পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ব্যক্তি বা দলৰ স্বাৰ্থৰ উৰ্ধত হওক নীতি
অজয় লাল দত্ত 
'Important principles may, and must be inflexible'.
- আব্ৰাহম লিংকন
(১)
সমাজ এখন চলাবৰ বাবে মানুহে নীতি-নিয়ম কিছুমান নিৰ্ধাৰণ কৰি লয়। নিয়ম মানুহেই গঢ়ে, মানুহেই ভাঙে। আৰু বহুতো নীতি নিয়মৰ সময় তথা যুগৰ পৰিবৰ্তনৰ সৈতে সা-সলনি তথা ৰূপান্তৰ ঘটিয়ে থাকে। এয়া সামাজিক বিৱৰ্তনৰ এটা এৰাব নোৱাৰা কথা। ৰাষ্ট্ৰ বা সমাজ এখনৰ শাসন চলোৱাৰ দ্বায়িত্ব লোৱা ৰাজনৈতিক শ্ৰেণীয়ে দেশৰ নীতি নিৰ্ধাৰণ কৰে। বহু ক্ষেত্ৰত দেখা যায় যে এনে নীতি যেতিয়া এই বিশেষ শ্ৰেণীৰ লোকৰে স্ব-বিৰোধী বা স্বাৰ্থৰ পৰিপন্থী হয়,  তেতিয়াই শাসক সকল নীতিৰ প্ৰশ্নত জনমানসৰ বিচাৰৰ তুলাচনীত উঠিবলগীয়া হয়। কোনো কোনো নীতি, কোনো কোনো বিশেষ ব্যক্তি, সংগঠন, ব্যৱসায়ী তথা ন্যস্ত-স্বাৰ্থ জড়িত মহলৰ স্বাৰ্থ ৰক্ষাৰ্থেই দেশত প্ৰণয়ন কৰা হয় বুলি উঠা অভিযোগো নতুন নহয়। অনুৰূপ ভাৱে, যেতিয়া এনে বিশেষ শ্ৰেণী বা ব্যক্তিৰ বিৰুদ্ধে নীতি-নিয়ম ভংগৰ অভিযোগ আহে, তেতিয়াও দৃষ্টিকটু শিথিলতাৰ প্ৰদৰ্শনে ৰাইজৰ মাজত অসন্তোষ বৃদ্ধি কৰে। সেয়ে নীতি নিৰ্ধাৰণ আৰু তাৰ সাৰ্বজনীন প্ৰয়োগৰ বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়।
(২)
সম্প্ৰতি দেশৰ সংবাদ শিৰোনাম দখল কৰা এটি বাতৰিৰ কথা উল্লেখ কৰিব খুজিছো। সেয়া হ’ল দিল্লী চৰকাৰৰ আইন মন্ত্ৰীৰ চকী দখল কৰিবলৈ সক্ষম হোৱা এগৰাকী ৰাজনীতিবিদ ভুৱা শৈক্ষিক প্ৰমাণ পত্ৰৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাটো। যি প্ৰক্ৰিয়াৰে বা ৰাজনৈতিক হেঁচাৰ বাবে তেওঁৰ গ্ৰেপ্তাৰ সম্ভৱ হ’ল সেই বিষয়ে বিতৰ্ক নকৰাকৈয়ো, এটা কথা দাঠি কব পাৰি যে এয়াও সমাজ নিকাকৰণৰ বাবে ইতিবাচক আৰু উচিত পদক্ষেপেই। সংবাদ সূত্ৰৰ পম খেদি সেই ব্যক্তি গৰাকীয়ে জেৰাত ভুৱা ডিগ্ৰীৰ বিষয়টো সৈ কঢ়া বুলিয়েই জানিব পৰা গৈছে। ভুৱা ডিগ্ৰীৰ আভূষণ লৈ তাতে আকৌ আইনৰ স্নাতকৰ, উকীল হিচাবে ৰেজিষ্ট্ৰেচন কৰি নিৰলে জীৱন-জীৱিকা চলোৱাৰ কথাতে সীমাবদ্ধ নাথাকি, এওঁ আকৌ এখন চৰকাৰৰ আইন মন্ত্ৰী হবলৈ গৈছিল! ভাৱকচোন এবাৰ, তেওঁ দিল্লী চৰকাৰে প্ৰণয়ন কৰিব লগা সৰ্বস্তৰক প্ৰভাৱিত কৰিব লগা আইন সমূহৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিলেহেতেন! দুঃসাহসৰো এটা সীমা থকা উচিত আৰু এনেলোকৰ এনে অপকৰ্মৰ অশ্বমেধ ঘোঁৰাত লেকাম লগাবলৈ সক্ষম হোৱা এই গ্ৰেপ্তাৰ আৰু আইনী প্ৰক্ৰিয়াই এক দৃষ্টান্তমূলক উদাহৰণ হিচাবে পৰিগণিত হওক। এই ঘটনাৰ পাছতে বিভিন্ন টিভি চেনেল বা সংবাদসেৱী সকলে ষ্টীং অপাৰেচন, অনুসন্ধানেৰে উদঙাই দিয়া ভুৱা ডিগ্ৰীৰ দোকান স্বৰূপ শিক্ষানুষ্ঠান তথা দালাল চক্ৰৰ বিষয়বোৰৰো উচিত তদন্ত আৰু শাস্তি হওক। কেৱল ৰাজনৈতিক কাৰণত কোনো এজনক টাৰ্গেট কৰাতে এই “ভুৱা ডিগ্ৰী”ৰ বীজাণু আঁতৰোৱাৰ বিশাল প্ৰয়োজনটো সীমাবদ্ধ নাথাকক, তাৰ বাবেও ৰাইজে সচেতন নজৰ ৰাখক।
(৩)
মন্ত্ৰীৰ শিক্ষাগত অৰ্হতাৰ বিষয়টো বিবেচনা কৰিলে, দেশৰ কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীৰ শিক্ষাগত অৰ্হতায়ো মানুহৰ চকু কপালত তোলে। দেশৰ সৰ্বোচ্চ শিক্ষা প্ৰতিষ্ঠান সমূহৰ উপাচাৰ্য, আই.আই.টি, আই.আই.এমৰ ডীন, মুৰব্বী সকলে তেওঁলোকৰ প্ৰস্তাৱত শেষ সন্মতি দানৰ বাবে কাৰ মুখলৈ চাব লগীয়া হৈছে, এগৰাকী দ্বাদশ উত্তীৰ্ণৰ মুখলৈ। তেওঁ কোনটো দলৰ বা ব্যক্তিগৰাকী কোন সেয়া আমাৰ বিচাৰ্য নহয়, আলোচ্য বিষয়টোহে! একবিংশ শতিকাৰ আধুনিক ভাৰতৰ বাবে এয়া এক বিড়ম্বনাই নহয়নে? দেশৰ শৈক্ষিক নীতি, মানৱ-সম্পদক সময় তথা প্ৰযুক্তিৰ সৈতে তাল মিলাই আগুৱাই নিয়াৰ সকলো স্পৰ্শকাতৰ বিষয়ৰ সিদ্ধান্ত ইমান কম আনুষ্ঠানিক শিক্ষাৰ এগৰাকী ব্যক্তিৰ কান্ধত তুলি দিয়াটোৱে সঁচাই প্ৰশ্ন চিহ্নৰ সৃষ্টি নকৰেনে? দেশৰ পূৰ্বৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী সকলৰ গৰিমাৰ সৈতে বৰ্তমানৰ গৰাকীৰ ব্যক্তিত্বই শাৰী পোনাব পৰা নহয় বুলিও সচেতন ৰাইজে অনুভৱ কৰে। পদত থাকি গ্ৰহণ কৰা এলানিমান সিদ্ধান্তক লৈ সঘনাই বিতৰ্কৰ আওতালৈ অহাৰ কথাটো বাৰু বাদেই দিলো! যদিও দেশৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাত এগৰাকী নেতাৰ শৈক্ষিক অৰ্হতাক লৈ মন্ত্ৰী পদৰ দ্বায়িত্বৰ সৈতে কোনো পোনপটীয়া সংযোগ নাই বুলি ধৰা যায়, তথাপি আচলতে কথাবোৰটো তেনে নহয়। দেশত মেধাৰ অভাৱ হৈছে নে প্ৰতিভাধৰ ব্যক্তিৰ? আনুষ্ঠানিক ভাৱে প্ৰতিষ্ঠিত পথেৰে মেধা আৰু প্ৰতিভাৰে নিজকে প্ৰতিপন্ন কৰা  ব্যক্তি সকলক চেৰাই যাবলৈ ৰাজনীতিৰ এই দৃষ্টিকটু জখলাৰ বিষয়টোতো এতিয়া বিচাৰ বিবেচনা কৰাৰ সময় আহি পৰিছে।

শেহতীয়াকৈ দিল্লীৰ এখন ন্যায়ালয়ে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী গৰাকীয়ে নিজৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে বেলেগ বেলেগ নিৰ্বাচনৰ সময়ত জমা দিয়া শপতনামাত উল্লেখ কৰা দুটা ভিন্ন অৰ্হতা (?)ক লৈও এতিয়া গোচৰ গ্ৰহণ কৰিছে। এখনত কলা শাখাত আৰু এখনত বাণিজ্য শাখাত পঢ়া বুলি উল্লেখ কৰা হৈছে। স্নাতক প্ৰথম বৰ্ষ পাছটোও শৈক্ষিক অৰ্হতা হয়নে, বা কোনো শৈক্ষিক পাঠ্যক্ৰমত আধা পঢ়া বা নামভৰ্তি কৰাটোও, সেয়াও এক প্ৰশ্ন। আপাতত, দ্বাদশৰ শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰৰ ভিত্তিত তেখেতে চাগৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি লিখাটোহে শুদ্ধ হব। ন্যায়ালয়ে শপতনামাত ভুল তথ্য দিয়াৰ বিষয়টোত বিচাৰ বিবেচনা কৰিব আৰু এই গোচৰে আন আন ৰাজনীতিবিদৰো শপতনামাত ভুল তথ্য দাখিলৰ স্বভাৱজাত(?) ভুলৰ বিষয়ত নতুন নতুন কেচ উন্মোচিত কৰিব বুলিও বিশ্লেষক সকলে আশা প্ৰকাশ কৰিছে।

(৪)
একেদৰেই দেশ এখনৰ নীতি-নিৰ্ধাৰণ কৰা সৰ্বোচ্চ সদনৰ সদস্য হবৰ বাবে  নুন্যতম অৰ্হতা স্নাতক হোৱাটো নিয়ম কৰাৰ পক্ষে বহুতেই সহমত প্ৰকাশ কৰিব। পুৰণি বহুতো ৰাজনীতিবিদেই তেতিয়া অন্তত সংসদৰ পৰা মেলানি মাগিব লাগিব আৰু এয়া তেওঁলোকৰ বাবে হব স্বাৰ্থৰ পৰিপন্থী। পিছে নিজৰ দিনত অতি কম পঢ়িও, জীৱনত ব্যৱস্থাপনাৰ কৌশল আৰু নেতাগিৰিৰ অদ্ভুত শৈলী আয়ত্ত কৰি লোৱাৰ বাবেই এইসকল প্ৰবীণ নেতা দীৰ্ঘদিনৰ বাবে টিকি আছে। আৰু এই সকল বৰ্তমানৰ ক্ৰমাত শিক্ষিত আৰু সচেতন হৈ অহা নৱ-প্ৰজন্মৰ পৃথিৱীতো জিকি অহাৰ প্ৰধান কাৰণ তেওঁলোকৰ হাতত ইমান দিনে গঢ় লোৱা ধনবল, বাহুবল আৰু তাৰেই অনুগ্ৰহত পোহপাল দি ৰখা এচাম অনুগতহে! যদিও মানুহৰ আনুষ্ঠানিক শিক্ষাৰ অৰ্হতাই জীৱনৰ শেষ কথা নহয়, তথাপি যি কোনো চৰকাৰী চাকৰি বা সেৱাৰ বাবে থকা নুন্যতম অৰ্হতাত যেনেকৈ কোনো ব্যক্তি বিশেষৰ বাবে হেৰাফেৰি কৰিব নোৱাৰি, সেইদৰেই আইন বনোৱা সৰ্বোচ্চ সংস্থা সংসদ, ৰাষ্ট্ৰজুৰি শাসন চলোৱা মন্ত্ৰীৰ বাবেও এনে নুন্যতম স্নাতকৰ অৰ্হতা নিৰ্ধাৰণ কৰাতো জৰুৰী বুলি অনুভৱ কৰিব পাৰি।

ইয়াৰ দ্বাৰা পুৰণি সকলক আঁতৰাই আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত, মেধা সম্পন্ন সকলৰ বাবে বাট মোকোলাব লাগিব। অৱশ্যে একেদৰে বিধান সভা, জিলা পৰিষদ, গাওঁ পঞ্চায়ত আদি বিভিন্ন পৰ্যায়তো জনপ্ৰতিনিধি সকলৰ বাবে ভিন্ন স্তৰৰ শিক্ষাগত অৰ্হতাৰ সীমাৰেখা নিৰ্ধাৰণ কৰিব লাগে। কম শৈক্ষিক অৰ্হতাৰ লোকে তলৰ খাপৰ চাকৰিৰ বাবে উপযুক্ত বুলি বিবেচিত হোৱাৰ দৰেই ৰাজনীতিৰ ভিন্ন স্তৰতো ইয়াৰ প্ৰয়োগ বাঞ্চনীয়। বিজ্ঞান, প্ৰযুক্তিৰ এই দ্ৰুতগামী যুগত দেশক সৱল ভাৱে আগুৱাই নিয়াৰ বাবে এনে নীতিৰ প্ৰয়োজন আছে। ইয়াত ব্যক্তি বিশেষৰ স্বাৰ্থত আঘাতৰ কথাটোক অৱশ্যেই আমি বলি দিব পাৰিব লাগিব।

(৫)
কিছুমান নিয়ম লিখিত, কিছুমান অলিখিত। যেনেকৈ এইবাৰ নতুন এনডিএ চৰকাৰ গঠনৰ প্ৰাক্-ক্ষণত বিজেপি দলৰ ভিতৰতে কিছু বয়োজ্যেষ্ঠ নেতাক কাষৰীয়া কৰিবৰ বাবে পয়সত্তৰ বছৰৰ ওপৰৰ কোনো মন্ত্ৰী হব নোৱাৰিব নীতিৰ প্ৰয়োগ কৰা হ’ল। ইয়াৰ দ্বাৰা লালকৃষ্ণ আদৱানি, মুৰুলী মনোহৰ যোশী আদি নেতা সকলৰ দ্বাৰ ৰূদ্ধ হোৱাৰ পাছত এতিয়া আন বয়োজ্যেষ্ঠ নেতা সকলেও এই কথাটোত ক্ষুদ্ধ হোৱা পৰিলক্ষিত হৈছে। সিদিনা যশৱন্ত সিনহাই বয়োজ্যেষ্ঠ সকল “ব্ৰেইন-ডেড” বুলিহে বৰ্তমানৰ দলীয় নেতৃবৃন্দই গণ্য কৰে বুলিও ৰাষ্ট্ৰীয় সংবাদ পত্ৰতে ক্ষোভ উজাৰিছে। যিদৰে চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ সীমা ৬০বছৰ নিৰ্ধাৰণ কৰা আছে, তেনেদৰে ৰাজনীতিবিদ সকলৰো এক বয়সৰ উচ্চ সীমা থকা উচিত। চৰকাৰী চাকৰি কৰিবৰ বাবে শাৰিৰীক আৰু মানসিক সক্ষমতা নথকা বুলি ষাঠী বছৰত বাধ্যতামূলক অৱসৰ দিবলৈ সিদ্ধান্ত লোৱা সকলৰ প্ৰায় ভাগ নেতাৰেই বয়স তাতোতকৈ বেছি। ৰাজনীতিবিদ সকল কি মানুহ প্ৰজাতিৰ নহৈ বেলেগ প্ৰজাতিৰহে নেকি বুলিও ক্ষোভিতজনে প্ৰশ্ন তোলে? তোলাৰ কথাও, খোদ গতিশীল নেতা ৰূপে চিনাকি দিয়া নৰেন্দ্ৰ মোদী দেৱৰ বয়সেই ৬৩ৰ উৰ্ধৰ।

বৰ্তমান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক সকলৰ অৱসৰৰ বয়স ৬৫বছৰলৈ বৃদ্ধি কৰাৰ কথা জানিব পৰা গৈছে। চৰকাৰেও নিজা প্ৰয়োজনত বা নিজৰ মনোমত মানুহক বছৰি বছৰি কাৰ্যকাল বৃদ্ধি কৰি থকাটোও অতি দৃষ্টিকটু কথা। এই যুগত মানুহৰ গড় আয়ুস বৃদ্ধিৰ তথ্যলৈ লক্ষ্য কৰি চৰকাৰেও এই বিষয়টোত এক সমূহ স্তৰতে প্ৰভাৱিত হোৱাকৈ এক যথোপযুক্ত সিদ্ধান্ত পৰ্যালোচনা কৰি লোৱাৰ সময় আহিল। পছন্দৰ আমোলাৰ এক্সটেনশ্যন শেষ কৰিব নোৱাৰা দলৰ চৰকাৰে নিজৰ দলৰ শাসন থকা হাৰিয়ানা ৰাজ্যত অৱসৰৰ বয়স ৫৮লৈ কমোৱাৰ পদক্ষেপ লোৱাৰ কথায়ো মাজতে বিতৰ্কৰ সৃষ্টি কৰিছিল। পাছত প্ৰধানমন্ত্ৰীয়ে সংসদত বিষয়টোত স্পষ্টীকৰণ দিয়ে যদিও কিন্তু নিজৰ ৰাস্তা চাফ কৰিবৰ বাবে ৭৫বছৰৰ
উৰ্ধৰ মন্ত্ৰী নাথাকিব বুলি অলিখিত নিয়ম কৰা গৰাকীয়ে, সামূহিক ভাৱে দেশৰ মানুহৰ বৰ্ধিত গড় আয়ুসৰ ভিত্তিত এক সামুহিক পৰ্যালোচনাৰ প্ৰতিশ্ৰুতি আজিও ৰাইজক দিব নোৱাৰিলে। সেয়াও আন এক লক্ষণীয় কথা।
(৬)
কোনো এগৰাকী নেতা বা বিষয়াৰ বিৰুদ্ধে কোনো কেলেংকাৰী বা অভিযোগৰ আঙুলি উঠিলে, সেই অভিযোগ নিস্পত্তি নোহোৱা পৰ্যন্ত ব্যক্তি গৰাকীক পদৰ পৰা আঁতৰাই ৰখাটো নৈতিকতাৰ কথা। এই বিষয়ত লিখিত-অলিখিত নিয়ম বুলি কোনো প্ৰশ্ন নাহে। শেহতীয়াকৈ সুষমা স্বৰাজ, বসুন্ধৰা ৰাজেৰ বিৰুদ্ধে পদবীৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি ব্যক্তিগত সু-সম্পৰ্কৰ বাবে কাৰোবাক সহায় কৰাৰ অভিযোগে তোলপাৰ লগাইছে। স্বৰাজৰ স্বামী আৰু জীয়াৰীৰ মক্কেল ললিত মোদীয়ে দেশত ৭০০কোটি টকীয়া আই.পি.এলৰ কেলেংকাৰীৰ গোচৰত ফেমা আইনৰ অধীনত দেশৰ এনফৰ্চমেণ্ট ডাইৰেক্টে বাৰে বাৰে দিয়া নিৰ্দেশৰ পাছতো গোচৰ সংক্ৰান্তত উপস্থিত হোৱা নাই। ভাৰত চৰকাৰে পূৰ্বৰ ইউপিএৰ দিনত তেওঁৰ পাছপৰ্ট পৰ্যন্ত বাজেয়াপ্ত কৰি ৰাখিছিল, ৰেভিনিউ ইণ্টেলিজেঞ্চে জাৰি কৰিছিল লাইট-ব্লু কালাৰ নটিছো। কিন্তু শাসনলৈ আহি স্বৰাজ বৈদেশিক মন্ত্ৰী হোৱাৰ পাছত নিজা ব্যক্তিগত সম্পৰ্কৰ আঁত ধৰি, দেশৰ আইনৰ পৰা পলাই থকা এগৰাকী অভিযুক্তক দেশলৈ উভতিবলৈ হেঁচা দিয়াৰ বিপৰীতে লণ্ডনৰ পৰা পৰ্টুগাললৈ যাবলৈ ভিচা দিয়াৰ বাবে সন্মতি প্ৰকাশ কৰা আৰু পূৰ্বৰে চৰকাৰে বিষয়টোত ললিত মোদীক বৃটিছ চৰকাৰে সহায় কৰিলে দুয়ো দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিব বুলি দিয়া সতৰ্কবাণীকো খাৰিজ কৰাটোৱে পদৰ অপব্যৱহাৰকে প্ৰমাণ কৰিছে। আনফালে বসুন্ধৰা ৰাজেই সেই সময়ত ৰাজস্থান বিধান সভাত বিৰোধী দলৰ দলপতি হিচাবে কেবিনেট মৰ্যদাৰ পদত থাকিও আইনৰ কোপদৃষ্টিৰ পৰা হাত-সাৰিবলৈ বিদেশত আশ্ৰয় বিচৰা ললিল মোদীৰ হৈ বৃটিছ চৰকাৰক শপতনামা দাখিল কৰাৰ কথা পোহৰলৈ আহিছে। আনফালে ৰাজেৰ পুত্ৰৰ কোম্পানীৰ ১০টকীয়া শ্বেয়াৰ ৯৬হাজাৰ টকাকৈ ক্ৰয় কৰি ললিত মোদীয়ে কেইবাকোটি টকাৰে ৰাজে পৰিয়ালক আৰ্থিক ভাৱে লাভাৱন্বিত কৰোৱাৰ খবৰো ফাদিল হৈছে। পিছে এনে স্বজন-তোষণ, দুৰ্নীতিৰ অভিযোগত পূৰ্বৰ চৰকাৰৰ দিনত মন্ত্ৰীয়ে পদত্যাগ পত্ৰ নিদিলে সদন চলিবলৈ নিদিয়া দলটোৱে এতিয়া এন.ডি.এ চৰকাৰৰ দিনত কোনো মন্ত্ৰীৰ পদত্যাগ পত্ৰ লোৱা নহয় বুলিও আশ্চৰ্যজনক স্থিতি প্ৰকাশ কৰিছে খোদ গৃহমন্ত্ৰী ৰাজনাথ সিঙে। এই বিষয়টোলৈকে ইংগিত দি বৰ্ষীয়ান নেতা তথা দলটোৰ প্ৰতিষ্ঠাপক সকলৰ অন্যতম লালকৃষ্ণ আদৱানীয়ে তেখেতৰ নাম হাৱালা কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উঠাৰ লগে লগেই “নিকা-প্ৰমাণিত নোহোৱা পৰ্যন্ত” পদবী ত্যাগ কৰাৰ কথালৈ আঙুলিয়াই দিয়া বুলিও ৰাষ্ট্ৰীয় সংবাদ পত্ৰই প্ৰকাশ কৰিছে।

ওপৰত আলোচিত আটাইকেইটা বিষয়তে নিৰ্বাচিত বা বিশেষ ব্যক্তিৰ স্বাৰ্থক সুৰক্ষিত কৰিবৰ বাবে নীতিৰ ক্ষেত্ৰত হোঁহোকা-পিছলা স্থিতি গ্ৰহণ কৰাৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়ে অসমীয়া ফঁকৰা-যোজনা “খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে”কেই প্ৰতীয়মান কৰিছে। প্ৰকৃততে, শাসনত থকা সকল বা নীতি-নিৰ্ধাৰণ কৰা সকলে দল বা ব্যক্তি স্বাৰ্থৰ উৰ্ধত গৈয়ো নীতি আৰু নিয়মবোৰ কঠোৰ হাতেৰে বলবত কৰিবই লাগিব। নীতি ৰক্ষাৰ স্বাৰ্থত ব্যক্তি বিশেষৰ স্বাৰ্থ জলাঞ্জলি দিব নোৱাৰিলে কোনো পধ্যেই উচিত ৰাজধৰ্মৰ পালন হব নোৱাৰে। নীতিহীন ৰাজনীতি এক সামাজিক পাপ বুলি কৈ যোৱা জাতিৰ পিতা মহাত্মা গান্ধীৰ কথাষাৰো আজি আমি হৃদয়ংগম কৰিবৰ হ'ল, সেই কথাও নিশ্চিত।

No comments:

Post a Comment