ৰাষ্ট্ৰ আৰু দেশ জানো একে? দেশ,ধনী দুখীয়া সকলোৰে৷ ৰাষ্ট্ৰ হ’ল দেশ চলোৱা যন্ত্ৰ৷ ৰাষ্ট্ৰৰ ভিন ভিন বিভাগ আছে৷ ভাৰতীয় ৰাষ্ট্ৰৰ মূল কাঠামোটো পশ্চিমীয়া আৰ্হিৰ, যদিও তাত স্বাধীনতা আন্দোলনৰ প্ৰভাৱ সুস্পষ্ট৷দেশ স্বাধীন হোৱাৰ পিছত সংবিধান প্ৰণয়ন কৰা হ’ল৷ আমাৰ সংবিধানখন এখন নিৰ্জিব নথি নহয়৷ স্বাধীনতা আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰতিফলিত কৰি প্ৰস্তুত কৰা ই আছিল ভাৰতক পুনৰ নিৰ্মাণ কৰাৰ এক খচৰা৷ আমি ভাগ্যৱান যে দেশ আৰু মানুহৰ কথা চিন্তাকৰা, দেশৰ মানুহৰ বাবে কষ্ট সহ্য কৰি আত্মবলিদান দিবলৈ কুন্ঠাবোধ নকৰা আদৰ্শত বিশ্বাসকৰা এচাম উদাৰমনা আৰু শিক্ষিত লোকে, জনসাধাৰণৰ সকলো অংশক সামৰি,এক দীৰ্ঘ প্ৰক্ৰিয়াৰ যোগেদি ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিছিল৷সংবিধান সভাৰ ইতিহাসৰ কথা আমি সকলোৱে জানো৷ গুৰুত্বপূৰ্ণ কথা হ’ল সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত সংবিধান প্ৰণেতাসকল শাসনত নাছিল৷ ক্ষমতা নহয়, সৎ উদ্দেশ্যহে আছিল তেওঁলোকৰ পাথেয়৷
সংবিধান সভাই সংসদীয় গণতান্ত্ৰিক পদ্ধতিটোকে আমাৰ দেশৰ বাবে আদৰ্শ ব্যৱস্থা হিচাপে বাচি লৈছিল৷ সাংবিধানিক লক্ষ্য আৰু উদ্দেশ্যসমূহ ফলৱতী কৰিবলৈ সময়ে সময়ে আইন প্ৰণেতাসকলে বিভিন্ন আইন প্ৰণয়নকৰি ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত বিভিন্ন নিকায়, নিগম আৰু সংস্থাৰ সৃষ্টি কৰিছিল ৷ এই অসামৰিক আৰু সামৰিক অনুষ্ঠানবোৰ লৈয়ে ভাৰতীয় ৰাষ্ট্ৰ৷ ৰাষ্ট্ৰৰ বিষয়ে দুটা দৃষ্টিভংগী আছে: (১)ই এক সৰ্বশক্তিমান কেন্দ্ৰীভূত অৱদমনৰ হাতিয়াৰ,(২)জনগণকল্যাণকামী কাৰ্যসূচী প্ৰয়োগৰ যন্ত্ৰ৷ অতি বামপন্থীসকল প্ৰথম দৃষ্টিভংগীটোত বিশ্বাসী, যদিও এতিয়ালৈকে তেওঁলোকে তাৰ কোনো গ্ৰহণযোগ্য বিকল্প আমাৰ আগত দাঙি ধৰিব পৰা নাই৷ বাকী, সাম্যবাদী বা আমাৰ দৰে উদাৰ মানবতাবাদী আৰু সমাজগণনতন্ত্ৰীসকল কিন্তু দ্বিতীয় দৃষ্টিভংগীটোতহে বিশ্বাসী৷ এইখিনিতে আইনৰ শাসনৰ প্ৰশ্নটো আহে৷ সাংবিধানিকভাবে নিৰ্বাচিত চৰকাৰ এখনে বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ বাবে সময়ে সময়ে নতুন নতুন বিধি প্ৰণয়ন কৰিব পাৰে, প্ৰয়োজনত সংবিধানৰ মৌলিক কাঠামোটো হাত নিদিয়াকৈ সংবিধান সংশোধনো কৰিব পাৰে ৷
কিন্তু,বৰ্তমান চৰকাৰে আমাৰ ৰাষ্ট্ৰ যন্ত্ৰটোকে ধ্বংস কৰিব বিচাৰিছে, স্বয়ং শাসিত অনুষ্ঠানবোৰ অকামিলা কৰিব বিচাৰিছে বুলি কিয় সকলোৱে তাৰ প্ৰতিবাদ কৰিছে? প্ৰথম কথা হ’ল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ মতাদৰ্শটো ভাৰতীয় সংবিধানৰ মতাদৰ্শৰ লগত খাপ নোখোৱা এটা মতাদৰ্শ৷ আমাৰ সংবিধানখন হ’ল ধৰ্মনিৰপেক্ষ, কিন্তু ভাৰতীয় জনতা পাৰ্টিটো হ’ল ধৰ্মসাপেক্ষ এটা ৰাজনৈতিক দল৷ তেওঁলোকে কেৱল হিন্দু ধৰ্মৰ পৰাকাষ্ঠা কৰে৷ ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি ক্ষমতালৈ আহিছে যদিও, তেওঁলোকৰ লক্ষ্য উদ্দশ্য কেৱল হিন্দুহে৷ তাতোকৈ ডাঙৰ কথা আমাৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে সকলো বিধি ব্যৱস্থাকে আওকান কৰি তেওঁৰ ইচ্ছা অনিচ্ছাকে আইন কৰিব খোজে৷ দুবছৰ আগৰ কথা, কি জানো প্ৰসংগত তেওঁ কৈছিল: "মই তেওঁলোকক কৈছোঁ কি কি পুৰণি অদৰ্কাৰী আইন আছে এখন এখন কৈ বিচাৰি উলিওৱা আৰু সেইবোৰ পেলাই দিয়া৷" কি কথা কয়? আইন প্ৰস্তুত কৰা আৰু বাতিলকৰাৰ এটা প্ৰক্ৰিয়া নাই জানো? প্ৰধান মন্ত্ৰী হ’ল বুলিয়ে তেওঁ তেওঁৰ খিয়াল খুচি মতে আইন ভঙা পতা কৰিব পাৰিব নে? সাংবিধানিক প্ৰক্ৰিয়া বোলা বস্তু এটা নাই জানো?
দেশখনৰ কোনটো অনুষ্ঠানৰ ওপৰত এওঁলোকে হেঁচা প্ৰয়োগ নকৰাকৈ আছে? আগৰজন মুখ্য ন্যায়ধীশৰ সময়ত এই চৰকাৰখনে কি কৰিছিল আমি সকলোৱে দেখিছিলোঁ৷ জৱাহৰলাল বিশ্ববিদ্যালয়খনততো এওঁলোকে জুই জ্বলায়ে আছে৷ শেহতীয়াভাবে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু চি বি আইত কি হৈ আছে আপোনালোকে দেখিছেই৷এই অনুষ্ঠানবোৰ নো কি? এইবোৰ সাংবিধানিক কাঠামোৰ ভিতৰত সংসদত গৃহীত আইনৰ দ্বাৰা গঠিত স্বংসশাসিত সংস্থা৷এই সংস্থাসমূহ পৰিচলনা কৰাৰ কেতবোৰ নিয়ম কানুন আৰু প্ৰক্ৰিয়া আছে৷ এইবোৰ মূলতঃ পৰিচালিত হ’ব লাগিব পেছাদাৰী আৰু বিশেজ্ঞৰ দ্বাৰা৷ ৰাজনীতিকৰ দৰে কেৱল ধনবল আৰু জনবলৰ দ্বাৰা ক্ষমতা দখলকৰা লোকৰ দ্বাৰা নহয়৷ এই অনুষ্ঠানবোৰে একো একোটা নিৰ্দিষ্ট ক্ষেত্ৰত দেশৰ জনগণৰ স্বাৰ্থত সেৱা আগবঢ়াই আহিছে৷ এই অনুষ্ঠানবোৰ অকামিলা কৰাৰ অৰ্থ হ’ল দেশখনকে অকামিলা কৰা৷ উচ্চতম ন্যায়ালয়ৰে কথা চিন্তা কৰকচোন৷ উচ্চতম ন্যায়লয় যদি চৰকাৰৰ বহতীয়া হয়, এই দেশখনত কিবা থাকিব নে? আগৰজন জন মুখ্য ন্যায়ধীশৰ দিনত চৰকাৰে সেইটোৱেই কৰিব বিচাৰিছিল৷ভাগ্যে যেনিবা শেষৰ ফালে তেওঁৰ কিছু সুমতিৰ উদয় হ’ল৷ বোধহয়, চাৰিজন বিচাৰপতিয়ে যোৱা ১২ জানুৱাৰীত কৰা প্ৰেছমেলখনেও কাম দিলে৷তাৰ পিছত ৰিজাৰ্ভ বেংকত কি দেখিলোঁ৷ ৰঘুৰাম ৰাজন কি এজন সুদক্ষ গভৰ্ণৰ আছিল! বৃহৎ পুঁজিপতিসকলে চৰকাৰী খণ্ডৰ বেংকৰ পৰা কোটি কোটি টকাৰ ঋণলৈ সেই ঋণ পৰিশোধ নকৰি আমাৰ ৰাজহুৱাখণ্ডৰ বেংকবোৰৰ অৱস্থা কঙাল কৰি পেলাইছে৷ ৰাজনে এই বেংকবোৰ কেনেকৈ টনকিয়াল কৰি তুলিব পাৰি তাৰ বাবে নানা ব্যৱস্থা লৈছিল৷ এই যে ধনী কম্পেনীবোৰে ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা লোণ লয় আৰু প্ৰকল্পটো সফল হ’লে লাভৰ সিংহভাগ তেওঁলোকৰ আৰু মাৰখালে তাৰ বোজা ল’ব লাগে বেংকে৷ এই বিষয়ে তেওঁৰ "I do what I do" নামৰ কিতাপখনত তেওঁ কি কৈছে চাওকচোন৷"What I am warning against is the uneven sharing of risk and returns in enterprise,against all contractual norms established the world over- where promoters have a class of 'super' equity which trains all the upside in good times and very little of downside in bad times,while creditors,typically public sector banks,hold 'junior' debt and get none of the fat returns in good times while absorbing much of the losses in bad times." ৰাজনে ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতাৰ ওপৰত গুৰুত্ব দিছিল৷ ৰিজাৰ্ভ বেংকৰ কামকাজত চৰকাৰৰ অযথা হস্তক্ষেপৰ তেওঁ বিৰোধিতা কৰিছিল৷ তেওঁ লোৱা অৱস্থানৰ বাবেই চৰকাৰে দ্বিতীয়বাৰৰ বাবে তেওঁক ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ নাপাতিলে৷
তাৰ পিছত, উৰ্জিৎ পেটেলৰ দিনতো ৰিজাৰ্ভ বেংকে আশংকা প্ৰকাশ কৰা সত্বেও এই চৰকাৰখনে বিমূদ্ৰাকৰণৰ দ্বাৰা আমাৰ দেশৰ অৰ্থনীতিত কি খেলিমেলিখন কৰিলে আমি আটয়ে দেখা পালোঁ৷চৰকাৰে যেতিয়া ক’লা ধন আৰু নকল নোটৰ দোহাই দি বিমূদ্ৰাকৰণৰ বাবে বাবে চুপাৰিচ কৰি আৰ বি আইৰ মতামত বিচাৰিছিল, দ্বিধা আৰু অনিচ্ছাৰে চৰকাৰৰ সিদ্ধান্ত মানি লৈও আৰ বি আয়ে স্পষ্ট ভাষাত কৈছিল যে নগদ টকা নহয় ক’লা ধন মানুহ ৰাখে সোণ-ৰূপত আৰু সেই ধন খটুৱাই গৃহ নিৰ্মাণতহে৷এতিয়া চৰকাৰে ৰিজাৰ্ভ বেংকৰ সঞ্চিত ধন ভাণ্ডাৰত হাত দিব বিচাৰিছে৷
তাৰ পিছত, উৰ্জিৎ পেটেলৰ দিনতো ৰিজাৰ্ভ বেংকে আশংকা প্ৰকাশ কৰা সত্বেও এই চৰকাৰখনে বিমূদ্ৰাকৰণৰ দ্বাৰা আমাৰ দেশৰ অৰ্থনীতিত কি খেলিমেলিখন কৰিলে আমি আটয়ে দেখা পালোঁ৷চৰকাৰে যেতিয়া ক’লা ধন আৰু নকল নোটৰ দোহাই দি বিমূদ্ৰাকৰণৰ বাবে বাবে চুপাৰিচ কৰি আৰ বি আইৰ মতামত বিচাৰিছিল, দ্বিধা আৰু অনিচ্ছাৰে চৰকাৰৰ সিদ্ধান্ত মানি লৈও আৰ বি আয়ে স্পষ্ট ভাষাত কৈছিল যে নগদ টকা নহয় ক’লা ধন মানুহ ৰাখে সোণ-ৰূপত আৰু সেই ধন খটুৱাই গৃহ নিৰ্মাণতহে৷এতিয়া চৰকাৰে ৰিজাৰ্ভ বেংকৰ সঞ্চিত ধন ভাণ্ডাৰত হাত দিব বিচাৰিছে৷
মন কৰিব প্ৰতি বছৰে ৰিজাৰ্ভ বেংকে ইয়াৰ বাৰ্ষিক লাভাংশৰ পৰা এক শকত পৰিমাণৰ ধন চৰকাৰক দি আহিছে৷ এই বছৰো আগষ্ট মাহত আৰ বি আই চৰকাৰক ৫০,০০০ কোটি টকা দিছে৷এতিয়া উপৰঞ্চিভাবে চৰকাৰে আৰু ৩.৬ লাখ কৌটি টকা আৰ বি আইৰ পৰা বিচাৰিছে৷ আৰ বি আইৰ বাৰ্ষিক লভ্যাংশৰ বেছি টকা আৰ বি আই কিয় চৰকাৰক দিব নোৱাৰে বা দিয়া উচিত নহয় এই বিষয়ে পূৰ্বৰ গভৰ্ণৰ ৰাজনে তেওঁৰ পূৰ্বোক্ত কিতাপখনৰ ২২০-২২৩ পৃষ্ঠাত অতি সুন্দৰকৈ উল্লেখ কৰিছে৷ দেখাত এই ধন চৰকাৰে মাফতে পোৱা যেন লাগিব পাৰে, কিন্তু কথাটো সেইটো নহয়৷ ই চৰকাৰৰ বাবে এক ধৰণৰ নিৰাপত্তাৰ চুক্তিহে,হস্তান্তৰযোগ্য প্ৰকৃত ধন নহয়৷ আৰ বি আইৰ সঞ্চিত ধনৰ ভাণ্ডাৰ বাঢ়িলে কেন্দ্ৰীয় বেংক হিচাপে দেশৰ ভিতৰতে নহয় আন্তৰ্জাতিক বজাৰতো আৰ বি আইৰ নিৰ্ভৰযোগ্যতা বাঢ়িব৷ এই অধ্যায়টোতে ৰাজনে আৰ বি আই স্বতন্ত্ৰতা কিয় ৰক্ষা কৰিব লাগে তাৰ বিষয়ে লিখিছে৷
তাৰ পিছত আহো চি বি আইৰ কথালৈ৷ চি বি আইত কি হৈছে দেখিছে নে ? ইয়াৰ আগতে কেতিয়াবা চি বি আইত আমি এনে বিশৃংখলা দেখিছিলোঁ নে? দেশৰ মূল অপৰাধ অনুসন্ধানমূলক অনুষ্ঠানটোৰ সঞ্চালকজনক নিয়োগ বা অপসাৰণ কৰা কথাটো এটা মামূলি বিভাগীয় বিষয় নহয়৷ প্ৰধান মন্ত্ৰী, বিৰোধী দলৰ দলপতি আৰু ভাৰতৰ মুখ্য ন্যায়ধীশক লৈ গঠিত কমিটি এখনেহে এই সিদ্ধন্ত ল’ব পাৰে৷কিন্তু,চি বি আইৰ সঞ্চালক আলোক বাৰ্মা চৰকাৰৰ কথা মতে উঠা-বহা নকৰা বাবেই নিশাটোৰ ভিতৰতে তেওঁক আতঁৰাই পেলোৱা হ’ল ভিজিলেঞ্চ কমিশ্যনৰ কিবা অভিযোগৰ কথাকৈ৷ এতিয়াতো আমি দেখিলোৱেই ভিজিলেঞ্চ কমিশ্যনে তেওঁৰ বিৰুদ্ধে একো এটা অভিযোগেই প্ৰমাণ কৰিব নোৱাৰিলে৷ মোকৰ্দমা এতিয়াও উচ্চতম ন্যায়লয়ত৷ চৰকাৰী হস্তক্ষেপ আগতে নাছিল বুলি ক’লে ভুল হ’ব৷ কিন্তু, এতিয়া সকলো নীতি, নিয়ম জ্বলাঞ্জলি দি ভাৰতীয় জনতা পাৰ্টি আৰু আৰ এচ এচএ যি ধৰণে চৰকাৰী অনুষ্ঠান আৰু সিদ্ধান্তবোৰত হস্তক্ষেপ কৰিছে সেইটো আগতে কেতিয়াও হোৱা নাছিল৷ সাধু সন্নাসীয়ে যদি আজি একবিংশ শতিকাত আমাক শাসন কৰিবলৈ হয়, দেশ ক’লৈ যাব ভাবি চাওক৷
(লেখাটি দৈনিক অসম কাকততো প্ৰকাশ পাইছে)
No comments:
Post a Comment