মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শিশু দিৱসত শিশু সকললৈ চিঠি 
শশীমাই শইকীয়া দত্ত
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে দেশৰ সেৱা কৰা জৱাহৰ লাল নেহৰুৰ আজি জন্মদিন। আজি দেশ জুৰি পালিত হৈছে শিশু দিৱস। এই দিৱসত তোমালোক আটাইলৈ মোৰ মৰম আৰু শুভেচ্ছা যাচিলো আৰু তোমালোকৰ কুশল কামনা কৰিলো।

আজিৰ দিনটোতে অসমৰো এগৰাকী প্ৰখ্যাত নাৰী তথা লেখিকাই জন্মগ্ৰহণ কৰিছিল। তেখেতৰ নাম আছিল ডঃমামণি ৰয়ছম গোস্বামী। তেখেতে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এই দিনটোত তোমালোকেও অসমীয়া ভাষাৰ চৰ্চা কৰিলে দেশৰ সাহিত্যৰ সৰ্বোচ্চ সন্মান লাভ কৰা নাৰী গৰাকীৰ সৃষ্টি-কৰ্ম আৰু জীৱনৰ প্ৰতিও আগ্ৰহী হোৱা উচিত। অসম-ৰত্ন সন্মান লাভ কৰা গোস্বামীৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী আৰু তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাষা বিভাগত অসমীয়া ভাষা বিষয়ত অধ্যাপনাও কৰিছিল।  সেয়ে তোমালোকে মাতৃভাষাৰ গুৰুত্ব শৈশৱৰ পৰাই বুজিবলৈ আৰু এই ভাষাৰেও যে দেশৰ ভিতৰত নামজ্বলা মানুহ হব পাৰি সেই কথাও মনত ৰাখিবা দেই।

তোমালোকে নিজৰ পাঠ্যপুথিবোৰ খৰচি মাৰি পঢ়িবা। নুবুজা কথাবোৰ তোমালোকৰ ছাৰ, মা-দেউতা আৰু জ্যেষ্ঠজনক সুধিপুচি লবা। মনত ৰাখিবা, তুমি নজনা কথাটো যদি সোধা, তোমাক কোনোবাই সেই ক্ষণত মূৰ্খ বুলি ভাবিবও পাৰে, সেই বুলিয়ে প্ৰশ্নটো নোসোধাকৈ নাথাকিবা। যদি এই শংকাতে সুধিবলৈ এৰা, তেন্তে জীৱনজুৰিয়েই সেই অভ্যাসে তোমাক বেছিকৈহে অজ্ঞানী কৰি তুলিব, আৰু পাছত পদে পদে নিজৰ মূৰ্খতাৰ বাবে লাজ পাব লাগিব। সেয়ে মনত জানিবলৈ অনুসন্ধিতসুতা জাগিলেই প্ৰশ্ন কৰিবা আৰু জ্ঞান আহৰণৰ প্ৰতিটো বাট চিকুনাই ৰাখিবা। কথাবোৰ পৰিস্কাৰকৈ নুবুজিলে কেতিয়াও বুজিছো বুলি মিছাকৈ নকবা। আমি কেতিয়াও মিছা কথা কোৱাৰ অভ্যাস গঢ়িব নালাগে। তাৰে ভিতৰত পিতৃ-মাত-, ডাক্তৰ আৰু উকীলৰ পৰা কেতিয়াও কথা লুকুৱাব নাপায়, কাৰণ তেওঁলোকেই তোমাক বিপদত ৰক্ষা কৰিব। ডাঙৰ ডাঙৰ, মহান মহান লোকসকলৰ জীৱনী পঢ়িবলৈ অভ্যাস গঢ়িবা। তেতিয়াও তেওঁলোকৰ দৰে উচ্চ শিখৰত উপনীত হবলৈ মনত বল পাবা, প্ৰেৰণা পাবা। তেওঁলোকো কি দৰে সাধাৰণ অৱস্থাৰ পৰা নিজৰ সাধনাৰ বলত সফলতাৰ দিশে খোজ দিছিল, সেই বাটো বিচাৰি পাবা। এইবোৰে মনৰ দুখ ভাৱ দূৰ কৰিব, হীন মন্যতা দূৰ কৰিব, মনলৈ কৰ্ম আৰু সাধনাৰ উচাহ আনিব।

তোমালোকে লাল বাহাদুৰ শাস্ত্ৰীৰ নাম শুনিছানে? তেখেত ভাৰতৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী আছিল। বৰ দুখীয়া পৰিয়ালত জন্মলাভ কৰা লাল বাহাদুৰ সৰুৰে পৰা শান্ত-শিষ্ট আৰু সাধু ল'ৰা আছিল।  নদী সাঁতুৰি পাৰ হৈ প্ৰতিদিনে বিদ্যালয়লৈ গৈছিল। প্ৰধানমন্ত্ৰী হোৱাৰ পাছতো তেওঁ সাধাৰণ জীৱন যাপন কৰিছিল। দেশৰ সৈনিক আৰু কৃষক সকলক দেশৰ ধৰণী ৰূপে তেওঁ জ্ঞান কৰিছিল আৰু তেখেতেই 'জয় কিষান, জয় জোৱান' ধ্বনিৰে সকলোকে উদ্বুদ্ধ কৰিছিল। এক আদৰ্শ চৰিত্ৰ হিচাবে তোমালোকে তেওঁৰ জীৱনী পঢ়িবা, প্ৰেৰণা পাবাই।

শিশু সকলক দেশৰ ভৱিষ্য নাগৰিক বুলি বুজি পোৱা ৰাষ্ট্ৰনেতা জৱাহৰ লাল নেহৰুৰ জন্ম হৈছিল খ্যাতনামা উকীল মতিলাল নেহৰুৰ ঘৰত। সৰুৰে পৰা সোনৰ চামুচ মুখত লৈ ডাঙৰ হোৱা জৱাহৰ লালক দেউতাকে ইংৰাজী শিক্ষা দিবৰ বাবে ঘৰতে বিদেশী আয়াও ৰাখিছিল। বিদেশত উচ্চ শিক্ষাৰ বাবে পঠাইছিল। শিক্ষা লৈ উভতি অহাৰ পাছত স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা অৱস্থাত যাতে জেল খাটিবৰ সময়ত কোনো অসুবিধা নহয়, তাৰ বাবে মতিলাল নেহৰুৱে ঘৰতে মাটিত শুই অভ্যাস গঢ়াৰ কথাও পঢ়িবলৈ পোৱা যায়। জৱাহৰ লালৰ অধ্যয়নপুষ্ট মনে কাৰাবাস খাটোটেও অলস হৈ থকা নাছিল। তেওঁ জেলৰ পৰাই জীয়াৰী ইন্দিৰালৈ লিখা চিঠি সমূহো সংকলিত হৈছে আৰু সেই গ্ৰন্থতো বহু মূল্যৱান জীৱন-আদৰ্শৰ পৰামৰ্শ সন্নিবিষ্ট হৈ আছে। তোমালোকে সুবিধা পালেই এনে গ্ৰন্থবোৰ পঢ়িবা। একেদৰেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্চিংটনেও নিজৰ পুত্ৰলৈ লিখা চিঠিয়ে বিশ্বজুৰি খ্যাতি লাভ কৰিছিল। পত্ৰ সাহিত্যও যে জ্ঞান আৰু অভিজ্ঞতাৰ এক সমাহাৰ সেই কথাও জানিবা। তোমালোকেও মা-দেউতা, শিক্ষক-পত্ৰবন্ধু, বাতৰি-কাকত আদিলৈ চিঠি পত্ৰ আদি লিখি মনৰ ভাৱবোৰ প্ৰকাশ কৰাৰ অভ্যাস গঢ়িবা। এনে অভ্যাসেও তোমালোকক নিজৰ মনোজগতখনলৈ ভুমুকি মাৰি চাবলৈ সুযোগ দিব আৰু নিজৰ ভুল ক্ৰুটিবোৰ শুধৰাবলৈ নিজে বাট বিচাৰি পাবা।

এনে ধৰণৰ অলেখ কাহিনী আছে। প্ৰতিটো কাহিনীতে থাকে শিক্ষাৰ বাবে বহু সমল আৰু নীতি শিক্ষাও।  তোমালোকৰ সমুখত জিনিবলৈ আছে সমগ্ৰ জগত। জ্ঞানৰ আলোকেৰে তোমালোকে জগত জিনাৰ বাট উদ্ভাৱন কৰিব লাগিব। নিজৰ মনৰ পৃথিৱীখনত চাকি জ্বলাবলৈ লাগিব অধ্যয়নৰ প্ৰতি গভীৰ অনুৰাগ আৰু জানিবৰ বাবে প্ৰৱল স্পৃহা। কবিয়ে লিখিছে- 'মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ, আমিও কৰিব পাৰো জীৱন গঢ়িত'। আজি ৰাষ্ট্ৰনেতাজনৰ জন্মদিনত পালিত শিশু দিৱসত দেশৰ সু-নাগৰিক হিচাবে জ্ঞানৰ ভেঁটিত নিজকে গঢ়িবলৈ তোমালোকে সংকল্প লব লাগিব। মহান লোকৰ জীৱনীৰ পৰাও লব লাগিব জীৱন গঢ়াৰ চানেকিবোৰ। তোমালোকলৈ আশীষ কৰি সামৰিছো।

No comments:

Post a Comment