শুভ লক্ষণ নহয় বুলিও সন্থাই স্পষ্ট কৰি দিছে।


৮. তাঁতশালৰ শিপিনীক গাই গৰু পুহিবলৈ উপদেশ দি গগৈ চাৰ বিপদত পৰাৰ খবৰ! এশ টকাৰ সূতা কিনিবলৈ সামৰ্থ্য নথকা ৰাইজক লাখটকীয়া জাৰ্চী পুহিবলৈ উপদেশ দিলে এনেকুৱা হোৱাটো স্বাভাৱিক বুলিও জ্যোতিষী হিৰো ইয়ঙে প্ৰকাশ কৰিছে। এইদৰে জিভা পিচলি থাকিলে চকীখনো হাতৰ পৰা পিছলি যোৱাটো নিশ্চিত বুলিও ইয়ঙে স্পষ্ট কৰি দিছে।


৯. ঘোঁচ নোখোৱা ৰাজ্য কৰ্মচাৰী সকলৰ বাবে দুখ প্ৰকাশ কৰিছে সদৌ অসম ঘোঁচখোৰ কৰ্মচাৰী সংঘই। এই কলি কালত বজাৰত জুই লগা দিনটো ঘোঁচ নাখাই থকাটো অনশনৰ দৰে মুৰ্খামীহে বুলি উল্লেখ কৰি সকলোকে সুবিধা মতে মলাই ইনকাম কৰি লবলৈ আহ্বান জনাইছে। নিজৰ আৰ্জনখিনি নিজে যোগাৰ কৰি ল’লে চৰকাৰী বেতনলৈ বাট চোৱাৰ প্ৰয়োজন নাই, সেয়ে স্বাৱলম্বনেই একমাত্ৰ উপায় বুলিও সংঘই স্পষ্ট কৰি দিয়া বুলিও বিবৃত্তিত প্ৰকাশ পাইছে।


১০. হাতী পাৰ্টিয়ে পদুম পুখুৰীৰ পাৰলৈ ক্ষমতাৰ লাডু খাবলৈ যাব বিচৰা সকলৰ বাবে শেষ দিন ধাৰ্য কৰি দিছে। শেষ দিনৰ পাছত আৰু কাকো গামোচা পিন্ধাই বিদায় দিয়া নহব বুলিও তুলতুল বৰাই স্পষ্ট কৰি দিছে। সুবিধাবাদীক সন্মান দিয়াৰো এটা সীমা থকা উচিত বুলিও বৰাই অনুভৱ কৰা বুলিও গোপন সূত্ৰত প্ৰকাশ।

No comments:

Post a Comment