সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ শিক্ষাৰ্থী সকলক পাৰ্যমানে সা-সুবিধা আৰু পৰামৰ্শ দানৰ বাবে অসম চৰকাৰে হেল্পলাইন মুকলি কৰিব। লগতে চিকিসাৰ বাবেও আঁচনি লোৱাৰ কথা চিন্তা-চৰ্চা কৰি থকা বুলিও প্ৰকাশ পাইছে। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক পাঁচ হাজাৰ টকাকৈ পাঁচ বছৰীয়া টাৰ্ম ডিপোজট আৰু প্ৰমাণ পত্ৰ বিতৰণৰ এক অনুষ্ঠান গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত কৰা হয়। মেট্ৰিক পৰীক্ষা সুকলমে চলাবলৈ যোৰহাট আৰু বৰাকত দুটাকৈ জ’ন মুকলি কৰা হব বুলিও শিক্ষামন্ত্ৰীয়ে এই অনুষ্ঠানতে প্ৰকাশ কৰে।

২. কালি দিল্লীত ২০১৫ বৰ্ষৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ গ্ৰহণ কৰিলে কবি মৃদুল হালৈয়ে। ‘অকলে আছো কুশলে আছো’ নামৰ কাব্য সংকলনৰ বাবে এই বঁটা লাভ কৰা মৃদুলে একেখন গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটাও লাভ কৰিছিল। বড়ো ভাষাত লেবেনলাল মুছাহাৰীক এই বঁটা প্ৰদান কৰা হয়।

৩. দিল্লীৰ লা-মেৰিডিয়ান হোটেলত ইণ্ডিয়া টুডে গ্ৰুপে আয়োজন কৰা ‘নৰ্থ ইষ্ট ৰাইজিং কনক্লেভ’ত অংশ লৈ উত্তৰ-পূৱ উগ্ৰপন্থী সংগঠন সমূহৰ সৈতে চীনৰ প্ৰত্যক্ষ সম্পৰ্ক নাই বুলি প্ৰকাশ কৰিছে। চীনত নিৰ্মিত অস্ত্ৰৰ ব্যৱহাৰহে কৰাৰ লগতে পাকিস্তানৰ আই.এছ.আইৰ সমৰ্থনপুষ্ট হোৱাৰ কথালৈকো আঙুলিয়াই দি হাতত অস্ত্ৰ লৈ থকা অৱস্থাত আলোচনাৰ প্ৰশ্ন নাহে বুলিও স্পষ্ট কৰি দিয়ে। উত্তৰ-পূৱৰ আন ৰাজ্যৰ তুলনাত অসমৰ আইন-শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত বুলিও গৃহৰাজ্য মন্ত্ৰীজনে মত প্ৰকাশ কৰে।

৪. বাজেট ভাষণত গাঁৱৰ প্ৰতি বিঘা মাটিৰ খাজনা ৩০টকাকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়াৰ বিপৰীতে এতিয়া ৰাজ্যৰ সকলো অঞ্চলতে খাজনাৰ নিৰিখ একেই কৰি বিঘাত ১৫টকাকৈ ধাৰ্য কৰিলে ৰাজ্য চৰকাৰৰ কেবিনেটে। চাহবাগান, নগৰঞ্চল আদিৰ খাজনা বৃদ্ধিৰ বাবে জিলা উপায়ুক্ত সকলে দিয়া প্ৰস্তাৱলৈ অনুমোদন দিলে কেবিনেট বৈঠকে।

৫. কাজিৰঙাত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা লোকসকলক বিকল্প সংস্থান দিয়াৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় কমিউনিষ্ট পাৰ্টি(মাৰ্ক্সবাদী)য়ে। মানৱীয় দৃষ্টিৰে কাৰ্যকৰী সমাধানৰ পথ উলিয়াবলৈকো ৰাজ্য চৰকাৰক আহ্বান জনালে দলটোৱে।

৬. দুৰ্নীতিক দেশৰ পৰা নিৰ্মূল কৰাটোৱেই এনডিএ চৰকাৰৰ প্ৰধান কাম হব বুলি কালি পুনৰ দোহাৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় অনুসন্ধান সংস্থা, চিবিআই আৰু দুৰ্নীতি নিবাৰক শাখাই যথেষ্ট কাম কৰি থকা বুলি প্ৰকাশ কৰে। বিদেশৰ পৰা ক’লা ধন ঘূৰাই অনাৰ বিষয়টোতো প্ৰচেষ্টা চলাই থকাৰ কথাও দোহাৰে।

৭. দুধনৈ শাখা সাহিত্য সভাই কালি এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি চহৰখনখনৰ ওচৰে পাজৰে বাস কৰা পাঁচ গৰাকী মানসিক ভাৱে বাধাগ্ৰস্ত লোকক শীতকালৰ প্ৰতি লক্ষ্য ৰাখি কম্বল আৰু বস্ত্ৰ বিতৰণ কৰে। এই সকল ব্যক্তিক মানসিক চিকি
ৎসালয়লৈ পঠাই চিকিৎসা প্ৰদানৰ বাবেও পৰিকল্পনা কৰা বুলিও শাখা সাহিত্য সভাই প্ৰকাশ কৰিছে।

৮. চিত্ৰশিল্পী বেণু মিশ্ৰ আৰু সংগীত শিল্পী ৰমেন বৰুৱাক ২০১৫বৰ্ষৰ ‘চাতক সন্মান’ প্ৰদান কৰা হব তেজপুৰৰ বাণ থিয়েটাৰত। উক্তদিনা দিনৰ ভাগত বেণু মিশ্ৰৰ এখনি একক চিত্ৰ প্ৰদৰ্শনী আৰু সন্ধিয়ালৈ ৰমেন বৰুৱাৰ গীতেৰে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা বুলি জানিব পৰা গৈছে।

৯. দিল্লী চৰকাৰৰ কেবিনেট অনুমোদন জনালো বহুপ্ৰত্যাশিত জনলোকপাল বিললৈ। মুখ্যমন্ত্ৰীৰ দুৰ্নীতিও আওতালৈ অহাকৈ শক্তিশালী দুৰ্নীতি নিবাৰক সংস্থা গঢ়াৰ নিশ্চিতি এই জনলোকপাল বিলে দিব বুলিও জানিব পৰা গৈছে।

১০. গৌতম গম্ভীৰৰ নেতৃত্বাধীন দিল্লীৰ ৰঞ্জি দলক পৰাজিত কৰিলে অসমৰ গকুল শৰ্মাৰ নেতৃত্বাধীন দলটোৱে। এই জয়েৰে এ-গ্ৰুপত দ্বিতীয় স্থান লাভ কৰিছে। উদীয়মান অপেনাৰ ৰাহুল হাজৰিকা আৰু মিডল অৰ্ডাৰ অৰুণ কাৰ্তিকৰ উজ্জীৱিত প্ৰদৰ্শনৰ বাবেই গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত শক্তিশালী দিল্লী দলক পৰাভূত কৰিবলৈ সক্ষম হয় অসম দলটোৱে।

No comments:

Post a Comment