মোদীৰ বাংলাদেশ ভ্ৰমণঃ
কিমান সফল, কিমান বিফল?
দীপাংকৰ মল্ল বৰুৱা
কিমান সফল, কিমান বিফল?
দীপাংকৰ মল্ল বৰুৱা
থোৰতে নৰেন্দ্ৰ মোদীৰ শেহতীয়া বাংলাদেশ ভ্ৰমণৰ কেইটামান ইতিবাচক খোজ হিচাবে চিনাক্ত কৰিব পৰা দিশ সমূহ হৈছে –
১) ভাৰত আৰু বাংলাদেশৰ মাজত ভূমি হস্তান্তৰ চুক্তিক চূড়ান্ত বাৱে ছীল মোহৰ মৰা হ’ল। এই চুক্তিৰ ফলত ১৯৪৭ চনতে নিৰ্ধাৰণ কৰা ৰেডক্লিফ লাইন তথা ভাৰত বাংলাদেশ সীমাৰেখা চিৰকালৰ বাবে সলনি হৈ গ’ল। ভাৰতৰ সীমাৰ ভিতৰত সোমাই থকা বাংলাদেশৰ অঞ্চল সমূহ ভাৰতে আৰু বাংলাদেশৰ ভিতৰত সোমাই থকা ভাৰতৰ অঞ্চল সমূহ বাংলাদেশে লাভ কৰিলে। ফলস্বৰূপে দীৰ্ঘদিনৰ পৰা চলি থকা ভাৰত বাংলাদেশ সীমা বিবাদৰ মীমাংসা হ’ল। এই চুক্তিয়ে এতিয়া বিবদমান অঞ্চল সমূহতো কাইটীয়া তাঁৰ দিয়াৰ পথ প্ৰশস্ত কৰিলে।
২) ভাৰত চৰকাৰে বাংলাদেশৰ উন্নয়নৰ বাবে ২ নিযুত মাৰ্কিন ডলাৰৰ সাহাৰ্য ঋণ হিচাপে আগবঢ়াব। চীন দেশে দক্ষিণ পূৱ-এছিয়াৰ দুখীয়া ৰাষ্টসমূহক ধনবলেৰে প্ৰভাৱান্বিত কৰি বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকাৰ মাজত বাংলাদেশৰ উন্নয়নৰ বাবে ভাৰতে আগবঢ়োৱা ঋণে এইক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিছে।
৩) দ্বিপাক্ষিক সম্পৰ্ক উন্নয়নৰ বাবে বাংলাদেশে ভাৰতীয় কোম্পানীৰ বাবে দুটা বিশেষ অৰ্থনৈতিক অঞ্চল (Special economic zone) ঘোষণা কৰিছে। মঙ্গলা আৰু ভেৰামাৰাত এই দুটা অৰ্থনৈতিক অঞ্চল স্থাপন কৰা হ’ব আৰু ভাৰতীয় কোম্পানীক বাংলাদেশত বেপাৰ বাণিজ্য কৰিবলৈ উত্সাহিত কৰা হ’ব। এই উদ্দেশ্যে মঙ্গলাত ২০০ একৰ মাটি আৰু ভেৰামাৰাত ৪৭৭ একৰ মাটি আৱণ্টন দিয়া হৈছে।
৪) ভাৰতীয় জীৱন বীমা নিগমে বাংলাদেশত কাৰ্যালয় স্থাপন কৰিব আৰু নিগমৰ কাম কাজ বাংলাদেশলৈ সম্প্ৰসাৰিত কৰিব।
৫) বাংলাদেশৰ মাজেৰে ভাৰতৰ জাহাজ যোৱাৰ বাবে দুয়োখন দেশে সহমতি প্ৰকাশ কৰিছে। এই সহমতিৰ পলস্বৰূপে উত্তৰ পূৰ্ৱাঞ্চলৰ ৰাজ্য সমূহে নদীপথেৰে কলিকতা আৰু বাংলাদেশৰ বন্দৰ সমূহৰ লগত সংযোজিত হ’ব পাৰিব। এই নদীপথ মুকলি হ’লে সামুদ্ৰিক বন্দৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ দূৰত্ব যথেষ্ট হ্ৰাস পাব আৰু ই উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।
৬) দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়নে বাংলাদেশত কৰ্মসূত্ৰে বাস কৰা ৫ লাখ ভাৰতীয়লৈ নিৰাপত্তাৰ আশ্বাস কঢ়িয়াই আনিছে। উল্লেখ্য যে বাংলাদেসৰ নগুতো উদ্যোগিক প্ৰতিস্থানত ভাৰতীয় লোকে উচ্চ পদবীত কাম কৰি আছে। বাংলাদেশত কৰ্মৰত বহুজাতিক কোম্পানী সমূহতো বহুতো ভাৰতীয়ই চাকৰি কৰি আছে।
এই ভ্ৰমণৰ বিফলতা হিচাপে আঙুলিয়াব পৰা কেইটিমান দিশ হৈছে–
১) তিস্তা নদীৰ পানী ভগাই লোৱাৰ ক্ষেত্ৰত বাংলাদেশৰ লগত কোনো চুক্তি সম্পাদিত কৰিব পৰা নগ’ল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কঠোৰ স্থিতিৰ বাবেই এয়া সম্ভৱ নহ’ল। এই বিষয়ত সহমত উপনীত হ’ব নোৱৰাটোৱে দ্বিপাক্ষিক সম্পৰ্কত নিশ্চয়কৈ প্ৰভাৱ পেলাব পাৰে।
২) ভাৰতত বসবাস কৰা অবৈধ বাংলাদেশী নাগৰিক সকলৰ প্ৰত্যাৰ্পণৰ বাবে কোনো আলোচনা নহ’ল। বাংলাদেশলৈ আগবঢ়োৱা অৰ্থনৈতিক সাহাৰ্যৰ আলমত প্ৰত্যাৰ্পণ চুক্তিৰ সৌধ নিৰ্মাণ কৰাৰ কথা বিবেচনা কৰাটো উচিত আছিল। অন্যথা দেশৰ অবৈধ বাংলাদেশী নাগৰিকৰ সমস্যাটোৰ সমাধান সম্ভৱ নহয়।
৩) আলফা নেতা অনুপ চেতিয়া প্ৰতাৰ্পণৰ বিষয়টোৰো কোনো সমাধান নোলাল।
৪) অসমৰ মানুহৰ আবেগ-অনুভূতিক সন্মান জনাই অবৈধ নাগৰিকৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ লোৱাৰ বিপৰীতে নিয়মীয়া বাছ সেৱাৰ প্ৰৱৰ্তনে বৈধ ভাৱে হলেও বাংলাদেশী অসমৰ দিশে সোমোৱাৰ ব্যৱস্থা কৰা হ'ল। অসমত অবৈধ বিদেশী বুলি চিনাক্ত হোৱা লোক সকল হেৰাই যোৱাৰ বাতৰি কাকতৰ পৃষ্ঠা জোৰা বিজ্ঞাপন সমূহৰ দৰেই প্ৰতিদিনৰ নিয়মীয়া বাছসেৱাৰ আহিব লগা লোক সকলো হেৰাই গলে কি কৰিব, সেই বিষয়েও কোনো নিশ্চিতি প্ৰদান কৰি অসম আৰু অসমীয়াৰ মনৰ ভীতি দূৰ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল।
এই কথাবোৰক লৈ অসমৰ ৰাইজে বিশদ ভাৱে আলোচনা কৰাৰ প্ৰয়োজন নিশ্চয়কৈ আছে। আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থৰ সমুখত যাতে আঞ্চলিক স্বাৰ্থ বিপন্ন নহয়, তাৰ বাবে প্ৰতিৰোধ গঢ়াৰ বাবে কি শক্তিশালী স্থিতি অসমীয়াই লোৱা উচিত তাৰো বিচাৰ কৰাৰ সময় সঁচাই সমাগত।
No comments:
Post a Comment