‘ইণ্ডিয়া গট টেলেণ্ট-৬’ৰ চূড়ান্ত বিজয়ী
যোৱানিশা খবৰ পালোঁ বৰপেটা ৰোডৰ মাণিক পালে দেশৰ জনপ্ৰিয় টেলিভিশ্বন চেনেল কালাৰ্চ টিভিৰ প্ৰতিয়োগিতামূলক অনুষ্ঠান ‘ইণ্ডিয়া গট টেলেণ্ট”ৰ চূড়ান্ত বিজয়ী হৈছে। ফাইনেল ৰাউণ্ডত সোমোৱাৰ খবৰ পোৱাৰ পৰাই অনুষ্ঠানটো চোৱাৰ যথেষ্ট হেপাঁহ আছিল যদিও লোড-শ্বেডিংৰ বাবে সম্ভৱ হোৱা নাছিল বাবেই পুনৰ সম্প্ৰচাৰলৈ অপেক্ষা কৰি ৰাতিপুৱাতে উপভোগ কৰিলোঁ। অনুষ্ঠানটোৰ শেষৰ অংশত পুৰস্কাৰ বিতৰণ অনুষ্ঠান চাই থাকোতে গাৰ নোম শিয়ঁৰি উঠিছিল, মাণিকৰ কলা আৰু মাতৃৰ কান্দোনে মোক আৱেগিক কৰি তুলিছিল। আব্বাই কৈ আছিল ইয়াৰ বাপেকে চাহ বিক্ৰী কৰিছিল আৰু তেওঁক উগ্ৰপন্থীয়ে হত্যা কৰিছিল। ইফালে ইণ্ডিয়া টুডেৰ দৰে ৰাষ্ট্ৰীয় ৱেবচাইটে তেওঁক কলকতাৰ বুলিয়েই প্ৰচাৰ কৰিছে। কিছুমানে অনলাইনত মুম্বাইৰ বুলি গৌৰৱ কৰিছে!
সেয়ে অলপ খা-খবৰ ল'লো। জানিব পাৰিলোঁ বৰপেটা জিলাৰ বৰপেটা ৰোডৰ নিকটৱৰ্তী বাবুপাৰাৰ নিৱাসী স্বৰ্গীয় হাৰুল পালৰ নুমলীয়া পুত্ৰই হৈছে এই সফলতাৰ ধ্বজ উৰুওৱা মাণিক। হাৰুল পাল এসময়ত বৰপেটা ৰোডত ঠেলা গাড়ীৰ ওপৰত দোকান লগাই চাহ বিক্ৰী কৰিছিল যদিও মাণিকে হাইস্কুলত পঢ়ি থাকোতেই পিতৃক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল। পিতৃৰ বিয়োগৰ সময়ত মাতৃৰ লগত আছিল মাণিক আৰু তাৰ এজন ককায়েক আৰু এজনী বাইদেউ। আৰ্থিক দীনতাৰ বাবে মাণিকক মাতৃয়ে কোঁচবিহাৰৰ মোমায়েকৰ ঘৰলৈ পঠিয়াই দিয়ে আৰু তাৰ পৰাই মাণিকে মেট্ৰিক পাছ কৰে । আৰ্থিক দীনতা আৰু ভাত এমুঠিৰ দাগিদাত মাণিক গৈ পায় কলকাতা আৰু পাছলৈ মুম্বাই।
লোকৰ ঘৰত লগুৱা কাম কৰাৰ লগতে পদপথত ৰাতি কটোৱাৰ মাজতো মাণিকে নিজক জীৱিত ৰাখিছিল, জীৱিত ৰাখিছিল নিজৰ প্ৰতিভা । এনৈকেয়ে মাণিকৰ দিন পৰিৱৰ্তন আৰম্ভ হ’ল সমান্তৰাল ভাবে জিমনাষ্টিক আৰু এৰিয়েল ডেন্সৰ প্ৰশিক্ষণো গ্ৰহণ কৰিবলৈ ধৰিলে। প্ৰতিভাৰ তাগিদাত মাণিকে চৰ্চা অব্যাহত ৰাখি নিজৰ প্ৰতিভাক প্ৰমাণ কৰি যোৱাকালি সমগ্ৰ ভাৰতবাসীৰ মন জয়ৰে বুটলি আনিলে কলাৰ্চ টিভিৰ ‘ইণ্ডিয়া গট টেলেণ্ট’ খিতাপ। জীৱনৰ এনে প্ৰতিকূল পৰিবেশ আৰু প্ৰত্যাহ্বানৰ মাজতো এই সফলতা লাভ কৰা মাণিকলৈ অভিনন্দন। মাণিকৰ এই জীৱন সংগ্ৰামৰ কাহিনী হৈ উঠক হাজাৰজন দৰিদ্ৰ, আততায়ীৰ হাতত পিতৃ হেৰুৱা, নিথৰুৱা সন্তানৰ বাবে অলেখ আশা তথা প্ৰেৰণাৰ বন্তি স্বৰূপ।

No comments:
Post a Comment