হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম
১. ৰঘুৰাম ৰাজনক জিভা চম্ভালিবলৈ আহ্বান জনাইছে সদৌ ভাৰত হাফপেণ্ট সচেতন সংস্থাই। অন্যথা অচিৰেই ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ হিচাবে গজেন্দ্ৰ সিঙৰ নিযুক্তি নিশ্চিত বুলিও গোপন সূত্ৰত প্ৰকাশ!

২. দালি কিনিব নোৱাৰে যদি গালিৰেই কাম চলাবলৈ আহ্বান জনাইছে খাদ্য মন্ত্ৰী আৰামবিলাস পাছোৱানে। সাম্প্ৰদায়িক গালি-গালেজেৰে পেট ভৰাই ৰখাৰ পৰিবেশৰ ব্যৱস্থা সেই কাৰণেই কৰা হৈছে বুলিও স্পষ্ট কৰি দিছে খাদ্য মন্ত্ৰীজনে।

৩. কৰুণ কেটলীয়ে এইবাৰ 'Where is Intolerance' নামৰ ৰহস্যধৰ্মী গ্ৰন্থ এখন লিখি উলিয়াইছে বুলি জানিব পৰা গৈছে। গ্ৰন্থখনত কেনেকৈ চেকুলাৰ সৃষ্টিশীল মানুহে অসহিষ্ণুতা সৃষ্টি কৰে, তাৰ গোপন ফৰ্মূলাও কেটলী চাহাবে বৰ্ণনা কৰিছে বুলি জানিব পৰা গৈছে। এই গ্ৰন্থখন তেওঁৰ প্ৰভুভক্তিৰ পৰীক্ষাৰ বাবে এখন অতি স্পৰ্শকাতৰ গ্ৰন্থ বুলিও তেখেতৰ অন্তৰংগ বন্ধু মহলত চৰ্চিত হৈছে।

৪. অবৈধ ধন সৰবৰাহ অহা দুবছৰৰ পাছৰ পৰা কঠিন হব বুলি প্ৰকাশ কৰিছে কৰুণ কেটলী চাহাবে। এই দুবছৰ এই বিজনেচৰ বাবে অনকূলতম হব আৰু তাত কোনো চৰকাৰী দৰকাৰী হকা-বাধা নহব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰাও চাহাব বিৰত থকা বুলি জানিব পৰা গৈছে। 'Ease of Doing Business' ৰ ৰেংকিং ভাল কৰাটোও জৰুৰী বুলি আঙুলিয়াই দি নিৰৱে থকাটোৱে কি কথালৈ ইংগিত কৰিছে, সেয়া সমালোচকেও এতিয়া নিৰ্ণয় কৰিবলৈ সক্ষম হোৱা নাই বুলিও জানিব পৰা গৈছে।

৫. নিখিল ভাৰত ভিত্তিত আয়োজিত 'বঁটা ঘূৰোৱা প্ৰতিযোগিতা'ৰ খেলখনৰ জনপ্ৰিয়তাই আই.পি.এল, ফুটবল আদি লীগলৈকো প্ৰত্যাহ্বান কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে। সেয়ে ক্ৰিকেট, ফুটবল আদি বেপাৰ কৰা সংস্থা সকলে এই প্ৰতিযোগিতাখন সোনকালে শেষ কৰিবলৈকো খেল মন্ত্ৰীক আহ্বান জনাইছে।

৬. ডাউদক মাৰিবলৈ কেৱল কলেষ্টৰেলহে পাৰিব বুলিও সদৌ ভাৰত গো-ভক্ত বিজ্ঞানী সংস্থাই প্ৰকাশ কৰিছে। সেয়ে দেশভক্ত গো-পালক সংস্থাই খাটি ঘিউৰ বটল কৰাছীৰ ডাউদৰ ঘৰলৈ অচিৰেই নিয়মীয়াকৈ পঠিওৱাৰ ব্যৱস্থা কৰিব বুলিও গুজৱ প্ৰকাশ পাইছে।

৭. নগেন মোদীৰ ভক্তসকলৰ বাবে ছ'চিয়েল মেডিয়াৰ হাতপুথি প্ৰণয়ন কৰা বুলি জানিব পৰা গৈছে। চেকুলাৰ সকলক কেনেকৈ গালি পাৰিব, ব্যক্তিগত কথাৰে আক্ৰমণ কৰিব, লিবাৰেল বুলি শপনি দিব আদি বিভিন্ন কিটিপ সমৃদ্ধ কিতাপখন ২৬টা ভাষাত প্ৰণয়ন কৰা হব। অশ্ৰাব্য ভাষাৰ প্ৰয়োগ, সাম্প্ৰদায়িক উত্তেজক মন্তব্যৰ সহজ উপায় আদি অধ্যায় সমৃদ্ধ কিতাপখনৰ পিডিএফো অনলাইন ডাউনলোডৰ বাবে উপলব্ধ কৰিবলৈ ভক্ত সমাজে টুইটাৰ যোগে আহ্বান জনোৱা বুলিও জানিব পৰা গৈছে!

৮. বিদেশত ধৰা পৰা ছোটা কাজিন নামৰ ডনটোক অচিৰেই লোকসভালৈ পোনে পোনে মনোনীত কৰিব লাগে বুলি সদৌ ভাৰত ডন ফেন ক্লাৱে দাবী কৰিছে। হিন্দু ডন বুলি দাবী কৰা ছোটা কাজিনক হাফ-পেণ্ট সংস্থাৰ ব্ৰেণ্ড এম্বেছাদৰ বনাব লাগে বুলিও নাগপুৰলৈ ফেক্স কৰা বুলিও ক্লাৱে সদৰী কৰিছে।

৯. সাম্প্ৰদায়িক সম্প্ৰীতি সৃষ্টিৰ বাবে স্বেচ্ছাসেৱক সংস্থা ৰঙীন-মনে অসমৰ চুবুৰীয়ে চুবুৰীয়ে টিন-পাট্টি খেলৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে। সকলো জাতি-ধৰ্মৰ লোককে চুবুৰীৰ প্ৰতিবেশীৰ সৈতে এই খেলত ধন-জন সহ অংশ লৈ সদ্ভাৱ সৃষ্টি কৰিবলৈ লৈকো ৰঙীন-মনে আহ্বান জনাইছে। খেলৰ ব্ৰেকৰ সময়ত ৰঙীন পানীয়ৰো ব্যৱস্থা থাকিব বুলিও জানিব পৰা গৈছে!

১০. জীৱনত যি কেইজন লেখকৰ এখনো কিতাপ পঢ়া নাই আৰু এটা পেৰেগ্ৰাফো দশক জুৰি লেখা নাই তেনেকুৱা মানুহেই সাহিত্যিক সকলক ফেচবুক, টুইটাৰত আক্ৰমণ কৰা দলৰ আচল যোদ্ধা হৈ পৰিছে বুলি সদৌ ভাৰত লিবাৰেল মহলে সন্দেহ প্ৰকাশ কৰিছে। এই পোষ্টৰ লগে লগেই কিমানজনে হোৱাটচএপত অহা বৌদ্ধিক জ্ঞান আহৰণ কৰিছে তাৰ পৰিমান প্ৰদৰ্শন কৰাতহে ভক্তগণ দলে বলে লাগি পৰা বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment