সুখ-দুখৰ বতৰাঃ ১৪নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৪নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ১৪নৱেম্বৰ

Share This

আজিৰ ভাল খবৰবোৰ
১. দেশৰ প্ৰখ্যাত আলোচনী ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষাত অসম আন্তঃগাঁথনি উন্নয়নত প্ৰথম স্থানত থকাৰ পাছত কালি গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগে পুনৰ দুখনকৈ নতুন আঁচনিক কথা ঘোষণা কৰিছে। ৪৩১.৯৬কোটি টকাৰে শ্বহীদ কুশল কোঁৱৰ পকী পথ আৰু ফখৰুদ্দিন আলী আহমেদ পকী পথ নিৰ্মাণৰ আঁচনি অহা ডিচেম্বৰৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব।

২. আজি দেশজুৰি পালন কৰা হৈছে শিশু দিৱস। গুগোলেও এই উপলক্ষত ‘দুদোল ফৰ দুগোল’ প্ৰতিযোগিতাত এই বৰ্ষ শ্ৰেষ্ঠ বিবেচিত দুদোল ব্যৱহাৰ কৰি শুভেচ্ছা জনাইছে। ‘Make Something for India’ মূল বিষয় হিচাবে লৈ আয়োজিত এই দুদোলৰ আৰ্হি নিৰ্মাণত অন্ধ্ৰ প্ৰদেশৰ ছাত্ৰ পি কাৰ্তিকে শ্ৰেষ্ঠতা অৰ্জন কৰিছে।

৩. আহমেদাবাদৰ ৰামা মুন্দ্ৰাই অনলাইনত মেৰু কেৱ বুক কৰাৰ পাছত সঠিক সময়ত টেক্সি আহি উপস্থিত নোহোৱাৰ ফলত বিমান ধৰিব নোৱাৰাৰ বাবে ক্ষতিপূৰণ হিচাবে ২০হাজাৰ টকা লাভ কৰিছে। গ্ৰাহক আদালতত অভিযোগ কৰাৰ ফলতে তেখেতে এই ন্যায় পাবলৈ সক্ষম হোৱা বুলিও মিড-ডে কাকতে প্ৰকাশ কৰিছে।

৪. আজি শিশু দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ প্ৰতিটো খণ্ড উন্নয়ন এলেকাতে একোটাকৈ বহুমুখী ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে ‘পণ্ডিত জৱাহৰলাল নেহৰু গ্ৰামীণ ক্ৰীড়া প্ৰকল্প’ৰ আঁচনিৰ উন্মোচন কৰা হৈছে। গ্ৰাম্য নিশ্চিত নিয়োগ আঁচনিৰে ১৮৮টা উন্নয়ন খণ্ডত এই প্ৰকল্প ৰূপায়ণ কৰা হব।

৫. অসমত বাণিজ্য শিক্ষাৰ প্ৰসাৰৰ বাটকটীয়া লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ব্ৰজেন শৰ্মা বৰুৱাক গুৱাহাটীস্থ কে চি দাস কমাৰ্চ কলেজৰ ৩২সংখ্যক প্ৰতিষ্ঠা দিৱসত সম্বৰ্ধনা জনোৱা হয়। যোৱা ৭নৱেম্বৰত আয়োজিত অনুষ্ঠানত নগদ ১০হাজাৰ টকা, চেলেঙ চাদৰ আদিৰে তেখেতেক সম্বৰ্ধনা জনোৱা হয়।

৬. সাৰদা কেলেংকাৰী বিষয়ত চলিত মাহতে প্ৰথমখন চাৰ্জচিট আইন বলবতকাৰী সঞ্চালকালয়ে দাখিল কৰিব কৰিব। চিবিআয়েই বিষয়টোত তিনিখন চাৰ্জচিট এই মাহৰ শেহৰ ফালে দাখিল কৰিব।

৭. লখিমপুৰৰ মৈত্ৰী আশ্ৰমত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় স্ত্ৰীশক্তি সন্মিলন। এই সন্মিলনে ২০১৫ বৰ্ষৰ অমলপ্ৰভা সৰ্বোদয় বঁটা সমাজকৰ্মী লক্ষী ফুকনক প্ৰদান কৰা হয়।

৮. অহা ২০১৭ চনত ভাৰত-ব্ৰিটেইন সাংস্কৃতিক বৰ্ষৰ অংশ হিচাবে নতুন দিল্লীত মুকলি কৰা হব বিখ্যাত মেডাম টুছৰ মমৰ সংগ্ৰাহলয়। প্ৰধানমন্ত্ৰীৰ লণ্ডন ভ্ৰমণৰ সৈতে সংগতি ৰাখি এই কথা ঘোষণা কৰা হৈছে।

৯. ভাৰতত প্ৰথমবাৰৰ বাবে চেন্নাইৰ এপল হস্পিটেলে ভিডিঅ’, ভয়চ কল আৰু ই-মেইল যোগেও ডাক্তৰৰ পৰামৰ্শ লব পৰাৰ ব্যৱস্থাৰ শুভৰাম্ভ কৰিছে। ‘আস্ক এপল’’ নামৰ এই কাৰ্যসূচীৰে কৰ্ণাটকৰ স্বাস্থমন্ত্ৰী টিউটি খাদেৰে উদ্বোধন কৰে। www.askappollo.com যোগে দেশৰ যিকোনো স্থানৰ পৰাই এই স্বাস্থ্য সেৱা লব পাৰিব।

১০. যোৰহাটৰ ঔংকাৰ চেণ্টাৰ ফৰ ক্ৰিয়েটিভ আৰ্টৰ উদ্যোগত যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে ‘ডিফাৰেণ্ট স্ক্ৰীন’ শীৰ্ষক এখনি আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ চলচ্চিত্ৰ তথা ভিডিঅ’ আৰ্ট প্ৰদৰ্শনৰ আয়োজন কৰা গৈছে। আজি আৰু কাইলৈ যোৰহাট বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটো পৰিচালনা কৰিছে দুগৰাকী বৃটিছ শিল্পী ব্ৰুচ এলান আৰু বেন এছটপে। এই ছবিসমূহ বিশ্বৰ মুঠ ২০খন দেশত প্ৰদৰ্শন কৰা হৈছে আৰু এই সমূহক পৰিবৰ্তিত চলচ্চিত্ৰ ৰূপে অভিহিত কৰা হৈছে।

No comments:

Post a Comment