স্বাস্থ্যঃ ক্ৰনিক কিডনি ৰোগৰ প্ৰতিকাৰঃ জানিবলগীয়া কিছু কথা :: ডা০ ভূপেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্যঃ ক্ৰনিক কিডনি ৰোগৰ প্ৰতিকাৰঃ জানিবলগীয়া কিছু কথা ::  ডা০ ভূপেন শইকীয়া

স্বাস্থ্যঃ ক্ৰনিক কিডনি ৰোগৰ প্ৰতিকাৰঃ জানিবলগীয়া কিছু কথা :: ডা০ ভূপেন শইকীয়া

Share This
আগকথা: আমাৰ দেশ ভাৰতবৰ্ষৰ জনসংখ্যা বিশ্বৰ জনসংখ্যাৰ ১৭শতাংশ৷ তাৰে ক্ৰনিক কিডনিৰ ৰোগীৰ সংখ্যা কিমান তাৰ সঠিক পৰিসংখ্যা কবলৈ টান৷ কিন্তু সমগ্ৰ বিশ্বতে ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপৰ ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰাৰ ফলত ক্ৰনিক কিডনিৰ ৰোগীৰ (প্ৰচলিত চমু মেডিকেল নামাকৰণ হ'ল CKD) সংখ্যা আমাৰ দেশতো ভয়াবহভাবে বৃদ্ধি পাব ধৰিছে৷ ২০১০চনৰ এক সমীক্ষামতে বিলাতত ৬শতাংশ পুৰুষ আৰু ৭শতাংশ মহিলা হ'ল কিডনিৰ ৰোগী৷ আমেৰিকাত মুঠ জনসংখ্যাৰ ১০ শতাংশ কিডনিৰ অসুখৰ ভুক্তভোগী৷ একেদৰেই অষ্ট্ৰেলিয়া মহাদেশতো প্ৰতি ১০জন নাগৰিকৰ এজন হ'ল কিডনিৰ ৰোগী৷ 

২০১৬চনৰ আগষ্ট মাহত প্ৰকাশিত এক বাতৰিমতে বিগত দেড়টা দশকত ভাৰতবৰ্ষত কিডনি ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে৷ ইণ্ডিয়ান মেডিকেল এচচিয়েচনৰ বিশেষজ্ঞই অৱগত কৰোৱামতে আমাৰ দেশত বৰ্তমান প্ৰতি এশজনৰ ভিতৰত ১৭জনেই কিডনিৰ অসুখৰ ৰোগী৷ এই পৰিপেক্ষিতত কিডনি ৰোগীৰ পথ্য আৰু কুপথ্যৰ বিষয়ে এটি আলোচনা আগবঢ়ালোঁ৷ কিয়নো মহাত্মা গান্ধীয়েই কৈ গৈছিল-স্বাস্থ্যই পৰম ধন৷

কিডনি, মূত্ৰ-প্ৰণালী (Urinary system) আৰু ইয়াৰ ক্ৰিয়া-কলাপঃ
কিডনি হ'ল মানৱ দেহৰ এক অতি লাগতিয়াল অংগ৷ প্ৰত্যেক মানুহৰে দুটাকৈ কিডনি থাকে৷ প্ৰতিটোৰ আকৃতি দেখিবলৈ বীনৰ দৰে আৰু ই দীঘলে ১০ৰ পৰা ১২চেন্টিমিটাৰ আৰু বহলে ৫ৰ পৰা ৭চেন্টিমিটাৰ আকাৰৰ হয়৷ এজন প্ৰাপ্তবয়স্ক লোকৰ একোটা কিডনিৰ ওজন প্ৰায় ১৬০গ্ৰাম - অৰ্থাৎ একোটা কিডনি হাতৰ মুঠিটোৰ সমান হব৷ কিডনিৰ অৱস্থান হ'ল পেটৰ গহ্বৰত দুয়ো পিনে কামিহাঁড় আৰু ডায়েফ্ৰামৰ তলত৷ সোঁফালৰ কিডনিৰ আকাৰ বাওঁফালৰ কিডনিৰ তুলনাত সামান্য সৰু৷ কিয়নো সোঁপিনে শৰীৰৰ আন এক লাগতিয়াল অংগ লিভাৰে ভালেখিনি ঠাই আৱৰি থাকে৷ কিডনিৰ আৱৰণি কেপচুলে কিডনিক সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে৷ কিডনিৰ ভিতৰৰ অংশ কৰ্টেস্ক আৰু মেডুলা দুটা ভাগত বিভক্ত৷ প্ৰতিটো কিডনিত এক নিযুতকৈ ক্ষুদ্ৰাকৃতিৰ ফিল্টাৰ থাকে সেইবিলাকক নেফ্ৰন (Nephron) বুলে৷ নেফ্ৰনৰ এটা অংশ হ'ল গ্লমেৰুলাচ ( Glomerulus) আৰু আনটো Bowman's capsule ৷ নেফ্ৰনৰ কাম হ'ল শৰীৰৰ তেজক পৰিশোধন (ফিল্টাৰ) কৰা যাৰ দ্বাৰা শৰীৰত লাগতিয়াল তত্বসমূহ ৰৈ যায় আৰু অপ্ৰয়োজনীয় পদাৰ্থসমূহ (যেনে ইউৰিয়া, ক্ৰিয়েটিনিন,ইউৰিক এচিড) মূত্ৰৰ মাধ্যমত বাহিৰ হৈ যায়৷ এইদৰে ২৪ঘন্টাত দেড়ৰ পৰা দুই লিটাৰ প্ৰসাব নিৰ্গত হয়৷ একোডালকৈ ইউৰেটাৰ (Ureter) নামক নলী প্ৰতিটো কিডনিৰ লগত সংলগ্নহৈ থাকে আৰু ইউৰেটাৰ আহি মূত্ৰাশয়ৰ (Urinary Bladder) সৈতে যোগ হয়৷ মূত্ৰাশয়ৰ পৰা ইউৰেথ্ৰা(Urethra) নামক নলীয়েদি প্ৰসাব শৰীৰৰ বাহিৰ হয়৷

কিডনিয়ে আমাৰ শৰীৰৰ তেজৰ আয়তন আৰু ৰক্তচাপ সুস্থিৰভাবে নিয়ন্ত্ৰিত কৰি ৰাখে৷ লাগতিয়াল খনিজসমূহ যেনে চ'ডিয়াম,প'টেচিয়াম, ক্লৰাইড, কেলচিয়াম, মেগনেচিয়াম,ফচফ'ৰাচ,বাইকাৰ্বোনেট আদি সন্তুলিত পৰিমানত ৰখাত সহায় কৰে৷ তেজৰ স্বাভাবিক পিএইচ (Ph) ৭.৪ কিডনিয়েই নিয়ন্ত্ৰিত কৰি ৰাখে৷ কিডনিয়ে ভিটামিন-ডি আৰু কেইবাবিধো হৰমোন উৎপন্ন কৰে৷ সেইকেইটা হ'ল -এৰিথ্ৰপ'য়েটিন (Erythropoietin),কেলচিট্ৰায়ল (Calcitriol) আৰু ৰেনিন (Renin)৷ এৰিথ্ৰপ'য়েটিন হৰমোনে হাঁড়ৰ মজ্জাৰ পৰা তেজৰ ৰক্তকণিকা নিৰ্মাণত উদগণি যোগায়৷ কেলচিট্ৰায়ল হ'ল ষ্টেৰয়েড হৰমোন আৰু ভিটামিন-ডিৰ সক্ৰিয় ৰূপ৷ হাঁড়ৰ কেলচিয়াম,ফচফৰাচ আদিৰ নিয়ন্ত্ৰণৰ বাবে ই প্ৰয়োজনীয়৷ ৰেনিনে লিভাৰৰ পৰা নিৰ্গত হোৱা এনজিয়টেনচিনজেৰ (angiotensinogen) লগ লাগি Angiotensin-II বনায় যাৰ দ্বাৰা তেজৰ নলীৰ সংকোচন হয় আৰু ফলত ৰক্তচাপ বাঢ়ে৷ 

কিডনিৰ অসুখ উৎপন্ন হোৱাৰ কেইটিমান উল্লেখযোগ্য কাৰক :
- ডায়েবেটিজ ৰোগ : নিৰন্তৰ তেজৰ উচ্চ চুগাৰে কৰা কিডনিৰ ক্ষতিৰ ফলত শৰীৰত পানী আৰু পেলনীয় পদাৰ্থ জমা হয় যাক ডায়েবেটিক নেফ্ৰপেথি (Diabetic Nephropathy) বুলি কয়৷
- উচ্চ ৰক্তচাপ : কিডনিৰ ৰোগ আৰু উচ্চ ৰক্তচাপ(Hypertension/ HTN) এই দুয়োটা যেন একেটা মুদ্ৰাৰেই ইপিঠি সিপিঠি৷ ৰক্তচাপ যিমানে অনিয়ন্ত্ৰিতহৈ বাঢ়িব সিমানেই কিডনিৰ ৰোগ বেয়ালৈ অৱনমিত হব৷ 
- বংশগতি বা জেনিটিক কাৰণ - ইয়াৰ এক উদাহৰণ হ'ল পলিচিষ্টিক কিডনি ডিজিজ৷ আকৌ ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপ পৰিয়ালৰ কেইবাজনৰো একে সময়তে থকা দেখা যায়৷
- লাইফষ্টাইলৰ প্ৰভাৱত- মেদবহুলতা,আলস্যভৰা জীৱন আদিৰ অন্তিম গন্তব্যস্থান হ'ল ক্ৰনিক কিডনি ডিজিজ৷
-মদ্যপান : এলক'হলৰ কুপ্ৰভাৱত কিডনিৰ ফিল্টাৰ কৰাৰ ক্ষমতা হ্ৰাস পায়৷
- ধূম্ৰপান : ধূম্ৰপানে কিডনিৰ ক্ষতিসাধন কৰে৷ এই ক্ষতি তীব্ৰতৰ হয় যদি একে সময়তে ডায়েবেটিজ বা উচ্চ ৰক্তচাপ ৰোগীজনৰ থাকে৷
- শাৰীৰিক নিস্ক্ৰিয়তাৰ পৰিণাম : শৰীৰ ভালে ৰাখিবলৈ প্ৰতিজন লোকে সপ্তাহত ৬দিন নিতৌ ৩০৷৪০মিনিট সময় ব্যায়াম কৰিব লাগে৷ অৱশ্যে যি সকল লোকৰ তেজত ক্ৰিয়েটিনিনৰ পৰিমান বেচি,তেনেলোকে কঠোৰ শাৰীৰিক কছৰৎ কৰা অনুচিত৷ শাৰীৰিক আলস্যই কিডনি, হৃদয় আৰু শৰীৰৰ আন লাগতিয়াল অংগৰ বিজুতি ঘটাব পাৰে৷
- জাংক ফুডৰ আধিক্য : জাংক ফুডে শৰীৰক কিডনিৰ অসুখ আৰু ডায়েবেটিজ ৰোগলৈ ঠেলি দিয়ে বুলি এক সদ্য প্ৰকাশিত চিকিৎসা বাৰ্তাত কোৱা হৈছে৷
- অতিমাত্ৰা কেফেইনৰ প্ৰভাৱ : : শৰীৰ ভালে ৰাখিবলৈ হলে দিনটোত সৰ্বোচ্চ ৩পিয়লা চাহ নাইবা ২পিয়লা কফিৰ সীমা অতিক্ৰম নকৰিব৷
- নিদ্ৰাহীনতাৰ পৰিনাম (অৰ্থাৎ নিয়মিয়াকৈ বেচি টোপনি ক্ষতিৰ অপকাৰিতা) : আমাৰ শৰীৰক অন্তত: ৭ঘন্টাৰ ৰাত্ৰিনিদ্ৰাৰ প্ৰয়োজন৷
- কৃত্ৰিম মিঠাস্বাদ (Artificial sweetner) গ্ৰহণ : নানা বিধ এনে পদাৰ্থ যেনে Saccharin, Aspartame (Sweet'N Low), Sucralose (Splenda) আদিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা বঢ়ায়৷ ডায়েবেটিজ, হৃদৰোগ,উচ্চ ৰক্তচাপ আৰু কিডনিৰ অসুখ কৰিব পাৰে৷
- অতিমাত্ৰা মাংসাহাৰী খাদ্যৰ প্ৰভাৱ : চিংগাপুৰৰ পৰা অলপতে প্ৰকাশিত মেডিকেল বুলেটিন মতে ৰঙা মাংস (যেনে পৰ্ক,বিফ) কিডনিৰ ৰোগৰ কাৰক হব পাৰে৷ খাদ্যত এনে মাংসৰ পৰিমান যিমানে বেচি হব,ৰোগৰ সম্ভাৱনাও সিমানে বেচি হব৷ ২০১৫চনত বিশ্ব স্বাস্থ্য সংস্থাই জনোৱামতে বেচি উত্তাপত সিজোৱা ৰঙা মাংস কিডনিৰ আৰু আন অংগৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে৷
- উচিত মাত্ৰাত দৈনিক পানী গ্ৰহণ নকৰাৰ ফল : শৰীৰ স্বস্থ্য ৰাখিবলৈ ২৪ঘন্টাত আমি নিয়মিত খাবলগীয়া পানীৰ পৰিমান হ'ল: পুৰুষে ১৫কাপ (৩.৭লিটাৰ) আৰু মহিলাই ১১কাপ (২.৭লিটাৰ)৷ কম পানী খালে কিডনিৰ ক্ষতিসাধন হয় আকৌ জোখতকৈ বেচি পানী নিয়মিত খালেও কামৰ অভাৰলোডৰ কুপ্ৰভাৱ কিডনিৰ ওপৰত পৰে৷
- ভিটামিন বি গোট আৰু ভিটামিন-ডিৰ অভাৱৰ পৰিনাম স্বৰূপে কিডনি অস্বস্থ হব পাৰে৷
- -স্বাস্থ্যৰ প্ৰতি অৱহেলা - যেনে প্ৰসাবৰ সংক্ৰমণ বা কিডনিৰ পাথৰ ধৰা পৰাৰ পিছতো উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নকৰা৷
- যধেমধে যি কোনো দৰব বিশেষকৈ বিষহাৰক দৰব, এন্টিবায়টিক আদি সঘনাই সেৱন কৰাৰ কুপৰিনাম হবগৈ পাৰে কিডনিৰ ৰোগ৷ শেহতীয়াকৈ প্ৰকাশিত বৈজ্ঞানিক তথ্যমতে আজিকালি সঘনাই ব্যৱহৃত হোৱা এচিডিটি কমোৱা দৰব অমিপ্ৰাজল,পেন্টপ্ৰাজল আদিয়ে কিডনিৰ ক্ষতিসাধন কৰাৰ সম্ভাৱনা ৰাখে৷
- প্ৰদূষিত বাতাবৰণৰ প্ৰভাৱ : কিডনিৰ ওপৰত দূষিত বায়ু,জল আৰু মাটিৰ প্ৰভাৱ অৱশ্যই পৰে৷ মাৰকিউৰি, লিড,আৰ্চেনিক,কেডমিয়াম আদি ধাতু,পেষ্টিচাইড আদি ৰাসায়নিকৰ কুপ্ৰভাৱত হাওঁফাওঁৰ ৰোগ, হৃদৰোগ,কৰ্কট ৰোগ আদিৰ ওপৰিও ক্ৰনিক কিডনিৰ ৰোগ হব পাৰে৷

কিডনিৰ অসুখ হৈছে বুলি কেনেকৈ জানিব?
কিছুমান বিপদ সংকেতলৈ লক্ষ্য ৰাখক (পিছে দূৰ্ভাগ্যৰ কথা কিডনিৰ ক্ষতিসাধন হোৱাৰ বেচ পিছতহে এই লক্ষণসমূহ চকুত পৰে৷) : -
- প্ৰসাবৰ ক্ষেত্ৰত চকু দিবলগীয়া - সঘনাই কিন্তু কম পৰিমানত প্ৰসাব হোৱা৷ বিশেষকৈ নিশাৰ ভাগত৷ প্ৰসাব কৰোতে কষ্ট বা বিষ অনুভৱ কৰা৷ প্ৰসাবৰ ৰং সলনি হোৱা৷ প্ৰসাবত তেজ যোৱা৷ প্ৰসাবত ফেন পৰা৷
- ভৰি-হাত-মুখমণ্ডল বা শৰীৰ ফুলিব ধৰা (Oedema)
- এনিমিয়া,শাৰীৰিক দূৰ্বলতা, অলপতে ক্লান্তিবোধ হোৱা
- ছালত সঘন খজুৱতি
- মুখৰ দূৰ্গন্ধ, খাদ্যৰ অৰুচি
- ওকালি আৰু বমি
- ৰক্তচাপ বাঢ়ি যোৱা
- গাঁঠিৰ বিষ, কঁকালৰ বিষ
-ঠাণ্ডাৰ বেচি অনুভৱ হোৱা(ৰক্তকণিকা কমি যোৱাৰ বাবে)
- নিশ্বাসত কষ্ট অনুভৱ হোৱা (অক্সিজেন হ্ৰাস পোৱাৰ বাবে)
- বুকুৰ বিষ
- টোপনি কম অহা
- মগজুৰ তীক্ষ্ণতা হ্ৰাস পোৱা
- মাংসপেশীৰ বিষ হোৱা

কিডনিৰ অসুখক সোনকালে চিনাক্ত কৰাৰ অতীব প্ৰয়োজন৷ অন্যথাই এটা সময়ত সহজে চিকিৎসাধীন ৰোগ ক্ৰনিক কিডনি ৰোগলৈ ৰূপান্তৰিত হবগৈ পাৰে৷ Glomerular filtration rate (GFR) নামক পৰীক্ষা কৰি কিডনিৰ সক্ৰিয়তা অনুধাৱন কৰিব পাৰি৷ আকৌ প্ৰসাবত সকলো সময়তে প্ৰটিন নিৰ্গত হোৱাটোৱে ক্ৰনিক কিডনি ৰোগ সূচায়৷ GFR গণনা কৰিবৰ বাবে তেজৰ ক্ৰিয়েটিনিনৰ পৰিমান, ৰোগীৰ বয়স, উচ্চতা আৰু লিংগ জনাৰ প্ৰয়োজন৷ GFR স্বাভাবিক যদি ৯০ৰ পৰা ১০০শতাংশ ফলাফল দেখা যায়৷ একেদৰে ৫০শতাংশ ফলাফল দেখা গ'লে কিডনিৰ ৫০শতাংশই কাম কৰি থকা বুজাব৷

GFR ৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি কিডনিৰ অসুখ পাঁচটা পৰ্য্যায়ত বিভক্ত কৰিব পাৰি :
প্ৰথম পৰ্যায় (First stage) - সুস্থ কিডনি, GFR ৯০বা ততোধিক
দ্বিতীয় পৰ্যায়- GFR ৬০ৰ পৰা ৮৯ৰ ভিতৰত
তৃতীয় পৰ্যায় (3A & 3B) - GFR ৩০ৰ পৰা ৫৯ৰ ভিতৰত 
চতুৰ্থ পৰ্যায় - GFR ১৫ৰপৰা ২৯ৰ ভিতৰত
পঞ্চম পৰ্যায় - GFR১৫ৰ তল, কিডনি ফেইলাৰ,ৰোগী ডায়েলাইচিচত৷

ক্ৰিয়েটিনিনৰ স্বাভাবিক পৰিমান হ'ল পুৰুষৰ ০.৬ ৰ পৰা ১.২ মিলিগ্ৰাম% আৰু মহিলাৰ ০.৬ ৰ পৰা ১.১ মিলিগ্ৰাম%৷

ক্ৰিয়েটিনিনৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰি কিডনিৰ সক্ৰিয়তা থাৱৰ কৰিব পাৰি৷
ক্ৰিয়েটিনিনৰ পৰিমান ১.৫ মিলিগ্ৰাম% হ'লে ৭৫%কিডনি সক্ৰিয়
ক্ৰিয়েটিনিনৰ পৰিমান ২ মিলিগ্ৰাম% হ'লে ৫০%কিডনি সক্ৰিয়
ক্ৰিয়েটিনিনৰ পৰিমান ৩.৫ মিলিগ্ৰাম% হ'লে ২৫%কিডনি সক্ৰিয়
ক্ৰিয়েটিনিনৰ পৰিমান ৫ মিলিগ্ৰাম% হ'লে ১০%কিডনি সক্ৰিয়
ক্ৰিয়েটিনিনৰ পৰিমান ৬ৰ পৰা ৮ মিলিগ্ৰাম% হ'লে ৫%কিডনিহে সক্ৰিয়

ৰোগৰ চিনাক্তকৰণৰ বাবে কি কি পৰীক্ষা প্ৰয়োজনীয়?
প্ৰসাবৰ সম্পূৰ্ণ পৰীক্ষা (ৰুটিন আৰু মাইক্ৰএলবুমিন)৷ ২৪ঘন্টাৰ প্ৰসাবৰ পৰিমান জোখা৷ তেজৰ ক্ৰিয়েটিনিন,ইউৰিয়া,ইউৰিক এচিড,হিমগ্লবিন,চুগাৰ পৰীক্ষা কৰা৷ প্ৰয়োজন অনুসৰি এক্সৰে,আলট্ৰাচাউণ্ড,চিটি স্কেন,এম আৰ আই কৰা৷ প্ৰয়োজন সাপেক্ষে কিডনি বায়স্পি৷ প্ৰাপ্তবয়স্ক বিশেষকৈ ৪০বছৰৰ উৰ্ধৰ সকলো পুৰুষ মহিলাই বছৰত এবাৰ কিডনিৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ লাগতিয়াল পৰীক্ষা সমূহ কৰা ভাল৷

বিপদৰ আগজাননী পালে কি কি সতৰ্কতামূলক ব্যৱস্থা লব?
এনে ধৰণৰ সন্তুলিত খাদ্য গ্ৰহণ কৰক যাতে শৰীৰত চুগাৰ,ক'লেষ্টৰলৰ পৰিমান আৰু ৰক্তচাপ নাবাঢ়ে৷ মনত ৰাখিব সঠিক খাদ্যই কিডনিৰ অসুখ ৫০শতাংশৰো অধিক নিয়ন্ত্ৰণ কৰে৷ কিছুমান টিপচ আগবঢ়াম : প্ৰচুৰ সতেজ পাচলি আৰু ফলমূল গ্ৰহণ কৰক৷ গছত লগা পাচলিক অগ্ৰাধিকাৰ দিব৷ যেনে ভেন্দি,পটল,লাউ,কোমোৰা,কেপচিকাম,বেঙেনা, ভাত কেৰেলা,তিতা কেৰেলা, অমিতা,চজিনা ৷ বিলাহী কেঁচাই চালাডৰূপে নাখাই সিজাই খাব পাৰিব৷ গোমধান এবিধ উপযোগী খাদ্য৷ গোমধানত লাগি থকা চুলিৰ দৰে আঁহবোৰ উতলাই চুপৰ দৰে খালে তেজত চুগাৰৰপৰিমান কমে৷ মাটিৰ তলৰ খাব পৰা পাচলি হ'ল - পিঁয়াজ,আদা,বিট,গাজৰ,মূলা,চালগোম৷ 

কিডনিৰ ৰোগীয়ে খৰিছা খাব পাৰিব৷ ৰাজমাহ,বীন, ধনিয়া,ডালচেনি, ফুলকবি,বন্ধাকবি, নহৰু, আভাকাডো,কেনবেৰী, চেৰি হ'ল কিডনিৰ বাবে উপকাৰী৷ অৱশ্যে তেজৰ ইউৰিক এচিড বেচি থাকিলে বীন,ৰাজমাহ আদি শস্য এৰাই চলিব৷ টেঙা ফল পৰিহাৰ কৰিব৷ অৱশ্যে নেমুৰ ৰস মৌজোলৰ সৈতে উপকাৰী৷ জামু, আনাৰচ কিডনিৰ বাবে উপকাৰী৷ কম প'টেচিয়াম থকা এই কেইবিধ ফল খাব পাৰিব- আপেল,ৰঙা আঙুৰ, ষ্ট্ৰবেৰী, ব্লোবেৰী,পকা অমিতা,তিয়ঁহ৷ ড্ৰাইফ্ৰোটচ কমকৈ লব৷ চিৰা,অটচ,ডালিয়া, চাটু, চাবুদানা,পাষ্টা, নুডলচ,ব্ৰাউন ব্ৰেড খাব পাৰিব৷ ময়দাৰ সলনি আটা বাচি লব৷ চাউল সিদ্ধ কৰাৰ আগতে ৬ঘন্টা তিয়াই ৰাখিব৷ চচ, চুপ,জুচ আৰু গ্ৰেভি এৰাই চলিব৷ প্ৰিজাৰভেটিভ বা কৃত্ৰিম ৰং দিয়া সকলো গোটা বা জুলীয়া খাদ্য এৰাই চলিব৷ ডায়েট পেপচি বা ডায়েট কোলাও নাখাব৷ গাখীৰ কম চৰ্বিযুক্ত বাচি লব৷ দৈ উপকাৰী খাদ্যৰ ভিতৰত পৰে৷ ডায়েৰী প্ৰডাক্ট বাদ দিব৷ ডালডা বা তেনে চৰ্বিৰে বনোৱা খাদ্য পৰিহাৰ কৰিব৷ মাংস,মাছ,কণীৰ পৰিবৰ্তে প্ৰটিনৰ বাবে দাইল (বিশেষকৈ গোটা মগু), চয়াবিন ব্যৱহাৰ কৰিব৷ তেলৰ ভিতৰত অলিভ অইল বাচি লব৷ অলিভ অইলৰ ঠাইত দ্বিতীয়তে পচন্দ কৰক চানফ্লাৱাৰ অইল৷ চেনি খোৱা বাদ দিব৷ চেনিতকৈ ভাল কুঁহিয়াৰ ৰস,গুড়,মৌ-জোল,খেজুৰ আদি প্ৰাকৃতিক বিকল্প৷ ষ্টেভিয়া বা মিঠাপাতৰে নিৰ্মিত প্ৰাকৃতিক স্বাদ ব্যৱহাৰ কৰিব পাৰে৷ এই ক্ষেত্ৰত ষ্টেভিয়াৰ পাত (কেঁচা বা শুকান) নিৰ্বাচন কৰিব৷ পৰাপক্ষত প্ৰচেচড পাউদাৰ এৰাই চলিব৷ চেনিৰ সলনি আন কৃত্ৰিম স্বাদৰ কথা মনতো নাভাবিব৷ নিমখো খোৱা একেবাৰে কমাই দিব -দিনটোত মাত্ৰ এচিকুটহে গ্ৰহণ কৰিব৷ ৰন্ধনত কিছু মছলা নিয়মিত ব্যৱহাৰ কৰা ভাল৷

মদ, চিগাৰেট আদিৰ অপকাৰৰ কথা আগতেই কোৱা হৈছে৷ গতিকে দৃঢ়মনেৰে সকলো ৰাগিয়াল তত্বৰ সংগ এৰাই চলক৷ চিকিৎসকৰ পৰামৰ্শৰ অবিহনে যিকোনো দৰবেই নিজে লোৱাৰ অভ্যাস সমুলঞ্চে বাদ দিয়ক৷ ৰংচঙীয়া বিজ্ঞাপনত ভোলগৈ স্বাস্থ্যবৰ্ধক টনিক বা ফুড চাপ্লিমেন্ট আৰু যৌন শক্তিবৰ্ধক ঔষধ ব্য়ৱহাৰ নকৰাই মংগলজনক৷

এই প্ৰবন্ধৰ সৈতে সংগতি ৰাখি পঢ়িবলগীয়া লিখনি : - 
১- ক্ৰিয়েটিনিন নিয়ন্ত্ৰণত ৰখাৰ বাবে কৰণীয় কি ? : http://as.vikaspedia.in/…/9959cd9f09bf9c799f9bf9a89bf9a8-9a…
২- ভৰি ফুলাৰ কাৰণসমূহৰ সৈতে পৰিচিত হওক : http://www.xahitya.org/…/%E0%A6%AD%E0%A7%B0%E0%A6%BF-%E0%A…/

মোখনিত ইমানেই কম যে এই প্ৰয়োজনীয় বিষয়টোৰ ওপৰত মোৰ লিখনিয়ে সকলো দিশ সামৰিবলৈ সক্ষম হোৱা নাই৷ মোৰ প্ৰয়াস মাথো দিনক দিনে আমাৰ দেশত ভয়াবহভাবে বাঢ়ি অহা এই সমস্যাৰ প্ৰতিৰোধৰ দিশত কিছু হলেও সজাগতাৰ সৃষ্টি কৰাৰ৷ সময়ত সতৰ্ক হলে হয়তো ডায়ালাইচিচ আৰু কিডনি ট্ৰান্সপ্লান্টৰ হাত সাৰিব পৰা যাব পাৰে৷

ডোহা, কাটাৰৰ পৰা, ৰচনাকাল ১অক্টোবৰ ২০১৮, যোগাযোগ : ৱাটচএপ- ০৯৭৪৩৩৭৩৮৭২২, ইমেইল- drbksaikia@gmail.com , ৱেবচাইট www.drbhupensaikia.com

লেখাটি ১৬নভেম্বৰ ২০১৮ তাৰিখৰ 'প্ৰান্তিক'তো প্ৰকাশ পাইছে।
লেখকৰ আন লেখা সমূহ সুখ-দুখৰ পাতত পঢ়িবলৈ ক্লিক কৰকঃ 

2 comments: