বাগধাৰামূলক জনপ্ৰিয় ব্যাখ্যাৰ লগত ন্যস্ত স্বাৰ্থ জড়িত থাকে ৷ এই বাগধাৰাবোৰৰ তাত্বিক অথবা বস্তুনিষ্ঠ বিশ্লেষণ আৰু আলোচনা কৰিবলৈ বিশেষ একোৱে নাথাকে ৷ প্ৰশাসনিক পৰ্যায়ৰ বিতৰ্কতেই আতিগুৰি মাৰিব পৰা যায় ৷ সেয়ে সদায় আচল বিতৰ্ক বাদ দি ব্যক্তিগত আক্ৰমনৰ যোগেদি বাগধাৰামূলক পাৰ্থক্য বজাই ৰাথিবলৈ চেষ্টা কৰা হয় যাতে ন্যস্তস্বাৰ্থ অক্ষুন্ন থাকে ৷ অসমৰ অনুপ্ৰৱেশৰ সমস্যাটোৰ ক্ষেত্ৰত তলৰ বাস্তৱতাসমূহ আৰু সমাধানৰ পথৰ ওপৰত দ্বিমত থকাটো একেবাৰে অসম্ভৱ কথা ৷
১) অসমৰ নিৰ্দ্ধাৰিত চাৰিসীমা আৰু তাক প্ৰতিপন্ন কৰা জাতীয় সংজ্ঞাৰ মাজত সংঘাতৰ ফলস্বৰূপে ঐতিহাসিক প্ৰব্ৰজন অবৈধ অনুপ্ৰৱেশত পৰিনত হয় । অনুপ্ৰৱেশ জৰ্জৰিত এই ভুখণ্ডৰ বাবে জাতীয় সংজ্ঞাৰ নিৰ্ধাৰণ আমাৰ ৰাষ্ট্ৰব্যৱস্থাৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰে । এনে পটভূমিতেই ভিত্তিবৰ্ষ হিচাবে ১৯৫১ বা ১৯৭১ চনক লোৱাৰ ক্ষেত্ৰত বিতৰ্ক আহিছে ৷
২) ১৯৪৭ চনৰ বিভাজন বা ১৯৭১ চনৰ চুবুৰীয়া বাংলাদেশৰ (পূব পাকিস্তান)গৃহযুদ্ধৰ সময়ত অহা অনুপ্ৰৱেশকাৰীসকল আছিল মুলত পৰিৱৰ্তিত ৰাজনৈতিক বা যুদ্ধকালীন পৰিস্থিতিৰ অৰাজকতাৰ পৰা পলায়ন কৰা । কিন্তু তাৰ পাছৰ সময়ছোৱাৰ অনুপ্ৰৱেশৰ কাৰক চুবুৰীয়া ৰাষ্ট্ৰৰ দৰিদ্ৰতা ।
৩) ১৯৫০ চনত সম্পাদিত ভাৰত-পাকিস্তান চুক্তি অনুসৰি বিভাজনৰ পাছত ১৯৫০ চনৰ ৩১ ডিছেম্বৰলৈকে পাকিস্তানৰ পৰা অহাসকলক ভাৰতীয় বুলি স্বীকাৰ কৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ সংশোধন কৰা হয় । পাছত বাংলাদেশৰ জন্ম হোৱাৰ লগে লগে ভাৰত-বাংলাদেশৰ মাজৰ চুক্তি অনুসৰি ১৯৭১ চনৰ আগতে পূব-পাকিস্তানৰ পৰা আহি ভাৰতত থিতাপি লোৱা অনুপ্ৰৱেশকাৰীসকলক ওভতাই পঠিওৱাৰ বাট বন্ধ হৈ পৰিল । বিদেশী বহিষ্কাৰ কৰাৰ বাবেই কৰা অসম আন্দোলনৰ পৰিণতিত স্বাক্ষৰ হোৱা অসম চুক্তিৰ আধাৰতে ১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইনৰ সংশোধন কৰি নতুন দফা সন্নিৱিষ্ট কৰিলে যাতে ১৯৭১ চনলৈ পূব পাকিস্তানৰ পৰা অসমলৈ অহা লোক সকল এই দেশৰ বৈধ নাগৰিক হৈ পৰে ।
৪) অসম চুক্তিৰ মতে ১৯৭১ চন ভিত্তিবৰ্ষ হ’ল ৷ কিন্তু ১৯৭১ চনৰ পাছৰ অবৈধ নাগৰিকসকলৰ বহিষ্কৰণৰ বাবে দৰকাৰী কোনো নিৰ্দিষ্ট প্ৰশাসনিক ব্যৱস্থাৰ কথা অসম চুক্তিত উল্লেখ নাই । এখন ৰাজ্যৰ প্ৰশাসন বা এটা আঞ্চলিক ৰাজনৈতিক দলৰ পৰিসৰৰ ভিতৰত এনে আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ কোনো প্ৰশাসনিক সমাধানসূত্ৰ নথকাই স্বাভাৱিক । গতিকে, এই চুক্তিয়ে আঞ্চলিকতাবাদৰ নামত কেৱল নিৰ্বাচনী ৰাজনীতিৰহে সুচনা কৰিলে ৷ লগে লগে ১৯৮৫ চনত চৰকাৰ গঠনৰ লগেলগেই এজন মন্ত্ৰীয়ে “অসমত বিদেশী নাই” বুলি কৰা ঘোষনাত আচৰিত হ’ব লগা একো নাছিল ৷ এনে ঘোষণা আচলতে প্ৰাক-নিৰ্বাচনী সমস্যাটো সমাধানৰ প্ৰকৃত আৰু বাস্তৱায়িত চবিখনৰ অনুধাৱনৰ ফলশ্ৰুতি আছিল ৷
৫) প্ৰকৃতাৰ্থত অনুপ্ৰৱেশ ৰোধৰ বাবে সীমা সুৰক্ষা বল আৰু চিনাক্তকৰণৰ বাবে বিদেশী ন্যায়াধিকৰণৰ ওপৰতে দায়িত্ব ন্যস্ত আছিল । অসম চুক্তিৰ ৯ নং দফাত সন্নিৱিষ্ট থকা নিৰ্দেশাৱলীৰ মতেও ভাৰতৰ হাতত কাটা তাঁৰৰ বেৰা আৰু সীমাৰ তদাৰকতাৰ বাদে অন্য তাৎকালিক বিকল্প নাছিল । প্ৰশাসনিকভাৱে ভাৰত চৰকাৰৰ সন্মুখত বিৰাজমান অনিশ্চয়তাৰ মূল কাৰণ আছিল অনুপ্ৰৱেশৰ বৃহৎ জনসংখ্যা হেতু প্ৰায় অসম্ভৱ বিতাৰণ প্ৰকল্প আৰু ছিদ্ৰযুক্ত সীমা । গতিকে, এনে নিগূঢ় বিস্তৱতাৰ আলমত বাংলাদেশীৰ প্ৰব্ৰজনক লৈ নিৰ্বাচনী অংক কৰা সকলে ৰাজহুৱাভাবে “অসমত বিদেশী নাই” বুলি ঘোষণা কৰি অহাৰ পৰম্পৰা আছে ।
৬) ভাৰতবৰ্ষলৈ হোৱা হিন্দু বাংলাদেশীৰ প্ৰৱজনৰ কাৰণ ধৰ্মীয় উন্মাদনা নে আৰ্থ-সামাজিক? কেনেকৈ বিচাৰ কৰা হ’ব কোন কেনেকৈ আহিল ? সকলো কেৱল ধৰ্মীয় উন্মাদনাৰ বলি হৈ আহিছে বুলি ধৰি লোৱাটো অযুক্তিকৰ ৷ অনুপ্ৰৱশকাৰীক ধৰ্মৰ ভিত্তিত বিভক্ত কৰাৰ নীতি অগণতান্ত্ৰিক আৰু অসাংবিধানিক ৷ সেয়ে, কোনো যুক্তি বা তথ্যই নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ক প্ৰতিপন্ন কৰিব নোৱাৰে ৷
৭) উপৰোক্ত আলোচনাৰ পৰা এটা কথা ঠিক যে অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত এক দক্ষ আৰু দায়িত্বশীল প্ৰশাসনৰহে প্ৰয়োজন ৷ ইতিমধ্যে অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণৰ বাবে এন আৰ চিৰ পুনৰনবীকৰণ হৈছে ৷ বাংলাদেশৰ সৈতে দ্বিপাক্ষিক আলোচনাত বিতাৰণে অগ্ৰাধিকাৰ পাব লাগিব ৷ বাংলাদেশৰ সহযোগিতা অবিহনে বিতাৰণ অসম্ভৱ ৷ চিনাক্ত অনুপ্ৰৱেশকাৰীসকলৰ বাবে কামৰ অনুজ্ঞাপত্ৰ জাতীয় কিবা মধ্যৱৰ্তীকালীন ব্যৱস্থা থাকিব পাৰে ৷ নাগৰিকত্বৰ প্ৰশ্ন অবান্তৰ আৰু কেতিয়াও আহিব নোৱাৰে ৷
এই নিগূঢ় বাস্তৱৰ মাজত কোনোবা কাৰোবাৰ প্ৰেমিক বা শত্ৰু নহয় আৰু তেনে কোনো কাল্পনিক প্ৰেম-বিদ্বেষৰ বাস্তৱিক ভিত্তি নাই ৷ এই প্ৰেম-বিদ্বেষৰ কাহিনী নিৰ্বাচনী ৰাজনীতিৰ প্ৰৱক্তাসকলেহে ৰচনা কৰে ৷
No comments:
Post a Comment