মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰামেশ্বৰ তেলীলৈ মুকলি চিঠিঃ"অসমীয়া হবলৈ চেষ্টা কৰক"
দেবব্ৰত গগৈ 
মহোদয়,
বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত যিজন ব্যক্তিয়ে নিৰ্বাচনী টিকট পোৱাত সন্তোষ লাভ কৰিছিলো, সেইজন আছিল বিজেপিৰ ৰামেশ্বৰ তেলী। দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছৰ বিপক্ষে বিজেপিয়ে ৰামেশ্বৰ তেলীৰ দৰে সাধাৰণ জীৱন যাপন কৰা বিধায়ক এজনক প্ৰাৰ্থীত্ব প্ৰদান কৰাত আমি অতিশয় সুখী হৈছিলো। কিন্ত সেইজন তেলীয়ে কালি অসমৰ সৰ্ব-সন্মানীয় ব্যক্তি হোমেন বৰগোহাঞিক লৈ যি ৰাজনৈতিক কাৰাচাজি কৰিলে তাক দেখি আমি খুবেই হতাশ। হোমেন বৰগোহাঞিৰ দৰে বুদ্ধিজীৱিৰ স্থিতিক লৈ কেতিয়াবা কোনো বিষয়ত আমিও বিৰোধ কৰো, কিন্ত সেইবুলি তেখেতৰ সামাজিক সততাক লৈ আমি কোনো দিনে সন্দেহ কৰা নাই। কাৰণ যোৱা প্ৰায় চাৰিটা দশকত বৰগোহাঞিদেৱে অসমীয়া সমাজখনক যি এক বৌদ্ধিক নেতৃত্ব দি আহিছে , সেইখিনিয়েই আমাৰ বাবে যথেষ্ট। সেয়ে ৰামেশ্বৰ তেলীয়ে বৰগোহাঞিদেৱৰ বিৰুদ্ধে হাজাৰটা অভিযোগ আনিলেও, তাক বিশ্বাস কৰা সঠিক মগজু থকা অসমীয়াৰ সংখ্যা অতি নগণ্য হব। কিন্ত শ্ৰীযুত তেলীয়ে অনা এই অভিযোগখিনিৰ বাবে, ওলোটাই তেখেতৰ ৰাজনৈতিক সততাৰ ওপৰতহে এক বিৰাট প্ৰশ্ৰবোধক চিন লাগি ধৰিলেগৈ। এতিয়া সন্দেহ হৈছে যে যোৱা লোকসভাৰ নিৰ্বাচনৰ আগৰ আৰু পাছৰ ৰামেশ্বৰ তেলীজন একেই আছেনে নে সাংসদ ৰামেশ্বৰ তেলীৰ নৈতিক, চাৰিত্ৰিক আৰু ৰাজনৈতিক তথা সামাজিক সততাখিনিৰ যোৱা ওঠৰটা মাহতে স্খলন ঘটিছে ?


ৰামেশ্বৰ তেলী ডাঙৰীয়া, আপোনালোকৰ দৰে এচাম চাহ জনজাতি ৰাজনৈতিক নেতাৰ বাবেই অসমৰ চাহ জনগোষ্ঠীটোৱে এতিয়াও অসমীয়া সমাজখনত সামুহিক সন্মানীয় স্থিতি লাভ কৰিব পৰা নাই। হয়তো আপুনি বা আপোনাৰ দৰে নেতাক অসমীয়া গামোচাখন কোনোবাই ডিঙিত পিন্ধাই দিছে , কিন্ত আপোনাৰ স্বজাতিৰ একাংশই এতিয়াও বঙালী, কুলি বা বাগানীয়া বুলি মুলসুঁতি অসমীয়াৰ পৰা উপলুঙা পাই আছে। আপোনালোকৰ দৰে অতি কম দৰতে বিক্ৰী যোৱা চাহ জনগোষ্ঠীয় নেতাৰ বাবেই আপোনাৰ স্বজাতিৰ এজাক দুৰ্ভগীয়াক বেলতলাৰ বজাৰত কুকুৰ মেকুৰীৰ দৰে মৰিয়াই আৰু কোনোবা গাভৰুক নিৰ্বস্ত্ৰ কৰে। আপোনালোকৰ বাবেই উজনি অসমত এতিয়াও বাগানীয়া-অসমীয়া বুলি এক নীৰৱ দ্বন্দ সৰ্বত্ৰ বিৰাজমান, যাৰবাবে আপোনালোকে শাসনৰ গাদীত বহিবলৈ সুযোগ পায়।

তেলী ডাঙৰীয়া, আপোনাৰ জ্ঞাতাৰ্থে জনাও , হোমেন বৰগোহাঞি আমাৰ বাবে যিমান সন্মানীয় সনন্ত তাঁতী বা সমীৰ তাঁতীও সমানেই সন্মানীয়। জুবিন গাৰ্গৰ কণ্ঠ আমাৰ বাবে যিমান প্ৰিয়, সুবিল বাৰ্গৰ কণ্ঠও আমাৰ বাবে সমানেই প্ৰিয়। আমি আজি “ভণ্টি পেডেল মাৰি মাৰি .....” যিমান হেঁপাহেৰে শুনিছো , দহবছৰৰ আগতে সিমানেই হেঁপাহেৰে আমি “ চলী গৰীও......” শুনিছিলো। আজিৰ প্ৰজন্মৰ যিসকল অসমীয়াক লৈ আমি আশান্বিত সেইসকলৰ মাজত যেনেকৈ কমল কুমাৰ মেধি আছ , ঠিক তেনেকৈ কমল কুমাৰ তাঁতীও আছে আৰু এইক্ষেত্ৰত আমি কেতিয়াও বাগানীয়া বা অসমীয়া বুলি প্ৰভেদ অনা নাই।

অসমীয়া জাতিটোৰ অন্যতম প্ৰধান অংগ চাহ জনগোষ্ঠীৰ নেতা হিচাবে আপুনি যিসময়ত অসমৰ বৌদ্ধিক সমাজখনক চাহ জনগোষ্ঠীয়াৰ সুখ-দুখৰ লগৰীয়া কৰিবলৈ প্ৰচেষ্টা হাতত লব লাগিছিল, সেইসময়ত আপুনি হোমেন বৰগোহাঞিৰ দৰে ব্যক্তিৰ প্ৰতি মিছা, তথ্যহীন অভিযোগ আনি আপোনাৰ বৌদ্ধিক শূন্যতাখিনিকে আমাৰ আগত উদঙাই দেখুওৱা নাইনে? আপোনাৰ অসমীয়া জাতিৰ প্ৰতি নামমাত্ৰ আন্তৰিকতা থকা হ’লে, আপুনি কেতিয়াও অসমীয়া জাতিৰ অন্যতম বিবেক ৰূপে পৰিচিত হোমেন বৰগোহাঞিদেৱৰ প্ৰতি ধন লোৱাৰ মিছা অভিযোগ নানিলেহেঁতেন।

তেলী ডাঙৰীয়া, অনুগ্ৰহ কৰি ৰাজনীতিৰ উৰ্ধত থাকি কথাবোৰ এবাৰ চিন্তা কৰি চাবচোন।

1 comment:

  1. Thanks for this important and timely open letter to Tell. I think he has no answer for insulting Borgohain Sir as well as the entire Assamese people. Like some others he also becomes Wight less politician.

    ReplyDelete