পিয়ন খেদিব নোৱাৰা দুৰ্বল গগৈৰ গানৰ কথাৰে...
হয়তোন ৰাইজ, মিছা ক'লে কি ডাল হব হয়নে? চাৰ বুঢ়া হৈছে, শক্তিহীন, দুৰ্বলো। বয়সো হৈছে দিয়কচোন। এতিয়া আৰু হাতীৰ পিঠিত জঁপিয়াই উঠাৰ, লুইতক ভেটা দি ঠোহা পতা, চেপা পতাৰ শক্তি নাই। আগৰ দিনৰ কথা বেলেগ আছিল দিয়কচোন। জেবিত গুণ্ডাগিৰি কৰাৰ এতিয়া দিন নায়েই। আনকি দেৱীচৰণৰ ফালে অকলে এপাক মৰাৰো দিন উকলিল! অাঙুলি মূৰত বয়স গণিলেও এতিয়া ভৰিৰ আঙুলিৰ পাব পোৱা অৱস্থা। ইফালে ৰাজনীতিৰ পথাৰত কমখন যুঁজ বাগৰ চলি আছেনে? শক্তিহীন হোৱাৰে কথা। জ্যোতিষীয়ে কয়, অমুক কৰক, অমুক ধাৰণ কৰক, নহলে ডুবাটো খাটাং। ভাগ্যে গুঞ্জনকে ধৰি তোষামোদকাৰীকেইটিয়ে দিয়া ভৰসাত চলি আছে বাবেহে! সেয়ে মানি লওক, চাৰৰ এতিয়া পিয়ন এটা খেদাৰো শক্তি নাই! সৰ্বশক্তিমান ৰাকেশ্বৰ পালক? আও যিজনে চাৰকে ঢাল বুলি ব্যৱহাৰ কৰিব পাৰে, সেই শক্তিমন্তক খেদিব! ৰাইজ সপোনাতো নাভাবিব বুজিছে। এনেয়ে মনত দুখ পাব!
চাৰৰ দিন লাহে লাহে উকলিছেই। চাউল কথা উকলাৰ সময়ত, জুইকুৰা নিৰ্বাপিত হোৱাৰ সময়ত এবাৰ যে ভমককৈ জ্বলি উঠে, তেনেদৰেই তেওঁ এতিয়া দুই এটা লাগ-বান্ধ নোহোৱা কথা কয়। ৰাইজে গাজত লাগিলেও গাত পাতি নলব দেই। তিনি শইত খাই কৈছো, আমাৰ চাৰে এতিয়া কি কৰিছে, কি গাইছে নিজৰেই শুচ যে আছে সন্দেহ। ইফালে কইনাধৰাৰ গাদীতো কনপোনাই দৰবাৰ বহোৱাৰ আখৰা কৰিছেই! ইফালে জালুকগুটি শৰ্মা লৈ অনবৰতে সাজু উদ্যত চিপৰাং লৈ! ৰকিভাই কোনদিনা সুযোগ লয় কি পাত্তা! সেয়ে দুৰ্বল গগৈ নিচাদেউলৈ অলপ আপোনালোকেও সহানুভূতিৰে চাওক।
চাৰে আচলতে সকলো বুজে। আজিকালি চবৰে দাম বাঢ়িছে। চাউলৰো, চাকৰিৰো। মাটি বাৰী বিক্ৰী কৰি যি কেইটা মেনেজ কৰাৰ প্ৰতিভা থকা অসমীয়া সন্তানে যেনেতেনে চাকৰি কিনিছে, এই কলিকালতনো তদন্ত কৰি সেই কেইটিৰ মূৰত ৰাম-টাঙোন দিব পাৰিবনে চাৰে। এই বুঢ়া বয়সত তেওঁ এনে মহাপাপ কৰি ৰৌ ৰৌ নৰকৰ ৰিক্স লব নোৱাৰে।
ইফালে কনপোনাৰ ৰাজনীতিৰ খেতিৰ ভেটিত বোলে ৰাকেশ্বৰৰ ভোটৰ বাঁহ এটা আছে। একদম খাটি, গোট গোট মৌবাঁহ। সেইটোৰ পালক ৰাকেশ্বৰক খেদি চাৰে নিজৰ পোহনীয়া বাকচত জুই দিয়াহেন নহবনে। সকলোৱে বুজে, জানে! চাৰৰ দৰেই সেয়ে সকলোৱে কয়, হে হৰি কলিকাল, যি হয় তাকেই ভাল! এই ফৰ্মূলাতে চব চলি আছে। আনকি আমাৰ বৃদ্ধোজ্বল ভট্টও! আজিলৈকে বিয়া নাই, বাৰু নাই। জাতীয়তাবাদীৰ ডনেছন বক্স থাকিলে কি ডাল হবহে, ভৱিষ্যত নাই। এনেয়ে এতিয়া আদবয়সতো উপবাস ৰাখি মন্দিৰত মনসা পূজা কৰি ফুৰিছেনে। দেখাই দেখিছে, বুজাই বুজিছে দিয়কচোন, তেওঁৰ অন্তৰৰ দুখ! তাতেনো কোন চকু চৰহাই ফটোখন তুলি ৰাকেশ্বৰৰ সৈতে মিতিৰালি থকাৰ বতৰা দিলে হয়! ভকতিৰ একেটি সুৰহে তেওঁলোকে গাইছে! বুজাই বুজে, এনেয়ে কয় নে বোলে, বুজাই বুজিব সামন্ত্যক মণি, নুবুজাই বুজিব কাউৰীৰ কণী!
মানুহ মায়াত বন্দী,চাৰো। ৰজা হ'লে মায়াও বেছি, বন্দীত্বও। টকা বিচৰা মানুহৰ কিমান লানি লাগি থাকে। সকলোকে দিবলৈ তেওঁতো গোটাব লাগিব। গোটোৱা, দিয়া, গোটোৱা দিয়া কৰি জনকল্যাণ কৰি থাকোতেই মানুহটোৰ সৰলতাৰ সুযোগ ল'লে বহুতে। চাৰে ভাবিছিল, তেওঁ ব্যৱহাৰ কৰি আছে আনক। গাওঁবুঢ়া সাজি সদায় বহি-খাওবুঢ়া হৈ থাকিব। পিছে সকলোৰে হাতে হাতে আজিকালি মোবাইল, কেমেৰা। খোৱাতো খায়েই, দিয়ায়ো দিয়ে। পিছে থালীখন আৰু দিয়াজনৰ, লোৱাজনৰ ফটোও লৈ থৈ দিয়ে। মিছা ক'লে কি ডাল হব! চাৰে ধৰিম বুলি ক'লে ৰেকৰ্ড বজায়। চাৰ ডুবিলে আপোনাকো লৈ ডুবিম! জীৱনৰ শেষকালতো কইনাধৰাৰ টিঙতে উঠি থকাৰ মন ছাৰৰ! ডুবাৰ কথা কলেই ভয়তে তাপ মাৰে! মিছা ক'লে কি ডাল হবহে!
বুজাই বুজে! নুবুজাবোৰ অখিল হেন হয়! সেয়ে তেওঁলোককো বুজনি দিবলৈ শিকনি দিবলৈ বিনামূলীয়া ভাত খোৱাবলৈ পঠাইছে চাৰে। বোলে চাকৰি ধন দি কিনা সকলক চৌ-ঠেঙিয়া কৰিব নোৱাৰে। এডভান্স বুকিঙৰ কথা, দুই নম্বৰীতো কিন্তু নিষ্ঠাৰ কথাটো প্ৰথম দেই। প্ৰমিজ ইজ প্ৰমিজ! প্ৰতিশ্ৰুতিজনী প্ৰতিশ্ৰুতিয়েই! গুলমলীয়াবোৰ জেলত থাকোতেই ইফালে এই সকল মলমলীয়া অসমীয়াৰ নিযুক্তি পক্কা কৰিব। তেহে বোলে এওঁলোকে কনপোনাৰ দিনত ৰাজহাড় নাইকীয়া বিষয়া হৈ থাকিব। মিছা ক'লে কি ডাল হবহে! সবৰে নিজৰ নিজৰ অংক!
সেয়ে বোলে আজিকালি জেঠৰ ৰাতি চাৰে কইনাধৰা পাহাৰৰ ওপৰত গান গায়। চৰাই চিৰিকতি বোৰে তেওঁৰ দুখৰ আলাপা-প্ৰলাপ শুনে। চকুপানী টুকে! চাৰে গায়, জাঁজী নৈ এৰিব নোৱাৰো, দিখৌ নৈ এৰিব নোৱাৰো! পিয়নো খেদিব নোৱাৰো, ৰাকেশ্বৰক, ধুৰ নোৱোৰো নোৱোৰা......! বুজাই বুজিছে, নুবুজাবোৰ জেললৈ গৈছে। আপোনালোকেও অসহায় মানুহক উপলুঙা নকৰিব দেই! মিছা ক'লে কি ডাল হবহে!

bhal lagil
ReplyDelete