ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

এইবাৰ আই.আই.টিত পঢ়িব পাৰিব মেডিকেল
বিজ্ঞানৰ অগ্ৰগতি আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে চিকিৎসা বিজ্ঞানকো আগুৱাই নিছে। প্ৰযু্ক্তিৰ ব্যৱহাৰ এতিয়া চিকিৎসা বিজ্ঞানৰ এৰাব নোৱাৰা কথা। চিকিৎসা বিজ্ঞানৰ বাবে বিভিন্ন অত্যাধুনিক সা-সঁজুলি, আনকি ৰবটিক চাৰ্জাৰীও আজি সম্ভৱ হৈছে ক্ষেত্ৰখনত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলতে। বায়'মেডিকেল ইনষ্ট্ৰুমেনটচন নামৰ ইঞ্জিনীয়াৰিঙৰ বিশেষ বিভাগটোৱে সৃষ্টি কৰিছে বিশ্বজুৰি চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰযুক্তিগত দিশৰ ব্যৱহাৰিক কাম-কাজৰ উন্নীতকৰণৰ বাবে বিশেষজ্ঞ অভিযন্তা। চিকিৎসা বিজ্ঞান আৰু ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম হাতে হাতে ধৰি আগবঢ়াটো হয়তো এই আধুনিক বিশ্বই নিশ্চয়কৈ দাবী কৰিছে।
হয়, ভাৰততো এই কথা সম্ভৱ কৰি তুলিবলৈ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী আগবঢ়াবলৈ আই.আই.টি খৰগপুৰে গ্ৰহণ কৰিছে ইতিবাচক পদক্ষেপ। দেশৰ শীৰ্ষস্থানীয় ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানখনে প্ৰযুক্তিবিদৰ লগতে এতিয়াৰ পৰা  দেশক উপহাৰ দিব দক্ষ চিকিৎসকো! ২০১৭ চনৰ শেষ ভাগলৈ সাজু হৈ উঠিব বৰ্তমানৰ কেম্পাছৰ গাতে লাগি থকা বিশাল ভূমিত গঢ়ি তোলা নিৰ্মীয়মান  ৪০০ বিছনাযুক্ত অত্যাধুনিক উচ্চ-মানবিশিষ্ট চিকিৎসালয়। এই চিকিৎসালয়ৰ নামাকৰণ কৰা হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দেশৰ বিশিষ্ট চিকিৎসকৰ সোঁৱৰণত  ডাঃ বি চি ৰয় চিকিৎসাবিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান ৰূপে।

"ইতিমধ্যে যোৱা বছৰতে আমি চৰকাৰৰ পৰা ২৩০ কোটি টকাৰ অনুদান লাভ কৰিছোঁ। অনতিপলমে নিৰ্মাণকাৰ্য দুৰন্ত গতিৰে চলোৱা হৈছে আৰু প্ৰায় ২৬মাহৰ ভিতৰতে ইয়াৰ প্ৰায়খিনি কাম সম্পূৰ্ণ কৰা হ'ব", আই আই টি খৰগপুৰৰ সঞ্চালক পাৰ্থ প্ৰতিম চক্ৰবৰ্তী দেৱে এই কথা প্ৰকাশ কৰে। এমবিবিএছ জাতীয় চিকিৎসাবিজ্ঞানৰ ডিগ্ৰী প্ৰদানৰ বাবে ইতিমধ্যে ভাৰতীয় চিকিৎসা পৰিষদৰ পৰা বিভাগীয় অনুমতি লোৱা হৈ গৈছে।

সমগ্ৰ বিশ্বতে প্ৰযুক্তিবিদ্যাৰ পাঠদানৰ বাবে জনাজাত আই আই টি খৰগপুৰ হ'ব চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী প্ৰদান কৰা দেশৰ ভিতৰত প্ৰথমখন আই আই টি। স্থানীয় বাসিন্দা সকলক সেৱা আগবঢ়োৱাৰ লগতে চিকিৎসালয়খনে জৈৱ-চিকিৎসা, ঔষধীয় গৱেষণা আদিৰ ক্ষেত্ৰতো কাম কৰি যাব। ভেষজ ৰূপাঙ্কণ আৰু বিলিকৰণ হ'ব চিকিৎসালয়খনৰ অন্য এক গুৰুত্ত্বপূৰ্ণ গৱেষণাৰ ক্ষেত্ৰ।


"শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনত প্ৰযুক্তিবিদ্যা আৰু চিকিৎসাবিজ্ঞানৰ দৰে দুটি ভিন্ন বিষয়ক একেলগ কৰা হ'ব। অনুসংগিক চিকিৎসালয় আৰু চেটেলাইট কেন্দ্ৰৰ সহায়ত প্ৰযুক্তিৰ সহায়লৈ ৰোগীক সেৱা আগবঢ়োৱাৰ ব্যৱস্থাও কৰা হ'ব," সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে। চিকিৎসালয়খনক ৭৫০খনবিচনা সুবিধা উপলব্ধ হোৱাকৈ নিকট ভৱিষ্যতত উন্নতি কৰা হ'ব।

কৰ্তৃপক্ষৰ তৰফৰ পৰা জ'ন হপকিন্‌চ বিশ্ববিদ্যালয়, বাল্টিমোৰ বিশ্ববিদ্যালয়, মাৰ্কিন যুক্তৰাষ্ট্ৰ, আৰু লণ্ডনস্থিত চিকিৎসা বিজ্ঞানৰ ইম্পাৰিয়েল কলেজ আদি আন্তঃৰাষ্ট্ৰীয় স্তৰৰ শিক্ষানুষ্ঠানৰ লগত এই ক্ষেত্ৰত যৌথ ভাৱে কাম কৰিবলৈ যো-জা চলি আছে।

No comments:

Post a Comment