অনুপ চেতিয়া দেৱ,
আন্তৰিক শুভেচ্ছা আৰু সম্ভাষণ গ্ৰহণ কৰিব৷ আমি সুখী হৈছোঁ এইকাৰণেই যে বিগত ১৮ বছৰ বিদেশৰ কাৰাগাৰত কঠোৰ বন্দীত্বৰ শেষত আপুনি মাতৃভূমিত পদাৰ্পণ কৰিছে৷ বিগত দিনত আপোনাৰ অশেষ ত্যাগ আৰু দৃঢ়তাক প্ৰত্যেকজন জাতীয়বোধসম্পন্ন অসমীয়াই এবাৰলৈ হলেওঁ আবেগেৰে সোঁৱৰিছে৷
আপুনি জাতি আৰু মাটিৰ মুক্তিৰ বাবে নিষিদ্ধ পথ বাচি লৈছিল৷ নিজৰ সোণালী ভৱিষ্যত অনায়াসে দলিয়াই পেলাই সংগ্ৰামৰ কন্টকাকীৰ্ণ পথক লগৰী হিচাপে লৈছিল৷ আপোনালোকে দেখুৱাই দিয়া পথেৰে গৈ হেজাৰ হেজাৰ অসমীয়া ডেকা গাভৰুৱে ত্যাগৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিছিল৷ হেজাৰ হেজাৰ লোক সামৰিক নিৰ্যাতনৰ বলি হৈ পংগুত্বক আকোঁৱালি লৈছিল৷ বহু যুবতী ধৰ্ষিতা হৈছিল৷ বহু যুৱকে গুপ্তাংগত ইলেক্ট্ৰিক শ্বক খাই চিৰদিনলৈ নপুংসকতাক আকোঁৱালি লব লগা হৈছিল৷ এই সকলৰ যন্ত্ৰণা আৰু নিজৰ পুত্ৰ- কণ্যা-স্বামীক হেৰুৱাই তিলতিলকৈ জীয়াই থকাসকলৰ জীৱন আপোনাৰ ১৮ বছৰীয়া বন্দীত্বৰ যন্ত্ৰণাতকৈ কোনো গুণেই কম নহয়৷
আপোনালোকে পাতনি মেলা যুঁজখনৰ বিউগুল বজাৰে পৰাই তাৰ ফিৰিঙতি অসমৰ প্ৰতিঘৰে ঘৰে ছিটিকি পৰিছিল৷ সেইবোৰৰ দাগ এতিয়াওঁ জীৱন্ত হৈয়ে আছে৷ শ্ৰীযুত চেতিয়াদেৱ, আপোনাক এইবোৰ সোঁৱৰাই দিয়াৰ ধৃষ্টতা আমাৰ নাই৷ আপুনি কাৰাগাৰত থাকিলেওঁ এইবোৰ আপোনাৰ নিশ্চয়কৈ জ্ঞাত৷ বহুতে কয় "স্বাধীন অসম অসম্ভৱ৷ অযথা প্ৰজন্মক ধ্বংস কৰাৰো কোনো মানে নাই৷" কিন্তু বিগত তিনিটা দশক ইয়াৰ নামতেই অসমীয়া বলি হ'ল, এয়াও অনস্বীকায্য। স্বাধীনতাতো দূৰৰে কথা স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে কেন্দ্ৰক বাধ্য কৰিবলৈ একাধিক গণতান্ত্ৰিক জাতীয় সংগঠনো গঢ় লওঁতেই মৰহি থাকিল৷ কিন্তু তিনিদহক ধৰি আওঁৰাই থকাই নহয় মৰণপন যুজঁত সক্ৰিয়হৈ থাকি হঠাতে আজি স্বাধীনতা অসম্ভৱ বুলি বুজিবলৈ তিনি দশকৰ প্ৰয়োজন কিয় হ'ল আজিলৈ নুবুজিলোঁ৷
সচিব পৰ্যায়ত স্বাধীনতাৰ দাবীহীন আলোচনা এটাই যদি কৰিব লগা হয় তেনেহলে তিনিটা দশক পিছত কিয়? আমি হ'লে বুজিছিলোঁ যে কেন্দ্ৰিভূত ৰাষ্ট্ৰক বাধ্য কৰিব পাৰিলে পূৰ্ণ স্বাধীনতা নহলেওঁ অসমবাসীৰ বাবে সন্মানজনকভাবে স্বাধীনতাৰ সমপৰ্যায়ৰ অধিকাৰ কাঢ়ি আনিব কৰা গ'লহেতেন৷ আলোচনা সংগ্ৰামৰ এক কৌশল বুলি আপোনালোকেই ৰাইজক বুজাইছিল৷ তেনে এক উৰ্বৰ সময়ো আছিল৷ যত অসমবাসীৰ অধিকাৰৰ হকে পাশাৰ গুটি সঠিকভাবেই পেলাব পৰা গলহেতেন৷ সময়ৰ শৰ সময়ত মাৰিব নোৱাৰাৰ দোষৰ পৰা আপুনিও হয়তো মুক্ত হব নোৱাৰিব৷ জনগণৰ আশাভংগ আৰু সমালোচনাৰ পৰা পৰিত্ৰাণ আপোনাৰো নাই৷
অৱশ্যে আমি নাই মোমাইতকৈ কনা মোমাই ভাল বুলি আমি সান্ত্বনা লাভ কৰিবলৈওঁ প্ৰস্তুত৷ শুনিছো কিবা এখন চুক্তি হব৷ হয়তো আপুনিওঁ আলোচনালৈ আহিব৷ আশা কৰিছোঁ আলোচনা সফল হওঁক৷ আপোনাৰ শৰীৰ অসুস্থ হেনো৷ আপোনাৰ পুনৰ কাৰাবাস আমি বিচৰা নাই৷ কিন্তু আশা কৰিছোঁ জনতাৰ লগত থাকি জনতাক প্ৰকৃত নেতৃত্ব দিব৷ আলোচনা চুক্তি যি হয় হওঁক , কিন্তু সংগ্ৰামৰতো শেষ নাই৷ আপোনাক প্ৰয়োজন জাতিটোৰ দুৰ্যোগপূৰ্ণ সময়ত৷ আশাকৰো সঠিক পথৰ সন্ধান দিব বিক্ষিপ্ত জনতাক৷
দেশৰ মাটিলৈ আদৰণি, পুনঃ শুভেচ্ছা আৰু সুস্বাস্থ্য কামনাৰে,
আপোনাৰ এজন অনুজ শুভাকাংক্ষী

No comments:
Post a Comment