হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This

লোকেল গুজৱ.কম
১. সদৌ অসম লালটুপি সন্থাৰ অ.চি. শাখাৰ উদ্যোগত ‘অৰ্থনৈতিক স্বাৱলম্বীতাৰ বাবে এটিএম লুট’ শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে। নৱেম্বৰৰ কুঁৱলিৰ মাজত ধন লুট কৰাৰ অভিনৱ কলা-কৌশল সন্দৰ্ভতো শৈক্ষিক সমল প্ৰতিভাবান, উদীয়মান চোৰ সকলক প্ৰশিক্ষণ প্ৰদান কৰা হব বুলিও খবৰ প্ৰকাশ পাইছে।

২. ‘ভাবী মুখ্যমন্ত্ৰী কনপোনা গগৈ’ শীৰ্ষক এখন গ্ৰন্থ গ্ৰন্থমেলা প্ৰাংগণতে খৰখেদাকৈ লিখি, প্ৰকাশ কৰি উন্মোচন কৰিলে বিশিষ্ট প্ৰাক্তন বিসম্বাদী তথা চোং সলোৱা বিশাৰদ চন্দুভাই সৰকাৰে। হঠাত উথলি উঠা প্ৰভুভক্তিৰ প্ৰমাণ স্বৰূপেই এই গ্ৰন্থৰে অসমৰ ৰাজনৈতিক আকাশ তালফাল লগাবলৈ ততাতৈয়াকৈ গ্ৰন্থখন মুকলি কৰি দিয়া হৈছে, সেয়ে দুটিমান বানান বিভ্ৰাটৰ বাবে সৰকাৰদেৱে আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা কৰাৰ কথাও প্ৰকাশ পাইছে।

৩. পদুম চিঙিবলৈ হাত মেলি ঘৰ এৰা নৱৰতন বিধায়ক সকলৰ ভৱিষ্যতক লৈ বিশিষ্ট জ্যোতিষী হিৰো ইয়ঙে লিখি উলিয়াইছে ‘নৱৰত্ন’ নামৰ এখনি গ্ৰন্থ। গ্ৰন্থখনিত বিশেষ সমল ব্যক্তি হিচাবে অৰিহণা যোগাইছে উদীয়মান এমেচাৰ জ্যোতিষী আমাৰ জালুকবাৰীৰ হিমুকন শৰ্মাই!

৪. সদৌ ভাৰত বঁটা ঘূৰোৱা প্ৰতিযোগিতাখনি অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি গোপন সূত্ৰই প্ৰকাশ কৰিছে। বিহাৰৰ নিৰ্বাচনৰ শেষ হোৱাৰ লগে লগেই এতিয়া বাতৰি কাকতত স্থান পোৱা গৰু বোৰেও নিজৰ নিজৰ গোহালিত অৱস্থান গ্ৰহণ কৰিব বুলিও বিশিষ্ট ভেটেনেৰী বিশেষজ্ঞ হেম্বেৰাম বৰুৱাই প্ৰকাশ কৰিছে।

৫. সোণৰ দামত দালি বিক্ৰী হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে সোণ কিনা যোজনা আজিৰ উন্মোচন কৰাত ভীষণ উদ্বেগৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। সোণ কিনো নে দালি বুলি ঘৰে ঘৰে চিট-পট কৰিয়েই এই উদ্বেগ দূৰীকৰণৰ বাবেও সদৌ ভাৰত সুগৃহিনী সন্থাই আহ্বান জনোৱা বুলিও জানিব পৰা গৈছে।

৬. সংঘভক্ত সন্থাৰ উদ্যোগত বিশেষ কুণ্ডলী কুইজৰ আয়োজন কৰা হৈছে। এই কুইজত অংশ লোৱাটো অতি সহজ, কেৱল দেশত অসহিষ্ণুতা বাঢ়িছে নে, হয় বা নহয়ত আপোনাৰ উত্তৰ দিয়ক। তাৰ পাছতে আপোনাৰ ব্যক্তিগত কথা, পেশাগত দুৰ্বলতা, জাত-পাত, ৰাজনৈতিক বিচাৰ, কু-কৰ্মৰ ইতিহাস, লুকাই থকা অভিযোগ আদিৰ কুণ্ডলী খোলাৰ দ্বায়িত্ব স্বতঃস্ফুত ভাৱে সংঘভক্ত সন্থাই গ্ৰহণ কৰিবই বুলিও জানিব পৰা গৈছে!

৭. আন্নাৰ আন্দোলনত ভকতি প্ৰদৰ্শন কৰি, পলকতে দল সলাই সাংসদ হোৱা খেৰনী বাইদেউৰ গিৰিয়েকে আজি দিল্লীত ‘সহনশীল ভাৰত’ দৰ্শাবলৈ গোটোৱা সমলদলৰ নেতৃত্ব দিব বুলি জানিব পৰা গৈছে। চল চাই কঠিয়া পৰা তেওঁলোকৰ দৰে সুবিধাবাদী প্ৰতি ৰাইজক সহনশীল হৈ থাকিবলৈ সজাগতাৰ সৃষ্টি কৰাই এই সমদলৰ উদ্দেশ্য বুলিও বতৰা প্ৰকাশ পাইছে।

৮. শীতকালি উপলক্ষে কইনাধৰা প্ৰডাকচনে অচিৰেই এলানি ভাওনা সমাৰোহৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে। এই ভাওনাত বৰজনা গগৈ, ডাঙৰজনা আজমৌলকে ধৰি বিভিন্ন জনে অংশ লব বুলিও জনা গৈছে। পিছে ভাওনাৰ বচন নিজৰ মতে নিজে মাতিবলৈ স্বাধীনতা দিয়া এই ভাওনাখন ৰাইজৰ বাবে অতি আকৰ্ষণীয় আৰু পৰিবেশ গৰম কৰি ৰখা বিধৰ হবই বুলিও ৰাজনৈতিক পণ্ডিত সকলে আশা প্ৰকাশ কৰিছে।

৯. সদৌ অসম ভিত্তিত কইনাধৰা প্ৰশাসনে আয়োজন কৰা আমোলা-বিষয়া হেমাহি প্ৰতিযোগিতাৰ শেষ দিন অচিৰেই ঘোষণা কৰা হব। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই এই হেমাহি প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কৃত কৰা হব। লগতে বদলিৰ খেলখনৰ বাবেও আগতীয়া বুকিঙো লগে লগেই খুলি দিয়া হব বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।

১০. অসম সাহিত্য ৰখীয়া সংস্থাৰ বিষয়ববীয়া সকলৰ সন্তান সকলৰ মাজত অসমীয়া ভাষাৰ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ আগ বাঢ়ি আহিছে সদৌ অসম সচেতন অসমীয়া সমাজ। সন্তানৰ ৰচনা প্ৰতিযোগিতাৰ নম্বৰ পাৰচেণ্টেজৰ ওপৰত ভিত্তি কৰিহে এশ বছৰীয়া উদযাপনত পাৰচেণ্টেজ খাব পৰা পদবী সমূহৰ বিতৰণ কৰাৰ বাবেও এই সমাজে দাবী কৰা বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।

No comments:

Post a Comment