আজি কিছুদিনৰ পৰা এই বিষয়টো লৈ হােৱা ঘটনাবােৰ গুণি-গাঁঠি মনত বৰ অশান্তি লাগি আছে। এই বিধেয়কখনৰ বিৰােধিতা কৰিবলৈ অসমৰ ৰাইজে যি উৎসাহ আৰু সাহসেৰে ওলাই আহিছিল, সি শেষত “বহবাৰম্ভে লঘূ ক্রিয়া”ত বা damp squib'ত (সেমেকা ফটকা) পৰিণত হ'ব। এচাম সংগ্রামী সংগঠনে কৈছে যে যদি বিধেয়কখনৰ পৰা বাংলাদেশক গুচাই দিয়া হয়, তেনেহ'লে বিধেয়কখনৰ বিৰুদ্ধে আপত্তি নাথাকে। এনে বাৰ্তাই দুষ্ট হিন্দুত্ববাদী শাসকগােষ্ঠীক উৎসাহিত কৰিব।
প্রথমতে, নির্যাতিত শৰণাৰ্থীক নাগৰিকত্ব দিয়া হব, যদি তেওঁ মুশ্লিম নহয়। অর্থাৎ প্ৰকাৰান্তৰে শাসকগােষ্ঠীৰ হিন্দু ব্ৰাষ্ট্রৰ ধাৰণাক সমর্থন দিয়া হ’ল। ইয়াৰ পৰিণামত সমগ্ৰ দেশখনতে হিন্দুত্ববাদী বা-বতাহ গৰম হ’ব, অসমাে তাৰ পৰা সাৰি নাযায়। এই সংবিধানবিৰােধী বিধেয়কখন গ্ৰহণ কৰাৰ অর্থই হ’ব সংবিধানক কবৰ দিয়া এটা পদক্ষেপ। দ্বিতীয়তে হিন্দুত্ববাদী শিবিৰৰ শক্তি বৃদ্ধি হােৱাৰ ফলত অতি শীঘ্ৰে পুনৰ বাংলাদেশী হিন্দুকো তেনে আইনৰ অন্তর্ভুক্ত কৰাৰ দাবী নিশ্চয় উঠিব। কাৰণ যদি আন দেশৰ পৰা অহা তেনে নির্যাতনৰ বলি সকলক নাগৰিকত্ব দিয়া হয়, বাংলাদেশ হিন্দুক আঁতৰাই ৰখাৰ কোনাে আইন-সংগত, যুক্তিনিষ্ঠ কাৰণ নাথাকিব। “ধর্মীয় নির্যাতন”ৰ বলি হৈ একাংশ লােকে নিশ্চয় আশ্রয় বচাৰিব পাৰে। কিন্তু লাখ-লাখ মানুহে এনে নির্যাতনৰ বলি হৈ ভাৰতত (অসমত) সােমাইছে বুলি প্রমাণ কৰাও সহজ নহয় ব্ৰটিছৰ আমােলৰ দৰে লাখ-লাখ মানুহৰ বিনা-বাধাই অসমকে ধৰি আন ৰাজ্যতাে নাগৰিক হিচাবে সংস্থাপন দিয়াৰ দাবী উঠিব। |
আন ৰাজ্যত সংস্থাপন দিলে আপত্তি নাই বােলা কথাষাৰাে ভ্রান্তিমূলক। ভাৰতৰ সংবিধান মতে যিকোনাে ৰাজ্যৰ নাগৰিকে আন ৰাজ্যলৈ গৈ তাত বসবাস কৰি নাগৰিকত্বৰ সকলাে সা-সুবিধা লাভ কৰিব পাৰে। এখন ইংৰাজী দৈনিকৰ শিৰােনামা হৈছে এয়ে যে বিধেয়কখনৰ ওপৰত যুটিয়া সংসদী কমিটি প্রতিবেদন চৰকাৰে বিবেচনা নকৰিবও পাৰে। আগতেও হেনাে কেইবাৰমান কৰা নাই। তেনেহলে তাকে লৈ ইমান হৈ-চৈ কৰা হৈছিল কিয়? অসমত শইশই সংগঠনক অহর্নিশে কাম কৰি স্মাৰক পত্ৰ দিবলৈ কিয় উদ্যোগী কৰা হৈছিল। মহামান্য সংসদৰ ইচ্ছা আৰু নির্দেশমতে গঠিত হােৱা যুটীয়া সংসদী কমিটিৰ বিচাৰ-বিবেচনা ইমান সহজে ফটা কাগজ পাছিত পেলাব পাৰিনে? সেয়ে, ইকথাই সি কথা নহয়। অসমৰ ৰাইজে জাতীয় অস্তিত্ব ৰক্ষা কৰিবলৈ বিনাচত্তে বিধেয়কখন বাতিল কৰাৰ দাবী তােলক অন্যথাই মৰণপণ সংগ্ৰামৰ সংকল্প লওক। আফাৰ পুনৰুত্থান।
ধলাকাণ্ডত আফা স্বাধীন জড়িত আছিল বুলি মই ভবা নাছিলোঁ। বৰং বর্তমান পৰিস্থিতিৰ সুযােগ লৈ সকলাে বাঙালী লােককে ত্রাসিত আৰু উত্তেজিত কৰি তেওঁলােকৰ সকলােখিনি ভােট ন্যক্ত স্বার্থই হস্তগত কৰাৰ ছদ্মবেশী কৌশল বুলি ভাবিছিলোঁ এতিয়াও মই সেইটোকে সত্য বুলি ভাবো। কিন্তু ডিমৌৰ ঘটনাটো ইমান সহজে “আলফা স্বাধীন”ৰ নহয় বুলি ক'ব নােৱাৰি। আজি কছুদিন ধৰি অসমত “আলফা স্বাধীন”ৰ সক্রিয়তা বৃদ্ধি পােৱাৰ বাতৰি ওলাই আছে। তদুপৰি “শান্তিপূর্ণ গণতান্ত্রিক আন্দোলন ফলাফল ক্রমে ফুটুকাৰ ফেন হৈ পৰা দেখি বা চৰকাৰে তেনে আন্দোলনৰ কোনাে সুযােগ নিদিয়া দেখি এচাম যুৱক-যুৱতী পুনৰ সশস্ত্র সংগ্রাম প্রতি আকৃষ্ট হােৱাৰ খবৰাে পােৱা গৈছে। কিন্তু আলফাক লৈ অসমৰ ৰাইজৰ ইতিপূর্বে যিবােৰ অভিজ্ঞতা হৈছিল সেই অত্যন্ত কৰুণ, বিভীষিকাময় আৰু বিভ্রান্তিকৰ পৰিবেশ সতকাই পাহৰি যােৱাও অতি দুর্ভাগ্যজনক হ’ব। আমাৰ ১২০০০ যুৱকৰ জীৱন অকালতে মৰহি গ'ল। “ভাৰতীয়” নামাংকৃত কৰি নর্বিচাৰে বহু নিৰপৰাধ লােকক হত্যা কৰা হ'ল। সেনাৰ তাণ্ডৱ আৰু আলফাৰ অতর্কিত আক্রমণে সততে অস্থিৰ কৰা ৰাজ্যখনত কোনাে সৎ, গঠনমূলক কাম কৰা অসম্ভৱ হৈ পৰিছিল। এই ধোঁৱাকোৱা পৰিস্থিতিত চৰকাৰ ভয়ানক স্বৈতন্ত্রী আৰু দুর্নীতিগ্রস্ত হৈ পৰিছিল। থলুৱা ৰাইজৰ ঐক্য বিনষ্ট কৰিবলৈ কেন্দ্রীয় চৰকাৰেও বভিন্ন গােষ্ঠীৰ মাজত নিষ্ঠুৰ শত্রুতা আৰু হত্যালীলাত উচটনি দিছিল। অসম স্বাধীন নহৈ অৰাজক হৈছিল। এইবােৰ শিক্ষা ইমান সহজে পাহৰি গ'লে আমাৰ জাতীয় জীৱন অতি সংকটাপন্ন হ’ব, এইবাৰ বােধহয় অন্তিমবাৰলৈ।
সেয়ে সশস্ত্র সংগ্রামৰ নামত হত্যাকাণ্ড চলােৱা বন্ধ কৰিবলৈ মই কৰযােৰে সঁকীয়নি দিছে। | “শান্তিপূর্ণ গণ আন্দোলন” বিফল হ'ব ধৰিছে কিয়, সেইটোও চাব লাগিব। নিঃসন্দেহে বৰ্তমান চৰকাৰটো বলপ্রয়ােগত যিহেতু অত্যধিক বিশ্বাসী, আইন আৰু ন্যায়ৰ প্রতি উদাসীন, আৰু ভণ্ডামি আৰু ঠগবাজীৰে প্রতিশ্রুতি পূৰণ কৰে, জনগণৰ অভাৱ-অভিযােগ হেলাৰে অগ্রাহ্য কৰে, সেয়ে শান্তিপূর্ণ গণ আন্দোলন দৃঢ় প্রাচীৰত মিছায়ে আঘাত কৰা পানীৰ ঢৌৰ দৰে বিফল হয়। মােৰ ধাৰণা, তাৰ প্ৰতিকাৰ হিচাবে জনগণৰ অভাৱ-অভিযােগ, আশা-আকাংক্ষা প্রতি মনােযােগ দিব জনা চৰকাৰ এখন প্রতিষ্ঠা কৰাহে আপাততঃ আমাৰ লক্ষ্য হােৱা উচিত। আৰু সেই উদ্দেশ্যতে শান্তিপূর্ণ গণ আন্দোলন এতিয়া নিয়ােজিত হােৱা উচিত। বিকল্প ক'ত?
ফেছিবাদৰ অন্তর্বস্ত হৈছে বৃহৎ একচেতিয়া পুঁজিৰ লাভ আৰু প্রতিপত্তিৰ বাবে জনগণক শিকলি পিন্ধোৱা। হিন্দুত্ববাদ ক'বলৈ গ’লে এই উদ্দেশ্য হাছিল কৰা অন্যতম পন্থাহে- যদিও হেজাৰবজাৰ মােহাচ্ছন্ন মানুহে কথাটো বুজি নাপায়।। অৱশ্যে ইয়াৰ প্রাথমিক সােপান হৈছে ফাঁকি, ছলনা, চক্রান্তৰে গণতান্ত্রিক শাসন ব্যৱস্থাক ফেঁপােলা আৰু অসাৰ কৰি পেলােৱা যেনে-তেনে নির্বাচনত সংখ্যাগৰিষ্ঠতা অর্জনৰ বাহিৰে গণতন্ত্র আন সকলাে আচাৰ-অনুষ্ঠানৰ প্রতি ফেছিবাদীৰ চৰম অৱজ্ঞা সুবিধা পালে এক মহামানৱৰ মহৎ দেশপ্রেমৰ নামত নির্বাচনথাৰাে কৰ দি এক অবিনাশী ৰাষ্ট্র প্রতিষ্ঠা কৰি গণতন্ত্র, স্বাধীনতা আৰু শান্তিক বিলীয়মান সপােনত পৰিণত কৰিব পাৰে।
এই ফাঁকিবােৰ এতিয়া প্রতি সপ্তাহতে উন্মােচিত হৈ আছে। অথচ কিছুমান মােহগ্রস্ত মানুহে এতিয়াও হিন্দু ৰাষ্ট্ৰৰ ৰহণ চৰােৱা ৰকাৰৰ মাজত কিবা মহিমা দেখা পাই আছে। মােদীজীয়ে দুদিনমান আগতে বিমুদ্ৰাকৰণৰ সমালােচকসকলক নিৰস্ত্র কৰিবলৈ কলে যে বিমুদ্ৰাকৰণৰ ফলত কোনাে কোনাে মানুহৰ আহুকাল হােৱা সত্ত্বেও সেইটো আছিল ক'লা ধন উদঘাটন কৰিবলৈ খুৱাই দিয়া এপালি তিতা ঔষধ। উপকাৰী ঔষধে কিছু বিস্বাদ অভিজ্ঞতা আনিলেও ৰােগীৰ প্ৰাণৰক্ষা কৰে। কিন্তু মােদীজীৰ চৰকাৰৰে কৃষি মন্ত্রালয়ে প্রতিবেদন দাখিল কৰিছে যে কৃষিৰ ব্যৱসায় সাধাৰণতে নগদ ধনত হয়। ফছল বক্ৰী আৰু নতুন শস্যবীজ ক্রয় কৰাৰ সময়তে বিমুদ্ৰাকৰণে নগদ ধন নােহােৱা কৰাত দেশৰ কৃষক আৰু কৃষিৰ মূৰত ৰামটাঙোন মাৰিলে। বিপুল পৰিমাণৰ শীতকালীন শস্য, পাছলি আদি পেলনি গ’ল, গ্রাহকৰ হাততাে নপৰিল। কৃষক, ব্যৱসায়ী সকলােৰে জীৱিকা ধ্বংসপ্রাপ্ত হ’ল।
আনহাতে অর্থনীতিবিদসকলৰ মতে দেশৰ বৃহত্তম কর্মসংস্থান দিয়া ক্ষুদ্র আৰু মজলীয়া শিল্প-ব্যৱসায়ৰ ৪৫% সম্পূর্ণ ধ্বংস হ’ল, বাকীবােৰে এতিয়াও মূৰ দাঙি উঠিব পৰা হােৱা নাই ক'লা ধন কিমান উলিয়ালে তাৰহে হিচাব আমি এতিয়ালৈকে নাপালোঁ। ৰিজাৰ্ভ বেংকৰ মতে নগদ ধনৰ ৯৭%-৯৮% ধন ঘূৰি আহিল, তাৰ মাজত ক'লা ধন বিশেষ নাই। আনহাতে বিদেশত কলা ধন জমা ৰখা বৃহৎ পুঁজিপতিৰ তালিকা ২০১৭ চনতে তৎকালীন ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে চৰকাৰক দাখিল কৰিছিল। সেই তালিকাত অন্তর্ভুক্ত মহাপুৰুষ সকলৰ বিৰুদ্ধে কি-কি ব্যৱস্থা লােৱা হৈছে, সুধিলে চৰকাৰে উত্তৰ নিদিয়ে।
এটা মজাৰ তথ্য এতিয়া মানুহৰ মুখে-মুখে। গ্রামীণ সমবায় বেংক বােৰ কিবা অজ্ঞাত কাৰণত চৰকাৰে তদন্তৰ বাহিৰত ৰাখি দছে। ফলত ক'লা ধনৰ মালিক সকলে তাতেই সেই অমূল্য সম্পদ জমা ৰাখিছে বুলি সন্দেহ কৰা হয়। তেনে এটা বেংকৰ অধ্যক্ষ বজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শাহ। তাত এসপ্তাহতকৈ কম দনতে জমা হৈছিল ৭০০ কোটি টকাৰাে অধিক ধন। গাঁৱলীয়া খেতিয়কৰ হাতত ইমান ধন কেনেকৈ আহিল, কোনেও নাজানে । অৱশ্যে চৰকাৰে তাত তদন্তৰ দৰকাৰ নাই বুলি ভাবে।
সেয়ে এই চৰকাৰৰ বিৰুদ্ধে মানুহৰ মনত খং-ক্ষোভ পুঞ্জীভূত হৈছে। কিন্তু বিকল্প কি আৰু ক’ত, সেই চিন্তাও হৈছে। কংগ্রেছৰ চৰিত্ৰ মানুহে দেখিলে। তাৰ গণভিত্তি বহু ৰাজ্যত ভালকৈয়ে হ্রাস পালে। আৰু মিশ্রিত মন্ত্রীসভা বা চৰকাৰ চলােৱাত কংগ্ৰেছ সিমান পটু বা উৎসাহী নহয়। ৰাইজেও সন্মিলিত চৰকাৰ অস্থায়ী হ’ব বুলি আশংকা কৰে।
সেয়ে বিকল্পৰ প্ৰশ্নটোৰ সুসমাধান নহলে দেশৰ অৱস্থা অধিক বেয়াৰ পিনে যাব। ইতিমধ্যে বিজেপিয়ে “বিকাশৰ” মন্ত্রী বাদ দি “ৰামমন্দিৰ” বনােৱাৰ ধ্বনি দি বতাহ গৰম কৰিব ধৰিছেই। সেয়ে ৰাইজে কথাটো গভীৰভাবে বিবেচনা কৰা দৰকাৰ। ভােট নিদিয়াকৈ আঁতৰি থাকিলে বিজেপিৰহে লাভ হ'ব। বিহাৰ কৰ্ণাটকত কংগ্রেছে সন্মিলিত চৰকাৰৰ বা সন্মিলিত বিৰােধী ঐক্যৰ ক্ষেত্ৰত কিছু ধৈৰ্য আৰু কৃতিত্ব দেখুৱাইছে। কিন্তু বাকীবােৰ বিৰােধী দলৰ আস্থা অর্জন কৰাত এতিয়াও বিশেষ সফল হ’ব পৰা নাই। নিৰংকুশ নেতৃত্বৰ দীর্ঘকালীন অভ্যাসৰ প্ৰভাৱ দলটোৱে আজিও এৰাব পৰা নাই। কিন্তু বিজেপি-আৰ-এছ-এছৰ সর্বগ্রাসী প্ৰভাৱ প্রতিহত কৰিবলৈ তাৰ গত্যন্তৰ নাই।
নির্বাচনৰ পূর্বে দুটা কথাত ৰাইজে বিৰােধী দলসমূহৰ পৰা বিচাৰে। দুর্নীতি এতিয়া কংগ্ৰেছৰ একচেতিয়া বৈশিষ্ট্য বুলি কোনেও নাভাবে। ৰাফাল চুক্তিয়ে বিজেপিৰ এই ক্ষেত্ৰত কৰা দম্ভোক্তি ভালেখিনি অবিশ্বাস্য কৰি তুলিছে। কিন্তু মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু সাম্প্রদায়িক হিংসা হ্রাস কৰিবলৈ কি-কি বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিব, ধর্মনিৰপেক্ষতা ঘূৰাই আনিবলৈ কেনে পদক্ষেপ লব, আৰক্ষীৰ সততা (integrity) কেনেদৰে সুনিশ্চিত কৰিব, ৰাইজে বিৰােধী দলবােৰৰ পৰা জানিবলৈ বিচাৰে। কৃষি সংকটৰ সমাধানৰ ব্যৱস্থাও। ফেঁপােলা ৰঙীণ প্রতিশ্রুতিৰে কাম নহ'ব। বিৰােধী দলসমূহৰ ঐক্য এনেকৈহে মজবুতকৈ নিৰ্মাণ কৰিব পৰা যাব।
ইতিমধ্যে ভাৰত-ৰাষ্ট্রৰ সাংবিধানিক ক্ষতি বিজেপি দলে বহুত কৰিলে, ৰাষ্ট্ৰক এক স্বৈৰতন্ত্রী ৰূপৰ পিনে ভালেখিনি আগুৱাই নিলে। সেই ক্ষতিবােৰ মেৰামতি হােৱাটো সচেতন ৰাইজে বিচাৰে। সংসদ পুনৰ জনসাধাৰণৰ মত-প্রকাশ আৰু মত নির্ধাৰণৰ মঞ্চ হ’ব লাগিব। Money Bill নাম দি বিস্তৰ জনবিৰােধী আইন সংসদত গৃহীত কৰাৰ অভিসন্ধিৰ ছিদ্র মাৰিব লাগিব। CBI, CSIR, বিশ্ববিদ্যালয় সমূহ আৰু অন্যান্য ৰাষ্ট্রীয় প্রতিস্থানবােৰৰ স্বতন্ত্রতা সন্দেহাতীত ভাবে পুনৰ প্রতিষ্ঠা কৰিব লাগিব। কংগ্ৰেছৰ নিতান্ত সুবিধাবাদী নীতিহীনতাই বিজেপিৰ এই স্বৈৰাচাৰৰ বাবে বাট মুকলি কৰি দিছিল। ৰাইজে সকলাে দলৰ পৰা সাংবিধানিক গণতন্ত্র প্রতি আনুগত্য কামনা কৰে। | এইবােৰ ক্ষেত্ৰত স্পষ্ট নহ'লে তৃণমূলত RSSৰ কাৰ্য্যকলাপ আৰু ধর্মীয় সাম্প্রদায়িকতাৰ সর্বনাশী নিছাৰ প্ৰভাৱ খণ্ডন কৰি বিজেপিক হৰুৱাব নােৱাৰে। সময় থাকোতেই এইবােৰৰ সঠিক সমাধানৰ পথ বিচাৰি উলিয়াই ৰাইজৰ আগত বিৰােধী দলসমূহে ঐক্যবদ্ধভাবে থিয় হব লাগিব। বিভাজনৰ ৰাজনীতিত বিজেপিৰ সমকক্ষ আন কোনাে নাই।
দুগৰাকীমান বন্ধু বিয়ােগত
আজিকালি মৃতকৰ খবৰ লবলৈ যােৱা, আনকি শ্রাদ্ধত উপস্থিত থকাও অনিশ্চিত স্বাস্থ্যৰ বাবে সদায় সম্ভৱ নহয়। খবৰৰ পাততে সঁহাৰি জনাবলৈ বাধ্য হওঁ।।
কর্ণেল মনােৰঞ্জন গােস্বামী ডেকা বয়সত যেতিয়া দিল্লী অভিযান্ত্রিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল, তেওঁক তেতিয়াই প্রতি সপ্তাহত আমি লগ পাইছিলোঁ। তেওঁক তেতিয়াই এজন খােলা মনৰ সহৃদয় ব্যক্তি বুলি ধাৰণা কৰিছিলোঁ। সুদীর্ঘ কাৰ্যকালত অৱশ্যে তেওঁক পােৱা নাছিলোঁ। কিন্তু অৱসৰ লােৱাৰ পিছত ৰাজহুৱা মেল-মিটিঙত প্রায়ে পাইছিলোঁ। গুৱাহাটী তথা অসমৰ নানা সমস্যা সম্পর্কে তেওঁ নিজা মত ব্যক্ত কৰিছিল দায়িত্ববােধ আৰু সমাজহিতৈষিতাৰে।
তদুপৰি সবিস্ময়ে আবিষ্কাৰ কৰিছিলোঁ যে তেওঁ এজন কৃতী গল্প লেখকো। তেওঁৰ জীৱনৰ বিচিত্র অভিজ্ঞতাক তেওঁ সমৃদ্ধ মানবীয় সংবেদনশীলতাৰে প্ৰকাশ কৰিছিল। | তেওঁৰ বিয়ােগত মনত এক ধৰণৰ কাৰণ্যবােধৰ উদয় হৈছে। মনলৈ আহিলেই কিছু বিচলিত নহৈ নােৱাৰোঁ।
অধ্যাপক জীৱন ভট্টাচাৰ্য আছিল গুৱাহাটী বিশ্ববিদ্যালয়ত থকা কালৰ শেষ দহ-বাৰ বছৰ মানৰ অন্যতম প্রিয় সংগী। তেওঁ ELT বিভাগৰ অধ্যাপক আছিল, আৰু বাহিৰা বিভিন্ন কিতাপ পঢ়াত তেওঁৰ বৰ ৰাপ আছিল। শিক্ষকৰ গতানুগতিক জীৱনৰ মাজত সেই অভ্যাসে তেওঁক এগৰাকী ৰসিক আৰু সদালাপী ব্যক্তি কৰি তুলিছিল। তেওঁৰ কেতবােৰ ধেমেলিয়া মন্তব্য আজিও মনত পৰে। বাটে-ঘাটে লগ পালে কৈছিল, আমাৰ ঘৰলৈ এপাক মাৰিবচোন। নহ'লে কেতিয়া সিপুৰীয়া হম গমেই নাপাব। অৱশেষত সেইটোৱেই হ'ল।
No comments:
Post a Comment